মৃতদেহ – সুজিত ভুঞা

মই এফালৰপৰা মৃতদেহবোৰ পৰীক্ষা কৰিব ধৰিলো৷ প্ৰথমতে মৃতদেহবোৰৰ মুখবোৰ ওপৰে ওপৰে চালো৷ তাৰপিচত সিহঁতৰ প্ৰত্যেকৰে শৰীৰৰ অংশবোৰ মই তন্ন-তন্নকৈ পৰীক্ষা কৰিলো৷ কোনোবাটোৰ ওলমি থকা হাতখন মই ডাঙি চালো, কাৰোবাৰ দূৰৈত চিটিকি পৰা তেজেৰে লুতুৰিপুতুৰি মূৰটো মই পিটিকি চালো৷ চকু, কাণ, নাক, চুলি সকলো পৰীক্ষা কৰিলো৷ একেবাৰে শেষত এটা মৃতদেহৰ হাতৰ আঙুলিকেইটাত মই খামোচ মাৰি ধৰিলোঁ৷ হয়, এইটোৱেই হব লাগে৷ মই চিনিব পাৰিছো৷ তাৰ মুখখন মোৰ দৰেই৷
জোঙা নাকটো, চকুযুৰিত একেই চাৱনি-যত ভয়, আতংক একো নাই৷ কপালখনত স্পষ্ট ৰেখাৰ চাৱনি৷ হাতৰ আঙুলিকেইটাত মোৰ দৰেই পুৰুষত্বৰ ৰক্ত প্ৰৱহমান৷ তীখাৰ দৰে দৃঢ়, দৃপ্ত- সেইদৰে ফুলৰ দৰে কোমল, সুন্দৰো৷ মই তাৰ মুখখনত নিজৰ আঙুলিকেইটা বুলাই দিলো৷ মেল খাই থকা চকুযুৰি জপাই দিলো৷ মোৰ অনুমান চকুৰ গহ্বৰৰ ভিতৰত ইমানপৰ উমি উমি জ্বলি থকা জুইকুৰাপৰা যেন সি এইমাত্ৰ শান্তি পালে৷ হঠাৎ মোৰ শৰীৰৰ মাজেদি মৃদু তৰংগৰ দৰে এজাক চেঁচা বতাহ পাৰ হৈই গল৷ হয়, মই ঠিকেই অনুভৱ কৰিছো৷ এই বতাহজাক মই আগতেও এবাৰ পাইছো৷ মোৰ পত্নীৰ মৃত্যুৰ সময়ত৷ এইজাক বতাহেই মোৰ সংসাৰখন ভাঙি থানবান কৰি থৈ গৈছে৷ ই মোৰ জীয়াই থকাৰ সকলো বস্তু কাঢ়ি লৈই গৈছিল৷ একমাত্ৰ মোৰ লৰাৰ বাদে৷ আৰু আজি সুদীৰ্ঘ বাইছ বছৰৰ পিছত একেজাক বতাহেই মোৰ জীয়াই থকাৰ শেষ সম্বলকনো লৈ গল৷ এইয়াই নেকি ভগবান তোমাৰ লীলা৷ এইয়াই নেকি তোমাক কৰা পূজাৰ শেষ পৰিণতি? চোৱা মিনতি, তোমাৰ পুত্ৰক মোৰ হাতৰপৰা কেনেকৈ লৈ গল৷

মই অলপ শান্ত হবলৈ চেষ্টা কৰিলোঁ৷ যদিও মোৰ বয়স চাৰি কুৰিৰ দেওনা পাৰ হৈই গৈছে, তথাপি মই পুৰুষ৷ পুৰুষে কান্দিব নোৱাৰে, পুৰুষে কান্দিব নাজানে৷ বৈ অহা চকুপানীখিনি লুকুৱাই মই চাৰিওপিনে এবাৰ চালো৷ গোটেই ঠাইখিনি তেজেৰে লুতুৰিপুতুৰি হৈই পৰিছে৷ মৰা শ’ বোৰৰ টুকুৰাবোৰ যত তত সিচৰিত হৈ আছে৷ দূৰৈত এজাক কুকুৰ৷ কেঁচা মাংসৰ গোন্ধত সিহঁতবোৰ উচপিচাই আছে৷ এই পালেই এটুকুৰা মাংস নি বহুদিনৰ ক্ষুধা দূৰ কৰিব৷ মই বনজুইত একোখন গাওঁ ধংস হোৱা দেখিছো, বানপানীত উটি অহা গৰুৰ জাক দেখিছো, কলেৰাত নিমিষতে এখন গাও ছাৰখাৰ হোৱা দেখিছো, বজ্ৰপাত পৰি মানুহ মৰা দেখিছো৷ কিন্ত মৃত্যুৰ এনে বীভৎস ৰুপ মই কাহানিও দেখা নাছিলো৷ এই মৃত্যু আৰু সেই মৃত্যুৰ মাজত যেন কৰবাত পাৰ্থক্য আছে৷ এই মৃত্যুৰ আৰত আছে এচাম মানুহৰ আসুৰিক তৃপ্তি, ক্ষোভ, ঘৃণাৰ এখন নগ্নপ্ৰায় ছবি৷ মৃত্যুৰ কল্লোল যিমানেই প্ৰচণ্ড জ্বালামুখীৰ দৰে বিয়পি পৰিছে, মানুহৰ মন মগজুত আতংকৰ জোৱাৰ ভাটা সৃষ্টি কৰিব পাৰিছে, সিমানেই এচাম ৰক্তপিপাসু আনন্দত মতলীয়া হৈছে৷ মানুহৰ মৃত্যুত মানুহে কিৰিলি পাৰিছে৷ এফালে তেজৰ বন্যা বোৱা এখন নদীৰ মাজত নিজৰ আত্মীয়ৰ অথবা প্ৰিয়জনৰ ছিগি ভাঙি যোৱা শৰীৰৰ টুকুৰাবোৰ লৈ কাৰোবাৰ গগণচুম্বী কান্দোনৰ ৰোল, আনফালে এচাম গোড়া আৰু সংকীৰ্ণ মনোভাৱত তুষ্ট হৈই বোমা বাৰুদৰ গৰ্জনত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে হৰ্ষোল্লাস৷ এয়াই নেকি মানৱতা? এয়াই নেকি আমাৰ শিক্ষা? যত তেজৰ ফাকুৱাৰ মাজত দেখা পাও এখন নতুন পৃথিৱী৷

লাহে লাহে মৃতদেহবোৰ এই ঠাইখিনিৰ পৰা আঁতৰোৱা হৈছে৷ প্ৰতিটো মৃতদেহৰ বাবে একোটাকৈ কফিন সাজু কৰি ৰখা হৈছে৷ চিনাক্তকৰণ হৈই যোৱাৰ পিছত সকলোৱে মৃতদেহবোৰ কফিনবোৰৰ ভিতৰত সোমোৱা হব আৰু তাৰপিছত প্ৰত্যেকৰে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব৷ কিছুমানে মৃতদেহ বুলিবলৈ কেইটুকুৰামান মাংসহে পাইছে৷ কাৰ চিতিকি যোৱা মাংস অথবা হাড়ৰ টুকুৰা কাৰ কফিনত সোমাই পৰিছে একো ঠিকনা নাই৷ মৃত্যুৰ পিছত মানুহৰ মাংস অথবা হাড়ৰ নিজৰ পৰিচয় নাথাকে৷ ধৰ্ম কি? জাতি কি? মৃত্যুৱে মানুহৰ চাৰিবেৰৰ সীমা ভেদ কৰে৷

এইখিনিতে মই দেখিলো এগৰাকী মাইকী মানুহে এখন ফটো হাতত লৈ মৃতদেহবোৰ পৰীক্ষা কৰিবলৈ ধৰিছে৷ তাই হাতৰ ফটোখনৰ লগত মৃতদেহবোৰ মিলাবলৈ চেষ্টা কৰিছে৷ তাইৰ পিন্ধনত এযোৰ মলিয়ন বগা চাদৰ-মেখেলা, তাইৰ চুলিবোৰ তেনেই পকা, আউলী বাউলী, দাত দুপাৰী মলিয়ন, বহুদিন চাফাই কৰা নাই ছাগৈ৷ মই তাইৰ চকুত কোনো দুখৰ চকুপানী দেখা নাপালো৷ তাই ফটোখনৰ সৈতে মৃতদেহবোৰ মিলাই ঢেকঢেকাই হাঁহে৷ এনেদৰে প্ৰতিটো মৃতদেহ পৰীক্ষা কৰাৰ পিছত এইবাৰ তাই মোৰ লৰাৰ মৃতদেহটোৰ ওচৰত পালেহি৷ ফটোখনৰ সৈতে মিলাই তাই এইবাৰ ৰৈ গল৷ মোৰ এনে লাগিল এইটো যেন তাইৰহে অতপৰে বিচাৰি থকা মৃতদেহটো৷ তাই মৃতদেহটোৰ কাষতে বহি পৰিল আৰু একান্তমনে মোৰ লৰাৰ মুখখন চাবলৈ ধৰিলে৷ তাৰপিছত তাই মৃতদেহটো সাৱটি ধৰি হাঁহিবলৈ ধৰিলে৷ হঠাৎ যেন তাইৰ চকুকেইটা উজ্জ্বল হৈই পৰিল৷ অকস্মাতে হৈই যোৱা এই পৰিস্থিতিটো মই একো তলকিবই নোৱাৰিলো৷ মোৰ তাইলৈ খং উঠি গল৷ এইবাৰ মই তাইক গালি পাৰিব ধৰিলোঁ৷

“এইটো মোৰ লৰাৰ মৃতদেহ৷ এইটো মোক দে৷ ”

“নহয়, এইটো মোৰ লৰাৰ মৃতদেহ৷ ”- তাই চিঞৰি উঠিল৷

“নহয়, এইটো মোৰ৷ এইমাত্ৰ মোৰ লৰা মৰিছে৷ চাচোন, তাৰ মুখখন ঠিক মোৰ দৰেই৷ তই মিলাই চা৷ ”

“নহয়, এইখন মুখ মোৰ মুখৰ সৈতে একেই৷ তই মিলাই চাচোন৷ ”- এইবুলি তাই মৃতদেহটো আৰু জোৰকৈ সাবটি ধৰিলে৷ বহুত তৰ্ক-বিতৰ্কৰ পিছত শেষত নিৰুপায় হৈই মৃতদেহটো মই তাইকে দি দিলো৷
মৃতদেহটো পাই তাইৰ চকুহাল চলচলীয়া হৈই পৰিল৷ মুখখন আৰু উজ্জ্বল হল৷ যেন তাই হেৰুৱা লৰাটো আকৌ ঘূৰাই পালে৷ তাই নাজানে, মৃতদেহটোযে আৰু বেছি পৰ নাথাকে৷ অলপ পিছতে তাৰ সৎকাৰৰ ব্যৱস্থা কৰা হব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক