মৃতকৰ কথা নাভাবি -ৰূপম সাউদ

মৃতকৰ কথা নাভাবি শ্মশান ৰখীয়াটোৱে

জুই দি যায় চিতাত
জুই আৰু ধোঁৱাত বুৰি থাকে গাঁওখন
মৃত সন্তানটো সাৱটি তিৰোতাজনী
মৃত্যুৰ ছাঁ গছকি গুচি যোৱাজন
উভতি নাহে
মাত হেৰুওৱা মানুহবোৰ ঘৰাঘৰি হোৱাৰ পিছত
উক দিয়া বিষটো লৈ বহি থাকে বৃদ্ধজন
পিৰালিৰ টিপ চাকিটোত জাহ যায় ছগা
কাতিৰ কুঁৱলীত দীঘল হৈ আহে ৰাতিটো
বৈ থাকে জিলীৰ এটা অনুচ্চ স্বৰ
হাবিৰ মাজৰ পৰা শিয়ালৰ হোৱা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments