মূল গল্প: কবি,গল্পকাৰ: হুমায়ুন আহমেদ–অনুবাদ: মুনমুন সৰকাৰ শইকীয়া




#কবি

টাউন প্ৰেছৰ অধিকাৰী সিৰাজুল ইচলাম ডাঙৰীয়াই খঙতে মুখখন ফুলাই বহি আছিল। তেওঁৰ খঙৰ বহুকেইটা কাৰণ আছিল। প্ৰুফ ৰীডাৰ জোবেদ আলী এতিয়াও আহি পোৱাহি নাই। মেচিন চলোৱাজনে একো কাম নথকাত এনেই বহি আছে। ইয়াৰ উপৰিও বতৰৰ অৱস্থা ভাল নহয়। ধুমুহা, বৰষুণ অহাৰ সম্ভাৱনাই দেখা দিছে। ধুমুহা আহিলে সিৰাজুল ইচলাম ডাঙৰীয়া ঘৰলৈ ঘূৰি যাব লাগিব। আজিৰ নিশাটো তেওঁ বিন্তি নামৰ ছোৱালীজনীৰ লগত কটাব বুলি ভাবি থৈছিল। মাহত এবাৰ হ’লেও তেওঁ বিন্তিৰ লগত এটি নিশা কটায়। এই ছোৱালীজনী ভাল, একো জঞ্জাল নাই। জঞ্জালবোৰ দৰাচলতে তেওঁৰ সহ্য নহয়। 

ৰাতি ৮ মান বজাত সঁচাকৈয়ে খুব ডাঙৰ বৰষুণ এজাক দিলে। তাৰ অলপ দেৰি পিছতেই জোবেদ আলী তিতি বুৰি আহি উপস্থিত হ’ল। 

”অলপ দেৰি হৈ গ’ল ইচলাম ডাঙৰীয়া, ছোৱালীজনীৰ জ্বৰ।” 

সিৰাজুল ইচলামে কোনো উত্তৰ নিদিলে, তেওঁ বেলেগ কথা এটা চিন্তা কৰি আছিল। 

” ডক্টৰে বহুত দৰৱ দিছে।” 

”কি বেমাৰ নো?” 

জোবেদ আলীয়ে বহুত সময় বেমাৰৰ কথাকেই ক’লে। সিৰাজুল ইচলাম মহোদয়ৰ শুনিবলৈ যদিও মুঠেও মন নাছিল, তথাপিও তেওঁ আগ্ৰহৰ ভাব এটা চকুৱে মুখে ধৰি ৰাখিলে। জোবেদ আলীয়ে ক’লে, 

”আজি অলপ সোনকালে যাম ছাৰ।” 

” কি কথা কয় হে, কাইলৈ পুৱাই ডেলিভাৰী দিব লাগিব। পাৰ্টীয়ে ইতিমধ্যে দুবাৰ সুধিলে। চাহ খাওক আৰু কামত লাগি যাওক।” 

জোবেদ আলী বহিল। এনেও প্ৰুফ চোৱা কামত তেওঁ সিদ্ধহস্ত, ৯ বজাৰ আগতেই তেওঁৰ এভাগ চাই হৈ গ’ল। 

”জোবেদ আলী।” 

” হয় ছাৰ কওক।” 

” আপোনাৰ কি ভাব হয়, বৰষুণ দিব নে?” 

” কোৱাটো অলপ টান হ’ব।” 

”টান বুলি কিয় কৈছে হে? বৰষুণ, ডাৱৰ এইবোৰ লৈয়ে দেখোন আপোনালোকৰ কাম, হাজাৰ হওক কবি মানুহ।” 

জোবেদ আলীৰ মুখত অস্পষ্ট হাঁহিৰ ৰেখা এটা বিৰিঙি উঠিল। 

”আপোনালোক হ’ল সুখী মানুহ, বৰষুণৰ দৰে জঞ্জাল সোপা লৈয়ো মহাকাব্য লিখিব পাৰে।” 

জোবেদ আলীৰ মুখত হাঁহি সুস্পষ্ট হ’ল। এনেই এই সিৰাজুল ইচলাম বোলা মানুহজন তেওঁৰ অপচন্দৰ, তথাপিও তেওঁ যিকেইটা খোচ মাৰে, কবি বুলি মৌ মিঠা শব্দ লগাই, মনটো কিবা ভাল লাগি যায়। 

” ছাৰ অলপ সোনকালে যাব লাগিছিল, ছোৱালী জনী…”

”ৰ’ব হে যাব, কিমাননো আৰু সময় লাগিব? একেবাৰে শেষ কৰি থৈ যাওক, বানানকেইটা ভালকৈ চাব।” 

জোবেদ আলীয়ে খুব মনোযোগেৰে বানানকেইটা চায়। সিৰাজুল ইছলামে চাই থাকে বৰষুণ। মাহৰ বিশেষ বিশেষ স্ফূৰ্তিৰ দিনবোৰত বৰষুণনো কিয় দিয়ে এই ৰহস্যৰ মীমাংসা তেওঁ কৰিব নোৱাৰে। তেওঁৰ মতে জগতৰ অমীমাংসিত ৰহস্যৰ সংখ্যা ক্ৰমবৰ্ধমান। 

বিন্তি নামৰ ছোৱালীজনীৰ গাৰ বৰণ ক’লা। ক’লা বৰণৰ ছোৱালীবোৰ সাধাৰণতে মায়াসনা হয়। 

এজনী ক’লা, মায়াসনা ছোৱালীৰ প্ৰতি তেওঁ সদায় দুৰ্বলতা অনুভৱ কৰে। তেওঁৰ ঘৈণীয়েকৰ গাৰ বৰণ বগা। খুব বগা। গাৰ বৰণটোৰ বাবেই কিজানি তেওঁলোকৰ বিয়া হৈছিল। তাইৰ জোখতকৈ অলপ ওখ, অসমান দাঁতবোৰ তেতিয়া তেওঁৰ চকুত পৰা নাছিল। কিজানিবা দাঁতবোৰ তেতিয়া সমানেই আছিল। বয়স বাঢ়ি যোৱাৰ লগে লগে দাঁতবোৰৰ আকাৰ পৰিবৰ্তন হৈছে লগতে গাৰ বৰণ বগা হৈ গৈ আছে, মাজে মাজে তাইক শ্বেতী বেমাৰীৰ নিচিনা লাগে। 

”ছাৰ, বাকীখিনি কাইলৈ পুৱাই চাই দিম।” 

”আৰে বলিয়া হ’ল নেকি? ৰাতিপুৱাই পাৰ্টী আহিব। শেষ কৰি দিয়কহে কিমাননো সময় লাগিব? চাহ খাবনে?” 

”নাখাওঁ।” 

”খাওক, খাওক। হেৰৌ চাহ একাপ দেচোন আৰু কওকচোন কবি মহোদয় নতুন কবিতা কি লিখিলে?” 

”এটা সৰু লিৰিক লিখিছোঁ যোৱাৰাতি।” 

” কি কয়হে?” 

”শুনিবনে ছাৰ?” 

” হ’ব হ’ব কাম কৰক। কামৰ সময়ত কাব্যচৰ্চা নকৰিলেও হ’ব।” 

জোবেদ আলীয়ে প্ৰুফৰ ওপৰত চকু ফুৰাই থাকোঁতেই অস্পষ্টকৈ উত্তৰ দিলে, 

” ‘দেশৰ মাটি’ আলোচনীত ছপা হৈ ওলাব।” 

”হয় নেকি?” 

”হয়, সম্পাদক ডাঙৰীয়াই খুব প্ৰশংসা কৰিছে।” 

”ভাল কথা, এইবাৰ কিতাপ এখন ছপা কৰি উলিয়াই পেলাওক।” 

কথা পাতি থাকোঁতেই সিৰাজুল ইচলামে মন কৰিলে যে বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছে। তেওঁ হঠাতে তেজত একধৰণৰ চঞ্চলতা অনুভৱ কৰিলে। বিন্তি নামৰ ছোৱালীজনীয়ে কথাবোৰ অলপ টানি টানি কয়, ঘৰ চাগৈ যোশৰ নে টোশৰৰ ফালে হ’ব, তেওঁ সোধা নাই কেতিয়াও, এনেধৰণৰ ছোৱালীবোৰৰ সৈতে অলাগতিয়াল কথা বতৰা পতা ভাল নহয় অলপ দূৰে দূৰে থাকিব লাগে। 

জোবেদ আলীয়ে নিজৰ কামখিনি শেষ কৰি থিয় হ’ল। মুখত অলপ দুখ সানি মূৰ খজুৱাবলৈ আৰম্ভ কৰিলে। এই ভংগীমাটো সিৰাজুল মহোদয়ে চিনি পায়। তেওঁ গহীন হৈ ক’লে, 

” পাৰ্টীৰ পৰা কোনো ধৰণৰ অগ্ৰিম ধন পোৱা নাই। ব্যৱসায় সামৰিব হ’ল আৰু বুজিলে?” 

” ১০ টকা হ’বনে? ছোৱালীজনীয়ে কল লৈ যাব কৈছিল।” 

অপ্ৰসন্ন মনেৰে সিৰাজুল ডাঙৰীয়াই ১০ টকীয়া নোট এখন দিলে কিন্তু এইদৰে মাহ শেষ নহওঁতেই পইচা লোৱা কাৰবাৰটো তেওঁ মুঠেও ভাল নাপায়। 

”যাওঁ ছাৰ।” 

সিৰাজুল ইচলামে একো উত্তৰ নিদিলে, বৰষুণৰ টোপালবোৰ ডাঙৰকৈ পৰিবলৈ লোৱাত তেওঁ অলপ ক্ষুণ্ণ হ’ল। জোবেদ আলীয়ে ঘৰলৈ ঘূৰি আহি দেখিলে যে ছোৱালীজনীৰ জ্বৰটো অলপমান কমিছে। ছোৱালীজনীয়ে 

দেউতাক অহালৈ বাট চাই আছে কল আনিব বুলি, তাইৰ আকৌ গাখীৰ-ভাত কলেৰে সৈতে সানি খাবলৈ মন গৈ আছিল। কিন্তু ৰাতি বহুত হোৱা কাৰণে আলীয়ে কল নাপালে, তেওঁৰ খুব দুখ লাগিল। 

” কাইলৈ ৰাতিপুৱা কল আনি দিম হ’ব? মধুৰী কল নে সাগৰ কল?” 

”তুমি যি আনা।” 

”ঠিক আছে।” 

জোবেদ আলীয়ে খাই বৈ নিজৰ বহী এখন লৈ বহি পৰিল। তেওঁৰ ঘৈণীয়েকৰ মৃত্যুৰ পিছত এটা মাত্ৰ সুবিধা হৈছে, মাজৰাতি কিতাপ-বহী লৈ বহিলেও কোনেও একো নকয়। ডাঙৰকৈ বৰষুণ এজাক দিছে বাহিৰত, এনে বতাহ ধুমুহাৰ ৰাতিবোৰ শুই শুই নষ্ট কৰিব নালাগে। জোবেদ আলীৰ ছোৱালীজনী কিন্তু নুশুলে তাইৰ জ্বৰ আকৌ উঠিল, তাই কঁথাখন গাত লৈ চকুকেইটা টল টলকৈ মেল খুৱাই দেউতাকলৈ এবাৰ চাই ফুচফুচাই মাতিলে, 

”দেউতা।” 

জোবেদ আলীয়ে নুশুনিলে। সুন্দৰ কবিতাৰ শাৰী এটাহে তেওঁৰ মনলৈ আহিল “আজি ৰাতি ইমান ধুনীয়া বৰষুণ”, বাকী এটা শাৰীও তেওঁৰ মনলৈ অহা নাই, এটা লাইন বাৰে বাৰে মনলৈ আহি থাকিল, অলপ দেৰি পিছত তেওঁৰ চকুৰ কোণ দুটা সেমেকি উঠিল। 

ছোৱালীজনীৰ জ্বৰ বাঢ়িবলৈ ল’লে, তাই আকৌ চিঞৰি দেউতাকক মাতিলে কিন্তু বাহিৰৰ বৰষুণৰ শব্দত সেই মাত কোনেও নুশুনিলে। ছোৱালীজনীয়ে জ্বৰৰ দেহাৰেই কঁপি কঁপি চালে যে তাইৰ দেউতাকৰ চকুৰ পৰা পানী সৰি পৰিছে টোপ টোপকৈ। তাঅ্যাই একো বুজি নাপালে। শিশুবোৰে বহুত কথাই বুজি পায় আকৌ কেতিয়াবা একোৱেই নুবুজে। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক