মৃতকানুভূতি: অংশুমান বৰা

“মৃতকানুভূতি”

অংশুমান বৰা

‎[নিজৰ একমাত্ৰ জীয়ৰীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ পাছত বাকৰুদ্ধ হৈ পৰা এগৰাকী মাতৃক সাক্ষাত কৰিছিলোঁ। তাৰ পাছতেই মনলৈ অহা কিছুমান কথা এই লিখনিৰ মাজেৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছোঁ। কাৰোবাৰ মনত যদি অনিচ্ছাকৃতভাৱে কিবা দুখ দিছোঁ, তেন্তে তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী।]

তাই অজয়হঁতৰ ঘৰৰ মুধচত আজি সাত দিন ধৰি বহি আছে, লক্ষ্য কৰিছে তাৰ প্ৰতিটো কথা…প্ৰতিটো খোজ। কিন্তু সেই দুৰ্ঘটনাটোৰ পিছতো তাৰ দৈনন্দিন জীৱনত একো বিশেষ প্ৰভাৱ পৰা নাই যেন অনুভৱ হৈছে তাইৰ । ঠিকেইটো… কিয় পৰিব প্ৰভাৱ? সি তাইক “এই সম্পৰ্ক সম্ভৱ নহয়” বুলি কেইবাবাৰো কৈছিল । তাইহে অকঁৰাৰ দৰে অবুজ হৈ ৰৈছিল সেই সময়ত।

প্ৰগতি বৰুৱা। স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী। কলেজৰ ভিতৰতে চকুত লগা বিধৰ এজনী ছোৱালী। পঢ়া শুনাতো ইমান বেয়া নহয় । তাইৰ প্ৰেমৰ পিয়লাৰে এঘোট খোৱাৰ মন প্ৰায় প্ৰতিজন যুৱকৰে আছিল তেতিয়া। কিন্তু তাইৰ মন মন্দিৰত কেৱল এখনেই ছবি, তাইৰ সহপাঠী অজয় ফুকনৰ। সপোন দেখিছিল অজয়ৰ লগত এখন প্ৰেমৰ ঘৰ সজাৰ, সপোনৰ আকাশত প্ৰেম পক্ষী হৈ উৰি যোৱাৰ। সুঠাম শৰীৰ নাথাকিলেও, এটি সৰল ব্যক্তিত্যই আছিল অজয়ৰ প্ৰধান অস্ত্ৰ। সেই অস্ত্ৰৰেই ঘূণীয়া কৰিছিল সি বহুতক আৰু লগতে প্ৰগতিকো। এদিন প্ৰেমৰ প্ৰস্তাৱ দিবলৈ তাই অজয়ৰ সন্মুখত থিয় দিছিল। লাজ লাজকৈ কৈছিল কথাটো। প্ৰত্যোত্তৰত অজয়ে তাইক ভালকৈ বুজাই দিছিল কথাবোৰ… তাৰ আৰু বৰ্ণালীৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ কথা। তাইৰ প্ৰেমক সন্মান জনাই এজন ভাল বন্ধু হৈ থকাৰ প্ৰতিশ্ৰুতিও দিছিল। তাৰ পিছতো সেই প্ৰেমৰ বাবে তাই প্ৰতিদিনেই যুঁজ দিছিল… ক্লাছৰুমত, কেণ্টিনত, লাইব্ৰেৰীত। সকলো যেন পাহৰি পেলাইছিল, আজুৰি আনিব খুজিছিল তাক। ৰসায়ণ বিজ্ঞানৰ লেবৰেটৰীত বৰ্ণালীৰ গাত ছালফিউৰিক এচিড ঢালিবলৈ লওঁতে তাইৰ হাতত থাপ মাৰি ধৰিছিল অজয়ে আৰু সকলোৰে আগত তাইৰ গালত সজোৰে প্ৰহাৰ কৰিছিল। তাই অশ্ৰুসিক্ত নয়নেৰে ঘৰ সোমাইছিলগৈ। মাকে বহুবাৰ সোধাৰ পাছতো একো কোৱা নাছিল তাই, কেৱল দুৱাৰখন জপাই কোঠাৰ ভিতৰত আৱদ্ধ কৰিছিল নিজক। দেউতাকে কোঠাৰ দুৱাৰ ভাঙি আৱিষ্কাৰ কৰিছিল প্ৰগতিৰ ওলমি থকা নশ্বৰ দেহ। দেহত্যাগ কৰিয়েই আকৌ তাই লৰ মাৰিছিল অজয়ৰ ওচৰলৈ। কিন্তু তাই পাহৰি পেলাইছিল, এতিয়া যে তাইৰ আৰু অজয়ৰ পৃথিৱীৰ মাজত এক বৃহৎ পাৰ্থক্য।

সাত দিনৰ মূৰত আজি তাই নিজ ঘৰলৈ বুলি আগবাঢ়িছে। ‘মা’জনীলৈ খুব মনত পৰিছে আজি তাইৰ। আৰু দেউতা… কি কৰিছে বাৰু তেওঁলোকে?? তাইৰ কথা মনত পেলাই কান্দিছে হয়তো…!! সিহঁতৰ ঘৰৰ জপনামুখতে ৰঙিয়াৰ ব্ৰজেন বৰদেউতাকক দেখিলে তাই। খবৰ ল’বলৈ আহিছে চাগে!! শইকীয়া খুৰা মাতষাৰ দিবলৈ ওলাই আহিছে। কিন্তু মা-দেউতা ক’ত?? দেখা নাইযে!! ওলাই অহা নাই কিয় তেওঁলোক?
শইকীয়া খুৰাৰ কথাবোৰৰ পৰাই তাইৰ ঘৰত ঘটা ঘটনাবোৰ পোহৰলৈ আহিল। দৌৰি গৈ তাই ভিতৰ সোমালগৈ। দেউতাক বিছনাত পৰি আছে। তাইৰ মৃতদেহ গামোছাৰ পৰা নমোৱাৰ পাছতেই তেওঁৰ বুকুখন বিষত খামোচ মাৰি ধৰিছিল। ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও তেখেতৰ বাওঁফালটো চিৰদিনৰ বাবে অজ্ঞান হৈ পৰিল বুলি চিকিত্সকে ঘোষণা কৰিলে। এতিয়া শোৱা বিছনাখনেই তেওঁৰ চিৰসঙ্গী। মাকৰ মুখৰ পৰা আজিলৈকে এটাও মাত ওলোৱা নাই। কান্দিবলৈও পাহৰিলে। তাইৰ যোৱাটো জন্মদিনত দিয়া পুতলাটো সাৱটি ধৰি আছে সেইদিনাৰ পৰা। কোনোবাই ‘প্ৰগতি আৰু নাই’ বুলি ক’লে মাৰিবলৈ খেদি আহে হেনো!

মাক দেউতাকৰ কথাবোৰ মনত পৰিল তাইৰ। স্কুলৰ ভেশচন প্ৰতিযোগিতাত তাই এবাৰ কইনা হওঁতে, তাইক দেখি দেউতাকৰ চকুপানী ওলাইছিল। তাইক কইনাৰূপত দেখাৰ এটা সপোন আছিল তেওঁৰ। যিটো আধৰুৱা হৈ ৰ’ল। এবাৰ টাউনত নাটক চাই ঘৰলৈ উভটি আহোঁতে ‘দেউতা মোৰ ভৰি বিষাইছে’ বুলি কওঁতে দহ কিলোমিটাৰ বাট দেউতাকে তাইক কান্ধত তুলি আনিছিল। আৰু মাক…মাক তাইৰ বান্ধৱীৰ দৰে আছিল। সকলো কথা কৈছিল তাই। কিন্তু সেই কথাটো ক’ব নোৱাৰিলে কিয়? কাৰণ তাই জানিছিল, এইবাৰ হযতো মাকে অজয়ৰ পক্ষ ল’লেহেতেন!! মাকে তাইক প্ৰতিবাৰে বুজাইছিল, প্ৰেম মানে কাৰোবাক যিকোনো প্ৰকাৰে নিজৰ কৰাটো নুবুজায়। কাৰোবাৰ বাবে কৰা ত্যাগেহে প্ৰেমক অমৰত্ব প্ৰদান কৰে।

তাইৰ মনলৈ বাৰু কিয় মাক দেউতাকৰ কথা এবাৰো নাহিল? কিয় এবাৰো নাভাবিলে যে তেওঁলোকৰ একমাত্ৰ জীয়ৰীক হেৰুৱাই তেওঁলোক ভাগি পৰিব? কিয় স্বাৰ্থপৰ হৈ পৰিল ইমান? তাই কিয় পাহৰি গ’ল যে তাইৰ জীৱনটো কেৱল তাইৰ নহয়, তাত সোমাই আছে মাক-দেউতাকৰ বহুতো আশা আৰু সপোন। এবছৰ আগতে লগ পোৱা এজন ব্যক্তিৰ বাবে মাক-দেউতাকৰ সপোনবোৰ চূৰমাৰ কৰাৰ অধিকাৰ তাইক কোনে দিলে? আজি মাক-দেউতাকৰ জীৱন নৰকত পৰিণত কৰাৰ মূলতে তাই। তেওঁলোকক একোটা জীৱন্ত মৃতদেহত পৰিণত কৰাৰ মূলতে তাই। চিঞৰি চিঞৰি কান্দিলে তাই। কিন্তু চকুলো মচিবলে আজি তাইৰ কাষত মা নাই, বুজনি দিবলৈ দেউতাও নাই। তাইৰ আত্মাৰ চিৰশান্তিৰ বাবে হেনো কোনো কাজ-সকাম পতা নহয়। কাৰণ তাইৰ মৃত্যু ইচ্ছাকৃত। আজি তাই সম্পূৰ্ণ অসহায়। কাৰণ মৃত ব্যক্তিৰ মৃত্যু অসম্ভৱ…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments