মৃত্যুৰ শেতেলিৰ পৰা উভতি আহি হোৱা কিছু অনুভৱ (প্ৰাঞ্জল কলিতা)

আজি আমি প্ৰায় ২০ জনীয়া দল এটা ফুৰিবলৈ গৈছিলো মিজোৰামৰ ৰাজধানী চহৰ আইজলৰ পৰা প্ৰায় ৩০ কি:মি: দূৰত অৱস্থিত ৰেইএক পৰ্বতলৈ | ৰেইএক পোৱাৰ আগে আগে পাই আইল’ঙ গুহা | বিভিন্ন লোক-কাহিনীৰে জনপ্ৰিয় এই গুহাটো তেনেই অনাদৃত অৱস্থাত আছে | আজি বতৰটোওঁ বেয়া আছিল, ঠান্ডা আৰু বৰষুণৰ বাবে আজিৰ যাত্ৰা সিমান সুখকৰ নাছিল | আমাৰ দলটোৱে গুহাটোৰ সন্মুখত উপস্থিত হোৱাৰ পিছতেই অনুভৱ কৰিব পাৰিছিলো গুহাটোৰ অ-ব্যৱহাৰ্য্য ৰুপ | আমি ৬ জনে ভিতৰত প্ৰৱেশ কৰাৰ সিদ্ধান্ত ললো, বাকী কেইজনে বাছলৈ উভতিলে | ভিতৰত প্ৰৱেশ কৰাৰ কিছু সময় পিছতে আৰাম্ভ হৈছিল দুৰ্গম যাত্ৰা | ভিতৰখন সম্পূৰ্ণ এন্ধাৰ | শিলবোৰ তিতি আছিল |আমাৰ লগ’ত মোবাইলত থকা টৰ্চৰ বাহিৰে অন্য পোহৰৰ ব্যৱ্স্থা নাছিল | লাহে লাহে পানী গচকিবলৈ আৰাম্ভ কৰিছিলো | পানীবোৰ বহুত ঠান্ডা আছিল | পানীৰ গভীৰ কেতিয়াবা আঠুৰ ওপৰলৈ আছিল | এনেদৰে প্ৰায় ১৫-২০ মিনিট খোজ কঢ়াৰ পিছত যাত্ৰা আৰু দুৰ্গম হৈ পৰিছিল | মাজে মাজে আমি গুহাৰ ভিতৰতে ৬-৭ ফুট থিয় শিল বগাব লগা হৈছিল | ভয়ো লাগিছিল, তথাপিও কিবা নতুন পোৱাৰ আশা আৰু দু:সাহসিক ক্ৰীড়াৰ প্ৰতি থকা নিচাই আগ বাঢ়িবলৈ সাহস দিছিল | কেতিয়াবা ৰাস্তা ইমান ঠেক হৈ গৈছিল যে বহি বা শুই ৰাস্তা আগবাঢ়িব লাগিছিল | ৬ জনীয়া দলৰ আমি তিনিজন অলপ বেছি আগুৱাই আছিলো আৰু বাকী ৩ জনে লাহে লাহে আমাক অনুসৰণ কৰিছিল | প্ৰায় আধাঘন্টা মান খোজ কঢ়াৰ পিছত আমি তিনিজন বহু দূৰ আগবাঢ়ি গলো, আৰু বাকী তিনি জনৰ কোনো উমান নাপাই আমি তিনিজনেই আগবাঢ়িলো | কিছু দূৰ যোৱাৰ পিছত এক কিবা আতংকই ঘেৰি ধৰিলে, ৰাস্তা ক্ৰমন্বয়ে বেছি সৰু আৰু থিয় হৈ গৈ আছে, মই বাকী দুজনত্কৈ পিছ পৰি ললো | গুহা কিমান দীঘল আমি নাজানো, মই ভাৱিছিলো মোৰ সন্মুখত থকা স্থানীয় ল’ৰা দুজনে জানিব, সিহতে ক’লে সিহতো হেনো প্ৰথম বাৰৰ বাবে আহিছে | কিন্তু সিহতৰ লাহী দেহা আৰু চাপৰ শাৰিৰীক গঠনৰ বাবে সিহতবোৰ মোত্কৈ সুবিধাজনক পৰিস্থিতিত আছিল | মই সিহতক উভতি অহাৰ কথা কলো, কিন্ত সিহত দুজন উভতিবলৈ অমান্তি প্ৰকাশ কৰিলে আৰু মোকো সিহত্ক অনুসৰণ কৰাৰ কথা কলে | কিন্তু মই অকলে উভতাৰ সিদ্ধান্ত ললো | বাকী তিনিজনৰো কোনো শব্দ নাই, সিহত বোৰ চাগে উভতিছিলে |
পিছল শিলত খুপি খুপি লাহে লাহে অকলে উভতিলো | কিছুদূৰ ওভোটাৰ পিছত দুটা থিয় ৰাস্তা, মোৰ মোবাইলৰ পোহৰত মনিব পৰা নাছিলো কোনটো ৰাস্তাৰে উভতিম | মই তাতেই ভূল কৰিলো, ভূল পথ ললো | মোৰ ভৰি পিছলিলে আৰু মই তললৈ পৰি গলো | কিমান তলত পৰিলো গম নাপালো, মোৰ ককাললৈ পানী আৰু চৌদিশ অন্ধকাৰ | উঠিব চেচ্টা কৰিলো, কিন্তু ইমান পিছল আৰু সুসম যে মই খোপনি পুতিবলৈ অক্ষম হলো, মই চিঞৰিলো কাৰো সহাৰি নাপালো | ওঁপৰঅলৈ চালো কিন্তু একো দেখা নাপাই, কিমান দ গাতত পৰিলো অনুভৱ কৰিব পৰা নাই তেতিয়ালৈ | মোবাইলত নেটৱৰ্ক নাই, আকৌ চিঞৰিলো, একেই অৰন্যৰোদন | লাহে লাহে মই মোৰ অসহায় অৱ্স্থাৰ কথা বুজি উঠিলো, মূৰটোৱেওঁ কাম কৰা নাই | এক মৃত্যু ভয়ে আমনি কৰিব ধৰিলে | মোৰ মোবাইলৰ লাইটটোৱ নজলা হ’ল | কি কৰো, কোনো বুদ্ধি মনত অহা নাই | গাতৰ ভিতৰতে ইফাল-সিফাল কৰিলো, কোনো পোহৰৰ ৰেঙনি নেদেখিলো, পানীৰ পৰিমাণ বাঢ়ি অহা যেন অনুভৱ হ’ল, কিছুমান অহেতুক চিন্তাই মনটো বেয়া লগাই দিলে | নাই মই যুজিব লাগিব, মই আশা কৰিছিলো, মোৰ বাকী কেইজন মান সতীৰ্থ হয়তো ওপৰৰ ৰাস্তাৰে আহিব আৰু মোক সহায় কৰিব | কিন্তু কাৰো কোনো শব্দ নাই | মোৰ ঠান্ডা লাগিছিল, নীৰৱতা মোৰ বাবে ভয়ংকৰ দৈত্য হৈ উঠিছিল | মোৰ হাতত থকা ঘড়ীৰ কাটাৰ শব্দই নীৰৱ পৰিৱেশটোত একমাত্ৰ সহাৰি দিছিল | ভাগৰ অনুভৱ হৈছিল, বহিবওঁ নোৱাৰো, বহিলে পানী্য়ে মোৰ নাক চুব | এনেকে প্ৰায় ১০ মিনিট সময় পাৰ হ’ল | মই অলপ শক্তি গোটালো, কিবা কৰাৰ মানসেৰে অলপ আগুৱালো, পানী পৰাৰ শব্দ পালো | পানী পৰাৰ শব্দৰ পিনে আগবাঢ়িলো, এন্ধাৰত বাট নেদেখি, মাত্ৰ শব্দক অনুকৰণ কৰিলো | দুটা শিলৰ ফাকেৰে পানী পৰি আছে, অলপ খালী ঠাই যেন অনুভৱ হ’ল | এইবাৰ মই চিঞৰিলো, দুই-তিনিবাৰ চিঞৰাৰ পিছত পানীত কোনোবা খোজ কঢ়াৰ শব্দ মোৰ কাণত পৰিলে | আকৌ চিঞৰিলো, এইবাৰ সহাৰি পালো, মোৰ পিছে পিছে আহি থকা মোৰ সতীৰ্থৰ সহাৰি এয়া | কিন্তু কোনেওঁ কাকো দেখা নাই | তথাপিও মোৰ ভয় কিছু আতৰিছিল | মই ৰাস্তা হেৰুৱাৰ কথা কলো, তেওলোকে মোক অভয় দিলে, কিন্তু কোনো ৰাস্তা বিচাৰি নাপালো | মই যিখিনি ঠাইত পৰিছিলো, তালৈ উভতিবলৈ কলে, তেওলোকে গতানুগতিক ৰাস্তাৰে আগবাঢ়িব বুলি মোক কলে | মই অনুমানতে উভতিলো | এনেকে প্ৰায় ১৫ মিনিট সময় এনেকে পাৰ কৰিলো, তেতিয়ালৈকে সিহত কেইজন উপস্থিত হোৱা নাই | কিছু দেৰি পিছত মোক চিঞৰি মতা শব্দ ওপৰৰ পৰা শুনিলো | মই সহাৰি জনালো | সিহতে লগত অনা টৰ্চ মোলৈ মাৰিলে, মই তেতিয়াহে অনুভৱ কৰিলো, মই প্ৰায় ২০ ফুটমান দ খাদ এটাৰ ভিতৰত | এতিয়া কেনেকে বগাওঁ এই পিছল, সুসম আৰু থিয় শিল | তথাপিও চেচ্টা কৰিলো, প্ৰায় তিনিফুট বহল খাদটোত পিঠিৰে পিছ্পিনে আৰু হাত দুখনেৰে সন্মুখৰ শিলত হেচি ধৰি মকৰাৰ দৰে বগাব আৰাম্ভ কৰিলো | পোহৰ পাই আছিলো বাবে কিছু সুবিধা হৈছিলে, ২ ছে:মি: আগবাঢ়িলে ১ ছে:মি: আকৌ পিছলি পৰো | প্ৰায় ৩০ মিনিট যুজি প্ৰায় খিনি দূৰ উঠিলো, লগৰ এজনে শিলৰ ওপৰত বহি লৈ ভৰিখন নমাই দিলে, মই তাৰ জোতাপাতত ধৰি ললো আৰু তাৰ পিছত ভৰি খনত দুইখন হাতেৰে খামুচি ধৰিলো | তেতিয়া মোৰ ভৰি পিছলিবলৈ আৰাম্ভ কৰিছিলে, মোৰ শৰীৰৰ ভৰ সি ৰাখিব নোৱাৰিলে | সি বিষত চিঞৰিলে, মই হাত এৰি দিলো, একে কোবে আহি তলত পৰি গলো | এইবাৰ পিন্ধি থকা জোতাযোৰ খুলি ডিঙিত ললো | আকৌ পিঠিৰে হেছি ধৰি লাহে লাহে মকৰাৰ দৰে বগাব ধৰিলো, শৰীৰত শক্তি নোহোৱা হৈ গৈছিল | তথাপিও আশা এৰি নিদিলো | এইবাৰ মোৰ দুজন সতীৰ্থই দুই-পিনৰ পৰা আহিলে | এটা পিনে দুজন থিয় হবৰ ঠাই নাছিলে | এজনে ভৰিখন আগৰ দৰে পেলাই দিলে, আৰু এজনে পেট পেলাই শুই সোহাত খন আগবঢ়াই দিছে আৰু মুখেৰে কামুৰি টৰ্চটো ধৰি আছে | লাহে লাহে এজনৰ ভৰিত এখন হাতেৰে মেৰিয়াই ধৰিলো ধৰিলো, তেতিয়া আনজনে মোৰ এখন হাত ধৰিলে | মই এজনৰ ভৰিত আৰু এজনৰ হাতত ধৰি ওলমি পৰিলো | মোৰ ভৰিৰ খোপনি ইতিমধ্যে নোহোৱা হৈছে | দুইজনে দুটাপিনৰ পৰা সৰ্বশক্তিৰে টানিলে | ভালেখিনি উঠিলো যদিও তেতিয়ালৈকে মই খোপনি লব পৰা নাই আৰু সমস্যা হ’ল, দুজনে দূটা পিনৰ পৰা টানিছে | মোৰ শৰীৰৰ শক্তি নোহোৱা হৈছে | এইবাৰ এজন সতীৰ্থই ভৰিৰ লগতে হাত এখন আগুৱাই দিলে | এখন জিমনাস্টিক খেল যেন লগা হৈছিল | দুইজনে প্ৰচন্ড জোৰেৰে এইবাৰ মোক টানিলে, মোৰ হাত দুখন চিঙি যোৱা যেন পালো, এইবাৰ মোৰ এখন হাত এৰি দিলে আৰু এজন সতীৰ্থই মোৰ এখন হাতত ধৰি খাদৰ আনটো পিনে ওলোমি দিলে | এখন হাতেৰে তেতিয়া মই শিলত ধৰিব পাৰিলো, কিছু সকাহ অনুভৱ হ’ল | এইবাৰ লাহে লাহে ওপৰ পালো | প্ৰায় ৯০ মিনিট সময়ৰ এই জীৱন যুজত মই জিকি গলো | এইবাৰ সাৱধানে বাহিৰ ওলাই আহিলো, বাহিৰত ধাৰাষাৰ বৰষুণ হৈ আছিলে, মই বৰষুণত তিতি নতুন জীৱন পোৱাৰ উদযাপন কৰিলো |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments