মৃত্যু যেতিয়া শিল্প হয় – বন্দিতা গগৈ বৰা

গাঁৱৰ সৰবৰহী মানুহজন হঠাতে ঢুকাল৷ সকলোৰে মুখেমুখে এইকথা, ইস গধূলি লগ পাইছিলোহে৷ পদুলিতে ৰৈ আছিল তেখেত৷ বাটেদি যোৱা সকলোৱে তেওঁক মাত লগাই যায়,

“কাইটি ৰৈছে৷”

“এয়া ৰৈ আছো, বজাৰলৈ যোৱা হবপায়৷ আবেলিৰ ফাললৈ জীয়া -মাছ, সতেজ পাচলিৰ বজাৰ এখন বহে চাৰি আলিটোত৷

“হয় কাইটি, তাকেহে চাওগৈ মাছ-পুঠি কি পাওঁ৷ ”  —
সেইজন পাৰ হৈ যায়হে বেলেগ এজনে মাত লগায়,

“দাইটি, বতাহ খাইছে হ’বলা?”

“এৰাহে, তুমি কোনফালে ওলালা?”

“মাজু ছোৱালীৰ ল’ৰাৰ আইসকল ওলাইছে, তাকে চাই আহোছোন ‌!”

“ইস, সৰুটোৰ নে ডাঙৰটো ল’ৰাৰ? গৰমত বৰ কষ্ট পাব ল’ৰাকণে৷”
“সৰু নাতিৰ৷” — কৈ কৈ সেইজন পাৰ হয়৷ কোনোবা এটা তৰক-তৰককৈ পাৰ হ’ব লয়হে,

“অ সেইটো বাপু নহয়নে?”

“নহয় বৰতা, মই নৰেনহে৷”

“কোন বুলিলি?”

“বৰতা যোগেনৰ ল’ৰা নৰেন৷”

“আও বৰ এটা হ’লি অ, চিনিকে পোৱা নাছিলো, বাপেৰৰ ভালনে?”
“ভাল বৰতা৷” তেনেতে আকৌ এজনে মাত দিয়ে,

“ককা, ৰৈছে?”

“বলীনৰ পুতেক নহয় জানো?”

“হয় ককা!”

“মাৰে ভাল পাইছেনে?”

“পাইছে ককা৷”

“হেৰৌ, পুখুৰীৰ দলং ভঙা আছিল মোৰ বাৰীৰ পৰাই বাঁহ কেইটামান লৈ যাব নোৱাৰিলি? মানুহজনী ভগা দলঙত পৰি কষ্ট পালে ছেহ৷ কাইলৈ আহি বাঁহ কেইটা লাগে লৈ যাবি৷”

“হ’ব ককা৷” —

গাঁৱৰ জীয়ৰী -বোৱাৰী কেইজনীমানে ৰাষ্টাত গা ঘেলাইছে, সিহঁতেও কিন্তুু মাত দিহে যায়,

“বৰদেউতা, ৰৈছে? গৰম কেনে পাইছে?”

“ৰৈছো অ, তঁহতৰ হেৱা খাই হোৱাগৈ নাই হ’বলা?”

“এই ঘূৰিম আৰু৷” — খিলখিলাই হাঁহি উঠিল সিহঁত৷
সেই ৰাতিলৈয়ে বুকুৰ বিষ এটাই ধৰিলে তেওঁক, নাৰ্চিংহোম নিবলৈ নহ’লেই ৰাতিয়েই ঢুকাল৷ গোটেই গাঁৱৰ মানুহ উবুৰি খাই পৰিল, ডাঙৰ পুতেক অহালৈ মানুহবোৰে অপেক্ষা কৰিলে৷ গোটেই ৰাতি গাঁওখনৰ বুঢ়া-মেঠা, ডেকা-গাভৰুৱে চকুৰ টিপ নমৰাকৈ পাৰ কৰিলে৷ মানুহজন গাঁও খনৰ প্ৰাণস্বৰূপ আছিল৷ বিপদে -আপদে মানুহৰ কাষত থিয় দিছিল৷ সকলোকে মাতষাৰ দি খা-খবৰ লৈছিল৷ সুখী আছিল তেখেত৷ সৎ পথেৰে জীৱনটো পাৰ হৈছিল৷ সাধাৰণ জীৱন-যাপন কৰি কাৰোৰে অপকাৰ নকৰাকৈ পাৰ কৰিলে জীৱন যাত্ৰা৷ কাকো অসুবিধা নিদিয়াকৈ পৰলোকলৈ গতি কৰিলে৷ উৰুঙা কৰি থৈ গ’ল গাঁওখনৰ মানুহবোৰৰ বুকুবোৰ৷

দুপৰীয়া ভাগলৈ মানুহজনৰ সৎকাৰৰ কাম-কাজ শেষ হৈছিল৷ মানুহবোৰৰ বেছিভাগৰে ঘৰত আখলৰ জুই জ্বলাই নাছিল৷ সকলোৱে যেন শোক পালিছে৷ পিৰালিতে বহি সেউতী বুঢ়ীয়ে গাটো ধুই আহি চুলি মেলাইছে৷ নিজকে নিজে কৈ আছে বঢ়ীয়ে,

“সনাতন হাজৰিকাক নিও বুলিয়েই কণাবিধাতাই লৈ গ’ল, মোলৈহে চকু মেলি নাচায়৷” কালি পুতেক-বোৱাৰীয়েকৰ লগত সৰু কথা এটাতে কথা কটা-কটি কৰাৰ পৰা বুঢ়ীৰ মন গধুৰ৷ গধূলিলৈ হাজৰিকা ঢুকোৱাৰ শোকত বুঢ়ীয়ে পেটলৈ খুদকণ এটাও নিয়া নাই, এনেয়ো বোৱাৰীয়েকলৈ খং এটা উঠিয়েই আছে৷ কাষৰ কোঠাৰ পৰা বোৱাৰী ৰূপা ওলাই আহিল, কোলাৰ কেচুঁৱাটো বুঢ়ীৰ কোলাত গুজি দিলে৷

“আই, ইয়াক ধৰকছোন, ভাত কেইটামান বহাও, বেলি মূৰৰ ওপৰ পালেহি, আপোনাৰ ভোকেই লাগিছে চাগৈ৷”  বুঢ়ীয়ে মুখেৰে একো নকৈ বোৱাৰীয়েকলৈ কেৰাহিকৈ চাই পঠালে৷ কালিৰ পৰা তায়ো মুখখন এপাচিমান কৰি আছিল, আজি পিছে সেইবোৰৰ চিনমোকাম নাই৷ নাতিয়েকে হাতত লৈ থকা বাটিটোৰ পৰা মুখত গুজি দিয়া মুড়ি এটাকে সোলামুখখনত জিভাখনত লটপটাই বুঢ়ীয়ে ক’লে,
“বেচি একো নকৰিবি যা ভাততে আলু দিবি, আজিসাজ এনেও সিজোৱাই খাব লাগে৷”

“এৰা আই, বৰ ভাল মানুহজন সাউৎকৈ গুচি গ’ল৷”

“এৰা, আমাৰো দিন এনেকৈয়ে আহিব৷”

“আই, এনে কথা নকবছোন৷” — ৰূপাই চাদৰৰ আচঁলেৰে চকুকেইটা মুচি ল’লে৷ নাতিয়েকৰ কপালত টপকৈ চুমা এটা খাই বুঢ়ীয়ে সোলা মুখখন মেলি অলপ হঁহা নিচিনা কৰিলে৷

“যা ভাত বহাগৈ, ল’ৰা ডাঙৰ হোৱালৈকে কণাবিধাতাই চকু নেমেলে মোলৈ, চিন্তা নকৰিবি৷”
ভাল মানুহজনে মৰি গৈয়ো জীৱনটো ভাল পাবলৈ, মানুহবোৰ ভালপাবলৈ শিকাই থৈ গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments