মুম্বাইৰ এগৰাকী ব্যতিক্ৰমী উদ্যোগী মহিলা: আমলা ৰুইয়া- মৌচুমী দাস

মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা ৰুইয়া এগৰাকী সমাজ সেৱিকা৷ ৰাজস্থানত তেখেত জলমাতা ৰূপে খ্যাত৷ পৰম্পৰাগত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং (বৰষুণৰ পানী সংগ্ৰহন)কৌশল প্ৰয়োগৰ জৰিয়তে দুই লক্ষাধিক স্থানীয় লোকৰ সহযোগত বছৰি তিনিশ কোটি টকা উপাৰ্জনেৰে ৰাজস্থানৰ শতাধিক গাঁৱলৈ পৰিৱৰ্তন আনিছিল এইগৰাকী উদ্যমী মহিলাই৷
এসময়ত খৰাং বতৰ, চিৰাল ফটা মাটি আৰু পৰ্যাপ্ত পানীৰ অভাৱে ৰাজস্থানৰ স্থানীয় বাসিন্দাৰ দৈনন্দিন জীৱন ভীতিগ্ৰস্ত কৰি তুলিছিল৷ কিন্তু ৰাজস্থানবাসীৰ এই জ্বলন্ত সমস্যা দীৰ্ঘস্থায়ী নহ’ল৷
বৰষুণৰ অভাৱত শস্য উৎপাদন একেবাৰে নোহোৱাৰ বাবেই গাওঁবাসীয়ে উপায়হীন হৈ মহাজনৰ কাষ চাপিবলৈ বাধ্য হ’ল৷ সেই সময়ত দেশৰ ভিতৰত একমাত্ৰ ৰাজস্থানৰ কৃষকসকলেহে এনে দুৰৱস্থাৰ সন্মুখীন হৈছিল লোণ লৈ লৈ সকলো ধৰুৱা হ’বলগীয়া পৰিস্থিতিয়েও তেওঁলোকক জুৰুলা কৰিছিল৷
যোৱা সহস্ৰাব্দৰ শেষৰটো দশকৰ কথা৷ ভয়ংকৰ খৰাং পৰিস্থিতিয়ে সমগ্ৰ ৰাজস্থানবাসীক জুৰুলা কৰি তুলিছিল৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংবাদ-মাধ্যমত ৰাজস্থানৰ খৰাং পৰিস্থিতি, আৰু খৰাংপীড়িত ৰাইজৰ দুৰ্দশা দেখুওৱা হৈছিল৷ দূৰদৰ্শনত ৰাজস্থানৰ এনে পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পাচতেই ৰুইৱা সাংঘাতিক ধৰণেৰে প্ৰভাৱিত হয় আৰু গাঁওবাসীক এই সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ উপায় বিছাৰিবলৈ ধৰে৷
“মই দেখিছিলোঁ যে চৰকাৰে ‘ৱাটাৰ টেংকাৰ’সমূহৰ জৰিয়তে জল যোগানৰ ব্যৱস্থা কৰিছিল যদিও সেয়া পৰ্যাপ্ত আৰু ক্ষণস্থায়ী আছিল৷ গতিকে মই থিৰাং কৰিলোঁ যে ব্যক্তিগতভাৱে কিবা এটা কৰাৰ প্ৰচেষ্টা হাতত ল’ব লাগে যাতে সেয়া ফলপ্ৰসূ আৰু দীৰ্ঘস্থায়ী হয়৷ “ – ৰুইয়াই মত প্ৰকাশ কৰে৷
alka ruia1
এয়াই আছিল তেখেতৰ আৰম্ভণি৷ ৰাজস্থানত তেওলোকৰ ব্যক্তিগত ব্যৱসায়ৰ এটা শাখাৰ আলম লৈ আমলাই “আকাৰ চেৰিটেবল ট্ৰাষ্ট“ নামেৰে এটা ট্ৰাষ্টৰ গঠন কৰে৷ আৰু এই ট্ৰাষ্টৰ মাধ্যমেৰে তেওঁ গাওঁসমূহৰ বান্ধ নিৰ্মাণৰ উপযুক্ত স্থান নিৰ্বাচনৰ হেতুকে গৱেষণা কৰিবলৈ আৰম্ভ কৰি দিয়ে৷ তেওঁৰ মতে, “দেশৰ ভিতৰত আন আন ৰাজ্যৰ কৃষকসকলৰ তুলনাত ৰাজস্থানেই একমাত্ৰ ৰাজ্য য’ত কৃষকসকলৰ অৱস্থা অতিকৈ দুৰ্ভাগ্যজনক৷ গাঁৱৰ ৰাইজে জলসংশ্লেষণৰ পৰম্পৰাগত কৌশল প্ৰয়োগ কৰাৰ বিচাৰটোৱেই আছিল সেই সময়ৰ আটাইতকৈ উত্তম বিচাৰ৷ স্থানীয় বাসিন্দাসকলক এই কামত নিয়োজিত কৰাটোও আছিল প্ৰয়োজনীয়৷
আমলাই ট্ৰাষ্টৰ সহযোগত চেক বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছিল৷ প্ৰথম অৱস্থাত তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল, গাঁওবাসীয়ে তেওক বিশ্বাসত লোৱা নাছিল৷ ভাবিছিল, এইবিলাক কৰি আমলাৰ কি লাভ হব, কিয় আগবাঢ়ি আহিছে তেওঁ? কিবা স্বাৰ্থ নাইতো? গাঁওবাসীক সৈমান কৰাটোৱেই তেওঁৰ বাবে সকলোতকৈ কঠিন কাম আছিল৷
চেক বান্ধবোৰ ৱাটাৰ শ্বেদৰ সুগম ঠাইত সজা হয়, যাতে বৰষুণৰ পানী সেই বান্ধবোৰত ৰৈ যায়৷ সেই পানী মাটিৰ স্বাভাৱিক কেপিলাৰী প্ৰক্ৰিয়াৰ দ্বাৰা খেতি-পথাৰৰ মাজত থকা পুৰণি কুঁৱাবোৰলৈ নিজে নিজে গুচি যায়৷ কুঁৱাৰ পানী পাম্পৰ সহায়েৰে খেতি পথাৰ আৰু ঘৰলৈ যোগান ধৰা হয়৷ এই চেক বান্ধবোৰক “খাদিন“ নামেৰেও জনা যায়৷
ই প্ৰকৃততে নতুন কোনো আৱিষ্কাৰ নহয়, কৌটিকালৰ পৰাই ৰাজস্থান বাসীয়ে এই প্ৰক্ৰিয়াৰে খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি আহিছে৷ কিন্তু বৃটিছ চৰকাৰৰ আমোলত এক আইন প্ৰণয়ন কৰা হয়, যাৰ মতে ব্যক্তিগত ভাৱে এনে বান্ধ নিৰ্মাণ কৰা নিষিদ্ধ কৰা হয়, আৰু ইয়াৰ নিৰ্মাণৰ দ্বায়িত্ব চৰকাৰে নিজে লয়৷ হয়তো মানুহৰ মাজত বান্ধৰ স্থান লৈ খামখেয়ালী, মতবিৰোধ আদি নিয়ন্ত্ৰণ কৰিবলৈকে এই আইন প্ৰণয়ন কৰা হৈছিল৷ বৃটিছ যোৱাৰ পাছত এই কাম স্বাধীন ভাৰতৰ চৰকাৰৰ হাতত পৰে, আৰু তাৰ পাছত সাধাৰণতে হোৱাৰ দৰেই কোটি কোটি টকা খৰচ কৰা ‘কেৱল কাগজ’ত এই বান্ধবোৰ নিৰ্মাণ কৰি থকা হয়৷ প্ৰকৃত ঠাইত দুই এটা বান্ধ নিৰ্মাণ হ’লেও সেইকেইটাৰ অৱস্থা অসমৰ মাথাউৰীবোৰৰ দৰে হয়গৈ৷ ফলস্বৰূপে, ৰাজস্থানৰ কৃষক সকল প্ৰতিবছৰে ভয়ংকৰ খৰাঙৰ চিকাৰ হব লগা হয়৷ লাহে লাহে পৰিস্থিতি ইমান বেয়ালৈ গ’ল যে প্ৰত্যেক বছৰেই শ শ কৃষকে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লব লগা হয়৷ বহুদূৰৰ পৰা খোৱাপানীকণৰ যোগাৰ কৰিব লগা হোৱা বাবে সৰু ছোৱালীবোৰে স্কুল এৰিব লগা হ’ল, পেটৰ ভোকত গাঁৱৰ জীয়ৰী বোৱাৰীয়ে দেহ ব্যৱসায়ত নামিব লগা হ’ল৷ ডেকা ল’ৰাবোৰে জীৱিকাৰ সন্ধানত গাঁও এৰিলে৷ আৰু চৰকাৰে মাজে মাজে ৱাটাৰ টেংকাৰ পঠাই, আত্মহত্যা কৰাজনৰ পৰোয়ালক কিছু অৰ্থসাহায্য দি নিজৰ দ্বায়িত্ব সামৰিলে৷
এইধৰণৰ বান্ধবোৰে বৃহৎ বান্ধবোৰৰ পৰা সম্ভাৱনীয় সকলো ধৰণৰ সু-ফল মানুহক প্ৰদান কৰে অথচ বৃহৎ বান্ধ নিৰ্মাণ কৰোতে সেই স্থানৰ আৱাসীসকলক স্থানান্তৰকৰণ আৰু পুনৰ সংস্থাপনৰ দৰে বিষয়বোৰ এনেধৰণৰ বান্ধবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷
ৰুইৱাৰ প্ৰথমটো প্ৰকল্পৰ কাম আৰম্ভ হৈছিল ৰাজস্থানৰ মাণ্ডাৱাৰ গাঁৱত৷ এই গাঁৱত “আকাৰ চেৰিটেবল ট্ৰাষ্টে” দুটাকৈ চেকবান্ধ সাজি বছৰি ১২ কোটি টকা উপাৰ্জনৰ সাফল্য লাভ কৰিছিল৷ বৰ্তমান এই ট্ৰাষ্টে ৰাজস্থানৰ ১০০খন গাঁৱত ২০০ টা চেক বান্ধ সাজি উলিয়াইছে৷ আৰু ইয়াৰ জৰিয়তে প্ৰায় ২ লাখ মানুহে বছৰেকত ৩০০ কোটি পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ জল সমস্যা দূৰীকৰণৰ অভিযান হাতত লৈ যিদৰে এই ট্ৰাষ্টে গাঁওসমূহত চেকবান্ধ বোৰ নিৰ্মাণ কৰি উলিয়ালে ইয়াৰ পৰিণতিত গাঁওবাসী যথেষ্ট ফলপ্ৰসূ হৈছে৷
alka ruia2
চেক বান্ধ নিৰ্মাণৰ প্ৰাৰম্ভিক পৰ্যায়ত ট্ৰাষ্টে এক চৰ্ত প্ৰযোজ্য কৰিছিল৷ চৰ্তটো আছিল এনেধৰণৰ যে চেকবান্ধৰ নিৰ্মাণত যিমান পৰিমাণৰ ব্যয় হয় তাৰে ৪০% গাঁওবাসীয়ে অনুদান আগবঢ়াব লাগিব আৰু ৬০% ট্ৰাষ্টে ব্যয় কৰিব৷ ট্ৰাষ্টে লগতে এইটোও কয় যে গাঁওবাসীৰ অনুদানৰ অবিহনে এই কাম আৰম্ভ কৰা অসম্ভৱ৷ তদুপৰি এটা চেকবান্ধ সাজোতে হ’বলগীয়া ব্যয়ৰ পৰিমাণ প্ৰায় ৫ লাখ টকা বা তাতোকৈয়ো অধিক হোৱাৰ সম্ভাৱনা বুলি উল্লেখ কৰে ট্ৰাষ্টে৷ এই সকলোবোৰ নিৰ্ভৰ কৰিব চেকবান্ধ বোৰৰ আকাৰৰ ওপৰতহে৷
চেক বান্ধবোৰ নিৰ্মাণ প্ৰক্ৰিয়া ট্ৰাষ্টৰ যোগেদি আৰম্ভ কৰা হৈছিল৷ বৰষুণৰ অতিৰিক্ত পানী কিদৰে চেক ডেমবোৰৰ সহায়ত খৰাং খেতি পথাৰলৈ পঠিয়াই শস্য উৎপাদনৰ পথ সুগম কৰা হ’ব এই সকলোবোৰৰ বিস্তৃত বিৱৰণ গাঁওবাসীৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছিল৷ সেইমৰ্মে গাঁওবাসীয়ে ৪০%অনুদান ট্ৰাষ্টক দিবলৈ মান্তি হয়৷ চেক বান্ধৰ স্থান নিৰ্বাচন কৰিবলৈ তেখেতে পৰম্পৰাগত উপায় অৱলম্বন কৰে, গাঁওবাসীয়েই জানিছিল কোন খিনি ঠাই চেক বান্ধৰ বাবে উপযুক্ত৷ আৰু সেই ঠাই নিৰ্বাচনৰ পাচতেই ডিটেইল ডিজাইন আৰু এষ্টিমেটৰ বাবে অভিজ্ঞ অভিযন্তাৰ ওচৰলে যায়৷
ইয়াৰ পাচতেই গাঁৱৰ কৃষকসকলৰ সহযোগত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ প্ৰকল্প হাতত লোৱা হয় আৰু তাৰ বাবে সঠিক ঠাই নিৰ্বাচনৰ প্ৰক্ৰিয়াও আৰম্ভ কৰি দিয়া হৈছিল৷ আমলা ৰুইৱাই চৰকাৰলৈ আশা নকৰি বান্ধ নিৰ্মাণৰ ব্যক্তিগত প্ৰকল্প হাতত লৈ লাভজনক উপাৰ্জন আয়েৰে কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা প্ৰচেষ্টা সঁচায়ে প্ৰশংসনীয়৷ তেওঁৰ মতে চৰকাৰলৈ আশা পালি নাথাকি কৰ্পৰেট গোষ্ঠীক এনেধৰণৰ চেক ডেম নিৰ্মাণৰ প্ৰকল্পত নিয়োজিত কৰিলে অদূৰ ভৱিষ্যতে অধিক নহ’লেও কিবা এটা লাভালাভ হোৱাৰ আশা কৰিব পাৰি৷ তদুপৰি চৰকাৰৰ দ্বাৰা নিৰ্মিয়মাণ প্ৰায়বোৰ চেক বান্ধেই দুৰ্বল আন্তগাঁঠনিৰ হেতুকে বাৰে বাৰে ভাঙি যোৱা পৰিলক্ষিত হৈছিল৷
প্ৰকল্পটোত তেওঁ ১০০% ফান্দিং নকৰাৰ অন্যতম কাৰণটো দুহাই দি ৰুইৱাই কয় যে, “যদি মই অকলেই ১০০% ফান্দিং কৰিলো হয় সেয়া হ’লহেতেন কেৱল মোৰ নিজৰ স্বাৰ্থৰ বাবে কৰা কাম, কিন্তু এতিয়া সেইয়া ৰাইজৰ৷ সকলো ৰাইজেই এতিয়া এই চেক বান্ধ প্ৰকল্পটোৰ অংশীদাৰ৷ “
যিখন ৰাজস্থানৰ খৰাংপিড়িত কৃষকে ছিৰাল ফটা ধৰিত্ৰীৰ বেদনা সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লৈছিল সেইখন ৰাজস্থানত বৰ্তমান প্ৰত্যেকঘৰ মানুহৰ দুৱাৰডলীলৈকে পানীৰ সু- ব্যৱস্থা আছে৷ তদুপৰি এটুপি খোৱাপানীৰ বাবে মহিলাসকলে কেইবা কিলোমিটাৰ দুৰলৈ যোৱাৰো প্ৰয়োজন নাই৷
চেক বান্ধবোৰেৰে বৈ অহা পানী কৃষকসকলৰ বছৰেকীয়া শস্য উৎপাদনৰ বাবে পৰ্যাপ্ত এতিয়া৷ আগতে বছৰেকত কাৎচিত এবিধ শস্য উৎপাদনৰ বাবে চিন্তা কৰিবলগীয়া গাঁওবাসীয়ে বৰ্তমান বছৰেকত তিনিবিধলৈকে শস্য উৎপাদন কৰিবলৈ সক্ষম৷ ইয়াৰে অধিক সংখ্যক ৰবি শস্য৷ গাঁৱৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰতে এখন, দুখন কৈ মটৰবাইক থকাৰ উপৰিও প্ৰত্যেকখন গাঁৱতেই চাৰি, পাঁচখনকৈ ট্ৰেক্টৰো উপলব্ধ৷ ৰাজস্থানৰ এই সকলোবোৰ উন্নয়নৰ আঁৰৰ ব্যক্তি গৰাকীয়েই হ’ল আমলা ৰুইয়া৷
ছেক বান্ধ বন্ধাত সহায় কৰি দিয়াৰ বিপৰীতে ৰুইয়াই গাঁওবাসীৰ সমুখত কেইটিমান চৰ্ত ৰাখিছিল, যেনে তেওলোকে যৌতুক প্ৰথা , বাল্য বিবাহ, সুৰাপান, গুটখা ইত্যাদি বন্ধ কৰিব লাগিব৷ লগতে গাঁৱৰ সকলো ছোৱালীকে বিদ্যালয়লৈ পঠিওৱাই শিক্ষাদানৰ ব্যৱস্থা আদিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে৷
ৰাজস্থানত অভূতপূৰ্ব সফলতাৰ পাছত অলকাই তেওৰ কাৰ্যক্ষেত্ৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ আদি ৰাজ্যলৈয়ো সম্প্ৰসাৰণ কৰিছে৷ তেখেতে নিজে কোৱা মতে আন আন ৰাজ্যৰ জনগণে ৪০% অনুদান নিদিয়াৰ বিপৰীতে ট্ৰাষ্টে ১০০% অনুদান দিব লাগিব বুলি জনোৱা দাবীৰ ফলত এতিয়া সেই ৰাজ্যসমূহৰ বান্ধ নিৰ্মাণৰ কাম ক্ষতিগ্ৰস্ত হৈছে৷ এইগৰাকী মহীয়সী নাৰীক সামাজিক কৰ্ম উন্নয়ন শিতানত ২০১১ চনত লক্ষ্মীপট নেশ্যনেল লিডাৰশ্বিপ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল৷
মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা একাধাৰে এগৰাকী কবিও৷ তেখেতে মৈথিলী চৰণ গুপ্তাৰ ভক্ত, তেখেতৰ ঘৰতো এক সাহিত্য চৰ্চাৰ পৰিবেশ বিৰাজমান৷ বান্ধ নিৰ্মাণৰ সময়চোৱাতে তেও প্ৰায় ৬০ টা কবিতা লিখি উলিয়াইছিল৷
এগৰাকী নাৰীৰ সদিচ্ছা আৰু প্ৰতিবদ্ধতাই এখন ৰাজ্যৰ দুখীয়া ৰাইজৰ জীৱনলৈ আমূল পৰিবৰ্তন কঢ়িয়াই আনিছে, তাকো চৰকাৰী সাহায্য বা অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ নকৰাকৈয়ে৷ আমাৰ অসমৰ সমস্যাবহুল সমাজখনো হয়তো এগৰাকী আমলাৰ প্ৰতীক্ষাতে ৰৈ আছে৷
ফটো সংগ্ৰহ – ইণ্টাৰনেট

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments