মৃগয়া : বনৰ পৰা মনলৈ – যোগেশ কিশোৰ ফুকন

বিস্তৃত ভূখণ্ড জুৰি সেউজ সম্ভাৰ, বিধে বিধে বন্য পৰিয়াল, উৎকৃষ্ট ফল-ফুলেৰে ভৰপূৰ অৰণ্যই হৈছে তাহানিৰ মৃগয়াক্ষেত্ৰ৷ পুৰণি কালত ৰজা-মহাৰজাকে ধৰি অভিজাত গোষ্ঠীৰ এক বিনোদ বিহাৰৰ ব্যৱস্থাক মৃগয়া বুলিছিল৷ ‘মৃগ’ শব্দৰ অৰ্থ হৰিণ৷ আকৌ হৰিণকে মৃগপহু বুলিও কয়৷ প্ৰাচীন ভাৰতবৰ্ষত মৃগয়াৰ লগত জড়িত অনেক কাহিনী আছে৷ তাৰে কিছু সংখ্যক ইমানেই ৰোমাঞ্চকৰ যে মৃগয়াই অভিজাত জীৱনক উদ্দীপনা দিছিল৷ কিছুমান মৃগয়াত আছিল অন্তহীন কৌতূহল৷ মৃগয়া যাত্ৰাত কেতিয়াবা আহি পৰিছিল জীৱন্ত ৰমণী, সুন্দৰী ললনা৷ মৃগয়াকালত লগত পোৱা সেই ৰূপহী হ’বলগা হৈছিল কাৰোবাৰ অৰ্ধাংগিনী৷

‘মৃগয়া’ শব্দটোৰ অৰ্থ হেমকোষত পহু খেদি বধ কৰা ধেমালি বুলি কৈছে৷ ইয়াক ইংৰাজীত Hunting বোলে৷ সুন্দৰী নাৰী চিকাৰ কৰা এক শ্ৰেণী কামাৰ্ত পুৰুষ আছে৷ তেওঁলোকক Hunter শব্দৰে যুৱতী চিকাৰৰ দৰে অসামাজিক কামত লিপ্ত হোৱা লোক বুলি বুজোৱা হয়৷ মৃগ শব্দৰ পৰা নিৰ্গত হৈছে হৰেক ৰকমৰ অৰ্থ৷ মৃগ বা হৰিণৰ চকু আৱেগেৰে পৰিপূৰ্ণ, পদুমৰ কোমল পাহিৰ দৰে ধুনীয়া৷ ধুনীয়া চকুৰ তিৰোতাক সেইবাবেই মৃগনয়নী, মৃগাক্ষী আদি বিশেষণ দিয়া হয়৷ নীলা আকাশৰ বিশাল সাম্ৰাজ্যত জিলিকি থকা চন্দ্ৰৰ আন এটা নাম মৃগাংক৷ চন্দ্ৰৰ শৰীৰত তুলসী আৰু হৰিণৰ চিত্ৰ চিৰকাল জিলিকে৷ সেয়া মৃগ-তুলসী বুলি মৰ্ত্যৰ মানুহৰ আছে লোকবিশ্বাস৷ মৃগ বা হৰিণ অংকিত বাবে চন্দ্ৰৰ নাম মৃগাংক৷ মতা হৰিণক শৰ আৰু ভেলেঙীৰে স্ত্ৰীলিংগ বুজোৱা হয়৷ ‘মৃগতৃষ্ণা খেদি খেদি হ’লা কিয় ক্লান্ত’ বুলি মৰীচিকা খেদাৰ বেদনা  গীতত ঘোষিত হৈছে৷ অৰণ্যৰ বাসিন্দা মৃগ নিৰ্জু, নিমাখিত৷ কিন্তু সেই একেই অৰণ্যৰ মৃগৰাজ অৰ্থাৎ সিংহ মদমত্ত, বনৰ বিক্ৰম৷ সেইবাবে সিংহক মৃগেন্দ্ৰ বোলে৷ আকাশৰ প্ৰখ্যাত নক্ষত্ৰ মৃগশিৰা৷ নীলিম আকাশত থকা সকলো নক্ষত্ৰ হেনো মৃগ আৰু মৃগৰ শীৰ্ষত মৃগশিৰা৷ এই নামৰ উৎসৰ সন্ধান কৰি তাৰ উত্তৰ জ্যোতিৰ্বিজ্ঞানেও দিব পৰা নাই৷ আকৌ মৃগ শব্দৰ লগত জড়িত হৈছে এবিধ সুগন্ধি৷ আমোলমোল সেই সুৰভি হৰিণৰ নাভিৰ পৰা উৎপন্ন হয়৷ অসমীয়া কাব্য আৰু গীতত মৃগনাভি শব্দটো বিবিধ দৰদী ভংগীৰে ব্যৱহাৰ হৈছে৷ ইয়াৰ আন এটি প্ৰাণ পুলকিত কৰিব পৰা শব্দ আছে৷ সেই শব্দটি হৈছে ‘কস্তুৰী’৷ মন বিকল কৰিব পৰা কস্তুৰী ঘ্ৰাণেৰে পূৰ্ণ লয়লাস বন্যপ্ৰাণীটি মৃগয়া যাত্ৰীৰ হত্যা কৰিবলৈ কেনেকৈ সত গৈছিল? হৰি ঐ! অভিজাত মানুহৰ সেই ধেমালি যে চৰম নিষ্ঠুৰতাত পৰিণত হৈছিল, সেই কথা বিনোদ বিহাৰীসকলে এবাৰলৈ ভাবিছিল নে বাৰু? মৃগ আটোলটোল প্ৰাণী, যাক দেখিলে মৰম নিগৰে, আপ্লুত হওঁ৷ মন হৰি নিয়া সেই প্ৰাণীটি চাই থাকিবৰ মন যায়, কিন্তু হত্যা কৰাৰ প্ৰশ্নই উঠিব নালাগে৷

আদিকবি বাল্মীকিৰ মহাকাব্য ৰামায়ণৰ পৰা বন্যপ্ৰাণীৰ এখন সুদীৰ্ঘ তালিকা বিচাৰি ল’ব পাৰি৷ পঞ্চৱতী বনৰ পৰা তেওঁৰ নিজা বাল্মীকি বনলৈকে বন্যপ্ৰাণীৰ এখন বিশাল পৃথিৱী৷ লংকাৰ নৃপতি ৰাৱণে সীতাৰ মন আকৰ্ষণ কৰিবলৈ যিটি প্ৰাণী নিৰ্বাচন কৰিছিল সেয়া হৰিণ বুলি কোনেনো নাজানে! সুশীল ৰামচন্দ্ৰই হৰিণা চিকাৰ নকৰে বুলি ৰাৱণে জানে৷ ৰাৱণে জানিছিল যে ৰাম-লক্ষ্মণে অৰণ্যৰ পৰা ফল-মূলহে সংগ্ৰহ কৰে, বন্যপ্ৰাণীক অসুবিধা নিদিয়ে৷ অৱশ্যে এবাৰ পৰিস্থিতিত পৰি ধূৰ্ত ঢোৰা কাউৰীৰ এটা চকুত আঘাত কৰিছিল ৰামচন্দ্ৰই৷ ৰাৱণে পঠোৱা হৰিণ উকা হ’লে নহ’ব, সোণালী বৰণেৰে, বুটা বছা শৰীৰেৰে চিকমিকাব লাগিব৷ ময়ূৰপংখীৰ দৰে তৰা বছা হৈ থুনুকা খোজেৰে লয়লাস ফুটিব লাগিব৷ সীতাৰ মন টানিবলৈ মাতুল মাৰীচক সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দি ৰমনীৰ প্ৰতি মৃগয়াত লিপ্ত হ’ল ৰাৱণ৷

হস্তিনাপুৰীৰ পৰা ৰাজকীয় সজ্জাৰে সজ্জিত হৈ দুষ্যন্ত মৃগয়ালৈ গৈছিল৷ মৃগয়াত তেওঁ ইমানেই বিভোৰ হৈ পৰিল যে নিৰুপমা প্ৰকৃতিৰ হাতে গঢ়া মহামুনি কণ্বৰ আশ্ৰমৰ সীমাত উপস্থিত হ’লগৈ৷ এটি ভয়াৰ্ত হৰিণে প্ৰাণ বচাবলৈ ঋষিৰ আশ্ৰমৰ ফালে দৌৰিলে৷ কিন্তু ক্ষান্ত নহ’ল প্ৰশান্ত দুষ্যন্তৰ অশান্ত শৰ৷ ইচ্ ইচ্, এক দুৰন্ত সন্ধিক্ষণ! কাঁড় নিক্ষেপ কৰা হ’লেই আশ্ৰমৰ প্ৰাণী বধ কৰাৰ অপৰাধত অপৰাধী হ’লহেঁতেন ৰজা৷ সেই সময়তে উদ্যত ধনু-কাঁড় বাৰণ কৰিবলৈ চিঞৰি উঠিস বৈখানস৷ বৈখানস আৰু সাৰদ্ৰথে আশ্ৰম চম্ভালিছিল, দায়িত্ব পালিছিল৷ সেইদিনাৰ বৈখানসৰ বাৰণ বাক্যই তেতিয়াৰ পৰা এতিয়ালৈকে ভাৰতৰ বুকুত আলোড়ণ তুলি আছে৷ আচম্বিতে সতৰ্ক বৈখানসৰ সেই বাৰণ মহাকবি কালিদাসে উচ্চতম চাৰুতাৰে খোদিত কৰিছে এইদৰে –

‘মৃদু ই মৃগদেহত নামাৰিবা শৰ,

জুইনো দিয়েহি কোনে ফুলৰ ওপৰ৷

অতিকে চঞ্চল এই হৰিণাৰ প্ৰাণ

নহয় তুলনা তোমাৰ বজ্ৰতুল্য বাণ৷’

কালিদাসৰ ‘শকুন্তলা’ কাব্যৰ বিশাল পটভূমিত প্ৰৱেশ কৰি অনেক ভাৰতীয় চিন্তাবিদে অন্তহীন মন্তব্য প্ৰদান কৰিছে৷ জাৰ্মান দাৰ্শনিক কবি গ্যেটে শকুন্তলা কাব্যক স্বৰ্গ আৰু মৰতৰ সংযোগ বুলি কৈছে৷ এজন বাংলা লেখকে দুষ্যন্তৰ উদ্যত শৰ আৰু আশ্ৰমৰ সুকোমল হৰিণা সম্পৰ্কে অন্য এক তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰিছে এইদৰে – ‘তুলা সম মৃগেৰ শৰীৰে অগ্নিসম শৰ নিক্ষেপ কৰা উচিত নয়৷’ পঞ্চৱতীবন, কল্যাণবন, সুন্দৰবন আদি ভাৰতবৰ্ষৰ মৃগয়াবনৰ পুৰণি ঠিকনা৷ হিমালয়ৰ নামনিত অনেক অৰণ্য আছিল৷ ভাৰতৰ একচ্ছত্ৰী সম্ৰাটসকলে মৃগয়াত ব্যস্ত হৈ অৱসৰ বিনোদন উপভোগ কৰিছিল৷ তাৰে এখন মৃগয়াবনৰ নাম এতিয়া ডুন উপত্যকা হ’ল৷ প্ৰকৃতিৰ ৰম্যভূমি ডুনৰ পৰিসীমা ১২৫ বৰ্গমাইল (২০১ কিলোমিটাৰ)৷ এই অৰণ্যৰ ভিতৰৰে অন্য এখন প্ৰাচীন মৃগয়াবন বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰূপে পৰিচিত৷ ভাৰতৰ ভূ-স্বৰ্গ কাশ্মীৰৰ ৰজা-মহাৰজাসকলে বিহাৰ কৰা মৃগয়া বনৰ নাম এতিয়া দাচিগামা৷ আৰু আছে হাজাৰিবাগ, ৰাজাজী, বান্দীপুৰ, কানাহা ইত্যাদি৷ ইবিলাকৰ কিছুসংখ্যক সংৰক্ষিত পৰ্যায়লৈ উন্নীত হ’লেও প্ৰাচীন ভাৰতত ইবিলাক আছিল মৃগয়াৰ যোগ্যক্ষেত্ৰ৷

সৰযুৰ পাৰত গঢ়ি উঠিছিল ইক্ষাকু বংশৰ দশৰথৰ অযোধ্যা৷ অপুত্ৰক দশৰথে পুত্ৰলাভ কৰিছিল৷ তাৰ পূৰ্বৰ ঘটনা ৰোমাঞ্চকৰ৷ মৃগয়া আছিল নৃপতি দশৰথৰ ৰাজকীয় বন্য চখ৷ কিন্তু হায়! শব্দভেদী তীক্ষ্ণবাণে বধিলে অন্ধমুনিৰ পুত্ৰক৷ অভিশপ্ত হ’ল দশৰথ৷ পিছে সেই অভিশাপ ভাগ্যচক্ৰৰ বলত আশীৰ্বাদলৈ পৰ্যবসিত হৈছিল৷ ৰাজমহিষী কৌশল্য, কৈকেয়ী, সুমিত্ৰাই মাতৃত্ব লাভ কৰিছিল৷ ভাৰতভূমিক ধন্য কৰি জন্ম হৈছিল চাৰিপুত্ৰ – ৰামচন্দ্ৰ, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন৷ সেয়া আছিল মৃগয়া৷ নৃপতি দশৰথৰ মৃগয়াৰ পৰিণতি৷

অৰণ্যই যুগে যুগে কঢ়িয়ায় নিৰ্যাস৷ সেই বাবেই কিজানি মোৰ ঐতিহ্যসুন্দৰ ভাৰতবৰ্ষৰ তাহানিৰ মৃগয়াবনৰ মাধুৰ্য চিৰকাল অক্ষত হৈ থাকিব বুলি ভাবিছিলো৷ বুজিলো, চিৰদিন একে হৈ কোনো নোৱাৰে থাকিব৷ অৰণ্যতো আধুনিক সংৰক্ষণ ব্যৱস্থাৰ প্ৰয়োজন হৈছে৷ তথাপি শৰীৰৰ ভিতৰত অনুভৱ কৰো পূৰ্বপুৰুষৰ বন্যতেজ৷ অৰণ্য দেখিলেই আদিম মনটোৱে সেইফালে দ্ৰুত সঞ্চাৰী দৌৰ মাৰে৷ মোৰ মানসত উত্তৰবিহীন ৰহস্যৰ আৱৰ্তত মায়াময়, সুষমাময়, মাধুৰ্যময় হৈ থাকিব প্ৰাচীন মৃগয়াবন৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক