মৃত্যুদূত জেফৰী আৰ্চাৰৰ চুটি গল্প Death Speaks ৰ অসমীয়া ভাৱানুবাদঃ হেমন্ত কাকতি

ইৰাকৰ বাগদাদ চহৰত এজন সদাগৰ আছিল৷ এদিন তেওঁ নিজৰ কৰ্মচাৰী এজনক বজাৰলৈ কিবাকিবি কিনি আনিবৰ বাবে পঠাইছিল৷ যোৱাৰ কিছু সময়ৰ পাছতে কৰ্মচাৰীজন ভয়তে কঁপি- কঁপি ফোঁপাই- জোপাই ঘূৰি আহিল৷ সদাগৰজনে কৰ্মচাৰীজনক তেনে অৱস্থাত দেখি আচৰিত হৈ সুধিলে, “কি হ’ল? কিয় ঘূৰি আহিলি?”

কৰ্মচাৰীজনে অলপ ৰৈ ক’লে, “নক’ব ছাৰ, মই বজাৰস্থলী পোৱাৰ পাছতে দেখিলো এজনী মাইকী মানুহে মোৰ ফালে এক আচৰিত ভংগীমাত চাই আছে৷ সেই দৃষ্টি মোৰ সহ্যৰ বাহিৰ হৈ পৰিল৷ সেইজনীক মোৰ মৃত্যুদূত যেন লাগিল৷ যেন তাই মোক এই মুহূৰ্ততে সংহাৰ কৰি এই পৃথিৱীৰপৰা নিবলৈহে আহিছে৷”

সদাগৰজনে কৌতূহলী দৃষ্টিৰে তাৰ পিনে চাই ৰ’ল৷ সি পুনৰ ক’বলৈ ধৰিলে, “ছাৰ, মোক আপোনাৰ ঘোঁৰাটো দিয়ক৷ বাগদাদ মোৰ বাবে নিৰাপদ নহয়৷ এই মুহূৰ্ততে মই এই চহৰ এৰি যাবলৈ বিচাৰিছোঁ৷ মই মোৰ আপোন গাঁও “চমৰা”লৈ যাম৷ তাত মৃত্যুয়ে মোক ঢুকি নাপায়৷ অনুগ্ৰহ কৰি পলম নকৰি মোক আপোনাৰ ঘোঁৰাটো দিয়ক৷

ভয়াৰ্ত কৰ্মচাৰী জনক সদাগৰে ঘোঁৰাটো আস্তাৱলৰ পৰা উলিয়াই নিবলৈ ক’লে৷ এক মুহূৰ্তও বিলম্ব নকৰি সি চমৰা অভিমুখে ঘোঁৰাৰ পিঠিত উঠি ঘোঁৰা চেঁকুৰাই দিলে৷ কিছুপৰ কৰ্মচাৰীজনলৈ চাই থাকি সদাগৰজন লাহে- লাহে নিজেই খোজকাঢ়ি বজাৰৰ ফালে ওলাই গ’ল৷

বজাৰৰ মাজতে সেই মৃত্যুদূত যেন লগা মহিলাগৰাকী সদাগৰৰ চকুত পৰিল৷ তেওঁ ওচৰ চাপি গ’ল৷ ওচৰ পাই সদাগৰে তেওঁক সুধিলে, “আজি অলপ আগতে মোৰ কৰ্মচাৰী এজনক বজাৰলৈ পঠাইছিলোঁ, তুমি হেনো বৰ ভয়লগা দৃষ্টিৰে চালা? সি খুউৱ ভয় খালে আৰু মোৰ বজাৰ নকৰাকৈয়ে গুচি গ’ল৷

মহিলাগৰাকীয়ে ম্লান হাঁহি এটা মাৰি ক’লে, “মই আচলতে তেওঁক সেই সময়ত বাগদাদৰ বজাৰত দেখি আশ্চৰ্যান্বিত হৈছিলোঁ, কাৰণ আজি ৰাতি মোৰ তেওঁৰ লগত ‘এপইন্টমেণ্ট ফিক্সড্’ কৰা আছিল “চমৰা” নামৰ গাওঁ এখনত!”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক