মৃত্যু – মূল: তছলিমা নাচৰিন – অনুবাদ: মনালিছা পাঠক নেওগ

(১)

কেতিয়াবা আছিলে, এতিয়া নাই

সেই মানুহজনে উশাহ লৈছিলে, এতিয়া নলয়
সেই মানুহজনে কথা কৈছিলে, এতিয়া নকয়
সেই মানুহজনে হাঁহিছিল, এতিয়া নাহাঁহে
সেই মানুহজনে কান্দিছিল, এতিয়া নাকান্দে
সেই মানুহজনে সাৰ পাইছিল, এতিয়া নাপাই
সেই মানুহজনে স্নান কৰিছিল, এতিয়া নকৰে
সেই মানুহজনে খাদ্য খাইছিল, এতিয়া নাখাই
সেই মানুহজনে খোজ কাঢ়িছিল, এতিয়া নাকাঢ়ে
সেই মানুহজনে দৌৰিছিল, এতিয়া নদৌৰে
সেই মানুহজন বহিছিল, এতিয়া নবহে
সেই মানুহজনে প্ৰেম কৰিছিল, এতিয়া নকৰে
সেই মানুহজন অপ্ৰসন্ন হৈছিল, এতিয়া নহয়
সেই মানুহজনে দীঘলকৈ উশাহ লৈছিল,
এতিয়া নলয়৷

সেই মানুহজন জীৱিত আছিল,
সেই মানুহজন আৰু এতিয়া নাই৷

দিনবোৰ পাৰ হৈ গ’ল,
সেই মানুহজন উভতি নাহিল
ৰাতিবোৰ পাৰ হৈ গ’ল,
সেই মানুহজন উভতি নাহিল
সেই মানুহজন, আকৌ মানুহৰ মাজলৈ উভতি নাহিল৷
মানুহে লাহে লাহে পাহৰি গ’ল,
সেই মানুহজন নথকাৰ কথা
মানুহে লাহে লাহে পাহৰি গ’ল,
সেই মানুহজন যে কেতিয়াবা আছিল৷

সেই মানুহজন আৰু কেতিয়াও মানুহৰ মাজলৈ ঘূৰি নাহিব৷
সেই মানুহজনে আৰু কেতিয়াও আকাশলৈ মূৰ তুলি নাচাব, উদাস নহব৷
সেই মানুহজনে আৰু কেতিয়াও কবিতা নপঢ়িব,
গান নাগাব৷
সেই মানুহজনে আৰু কেতিয়াও ফুলৰ সুগন্ধ নলব৷
সেই মানুহজনে আৰু কেতিয়াও সপোন নেদেখিব৷

সেই মানুহজন আৰু নাই৷
সেই মানুহজন মাটিত মিহলি হৈ গ’ল,
সেই মানুহজন ছাই হৈ গ’ল,
সেই মানুহজন পানী হৈ গ’ল৷

কোনোবাই কয় সেই মানুহজন আকাশত নক্ষত্ৰ হৈ আছে৷
এতিয়া কোনোবাই যিয়েই নকওক কিয় সেই মানুহজন আৰু নাই৷
তেওঁ কতোৱেই নাই!
নাই কোনো জংঘলত!
নাই কোনো সমুদ্ৰত!
এতিয়া তেওঁ কোনো মৰুভূমিতো নাই,
লোকলয়তও নাই৷
দূৰত, বহু দূৰত থকা যি দ্বীপ আছে,
সেই মানুহজন তাতো নাই৷
পৃথিৱীৰ এটা সীমাৰ পৰা আনটো সীমালৈকে,
বহু কষ্টৰে বিচাৰিলেও অন্য কাৰোবাক বিচাৰি পাব পাৰে কিন্তু
সেই মানুহজনক আৰু বিচাৰি নাপায়৷
সেই মানুহজন আৰু নাই৷

সেই মানুহজন যেতিয়া আছিল, তেতিয়া
সেই মানুহজনক মানুহে বহু দুখ দিছিল৷
সেই মানুহজন যেতিয়া আছিল, তেতিয়া
সেই মানুহজনৰ প্ৰতি মানুহে ঘৃণা কৰিছিল৷
সেই মানুহজন যেতিয়া আছিল, তেতিয়া
সেই মানুহজনক মৰম কৰাৰ ভাব কাৰো মনলৈ অহা নাছিল৷
সেই মানুহজনে যিবোৰ মানুহক পোহপাল দিছিল
সেই মানুহবোৰ আছে,
মাত্ৰ সেই মানুহজন নাই৷
সেই বৃক্ষ জোপাও আছে, যি জোপা তেওঁ ৰুইছিল,
মাত্ৰ সেই মানুহজন নাই৷
যিটো ঘৰত তেওঁৰ জন্ম হৈছিল,
সেই ঘৰটো আজিও আছে,
যিটো ঘৰত তেওঁৰ শৈশৱ পাৰ হৈছিল,
সেই ঘৰটো আজিও আছে,
যিটো ঘৰত তেওঁৰ কৈশোৰ পাৰ হৈছিল,
সেই ঘৰটো আজিও আছে,
যিটো ঘৰত তেওঁৰ যৌৱনকাল কটাইছিল,
সেই ঘৰটো আজিও আছে,

যিখন পথাৰত তেওঁ খেলিছিল,
সেইখন এতিয়াও একেই আছে৷
যিটো পুখুৰীত তেওঁ গা ধুইছিল,
সেই পুখুৰীটো এতিয়াও উপচি আছে৷
যিটো গলিত তেওঁ চলা ফুৰা কৰিছিল,
সেইটো এতিয়াও অক্ষত আছে৷
যিটো ৰাস্তাত তেওঁ অহা যোৱা কৰিছিল,
সেইটো এতিয়াও অক্ষত আছে৷
যি জোপা গছৰ ফল তেওঁ পাৰি খাইছিল,
সেই গছজোপা আজিও ঠিয় হৈ আছে৷
যিখন বিছনাত তেওঁ শুইছিল,
সেইখন আজিও যেনেকৈ আছিল তেনেকৈ আছে৷
যিটো গাৰুত তেওঁ মূৰ থৈ শুইছিল,
সেই গাৰুটো যেনেকৈ আছিল তেনেকৈয়ে আছে৷
যিখন কেঠাৰে তেওঁ শৰীৰ ঢাকি শুইছিল,
সেই কেঠাখন আজিও ঠিকে থাকে আছে৷
যি জোৰ চেন্দেল তেওঁ পিন্ধিছিল,
সেই চেন্দেলজোৰো আছে৷
যি কাপোৰ তেওঁ ব্যৱহাৰ কৰিছিল,
সেই কাপোৰবোৰো আছে৷
যি সুগন্ধি তেওঁ শৰীৰত ছটিয়াই লৈছিল,
সেই সুগন্ধি আজিও সতেজ হৈ আছে৷
মাত্ৰ তেওঁ হে নাই৷

তেওঁ যিখন আকাশলৈ চাইছিল,
সেই আকাশ আজিও আছে৷
যি ঘৰ-দুৱাৰ, পথাৰ বা গছ,
যি ঘাঁহ ফুল তেওঁ চোৱা চিতা কৰিছিল —
সেই প্ৰতিটো বস্তু আজিও আছে৷
মাত্ৰ তেওঁ নাই৷

সেই মানুহজন কেতিয়াবা আছিলে, এতিয়া নাই৷৷

  ☆ ★ ☆

( মৃত্যু চিৰসত্য বুলি জানিও আমিও মৰিবলৈ ভয় কৰোঁ৷ নিজৰ আত্মীয় জনৰ মৃত্যুত শোক কৰোঁ৷
এইয়াই জীৱনৰ মায়া মোহ৷ এই মায়াই আমাক আজীৱন বান্ধি ৰাখে৷ তছলিমা নাচৰিনে মৃত্যু বিষয়ৰ ওপৰত ৫টা কবিতা লিখিছে৷ তাৰে এটি কবিতা অনুবাদ কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক