মূল- দ্য প্লিজেণ্ট চাৰপ্ৰাইজ/ইংৰাজী- বেৰী পেইন/অনুবাদ –জ্যোৎস্না ৰাণী দাস

মই অফিচৰ বাহিৰেও ঘৰতে কাম কৰি পইচা গোটাইছিলোঁ। একেলগে চাৰি পাউণ্ড হৈছিল। প্ৰথমে মই ভাবিছিলোঁ মই এলিজাৰ মাকৰ ওচৰত থকা ঋণ পৰিশোধ কৰিম। কিন্তু এয়া নিশ্চিত যে তেওঁ এয়া ঘূৰাই পঠাব, যিটো কাৰণত এইখিনি পঠাবলৈ কৰা খৰচখিনি পানীত পৰিব। আৰু মই টকা নষ্ট কৰা মানুহ নহয়। আকৌ, এয়া সম্পূৰ্ণ নিশ্চিত নহয় যে তেওঁ টকা ঘূৰাই পঠাব। পৰিৱৰ্তে মই তেওঁলৈ এখন দীঘল চিঠি পঠিয়ালোঁ- মোৰ দীঘল চিঠিবোৰ প্ৰায় তেওঁৰ বৌদ্ধিক আনন্দৰ। চাৰি পাউণ্ডৰ, দুই পাউণ্ড মোৰ বাবে ৰাখিলোঁ, বাকী দুই এলিজাক দিবলৈ সংকল্প ল’লো। মই তাইক চিধাচিধিকৈ হাতত দিম বুলি ভবা নাই, ভাবিছো অন্য উপায়েৰে এটা ভাললগা চাৰপ্ৰাইজ দিম।
মই আগতেও একেধৰণৰ চেষ্টা কৰিছিলো। এলিজাই এদিন মোক ছয় চিলিং খুজিছিল। তাই দেখা এখন নতুন চাহ-ট্ৰেৰ বাবে। মই গৈ তাইৰ চকীৰ পিছফালে থিয় হৈছিলোঁ আৰু কৈছিলোঁ, “নাই মৰমী, মই এই বিষয়ে ভাবিবও নোৱাৰো”, একে সময়তে ছয় চিলিং তাইৰ ডিঙিৰ পিছফালে তলত পেলাই দিছিলোঁ। তাই জানিব খুজিছিল কিয় মই এখন চাহ-ট্ৰেৰ বাবে ছয় চিলিং দিব নোৱাৰিলোঁ, ওপৰ মহলালৈ যাবলৈ জোৰ নকৰিলোঁ আৰু ৰাতিপুৱা ন বজাত কাপোৰ খুলিব নিদিলোঁ। এয়া সফলতা নাছিল।
যাহওক, মোৰ মগজুত এটাতকৈ বেছি আইডিয়া আছে। এইবাৰ মই ভাবিলোঁ প্ৰথমে তাই বিচৰা কিবা আছে নেকি বিচাৰি উলিয়াম।
গতিকে দেওবাৰে চাহৰ সময়ত মই ক’লো, যেন বিশেষ একো নাই এনে দেখুৱাই, “তুমি বিচৰা কিবা আছে নেকি, এলিজা?”
-“ওঁ”, তাই কৈছিল, “মোক এটা চাকৰ লাগে যিয়ে চাৰে ন বজাত বিছনালৈ যায় আৰু চাৰে পাঁচ বজাতে উঠে, যদি সিহঁতে কেৱল সেয়া কৰে, সেইখিনিয়ে মই বিচাৰিম ।”
-“তুমি মোক ক্ষমা কৰিবা, এলিজা”, মই কৈছিলো, “কিন্তু তোমাৰ বক্তব্য সম্পূৰ্ণ শুদ্ধ নহয়, তুমি যে কৈছা সেইখিনিয়ে “সকলো” যি তুমি বিচাৰা। যিটো তুমি অৰ্থ কৰিছা—”
-“তুমি জানা নেকি মই কি অৰ্থ কৰিছো?”
-“মই ভাবো যে মই অবিকল জানো—”
-“তেনেহ’লে যদি তুমি অবিকল জানা মই কি অৰ্থ কৰিছো, মই নিশ্চয়কৈ শুদ্ধকৈ কৈছোঁ।”
কিন্তু যেতিয়া আমি গীৰ্জালৈ গৈছিলোঁ, মই আৱিষ্কাৰ কৰিছিলোঁ যে তাই এটা নতুন জেকেট বিচাৰিছিল।
পিছদিনা ৰাতিপুৱা, এটুকুৰা কাগজত টোকা লিখিছিলোঁ, “এটা নতুন জেকেট কিনিবলৈ, তোমাৰ স্বামীৰ মৰমেৰে।” মই স্বৰ্ণমুদ্ৰা দুটা তাত ভাঁজ কৰি থৈছিলোঁ। মই পেকেটটো এলিজাৰ পুৰণি জেকেটৰ পকেটত থৈছিলোঁ, তাৰপিছত বেডৰূমৰ ৱাৰড্ৰবত ওলোমাই থৈছিলোঁ, মই কি কৰিছোঁ তাইক একো নোকোৱাকৈয়ে। মোৰ ধাৰণা আছিল তাই জেকেটটো পিন্ধিব আৰু ৰাতিপুৱা বজাৰ কৰিবলৈ যাব, আৰু পকেটত হাত ভৰায়েই, তাই এটা সুখকৰ আশ্চৰ্য্য(Surprise) লাভ কৰিব। যেতিয়া মই টাউনলৈ ওলালোঁ তাই বাৰে বাৰে সুধিছিল কিয় মই ইমান ৰহস্যময়তাৰে হাঁহি আছো। মই উত্তৰ দিছিলোঁ, “তুমিও হাঁহিবা, দিনটো শেষ হোৱাৰ আগতে।”
মোৰ ওভতনিৰ পিছত, এলিজাক সমুখৰ দুৱাৰমুখতে পালোঁ। “আহা আৰু চোৱাহি”, তাই আনন্দেৰে কৈছিল। “মই তোমাৰ বাবে এটা ভাললগা চাৰপ্ৰাইজ পালো।” তাই ড্ৰয়িংৰুমৰ দৰ্জাখন ঠেলিলে আৰু আঙুলিয়ালে। টেবুলখনৰ মাজভাগতে এডাল ধুনীয়া গছপুলি থিয় হৈ আছে। এইডাল থিয় হৈ আছিল এখন ভাল পিৰিচৰ ওপৰত, আৰু কিছুমান ৰঙীণ কাগজ পাত্ৰটোৰ চাৰিওপিনে। সাধাৰণতে ভাল প্ৰভাৱ আছিল। মই তৎক্ষণাত অনুমান কৰিলোঁ যে তাই মই ৰাতিপুৱা দিয়া উপহাৰটো কিনাৰ পিছত ৰোৱা পইচাৰে কিনিছে। আৰু ভাবিছিলোঁ এইটোৱে তাইক খুব ভাল অনুভৱ এটা দিছিল।
-“মই আশাকৰোঁ তুমি এইটোৰ বাবে বেছি খৰচ কৰা নাই”, মই কৈছিলোঁ।
-“মই এইটোৰ বাবে কোনো টকাই খৰচ কৰা নাই।”
-“মই বুজা নাই।”
-“ভাল, তুমি নিশ্চয় জনা উচিত মই আজি ৰাতিপুৱা এটা উপহাৰ পালোঁ।”
-“নিশ্চয় মই জানো।”
-“মায়ে তোমাক কৈছিল নেকি? হয়, তেওঁ মোলৈ এটা ধুনীয়া নতুন জেকেট পঠিয়াইছিল। তাৰপাছত এজন মানুহ কিছু গছপুলি লৈ এইফালে আহিছিল, আৰু তেওঁ কৈছিল যে তেওঁক টকা নালাগে যদিহে মোক নলগা পুৰণি কাপোৰ আছে। গতিকে এই ধুনীয়া গছপুলিডালৰ বাবে মই পিন্ধা পুৰণি জেকেটটো দি দিলো, আৰু—”
মই মনত পেলালো যে মই মানুজনক গছপুলিৰে সৈতে কিছুদূৰৰ পথত দেখিছিলোঁ।
-“মোক একমুহূৰ্তৰ বাবে ক্ষমা কৰিবা, এলিজা”,মই কৈছিলোঁ আৰু মানুহজনৰ পিছত দৌৰিলোঁ।
তেওঁ এজন ডাঙৰ, ৰঙামুখীয়া মানুহ আছিল, আৰু তেওঁ ইয়াৰ বাবে কোনো অসুবিধাৰ সৃষ্টি নকৰিলে।
-“হয়”, তেওঁ কৈছিল। “মই সেই জেকেটটো লৈছিলোঁ, ঠিক আছে। সেইটো মোৰ বাকচটোৰ তলত আছে, আৰু আনকি সেইটো এতিয়াও মই চোৱা নাই। আৰু মই সেইটো এতিয়া চাবলৈও নাযাওঁ। আপুনি কৈছে তাত পকেটত দুটা স্বৰ্ণমুদ্ৰা আছে। আপোনাৰ দৰে এজন ভদ্ৰলোকে কেতিয়াও মোৰ দৰে এজনৰ পৰা টকা ল’ব নিবিচাৰিব। যদি আপুনি কৈছে তাত দুটা স্বৰ্ণমুদ্ৰা আছে, তেনেহ’লে তাত এতিয়াও আছে। মই নিজৰ পকেটৰ পৰাই আপোনাক দুই পাউণ্ড দিব পাৰিম, নিশ্চয়কৈ সেয়া মই জেকেটৰ পকেটৰ পৰা পিছত ল’ব পাৰিম। মই আপোনাক বিশ্বাস কৰিছোঁ– মই সৎ মানুহক চিনি পাওঁ যেতিয়া কাৰোবাক দেখো।”
এইখিনি কৈ তেওঁ তেওঁৰ ৱেষ্টকোটৰ পকেটৰ পৰা টকা উলিয়ালে আৰু মোৰ হাতত দিলে। মই কিছু ভাবিচিন্তি এইখিনি ল’লোঁ।
-“আপুনি একেবাৰে নিশ্চিত নকৰিলে যে—-“
-“অলপো নালাগে”, কৈছিল তেওঁ, “যদি সেই স্বৰ্ণমুদ্ৰা দুটা জেকেটটো মোক দিয়া সময়ত আছিল, সেই দুটা তাত এতিয়াও আছে। মই বুজিছোঁ যে আপুনি এজন মানুহ যাক বিশ্বাস কৰিব পাৰি, অন্যথা মই বহু আগতেই পকেটটো চালোঁহেঁতেন।
-“তুমি কি কৰি আহিলা?” এলিজাই মই ওভতাৰ পিছত সুধিলে। বিষয়টো সলাই মই ক’লো, “তোমাৰ মায়ে তোমাক নতুন জেকেট দিলে, মোক নতুন টুপী এটা দিয়াৰ আনন্দ ল’বলৈ দিয়া।” মই মুদ্ৰা দুটা তাইৰ হাতত গুজি দিলোঁ। তাই সেই দুটা চালে, আৰু ক’লে, “তুমি দুই ফাৰ্থিং(পেনিৰ চতুৰ্থাংশ)ৰে এটা টুপী (হেট) কিনিব নোৱাৰা, তুমি জানা, প্ৰিয়তম। তুমি কিহৰ বাবে এইমাত্ৰ দৌৰি ওলাই গৈছিলা? আৰু তুমি সোণেৰে আবৃত কৰা এই দুই ফাৰ্থিং ক’ত পালা? তুমি স্বৰ্ণমুদ্ৰা হিচাপেই তাক ল’ব পাৰা, যদি তুমি কেয়াৰফুল নহয়। তুমি মোক ভিতৰৰ কোঠালৈ নিবলৈ চেষ্টা কৰিছিলা নেকি?”
মই সেই মুহূৰ্তত কি ক’ব লাগে একো বুজিব পৰা নাছিলোঁ। গতিকে মই তাইৰ পৰামৰ্শ ল’লোঁ। মই তাইক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলোঁ যে মই তাইৰ স’তে কিছু ধেমালি কৰাৰহে প্ৰয়াস কৰিছোঁ।
“তোমাক দেখাত ধেমালি কৰা যেন লগা নাই।”
“কিন্তু মই কৰিছিলোঁ। মই ধৰি লৈছো মই জনা উচিত, যিদৰে যিকোনো মানুহে জানে। যাহওক, এলিজা, যদি তুমি নতুন টুপী এটা বিচাৰা, আধা স্বৰ্ণমুদ্ৰালৈকে যিমানেই নহওক, তুমি কেৱল ক’বা। তাই কৈছিল, মোক ধন্যবাদ দিছিল আৰু গছপুলিডালত পানী দিয়াত সহায় কৰিবলৈ মাতিছিল।
“এইডাল এনে ধুনীয়া গছপুলি”,তাই কৈছিল।
“হয়”, মই দুখেৰে উত্তৰ দিছিলো, “গছপুলিটো বহুত দামী দেখা গৈছে।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments