মুম্বাই ডায়েৰী – মাধুৰ্য্য গগৈ

”য়হ কিতনা দামী হ্যায়? ”
জন্মদাত্ৰী মাতৃৰ মুখত যেতিয়া স্পেচিয়েল হিন্দী শুনিলো, মই লাহেকৈ আঁতৰি অহাই শ্ৰেয় বুলি ভাৱিলো৷ শ্ৰীমতীলৈ চালো, এইবোৰলৈ কেৰেপ নাই৷ একান্তমনে শাৰী ছিলেকছনত ব্যস্ত৷ দেউতা নিৰ্বিকাৰভাৱে আগতিয়াকৈ এক নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি ৰাস্তাৰ যান-বাহনৰ গতি-বিধি লক্ষ্য কৰি আছে৷ বুজিলো, এক্সপিৰিয়েন্স মেটাৰছ৷ অভ্যাস হৈ গৈছে চাগৈ৷ দেউতাৰ কাষলৈ আহি ৰ’লোহি৷ মা আৰু ছেলছমেনজনৰ কথোপকথন আকৌ কাণত পৰিল৷
”আঠছ’ ৰূপেয়ে মেডাম৷ ”
”বহুত জ্যাদা দাম হ্যায়৷ কমটি নেহী হৌগা ক্যা? ”
মই লক্ষ্য কৰিলো, বেচেৰা ছেলছমেনজনে আইমাতৃৰ হিন্দী বুজি নাপাই বেঙাটোৰ দৰে চাই থাকিল৷ এইবাৰ শ্ৰীমতীয়ে আগভাগ ল’লে৷
”মেহেংগা হ্যে৷ ঔৰ ক’লেক্সন দিখাইয়ে৷ ”
এইবাৰ ছেলছমেনজনে বুজি পালে আৰু শ্ৰীমতীৰ ’ছিলেক্সন’ৰ বাবে আৰু শাৰীৰ বান্দোল এটা নমাই আনিলে৷ মোৰ হাঁহি উঠিল৷ বেচেৰা ছেলছমেনটোলৈ ক’ব নোৱাৰাকৈ অলপ পুতৌজন্মিল৷ মনতে ক’লো, ”বেটা ছেলছমেন, বিহু দেখিবি আজি ৰ’৷ শ্ৰীমতীতো শ্ৰীমতীয়েই৷ আজি আইমাতৃও লগত আছে৷ ”
দেউতালৈ লক্ষ্য কৰিলো, মুখত এক ক’ব নোৱাৰা সমবেদনাৰ মিচিকিয়া হাঁহি৷ মোৰ চকুত-চকু পৰাত দেউতাই ক’লে, ”ব’লচোন চাহ একাপকে খাই আহোঁ৷ নাটকখন আৰম্ভ হৈছেহে৷ শেষ হ’বলৈ সময় আছে৷ ” এইবাৰ মই জোৰকৈ হাঁহি দিলো৷
বহিঃ ৰাজ্যত অসমীয়া মানুহে হিন্দী কোৱা মই আগতেও শুনিছো৷ উচ্চাৰণবোৰ সাংঘাতিক হয়৷ এইটো লাজ পাবলগীয়া কথা নহয়৷ পিছে মাৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া৷ মোৰ মা চৰকাৰী হাইস্কুলৰ শিক্ষয়ত্ৰী, তাতে আকৌ হিন্দী বিভাগৰ৷ গতিকে তেখতৰ হিন্দী শুনি হাঁহি উঠাটো স্বাভাৱিক৷
অৰ্ডাৰ কৰামতে মছালা দোছা আহিল৷ চাহ খালো, মিঠাই খালো৷ দেউতাৰ বাবে এযোৰ জোতা আৰু এডাল বেল্টও ললো৷ অলপ সময় লগাযেন দেখি মই চিন্তিত হ’লো৷ ভাৱিলো, দুয়োগৰাকী মুম্বাইত নতুন৷ গতিকে মই তেওঁলোকক এৰি অহাটো উচিত হোৱা নাই৷ মই খৰধৰকৈ কাৰ্য্যবোৰ সমাধা কৰা দেখি দেউতাই ক’লে, ”বোৱাৰীৰ হ’লেও তোৰ মাৰৰ ইমান সোনকালে কেতিয়াও নহয়৷ ইমান খৰধৰ কৰাৰ প্ৰয়োজন নাই৷ ” মোৰ ক’বলগীয়া একো নাথাকিল৷ দেউতাৰ অভিজ্ঞতা আৰু ধৈৰ্য্যশীলতাৰ ওচৰত মূৰ দোঁৱাবলৈ মন গ’ল৷
”হে প্ৰভু! কি এইবোৰ? এইপাহাৰ হেন শাৰীৰ দ’মবোৰৰ মাজতো এওঁলোকৰ পছন্দৰ এখনো শাৰী ওলাব নাপায়নে ইমানপৰে? ” নিজকে নিজেই ক’লো৷ দেখিলো, এটা মস্তপাহাৰ হেন শাৰীৰ দ’ম হৈ গৈছে৷ এইবাৰ তিনিটা ছেলছমেন ব্যস্ত হোৱা দেখিলো৷ বেচেৰা প্ৰথম ছেলছমেনটোৰ ঘামি-জামি অৱস্থা নোহোৱা হৈছে৷ তাৰ মুখত স্পষ্ট চিন, মগজুৰ ভাৰসাম্য হেৰুওৱাৰ৷ মই কি হৈছে বুজ লওঁ বুলি আগবাঢ়ি গৈ শ্ৰীমতীক সুধিলো, ”হেৰা হৈছেগৈ নে? ” মা আৰু এওঁ দুয়ো মিলি যিটোহে চাৱনি দিলে, মই একেকোবেই দেউতাৰ কাষত থিয় দিলোহি৷ চকা-মকাকৈ মা আৰু শ্ৰীমতীৰ মুখকেইখনলৈ চকু গ’ল৷ দেখিলো, এওঁলোকৰ মুখতো চিন্তাৰ স্পষ্ট চাপ৷ মই একো নুবুজাত দেউতাই বুজাই দিলে৷
”এইটো মহিলাসকলৰ বাবে এটা বৃহৎ চেলেঞ্জ, বহুত কাপোৰৰ মাজৰ পৰা ভালৰো ভাল কিন্তুু আন মহিলাৰ নথকা কাপোৰ বাচি উলিওৱাটো৷ ”
দেউতালৈ আকৌ শ্ৰদ্ধা বাঢ়ি গ’ল৷
দূৰত্বত অৱস্থান কৰিয়েই মা আৰু শ্ৰীমতীৰ গতি-বিধি লক্ষ্য কৰি থাকিলো৷ শ্ৰীমতীৰ পছন্দ হ’লে মাৰ নহয়, মাৰ পছন্দ হ’লে শ্ৰীমতীৰ নহয়৷ আকৌ দুয়োৰে পছন্দ হ’লে দাম নিমিলে৷ দাম মিলিলে কালাৰ নিমিলে৷ মুঠতে কম্বিনেছন নিমিলেহে নিমিলে৷
”অউৰ নেহী হ্যায় ক্যা? ছিফন কাটাইপ? ” মাৰ মুখত পুনৰ ৰাষ্ট্ৰভাষাই শোভাবৰ্ধন কৰিলেহি৷ পিছে বেচেৰা ছেলছমেনকেইটাৰ কোনেও একো নুবুজিলে৷ মুখমেলি চাই থকাহে দেখিলো৷
এইবাৰ আকৌ শ্ৰীমতীয়ে পৰিস্থিতি চম্ভালিলে৷ ”আপকে য়াহাঁ বছ ইতনা হি ক’লেক্সন হে ক্যা? কুছ ঔৰ দিখাইয়ে৷ ”
শ্ৰীমতীৰ কথা শুনি মই বেহুচ হ’বলৈহে বাকী৷ দেউতা নিৰ্বিকাৰভাৱে থিয় হৈ আছে৷ যেন এয়া সহজাত কথা৷
শ্ৰীমতীৰ কথা শুনি ছেলছমেনকেইজনে যেন পুনঃ সাহস পালে৷ সিহঁত যে এৰি দিয়া ভকত নহয়, বুজিবলৈ বেছি অপেক্ষা কৰিবলগীয়া নহ’লেই৷ আন এটা কাপোৰৰপাহাৰ আনি মাৰ সন্মুখত মেলি দিলে৷ আৰম্ভ হ’ল শেষৰক্ষাৰ যুঁজ, ভালৰো ভালটো বাচি উলিওৱা আৰু কাষ্ট’মাৰক খালীহাতে ঘূৰাই নপথোৱাৰ৷
প্ৰায় তিনিঘণ্টামানৰ মূৰত, দেউতা আগবাঢ়ি গ’ল৷ শ্ৰীমতীক মোৰ কাষলৈ ইংগীতেৰে মাতি আনিলো৷ এওঁ আহি মোৰ কাষত থিয় দিলেহি৷ শ্ৰীমতীৰ মুখখন শেঁতা৷ পছন্দ যে এতিযাও হোৱা নাই সেয়া এওঁ নকলেও বুজি পালো৷ মই দেখিলো দেউতাই দুখন শাৰী ওপৰৰ পৰাই ছিলেকছন কৰি মাক দিলে৷ তেনেতে মোৰ ম’বাইলটো বাজি উঠিলত অলপ আঁতৰি আহিলো৷ শ্ৰীমতীও আহিল মোৰ লগে লগে৷ দেউতাই মাক কিবা কোৱা দেখিলো যদিও শুনাহে নাপালো৷
কিন্তুু এয়া কি? মাৰ মুখত যুদ্ধজয়ৰ হাঁহিটো দেখা পালো৷ দেউতাই এনেই পছন্দ কৰি দিয়া শাৰীদুখন পেক কৰা হ’ল৷ শ্ৰীমতীৰ লগতে ময়ো ভেবা লাগিলো৷ নিজকে প্ৰশ্ন কৰিলো, ”কেছটো কি? দেউতাইনো এনে কি পছন্দ কৰিলে যে মাৰো পছন্দ হ’ল? ” এওঁলৈ লক্ষ্য কৰিলো৷ মনটো মৰা৷ শ্ৰীমতীয়ে মনে মনে মোক ক’লে, ”আজি মই নলওঁ দিয়া৷ পিছত এদিন আহিম, তোমাৰ লগত৷ ” এইবাৰ মোৰ বুকুখন জোৰকৈ ঢপঢপাবলৈ ধৰিলে৷ মনতে ভাৱিলো, ”খা ভীমকলটো এইবাৰ৷ এওঁৰ লগত কি মই অকলে শ্ব’পিং কৰিবলৈ আহিব লাগিব? হে প্ৰভু! মোৰ লগতেই কিয় ইমান দুছমনি? আজিৰ শাস্তিটো কি ক’ম পৰিলনেকি? আকৌ এদিন যে? ” অদৃষ্টজনলৈ পেন্দোৱা চাৱনি এটা দি, হুমুনিয়াহ কাঢ়িলো৷
সন্ধ্যা দেউতাৰ লগত কথা পাতিবলৈ মোৰ অদম্য ইচ্ছা গ’ল৷ কাৰণ, আজি দেউতাই যেনেকৈহে আঙুলিৰ টিলিকিত সমস্যা সমাধান কৰিলে, এয়া দেখি মোৰ বহুদিনীয়া সমস্যাটোৰ সমাধানৰ গোন্ধ পোৱা যেন লাগিল৷ এওঁলোক কিচ্চেনত ব্যস্ত থাকোঁতেই দেউতাক বাহিৰত খোজকঢ়াৰ প্ৰপ’জেল দিলো৷ মোৰ মনৰ অৱস্থা দেউতাই হয়তো বুজি পালে৷ লগে লগে মান্তি হ’ল৷
মই পলম নকৰি দেউতাক সুধিলো, কেনেকৈ দেউতাই এনেই ওপৰৰ পৰা চাই দিয়া শাৰীকেইখন মাৰ পছন্দ হৈ গ’ল, য’ত এওঁলোক দুয়োজনীয়ে ঘণ্টাৰ পিছত ঘণ্টা যুঁজিও পৰা নাছিল আৰু মাক দেউতাইনো কি ক’লে যে মায়ে শাৰীকেইখন পছন্দ কৰিলে? মোলৈ চাই দেউতাই এক ৰহস্যময় বেপৰোৱা হাঁহি মাৰিলে৷
দেউতাই ক’লে, ”তোক মই বুদ্ধিটো শিকাই দিম বাৰু৷ কিন্তুু তই মোৰ এটা কথা ৰাখিব লাগিব৷ মাৰক কেতিয়াও ভুলতো ক’ব নোৱাৰিবি৷ ”
আজি হয়তো মোৰ আচৰিত হোৱাৰ দিনেই আছিল৷ দেউতাক মই সৰুৰে পৰাই এজন সহজ সৰল নিমাখিত শান্তিপ্ৰয় মানুহ বুলিয়েই জানো৷ দেউতাৰ মুখত এনে ৰহস্যময় কথা শুনি মই অবাক হোৱাৰ বাহিৰে একো নাথাকিল৷ মই আকৌ মূৰ দূপিয়াই হয়ভৰ দিলো৷
দেউতাই আকাশলৈ চাই চাই কৈ গ’ল, ”আচলতে কন্ফিউজনটো মহিলাসকলৰজন্মগত স্বভাৱ৷ গতিকে কিবা কিনাৰ সময়ত সদায় কন্ফিউজদ৷ কিন্তুু স্বামীয়ে প্ৰশংসা কৰিলে এওঁলোক সদায় পতি যায়৷ মনত ৰাখিবি৷ ”
মই এইবাৰ চকুকেইটা ডাঙৰ হৈ থকা অৱস্থাতেই আকৌ সুধিলো, ”পিছে মাক কি কৈছিলি? ”
দেউতাই হাঁহি এটা মাৰি কৈ গ’ল, ”মই মাৰক কৈছিলো, এহ্ তুমি দেখাত এনেই ধুনীয়া৷ এই দুইখন তুমি পিন্ধিলে মোৰ আগৰ দিনবোৰলৈ মনত পৰি যাব দেখোন৷ পিছে নালাগে ল’ব দিয়া৷ পো-বোৱাৰীৰ আগত লাজ নাপাবা জানো? তাতে দামটোও অলপ বেছি দেখোন৷ ”
দেউতাই নিজ পুত্ৰক বিশ্বাসী যেন পাই শেষত ক’লে, ”তোৰ লুকুৱাই থোৱা বটলটো মই দেখিলো৷ ময়ো একেই ঠাইতে ৰাখোঁ৷ গতিকে অকণমান মোকো দিবি৷ খালি মাৰক ভুলতো নক’বি৷ ”
মোৰ মেলা মুখ বন্ধ নহ’ল৷ মই বুজিলো, ”বাপ বাপ হৌতা হ্যে, ঔৰ বেটা বেটা হৌতা হ্যে৷ ”

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক