মুৰ্তিকো নাচাইবা গৃহো নপশিবা (হেমন্ত বৰুৱা)

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাই বৰ অসমৰ ভেটিতো সুদৃঢ় কৰিবলৈ চেষ্টাৰ তিলমাত্ৰও ত্ৰুতি কৰা নাছিল। ইয়াৰ বাবে তেওঁ গোটেই জনসাধাৰণক একতাৰ ডোলেৰে বান্ধিবলৈ বুদ্ধিমত্তা, দক্ষতা শৃংখলাবদ্ধভাৱে প্ৰয়োগ কৰিছিল। কাৰণ তেওঁ জানিছিল মানৱ প্ৰেম নাথাকিলে আত্মিক ঐক্য আৰু আত্মশুদ্ধি গঢ়ি নুঠে। এই প্ৰয়োজনতে তেওঁৰ সৃষ্টি বৰগীত ,নাট, নৃত্য। পোনপটীয়াকৈ কবলৈ গ’লে সামাজিক একতা আৰু মানৱ প্ৰেমেই তেওঁৰ ধৰ্মৰ মূল। এই মানৱ প্ৰেমত আন জীৱ জন্তুৰ প্ৰতিও সহনশীল ভাৱৰ তাগিদা প্ৰকাশ পায়।
“অন্য দেৱী দেৱ নকৰিবা সেৱ
প্ৰসাদো নাখাইবা তাৰ
মুৰ্তিকো নাচাইবা গৃহো নপশিবা
ভক্তি হৈৱ ব্যভিচাৰ্…..।
উদ্ধৃত কথা খিনিৰে চালে উক্ত পদ ফাকিৰ আমাৰ মাজত প্ৰচলিত অৰ্থ আৰু গুৰুজনাৰ আমালৈ বাণীৰ মাজত কিবা এটা মিল নথকা যেন লাগে। মুৰ্তিকো নাচাইবা….. মুৰ্তি কি… বাংময়, চিন্ময় নে মৃন্ময়। পোনপটীয়াকৈ আমি কিয় মৃন্ময় মুৰ্তি বুলি ধৰি ল’লোঁ… এটা প্ৰশ্ন হয়। আমাৰ বোধেৰে এই মুৰ্তি নিশ্চয় চিন্ময় মুৰ্তি। গুৰুজনাই, সকলো মানুহৰে অন্তৰত যে ভগৱান বিৰাজমান তাক মানৱ সমাজত বোধোদয় কৰাইছিল। সেইফালৰ পৰা তেওঁ বাপসৱক দেৱ আৰু আই সৱক দেৱী হিচাপে গন্য কৰিছিল।
একত্ৰিত হোৱা সমাজ এখন শৃংখলাবদ্ধ হৈ চলিবলৈ আত্মশুদ্ধিতাৰ প্ৰয়োজন। ইয়াৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাতো হৈছে ইন্দ্ৰিয় সংযম। গংগা পৃথিৱীলৈ আহিবলগীয়া হোৱাৰ একমাত্ৰ কাৰণেই আছিল আত্মসংযমৰ অভাৱ।
সেয়েহে হয়তো গুৰু জনাই কৈছে— “অন্য দেৱী দেৱ নকৰিবা সেৱ……” অৰ্থাৎ স্বামীয়ে নিজৰ দেৱী গৰাকী আৰু পত্নীয়ে নিজৰ দেৱ গৰাকীৰ বাহিৰে অন্য দেৱী বা দেৱৰ চিন্তা মনলৈ অনাটোৱেই পাপ। আৰু সেই কথা অমান্য কৰি সেই মুৰ্তি অৰ্থাৎ চিন্ময় মুৰ্তিত যদি চিন্তা ভৱনা যাহ যায়, তেন্তে সামাজিক ব্যভিচাৰ অৰ্থাত ভক্তিত ব্যভিচাৰ হব। এই খিনিতে এটা কথা কব পাৰি যে এই ব্যভিচাৰতে এটা অন্য সমাধানহীন ব্যাধিৰ জন্ম্…..এইচ আই ভি এইডচ।
কিন্তু ”মুৰ্তিকো নাচাইবা গৃহো নপশিবা….” ইয়াৰ আমাৰ মাজত প্ৰচলিত অৰ্থৰে সমাজিক বিশৃংখলতা সৃষ্টি বা ভাতৃত্ববোধৰ আদৰ্শৰ পৰা আঁতৰিবৰ চেষ্টা হৈ পৰিছে। এনে হ’লে গুৰুজনাক আমি চৰম অপমান কৰাৰ দৰেহে হব। বৰ্তমানৰ এই পৰস্পৰক পৰস্পৰৰ প্ৰয়োজনৰ দিনত ইজন সিজনৰ পৰা আঁতৰিব লোৱাটো এটা চিন্তাৰ বিষয়। এনেকুৱা এটা পৰিৱেশ গঢ়ি উঠক য’ত গুৰুজনাক প্ৰত্যেক অসমীয়াই নিজৰ বুলি অনুভৱ কৰিব পাৰে আৰু গুৰু জনাৰ আদৰ্শ, ধৰ্ম, বিশ্ৱ দৰবাৰলৈ স্বত্:স্ফুৰ্তভাৱে নিয়াৰ তাগিদাৰ জুই সকলোৱে মনত বহন কৰিব পাৰে॥
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments