মৃগীৰোগৰ বিষয়ে এটি আলোচনা- (ডা০ ভূপেন শইকীয়া)

মৃগীৰোগৰ বিষয়ে এটি আলোচনা
-(ডা০ ভূপেন শইকীয়া)


অসমীয়া আৰু হিন্দীত মৃগীৰোগ বুলিলে ইংৰাজীত Epilepsy বা Seizure disorder ক বুজায়৷ আমাৰ বহুতৰে এনে ৰোগী প্ৰত্যক্ষ কৰাৰ চাক্ষুস অভিজ্ঞতা নিশ্চয় আছে৷ পোন প্ৰথমবাৰ মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ মেডিকেলৰ প্ৰথম বাৰ্ষিকত পঢ়ি থাকোতে৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰঙা বাচেৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিলোঁ৷ তেতিয়া আছিল শীতকাল – নতুনকৈ চিলোৱা নীলা ব্লেজাৰ কোটৰ বুকুৰ জেপত অসম মেডিকেল কলেজৰ এমব্লেম লগাই বুকু ফিন্দাই খোজ দিছিলোঁ ৷ কিন্তু মোৰ দৰ্প চূৰ্ণ হবলৈ বেচিপৰ নালাগিল৷ বোকাখাতত বাচখন ৰখোৱাৰ লগে লগে এজন সহযাত্ৰী শব্দ কৰি ঢলি পৰিল৷ কেউখন হাত-ভৰি জোকাৰিব ধৰিলে৷ অলপ পিছত মুখেৰে গোঁ-গোঁৱাই অস্ফুট শব্দ কৰি শুই পৰিল৷ মুখেদি সামান্য ফেন আৰু লেলাউটি বাগৰি ওলাই আহিল৷ মই একো কৰিব নোৱাৰি বৰ অসহায় বোধ কৰিলোঁ ৷ যি নহওক ৫/৬ মিনিট পাছত মানুহজন উঠিল আৰু কিছু নিদ্ৰাছন্ন অৱস্থাত এটা চিটত বহিল আৰু পুনৰ একো অঘটন নোহোৱাকৈ গন্তব্যস্থান পালেগৈ৷ ইয়াৰ পিছত দিন বাগৰাৰ লগে লগে বহু কেইজন মৃগী ৰোগী দেখা পালোঁ ৷ ডাক্তৰ হোৱাৰ পিছত আজিলৈকে অনেক এনে ৰোগীক চিকিৎসা প্ৰদান কৰিলোঁ আৰু আজিও কৰি আছোঁ৷

মৃগীৰোগৰ চিকিৎসা সম্বন্ধে কেইটিমান লাগতিয়াল কথা আজি আলচ কৰিব খুজিছোঁ৷

৪০০ খৃষ্টপূৰ্বত আমাৰ ভাৰতবৰ্ষৰ আয়ুৰ্বেদ গ্ৰন্থ ‘চৰক সংহিতাত’ “অপস্মৰ” নামেৰে এই “চেতনা হেৰাই যোৱা ৰোগৰ” বৰ্ণনা পোৱা যায়৷ একে সময়তেই অৰ্থাৎ ৪০০ খৃষ্টপূৰ্বতেই গ্ৰীচৰ মহান চিকিৎসক হিপক্ৰেটিচে ইয়াক এক ‘মগজুৰ বিজুতি’ বুলি উল্লেখ কৰিছিল৷ এই হিপক্ৰেটিচৰ নামতেই আজিৰ চিকিৎসকসকলে ডাক্তৰী বিদ্যা আৰম্ভ কৰাৰ আগতে সততাৰ শপত লয়৷ কিন্তু তাতোকৈ আগৰ পৌৰাণিক বেবিলিয়োনিয়ানৰ (বৰ্তমানৰ ইৰাক) ১০৬৭ -১০৪৬ খৃষ্টপূৰ্বৰ চুমেৰিয়ান লিপিত লিখা শিলালিপিক এই ৰোগৰ প্ৰথম লিখিত বৰ্ণনা বুলি সকলোৱে স্বীকৃতি দিছে৷ ভাবিলে আচৰিত লাগে সেই সময়তেই এই “পৰি যোৱা ৰোগৰ” লক্ষণ সমূহৰ বিশদ বিৱৰণী লিপিবদ্ধ কৰিছিল৷ আনহাতে ইপিলেপ্সি শব্দটোৰ উৎপত্তি পৌৰাণিক গ্ৰীক শব্দ ইপিলেপ্সিয়াৰ পৰা হৈছে – যাৰ অৰ্থ হ’ল “খামুচি ধৰা” বা ফিট হোৱা৷ অতি প্ৰাচীন কালৰ পৰা পৰিচিত এই ৰোগত বিশ্বৰ ০-৫% ৰ পৰা ১% জনসংখ্যাই আক্ৰান্ত বুলি থাৱৰ কৰা হৈছে৷ জাতি, ধৰ্ম, লিংগ, বয়স, দেশ নিৰ্বিশেষে মৃগীৰোগ বিশ্বৰ চুকে-কোনে ব্যাপ্ত৷ উন্নয়ণশীল দেশত মৃগী ৰোগাক্ৰান্তৰ সংখ্যা অধিক৷ মৃগীত ভোগা বিখ্যাত লোকৰ ভিতৰত আলেকজেণ্ডাৰ, জুলিয়াচ চিজাৰ, নেপোলিয়ন ব’নাপাৰ্ট, এৰিষ্টটল, ছক্ৰেটিচ, লেনিন, ডষ্টয়ভয়েস্কি, লৰ্ড বাইৰণ, টনী গ্ৰেগ আদিৰ নাম উল্লেখযোগ্য৷ ভাৰতত অনুমানিক ৫০ লাখ মৃগী ৰোগাক্ৰান্ত লোক আছে আৰু তাৰে ১০ লাখ জনৰ ৰোগ ঔষধে নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ প্ৰাপ্ত বয়স্কৰ তুলনাত শিশু ৰোগীৰ সংখ্যা অধিক৷ অৰ্থাৎ অপৈনত মস্তিষ্কত মৃগী ৰোগ বেচিকৈ হোৱা দেখা যায়৷ মানুহৰ বাহিৰে কুকুৰ আৰু মেকুৰীৰো মৃগী ৰোগ হোৱা জনা যায়৷ ই হ’ল কুকুৰৰ এবিধ সঘনাই হোৱা মস্তিষ্কৰ বিজুটি ৷

মস্তিষ্কৰ কোষৰ পৰা আকস্মিকভাবে ওলোৱা উচ্চ ক্ষমতাসম্পন্ন তৰংগই শৰীৰত মৃগীৰ লক্ষণসমূহ পৰিস্ফুট কৰি তোলে৷ মানৱ দেহত থকা গামা-এমাইন-ব্যুটাৰিক-এচিড (GABA) নামৰ দ্ৰব্যই আমাৰ স্নায়ুতন্ত্ৰক শান্ত কৰি ৰাখে৷ গাবাই মাংসপেশীৰ টোন নিয়ন্ত্ৰণত ৰাখে৷ মৃগীত আক্ৰান্ত ৰোগীৰ এই গাবাৰ কেন্দ্ৰসমূহ(ৰিচেপ্তৰ) বাধা প্ৰাপ্ত হয় – ফলত ফিটৰ উৎপত্তি হয়৷ কাৰণৰ ওপৰত নিৰ্ভৰ কৰি মৃগীক দুটা শ্ৰেণীত ভগাব পাৰি৷ প্ৰথম বিধ হ’ল সম্ভৱপৰ সকলো পৰীক্ষা কৰিও একো কাৰণ নোপোৱাকৈ উৎপন্ন হোৱা মৃগীৰোগ – যাক ডাক্তৰী ভাষাত ইডিঅ’পেথিক বা প্ৰাইমেৰী ইপিলেপ্সি বোলে৷ দ্বিতীয় বিধত পৰীক্ষা কৰিলে মৃগীৰোগ উৎপন্ন হোৱাৰ কাৰণ দেখা পোৱা যায় – ইয়াক চেকেণ্ডৰী ইপিলেপ্সি বোলে৷ মগজুৰ টিউমাৰ, মস্তিষ্কৰ আঘাত (যেনে মস্তিষ্কৰ খোলাৰ হাড় ভঙা), মস্তিষ্কৰ তেজৰ নলীৰ বিজুটি ঘটা (যেনে ৰক্তক্ষৰণ), বীজানুৰ সংক্ৰমণ (যেনে এনকেফেলাইটিচ), মদ, বিভিন্ন ড্ৰাগছ, অতি উত্তেজনা বা ষ্ট্ৰেচ আদিৰ পৰা চেকেণ্ডৰী ইপিলেপ্সি হব পাৰে ৷ সাধাৰণতে ৭২% ৰোগী ইডিঅ’পেথিক বা প্ৰাইমেৰী ইপিলেপ্সিৰ আৰু ২৮% ৰোগী চেকেণ্ডৰী ইপিলেপ্সিৰ দেখা যায়৷

ইপিলেপ্সিক উৎস আৰু লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি জেনেৰেলাইজদ চিজাৰ বা পাৰ্চিয়েল চিজাৰ দুটা শ্ৰেণীত ভগাব পাৰি৷ জেনেৰেলাইজদ চিজাৰ হলে মস্তিষ্কৰ দুয়োটা গোলাৰ্দ্ধৰ পৰাই একে সময়তে তৰংগ সমূহ নিৰ্গত হয়৷ ফলত সৰ্ব শৰীৰতেই ইয়াৰ প্ৰভাৱ দেখা যায়৷ ফিট হওঁতে জিভাত কামোৰ খাব পাৰে৷ ৰোগীৰ অজ্ঞাতে শৌচ-প্ৰসাৱ নিৰ্গত হব পাৰে৷ তাৰ পিছত ৰোগী কেইমিনিটমানৰ বাবে সংজ্ঞাহীন হৈ পৰে৷ আনহাতে পাৰ্চিয়েল চিজাৰ হলে মগজুৰ কোনো এটা নিৰ্দিষ্ট অংশৰ পৰা তৰংগৰ উৎপত্তি হয়৷ যদি ৰোগীয়ে সংজ্ঞা হেৰুৱায় তেতিয়া ইয়াক পাৰ্চিয়েল কম্প্লেস্ক চিজাৰ বোলে আৰু চেতনা নেহেৰুৱালে ইয়াক পাৰ্চিয়েল চিম্পল চিজাৰ বোলে৷ পাৰ্চিয়েল বা ফকেল চিজাৰত সাধাৰণতে ফিট হোৱাৰ আগতে ৰোগীয়ে এটা বিশেষ অনুভূতি লাভ কৰে- যাক ঔৰা (Aura) বোলে৷ ঔৰাত ৰোগীজনে মূল অসুখটো (এটেক) হোৱাৰ আগতে নানান বিচিত্ৰ অনুভূতিৰ মুখামুখি হয়৷ তেওঁ কাণেৰে কিবা শুনিবলৈ বা চকুৰে কিবা দেখিবলৈ পাব পাৰে, মূৰ ঘূৰাব পাৰে, মূৰটো পাতল যেন লাগিব পাৰে, বমিৰ ভাৱ হব পাৰে ইত্যাদি৷ বহুতো মাইগ্ৰেইনৰ ৰোগীয়েও ঔৰা অনুভৱ কৰে৷ জেনেৰেলাইজদ চিজাৰত (আন নাম গ্ৰেণ্ডমাল ইপিলেপ্সি)ঔৰা অনুভৱ নহয়৷

জেনেৰেলাইজদ চিজাৰ দুই ধৰণৰ হব পাৰে – জোকাৰণী থকা বা কনভালচনযুক্ত (Convulsive), নহলে জোকাৰণী নথকা বা কনভালচন নোহোৱা (Non-convulsive)৷ প্ৰথম বিধত ঔৰা নাথাকে যদিও অসুখৰ আৰম্ভ হয় “গা বেয়া লগা অনুভৱেৰে”, তাৰ পিছত মাংসপেশীবোৰ কঠিন হৈ পৰে, মুখেৰে চিঞৰ বা শব্দ বাহিৰ হয়, লেলাৱতি ওলায়, জিভা কামোৰ খাব পাৰে, শ্বাস-প্ৰশ্বাস অস্বাভাবিক হয়, ৰক্তচাপ আৰু হৃদগতি বাঢ়ে, শৰীৰ নীলা পৰে – খন্তেক পিছতেই কেউটা হাত-ভৰিৰ মাংসপেশী শিথিল হৈ পৰে৷ এইদৰে এবাৰ সংকোচন, এবাৰ শিথিল হোৱাৰ প্ৰক্ৰিয়াৰে কেইমিনিটমানলৈ এটেক চলি থাকে (Generalized Tonic Clonic Convulsive Seizures) ৷ তাৰ পিছত ৰোগী শান্ত, অৱস, ভ্ৰান্ত হয়- মূৰৰ বিষ আৰু নিদ্ৰা অনুভৱ কৰে৷
দ্বিতীয়বিধ অসুখত সাধাৰণতে কমবয়সীয়া শিশু বা কিশোৰক আক্ৰান্ত হোৱা দেখা যায়৷ ৰোগী হঠাৎ সংজ্ঞাহীন হৈ পৰে, শৰীৰৰ সকলো মাংসপেশী নিস্ক্ৰিয় হৈ পৰে, চকু একেথৰ হৈ ৰৈ পৰিব পাৰে – এই অৱস্থাটো দহ চেকেণ্ডমান থাকে আৰু দিনটোত বহুবাৰ এনে হব পাৰে৷ আনকি কেতিয়াবা অভিভাৱকৰ চকুত নপৰিবও পাৰে৷ ই হ’ল Generalized Non Convulsive Seizures, আন নাম Petit Mal Epilepsy৷ এটেক হোৱাৰ পিছত ৰোগীয়ে অৱসাদ, ক্লান্তিবোধ কৰিব পাৰে নাইবা ঘন ঘনকৈ নিশ্বাস লব পাৰে৷ ইইজিৰ দ্বাৰা সহজতে এই ৰোগক চিনাক্ত কৰিব পাৰি৷

মৃগী ৰোগৰ শ্ৰেণী বিভাজন ইমানতে শেষ হোৱা নাই ৷ চিকিৎসকসকলে ৰোগীৰ বয়স, লক্ষণ,সম্ভাব্য কাৰণ আৰু বিভিন্ন তথ্যৰ (যেনে ইইজিৰ তথ্য, দৰবৰ প্ৰভাৱ আদিৰ) ওপৰত ভিত্তি কৰি নানান ইপিলেপ্সি চিনড্ৰম ঠাৱৰ কৰিছে- সেয়া আমাৰ আলোচনাৰ বাহিৰত ৷

এতিয়া ঔষধৰ বিষয়ে আপোনালোকক কিছু কথা অৱগত কৰাই লব খুজিছোঁ৷ ১৮৫৭ চনত আমেৰিকা আৰু ইউৰোপত ‘ব্ৰমাইড’ নামৰ দৰবক প্ৰথমবাৰৰ বাবে এই ৰোগৰ চিকিৎসাত প্ৰয়োগ কৰা হয়৷ ১৯১২ চনত ফেনবাৰৰ্বিটন, ১৯৩৮ চনত ফেনিটইন – এই দুবিধ আজিও বহুল প্ৰচলিত মৃগী ৰোগৰ দৰব আবিস্কৃত হয়৷ ১৯২০ চনত জাৰ্মানীৰ বিজ্ঞানীসকলে ইইজি যন্ত্ৰৰ আবিস্কাৰ কৰে৷ ইয়াৰ পিছত ১৯৫০-১৯৭০ সময়ছোৱাত বহু কেইবিধ দৰবৰ উদ্ভাৱন হয়৷ আজিৰ দিনত কুৰি বিধৰো অধিক ভিন্ন ভিন্ন ঔষধ উপলব্ধ হৈছে৷ তাৰে ভিতৰত ফেনবাৰৰ্বিটন, ফেনিটইন, কাৰ্বামেজাপিন(টেগ্ৰিটল), অস্কাকাৰ্বাজাপিন, ভেলপ্ৰয়িক এচিড, ভেলপ্ৰয়েট চেমিচডিয়াম, ক্লনাজেপাম, ক্লৰাজেপেট ,ইথোস্কিমাইড, গাবাপেন্টিন, প্ৰিগাবালিন, ফেলবামেট, ফচফেনিটইন, লেমট্ৰিজিন, লেকচামাইড, লেভিটিৰাচিটাম, টপিৰামেট, ভিগাবাট্ৰিন, ক্লবাযাম, যনিচামাইড আদিৰ নাম উল্লেখযোগ্য ৷

এতিয়া ৰোগীৰ চিকিৎসাৰ বিষয়ে কিছু কথা উল্লেখ কৰা যাওঁক ৷ পোনতেই এটেক হৈ হাত-ভৰি জোকাৰি থকা দেখা পালে আমি লবলগীয়া প্ৰাথমিক ব্যৱস্থাখিনি হ’ল এনেকুৱা – ৰোগীজনক মুকলি নিৰাপদ ঠাইলৈ আনক, ভীৰ কৰি বেৰি নধৰি মুকলি বতাহ পাব দিয়ক৷ একাটি কৰি শুৱাই দিয়ক যাতে লেলাৱতি বাহিৰলৈ বৈ যাব পাৰে৷ পিন্ধা কাপোৰ ঢিলা কৰি দিয়ক৷ চচমা পিন্ধি আছে যদি খুলি দিয়ক৷ যদি হাত-ভৰি-গা আচাৰি আছে মুঠেই তাত বাধা প্ৰদান নকৰিব৷ এটেক বা ফিট হৈ থকা অৱস্থাত পানী, দৰব বা কোনো খাদ্য খোৱাবলৈ মুঠেই যত্ন নকৰিব৷ সেই সময়ত মুখত একো ভৰাবলৈও প্ৰয়াস নকৰিব৷ ফিট হৈ যোৱাৰ পিছত ৰোগীৰ ক্লান্ত দেহাক শুবলৈ সুবিধা কৰি দিব৷

এনে ৰোগীয়ে লবলগীয়া সাবধানতা সমূহ হ’ল – ডাক্তৰৰ অনুমতি অবিহনে দৰব কম বা বন্ধ বা সলনি নকৰিব৷ সাঁতোৰা, গাড়ী চলোৱা, মেচিনত কাম কৰা, ওখ ঠাই বগোৱা আদি কাৰ্য্য এনে অসুখত ভোগা সকলৰ বাবে অতি বিপদজনক৷ হুলস্থুলীয়া পৰিবেশৰ পৰা আঁতৰত থকা ভাল৷ টোপনি খতি আৰু অতিমাত্ৰা শ্ৰম কৰাটো বেয়া৷

বিবাহত বহাত কোনো বাধা নাই৷ ৰোগে বৈবাহিক জীৱনত কোনো বিৰূপ প্ৰভাৱ নেপেলায়৷ মহিলাই গৰ্ভধাৰণ কৰিলে ডাক্তৰৰ তত্বাবধানত দৰব খাই থাকিব৷ গৰ্ভস্থ সন্তানৰ নিৰাপত্তাৰ দিশলৈ লক্ষ্য ৰাখি ৰোগীৰ ঔষধ আৰু দৰবৰ সালসলনিৰ প্ৰয়োজন হব পাৰে৷ তদুপৰি ৰোগীক ভিটামিন-কে দিয়া হয়৷

ৰোগীক দৰব সাধাৰণতে অন্তত: তিনিবছৰ কাল অসুখ নিয়ন্ত্ৰণত ৰখাকৈ খোৱাব লাগে৷ তাৰ পিছত ক্ৰমে দৰবৰ পৰিমাণ ৬ মাহৰ মূৰে মূৰে কমাই আহি এটা সময়ত বন্ধ কৰিব পাৰি৷ সদায় এটা কথা ৰোগী আৰু পৰিয়ালৰ মানুহে জনা উচিত যে ফিট নোহোৱাকৈ শৰীৰক ৰখাটো অত্যন্ত জৰুৰী৷ কেতিয়াবা অইন অসুখত ভূগিলেও ডাক্তৰে নকলে মৃগীৰ দৰব বন্ধ কৰিব নালাগে৷

বহুতবোৰ চেকেণ্ডৰী ইপিলেপ্সি আৰু অইন নিৰ্বাচিত মৃগী ৰোগীৰ ক্ষেত্ৰত অপাৰেচনৰো ভূমিকা আছে৷ বহু ৰোগীয়ে দৰব নিজে বন্ধ কৰি নিজৰ বিপদ চপাই আনে৷ ”ষ্টেটাচ ইপিলেপ্তিকাচ” নামৰ এনে এটা গুৰুতৰ অৱস্থাৰ বাবে বহু ক্ষেত্ৰত ৰোগীও দায়ী৷ কিছুমান ৰোগীয়ে মানসিক ৰোগ ডিপ্ৰেচনত ভূগি আত্মহত্যাৰ প্ৰয়াস কৰিব পাৰে- পৰিয়ালৰ লোক সতৰ্ক থকা ভাল৷ ভালদৰে ৰোগৰ চিকিৎসা নকৰিলে ৰোগীৰ আকস্মিক মৃত্যুও ঘটিব পাৰে৷ ৰোগীক অনাদৰ, অৱহেলা কেতিয়াও কৰিব নাপায় ৷ অশিক্ষিত অন্ধবিশ্বাসী লোকে অসুখীয়া ৰোগীক দেখিলে দেও-ভূত লম্ভা বুলি ভবা ধাৰণাক শিক্ষিত লোকসকলেই আঁতৰাব লাগিব৷ ফিটহৈ থকা ৰোগীক আজিও বহুতে জোতা শুঙাই চেতনা আনিবলৈ অপচেষ্টা কৰে- এনেবিলাক কুআচৰণক আমি আঁতৰাব লাগিব৷

সকলোবিলাক ইপিলেপ্সিতেই বংশানুক্ৰমিক প্ৰভাৱ থাকে- এনে নহয়৷ জুভেনাইল মায়ক্লনিক ইপিলেপ্সি আৰু বিনাইন ফেমেলিয়েল ইপিলেপ্সিৰ ক্ষেত্ৰত বংশানুক্ৰমিক প্ৰভাৱ দেখা যায়৷

মুখনিত বিনম্ৰভাবে এটা কথা কম- এটা চমু প্ৰবন্ধত ইমান জটিল বিষয় এটা খৰচি মাৰি আলোচনা কৰা সম্ভৱপৰ নহয়৷

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক