মূল্যৱান প্ৰেমঃ অমিত বাচকোটা

 

ভাগ্য ভাল যে গুৱাহাটীলৈ বুলি শেষৰ বাছখন যোৱা নাছিল তেতিয়াও । পটাপট টিকট এটা ল’লোঁ আৰু গাড়ীলৈ বুলি আগবাঢ়িলোঁ । পোহৰ যথেষ্ট কম আছিল ভিতৰত । গতিকে জুপি জুপি নিজৰ ছীটখন যেনেতেনে বিচাৰি উলিয়ালোঁ । যথেষ্ট পিছত পৰিছে মোৰ ছিটটো, কিন্তু উপায়োতো নাই ! শেষৰ গাড়ীখন হলেও যে পালোঁ, সেয়াই ডাঙৰ কথা মোৰ বাবে এতিয়া…!

হঠাৎ লাইটবোৰ জ্বলি উঠিল । লগে লগে ইঞ্জিনৰ শব্দত গাড়ীটোৱেও সাৰ পালে । ভাল লাগি গ’ল মোৰ । চাৰিওফালে চালোঁ, অ’ত-ত’ত সিঁচৰতি হৈ থকা মানুহ ছীটবোৰত ভৰি পৰিল ।

” নিজৰ মূল্যবান বস্তুবোৰত নজৰ দিব; হেৰালে কৰ্তৃপক্ষ দায়ী নহয়।” উজ্জ্বলকৈ জ্বলি থকা লাইটটোৰ ঠিক তলতে ধুনীয়াকৈ গোট গোট আখৰেৰে লিখা আছিল কথাষাৰ। ঠিকেইতো…!! নিজৰ মূল্যবান বস্তুবোৰৰ প্ৰতি নিজে নজৰ নিদিলে কোনে দিব! লাহেকৈ নিজৰ মানিবেগটো চুই চালোঁ। লেপটপ বেগটো মোৰ কোলাতে আছিল। নাই; চিন্তা নাই, অন্ততঃ মোৰ বস্তুবোৰ নেহেৰায়….!

: “এক্সকিউজ মি প্লিজ; মানে এই ছীটটো মোৰ আছিল, অলপ চাইড দিব নেকি ?” মোৰ তন্ময়তা ভাঙিল । মূৰ তুলি চালোঁ, দেখিলোঁ চাৰিওফালে প্ৰসাধনৰ আমোলমোল সুগন্ধ বিয়পাই ষোড়শী এগৰাকী থিয় হৈ আছে ।

: “চিউৰ চিউৰ, সোমাই যাওক ।” তৎক্ষণাত হেলনীয়া হৈ দিলোঁ মই, তাই সোমাই গল। এক অজান পুলকে দোলা দি গ’ল মোৰ মনত ।

ইতিমধ্যে বিশ্বনাথ চাৰিআলিৰ পৰা বহুদূৰ আগবাঢ়িল গাড়ীখন । খিৰিকীখন অলপ খুলি দিয়াৰ চলেৰে ক্ষীণ পোহৰতো তাইলৈ ভালকৈ এবাৰ লক্ষ্য কৰিলোঁ । প্ৰায় শুই থকা ভঙ্গীমাৰে তাই হেডফোনডাল কাণত গুজি দুচকু মুদি আছিল ।

খিৰিকীখন খুলি দিয়াৰ লগে লগে জোনাকৰ কোমল পোহখিনি তাইৰ গালে মুখে পৰিল । লগে লগে সোমাই আহিল এছাটি শীতল বতাহ । তাইক চুই অহা বতাহজাকত গোটেই গাড়ীখনেই আমোলমোলাই উঠিল। স্পষ্টকৈ দেখিলোঁ, বতাহত তাইৰ চুলিটাৰী অবাধ্য হ’ব ধৰিলেই! মোৰ ছীটটোও আৰু কিছু হেলনীয়া কৰিবলৈ চুইছটো খেপিয়াব ধৰিলোঁ।

: “এক্সকিউজ মি প্লিজ, মানে মই ডাইৰেক্ট বতাহ সহ্য কৰিব নোৱাৰোঁ, ইফ য়ু ডন্ট মাইণ্ড, আমি ছিটটো ইন্টাৰচেঞ্জ কৰি লওঁ নেকি?” ইংৰাজীত কেইটামান অসমীয়া শব্দ মিহলাই তাই আকৌ কৈ উঠিল। থতমত খাই ময়ো একো নভবাকৈ কৈ দিলোঁ, “চিউৰ চিউৰ, আপুনি আহি যাওক এইফালে।” হাত ৰখা ষ্টেণ্ডডাল লাহেকৈ দাঙি চুচৰি চুচৰি মই খিৰিকীৰ কাষৰ ছিটটোলৈ গ’লো, তাই ওপৰেদি আহি মোৰ ছীটটো অধিকাৰ কৰিলেহি !

দীঘলীয়া স্পীড ব্ৰেকাৰ এটাত গাড়ীখন উঠানমা কৰিব ধৰিলেহি; গম পালোঁ, এয়া ধলাইবিল। তাই ভোৰভোৰালে,”স্পীড ব্ৰেকাৰবোৰ ইম্মান বেছিকৈ দিব লাগেনে! ডিচগাষ্টিং..!” গম পালোঁ, তাই কিবা উত্তৰ পোৱাৰ আশাত ভোৰভোৰোৱা নাই, তথাপিও মই উপযাচি কলোঁ, ” ইয়াত ৰাস্তাটোৱে যথেষ্ট টাৰ্ন লৈছে; তাতে হস্পিটাল এখনো আছে ইয়াত, সেইকাৰণে স্পীড ব্ৰেকাৰটো অলপ দীঘলীয়াকৈ দিয়া হৈছে। “অহ…মই জনা নাছিলোঁ কথাটো!” তাই ক’লে। সেই সুযোগতে ময়ো কিছু কথা সুধিলোঁ তাইক, তাই কৈ গ’ল….!

“অনন্যা”…..অনন্যা তাইৰ নাম । ঘৰ গুৱাহাটীত, বায়েকৰ ঘৰত দুদিন থাকি আজি ঘূৰিছেহি । প্ৰৱল আধুনিকা, মাত কথাত স্মাৰ্ট । তাই মোৰ কথাও সুধিলে, ক’ত থাকোঁ, কি কৰোঁ, কলৈ যাওঁ….ইত্যাদি ইত্যাদি। মই আপুনি বুলি কোৱাটো তাই ভাল নাপালে; তাইৰ অনুমতি লৈ মই তাইক তুমি বুলিবলৈ ল’লোঁ, লগতে তায়ো। গাড়ীৰ সৈতে তাল মিলাই তেনেকৈয়ে আমাৰ কথা-বতৰাও বেচ আগবাঢ়িল, লগে লগে আগবাঢ়িল কিছু আন্তৰিকতা, কিছু বিশ্বাস, আৰু কিছু আৱেগ…..আৰু কিছু প্ৰেম ! নাই নাই, মই সেইটো ভাবিব নোৱাৰিলোঁ ।

ইতিমধ্যে গাড়ীখন মিছন চাৰিআলি পালেহি। আমি নামি গ’লো। তাই পানীৰ বটল আৰু চিপচৰ পেকেট দুটা ল’লে। মই তামোল এখন মুখত লৈ চিগাৰেট এটা জ্বলালোঁ।

“তুমি চিগাৰেট খোৱা ?” মোলৈ চাই পৰম আশ্চৰ্যৰে তাই ক’লে; মই সুধিলোঁ, “মাজে মাজে খাওঁ, কিয় সুধিলা ?” তাই কলে,”চিগাৰেট খোৱা মানুহ মই বৰ বেয়া পাওঁ, নাখাবাচোন এনেকুৱা বেয়া বস্তু !” প্ৰৱল প্ৰত্যয়েৰে, কিছু আব্দাৰ যেন লগা সুৰত কোৱা কথাখিনিয়ে মোক চুই গল । লগে লগে চিগাৰেট দলিয়াই তাইলৈ চাই হাঁহিলো, তায়ো হাঁহিলে…!

আগবাঢ়িলোঁ আমি এনেদৰেই, এনে লাগিল যেন আমি বহু দিনৰে চিনাকি! অনন্যাৰ মোবাইল নম্বৰ ল’লোঁ । তাই কলে,”গান শুনি শুনি মোৰ মোবাইলৰ বেটাৰী শেষ হ’ল এতিয়া; তাতে পাৱাৰ বেংকটোও আনিবলৈ পাহৰিলোঁ। হোৱাটছএপ ত মেচেজ এটা দি থবাচোন, মোবাইল খুলিলেই মই তোমাৰ নম্বৰটো পাই যাম।” ময়ো শলাগিলোঁ ।

নগাঁৱৰ আমনিত প্ৰায় আধা ঘণ্টামান গাড়ী ৰখালে। কিবা এটা খাওঁ বুলি আমি নামি গলোঁ । দুই প্লেট ৰুটিৰ অৰ্ডাৰ দি আমি সন্মুখা-সন্মুখী হৈ বহিলোঁ । খোৱাৰ মাজে মাজে তাইৰ কথাও আগবাঢ়িল, লগে লগে উচ্ছল হাঁহি আৰু উজ্জ্বল চকুৰ প্ৰোজ্জ্বল চাৱনি ! বহুত ধুনীয়া দেখা গৈছিল তাইক । তাইৰ বাধা স্বত্বেও বিলটো ময়েই পৰিশোধ কৰি ওলাই আহিলোঁ। তাই কিবা এটা লওঁ বুলি দোকান এখনলৈ গুচি গল ।

আকাশলৈ চালোঁ, জোনটো কিছু স্তিমিত হৈ আছিল তেতিয়া । ক’ৰ পৰা জানোঁ, বতাহ এছাটি আহি মোৰ গালে মুখে পৰিল । আগতে কেতিয়াও অনুভৱ নকৰা পুলক এটাই আহি অগাদেৱা কৰিলেহি মোৰ মনৰ মাজত…….কিবা অজান ভাল লগা অনুভৱ এটা লৈ আকাশলৈ চাই থাকিলোঁ মই !!

“হেই কি ভাবি আছা ? বলা, গাড়ী ষ্টাৰ্ট দিলে নহয়!” পিছফালৰ পৰা ঢকা এটা মাৰি তাই কলে। দেখিলোঁ, তাইৰ হাতৰ সৰু কেৰীবেগখনত কেইটামান চিপছৰ পেকেট আৰু এটা পানীৰ বটল । “ময়ো পানীৰ বটল এটা লওঁ ৰবা” কবলৈহে পালোঁ, তাই মোৰ হাতত ধৰি প্ৰায় টানি নিয়াদি নি কলে, “পানী মোৰ লগত আছে, তোমাৰ এই পানীৰ বটলৰ ধান্দাত গাড়ী মিছ হব এতিয়া ।” একো নোকোৱাকৈ ময়ো তাইৰ পিছে পিছে গাড়ীলৈ বুলি আগবাঢ়িলোঁ ।

: হু, এইটো লোৱা , সৰু কাগজৰ নুৰা এটা আগবঢ়াই তাই কলে ।

: কি এইটো ?

:খুলি চোৱা !

তামোল এখন আছিল তাত, তাইলৈ চালোঁ, ক’লে,”খোৱা খোৱা, চিগাৰেটতকৈ বহুত ভাল এইটো । তুমি ৰুটি খুৱালা, মই তামোল খুৱালোঁ । হিচাপ বৰাবৰ ; তাই আকৌ খিলখিলাই উঠিল । তামোল মুখত ভৰাই বেঙাৰ দৰে তাইলৈ চাই ৰ’লো মই ।

গাড়ীখনে বেগ ললে । লাইটবোৰো ইতিমধ্যে নুমাই গৈছিল । চকুদুটা গধুৰ হৈ পৰা যেন লাগিল মোৰ; ঘড়ীলৈ চালোঁ,এঘাৰ বাজি পঞ্চাশ মিনিট গৈছে তেতিয়া। অনন্যাও ইতিমধ্যে শুই পৰিছিল। লাহেকৈ চকুদুটা জাপ খুৱাই গাটো ছীটখনতে এৰি দিলোঁ ।

“দাদা, দাদা, দাদা ….গাড়ী আগলৈ নাযায় আৰু…. উঠক উঠক….!” হেণ্ডিমেজনৰ চিঞৰত সাৰ পাই গলোঁ মই । সি চিঞৰিয়েই আছে,”গাড়ী আগলৈ নাযায় আৰু; আপোনাক অথনিৰে পৰা মাতি আছোঁ, আপুনি সাৰ নাপায়হে নাপায়” এইবাৰ মই প্ৰকৃতিস্থ হলোঁ । গাড়ীখন খালি দেখোন, মানুহবোৰ কলৈ গল, আৰু অনন্যা! অনন্যা কত ? মোৰ বেগটো কত ? পকেটত হাত ফুৰালোঁ, আৰু ঘড়ীটো ? আঙঠিকেইটা……?

লাহে লাহে সকলোবোৰ কথা মোৰ চকুৰ আগত স্পষ্ট ৰূপত ধৰা দিলে । অনন্যাৰ মোবাইল নম্বৰটো আছে, ফোন এটা কৰি লওঁ..! আৰে, মোৰ মোবাইলটো ক’ত ?

মূৰে কপালে হাত দি মই ঠাইতে বহি পৰিলোঁ । লাইটটো উজ্জ্বলকৈ জ্বলি আছিল তেতিয়াও আৰু তাৰ ঠিক তলতে গোট গোট আখৰেৰে লিখা কথাষাৰ স্পষ্টকৈ জিলিকি আছিল, “নিজৰ মূল্যবান বস্তুবোৰত নজৰ দিব; হেৰালে কৰ্তৃপক্ষ দায়ী নহয় ।”

ঠিক; একদম ঠিক, নিজৰ মূল্যবান বস্তুবোৰত নিজে নজৰ নিদিলে কোনে দিব ! নিজৰ আৰু নিজৰ মনটোৰ বাহিৰে আন কিবা মূল্যবান বস্তু থাকিব পাৰেনে? মই নিজৰ ওপৰতে নজৰ দিব নোৱাৰিলোঁ । অনন্যাৰ চাৱনিত, অনন্যাৰ কথাত, অনন্যাৰ প্ৰাণোচ্ছল হাঁহিত মই নিজকে উৰুৱাই দিলোঁ, মোৰ অস্তিত্বক, মোৰ ভিতৰৰ মানুহটোক পলকতে অনন্যাৰ ওচৰত বিলীন কৰি দিলোঁ । আৰু তাৰ ফলো পালোঁ মই । এই অৱস্থাৰ বাবে মই নিজেই দায়ী, এই অৱস্থা মোৰ প্ৰাপ্য আছিল….. !!

মূৰটো অলপ ঘূৰাই থকা যেন অনুভৱ হৈছিল তেতিয়াও । তামোল খোৱাৰ পিছতেই টোপনিত ঢলি পৰাৰ ৰহস্যটো মোৰ চকুৰ আগত লাহে লাহে পৰিষ্কাৰ হৈ উঠিল । গাড়ীৰ কৰ্মচাৰীবোৰক একো জানিবলৈ নিদিলোঁ, লাহে লাহে, অৱসভাৱে মই দুৱাৰৰ ফালে আগবাঢ়িলোঁ । গোট গোট আখৰবোৰ স্পষ্টকৈ জিলিকি আছিল তেতিয়াও ….!

আৰু অনন্যা ? তাই সচাকৈয়ে অনন্যা আছিল জানোঁ…….!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক