মৃত্যুৰ ধ্বনি: মাখন লাল দাস

(অশোক লৱৰ হিন্দী লঘুকথা ‘মোত কী আহত’ৰ অসমীয়া অনুবাদ)

ৰাজধানীৰ পশ্চিম অঞ্চল বিষ্ফোৰণৰ শব্দেৰে গুজৰি উঠিল ৷ ৰন্ধনগেছৰ চিলিন্ডাৰবোৰ ফটকাৰ নিচিনাকৈ ফুটি ফুটি আকাশত উৰিবলৈ ধৰিলে ৷ তাৰ টুকুৰাবোৰ ওচৰত থকা গলি আৰু ঘৰবোৰত গৈ পৰিব ধৰিলে ৷ গোটেই অঞ্চলটোতে হাহাকাৰ লাগি গ’ল ৷ মানুহবোৰে ঘৰৰ চাঁদত উঠি দূৰৈত লগা জুই চাবলৈ ধৰিলে ৷ কথাই কথাই এই বাতৰিও বিয়পি পৰিল যে ৰন্ধনগেছ মজুত কৰি ৰখা বিশাল টেংক এটাতো জুই লাগি গৈছে ৷ দহ-বাৰ কিলোমিটাৰলৈকে সকলো ভষ্ম হৈ যাব ৷

 

তেতিয়ালৈকে ৰন্ধনগেছৰ চিলিন্ডাৰ আকাশত উৰাটো মানুহবোৰৰ বাবে এটা আমোদজনক ঘটনা যেন হৈ আছিল ৷ এতিয়া সেই আমোদ মৃত্যুত পৰিণত হ’ল ৷ মানুহবোৰে ঘৰ-বাৰী এৰি পলাবলৈ ধৰিলে ৷ মহিলাসকলে ধন-অলংকাৰ সামৰি ল’লে ৷ সকলোৱে যিমান পাৰে সোনকালে মৃত্যুৰ কবলৰ পৰা পলাই সাৰিব বিচাৰিলে ৷

 

নৰেন্দ্ৰ ৰাজৌৰী গাৰ্ডেনত থকা বন্ধুৰ ঘৰলৈ গৈছিল ৷ জুই লগা খবৰ শুনি মটৰ চাইকেলেৰে উধাতু খাই আহিল ৷ ততাতৈয়াকৈ ঘৈণীয়েক আৰু ল’ৰা-ছোৱালী দুটাক পিচপিনে বহুৱাই ল’লে ৷ মটৰ চাইকেল ষ্টাৰ্ট দিব খোজোঁতেই কান্দি-কাটি চিঞৰি চিঞৰি মাক আহি ক’লেহি,

“ বোপা, মোকো লগত লৈ ব’লা ৷ ইয়াত জীয়াই জীয়াই পুৰি মৰিবলৈ এৰি থৈ নাযাবা৷”

 

মটৰ চাইকেল ষ্টাৰ্ট কৰি নৰেন্দ্ৰই ক’লে— “ এওঁলোকক থৈ এতিয়াই আহি আছোঁ৷ আহি তোমাক লৈ যাম ৷”

 

চাওঁতে চাওঁতে মটৰ চাইকেল চকুৰে নেদেখা হৈ গ’ল ৷ মাকে অবাক হৈ দুৱাৰদলিত থিয় হৈ চাই ৰ’ল ৷ তাৰ পাছত চোতালত থিয় হৈ জুইৰূপত আগবাঢ়ি অহা মৃত্যুৰ চিঞৰ শুনিবলৈ ধৰিলে ৷ তেওঁৰ চকুৰ আগত নিজৰ বৈধৱ্য আৰু কণমানি নৰেন্দ্ৰক কষ্টেৰে ডাঙৰ কৰা দিনবোৰৰ অনেক ছবি ভাহি আহিব ধৰিলে ৷ চকুৰ পৰা ধাৰাষাৰে পানী ব’বলৈ ধৰিলে ৷

হঠাৎ গলিটোত খবৰ বিয়পি পৰিল ৷ অগ্নিনিৰ্বাপক বাহিনীৰ মানুহবোৰে জুই নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে ৷ গেছেৰে ভৰা ডাঙৰ টেংকটোৰ ওচৰলৈ জুই আগুৱাই যাব নোৱাৰিলে ৷ যেন নতুনকৈ জীৱন ঘূৰাই পালে, মাকৰ তেনেকুৱা লাগিল ৷

 

তাৰপাছত মটৰচাইকেল আহি ৰোৱাৰ শব্দ শুনা গ’ল ৷

নৰেন্দ্ৰই ঘৈণীয়েক আৰু ল’ৰা-ছোৱালী দুটাক লৈ ঘৰত উপস্থিত হৈছেহি ৷

মাকৰ চকুৱেদি দুটোপাল চকুপানী ওলাই বাগৰি গ’ল ৷

তেওঁ বহাৰ পৰা উঠি নিজৰ কোঠাৰ পিনে আগবাঢ়ি গ’ল ৷

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰণজিৎ কুমাৰ বৰা
8 years ago

মৰ্মান্তিক। মাতৃৰ প্ৰতি অৱজ্ঞাৰ বেদনাদায়ক ছবি।