মেঘালীৰ চিঠি (অনুপমা বৰগোহাঁই)

মেঘালীৰ চিঠি

অনুপমা বৰগোহাঁই

মৰমৰ অনু,
মৰম ল’বি । বহুত দিনৰ পাছত তোলৈ লিখোঁ বুলি কাগজ কলম লৈ বহিছোঁ । তই চাগৈ কিবা কিবি ভাবি আছ মই ইমান দিন নীৰৱে থকাৰ বাবে (তই চাগৈ ভাবিছ মই তোক বেয়া পাই আছোঁ..) আচলতে তেনে একো নহয় । অকল এলাহৰ বাবেই লিখা হোৱা নাই ।
কেইদিনমানৰ আগতে পিছে এলাহৰ নিহালী  গুচাবলৈ বাধ্য  হ’লোঁ । কহিমাৰ পৰা মোৰ ছাত্র–ছাত্রী কিছুমানে চিঠি দিছে-লগতে এজনীয়ে উপহাৰ এটাও পঠিয়াইছে-সিহঁতে হেনো মোৰ অনুপস্থিতিত খুব দুখ অনুভব কৰিছে,মোক সিহঁতৰ ওচৰলৈ ঘূৰি আহিবলৈ বাৰে বাৰে অনুৰোধ কৰিছে-সিঁহতৰ ইমান মৰম আন্তৰিকতাৰে ভৰা চিঠিবোৰৰ উত্তৰ নিদিয়াকৈ কেনেকৈ থাকোঁ বাৰু!!সেয়ে লিখিলোঁ
আটাইবোৰলৈ-আৰু ভাবিলোঁ এই উদ্যমটো থাকোঁতেই তোলৈও একলম লিখি লওঁ ।
তই যে মই ইয়াত নাথাকোতে এখন চিঠি দিছিলি,মই অলপদিনৰ আগতেহে পাঢ়িলোঁ । মই কহিমাৰ পৰা অহাৰ পাছতে (ডিচেম্বৰত) মাই চিঠিখনৰ কথা কৈছিল,কিন্তু ক’ত থলে বিচাৰি পোৱা নাছিল । তয়ো যে আৰু! ইমান দোষী দোষী ভাবেৰে কিয় কথাবোৰ লিখিছিলি ? ইয়াততো তোৰ অকনো দোষ নাই । তই যে মোৰ বাবে ‘তেনেকুৱা’ চেষ্টা এটা কৰিছিলি ,তাৰ বাবে মাহঁত তোৰ ওচৰত কৃতজ্ঞহে । ইয়াত বেয়া পোৱাৰ কোনো কথাই নাই। আৰু মোৰ বেয়া লগা বা বেয়া পোৱাটো বহুত দূৰৰ কথা। যদি মই ল’ৰাজনক লগ পালোঁহেঁতেন বা কথা হ’লোঁহেঁতেন তেতিয়া হয়তো মনটোৰ এচুকত প্ৰত্যাখানৰ খোঁচ এটা লাগিলহেঁতেন । কিন্তু এতিয়া সেইটো কেতিয়াও হ’ব নোৱাৰে । মনটোত যিহেতু একো অনুভূতিৰ বীজেই পৰা নাছিল,গতিকে অঙ্কুৰণ নোহোৱাৰ দুখ কৰ পৰা হ’ব? তই একো নাভাবিবি সেইবিলাক ।

চিঠিখন লিখোঁতে বহুত বিৰতি ল’ব লগা হৈছে..আজিকালি ঘৰত সোমাই থাকি বৰ এলেহুৱা হৈ গৈছোঁ (বিশেষকৈ লিখা-মেলা কৰাৰ ক্ষেত্রত) একেকোবতে যদি এখন চিঠি লিখি শেষ কৰিব নোৱাৰোঁ,তেনেহ’লে আৰু বহুতদিনৰ পাছত কলম খুলি দেখিম-কথাৰ আঁত হেৰাই গৈছে ইতিমধ্যে । তোৰ চিঠিখন আধা লিখাকৈ থোৱাৰ আৰু এটা কথা আছিল। দেউতা আৰু মই, তই থকা চহৰখনলৈ যোৱাৰ কথা আছিল। কিন্তু কিবাকিবি কাৰণত যোৱাটো বাৰে বাৰে পিছুৱাই গৈছে। মই ভাবিছিলোঁ গ’লেতো তোৰ ওচৰলৈ যামেই, সেইকাৰণে চিঠিখন নিলিখোঁ আৰু। পিছে যোৱাটো এতিয়াও অনিশ্চিত হৈ আছে,সেইকাৰণে ভাবিলোঁ চিঠিখন পঠিয়াই দিওঁ। (মেঘালীতকৈ আগতে মেঘদূতেই গৈ পাওকগৈ!!) যোৱাটো নিশ্চিত হ’লে তোক ফোন কৰি জনাম। ক’ব নোৱাৰি নহয় নৱদম্পতি ক’তবা বিহাৰ কৰি ফুৰ! ভিনদেউৰ ভাল নহয়? মা,দেউতা ,ভাইটি সবেই কৈছে তই খুউব সৌভাগ্যশালী বুলি (মানে তই ভিনদেউৰ দৰে মানুহ এজন পোৱাৰ বাবে) অনু ময়ো খুব সুখী জান, তই এখন মনে বিচৰা সংসাৰ এখন পাতিব পৰা কাৰণে । তোৰ জীৱনলৈ এই সুখৰ নিজৰা চিৰদিন বৈ থাকক,তাৰ কাৰণে মোৰ শুভকামনা সদায় থাকিব। তই ক’ৰবাত ইন্টাৰভিউ দিছ নেকি?অলপ দিনৰ আগতে তহঁতৰ ওচৰৰ কোনোবা কোনোবা কলেজত তোৰ বিষয়টোৰ ওপৰত শিক্ষক বিচাৰি বিজ্ঞাপন দিয়া দেখিছিলোঁ ।তই আবেদন কৰিছ নেকি ? ক’ব নোৱাৰি তই যিহে খেয়ালী মনৰ ছোৱালী, প্রিন্সিপালৰ চাকৰিটো যাচি দিলেও নকৰোঁ বুলি দলিয়াই দিবি-যেনেকৈ  আমাৰ লোকসেৱা আয়োগৰ চাকৰিটো ভেজাল কৰা হ’ল বুলি নললি । আচলতে কি জান অনু,চাকৰি এটাৰ লগত স্বাধীনতাৰ অনুভৱ এটা থাকে। টকা-পইচাৰ কথাটো গৌণ,বাকী তোৰ আত্মনিৰ্ভৰশীলতা আৰু তোৰ নিজস্বতাখিনি বজাই ৰখা-সেইটোৱেই আচল কথা। মোৰ লগৰ ল’ৰা কিছুমানে কয় ‘তহঁত ছোৱালীবোৰতকৈ আমাৰ ল’ৰাবোৰৰ চাকৰিৰ প্রয়োজন বেছি’ কথাটো মানি নলৈও ল’ব লগা
হয়। হয়, সিহঁতেতো এখন ঘৰৰ দায়িত্ব ল’ব লাগিব। তথাপি বেয়া লাগে। সিহঁতৰ কথাবোৰত পুৰুষ প্রাধ্যানতাৰ গোন্ধ পাওঁ। ইমানদিনৰ চিনাকি বন্ধু কেইটাক অচিনাকি লাগি যায় । ক’তা পঢ়ি থাকোঁতেতো সিহঁতি তেনেকুৱা নাছিল ।পঢ়াৰ কথা সমানে আলোচনা কৰি পঢ়োঁ, সমানে প্রেক্টিকেল কৰোঁ ,সমানেই ফিল্ড ৱৰ্কৰ কষ্ট কৰোঁ,তথাপি এতিয়া ডিগ্রী লোৱাৰ পিছত সিহঁতে চাকৰি পোৱা নোপোৱাৰ গুৰুত্বটো
বেচি হৈ গ’ল!মই জানোঁ এয়া সিহঁতৰ দোষ নহয়,এয়া আমাৰ সামাজিক মানসিকতাৰ প্রতিচ্ছবি। ছোৱালীৰ শিক্ষাৰ অগ্রসৰতাৰ কথাটো এতিয়াও বোধকৰো কিছু উপৰুৱাই হৈ আছে। শিক্ষাৰ দুৱাৰখন খোলা ,কিন্তু সেইফালে সোমাই ওলাই যোৱাৰ পাছত
বাকী দুৱাৰবোৰ যেন আমাৰ বাবে মুকলি-মূৰীয়া উন্মুক্ত নহয়। তয়ে যদি এতিয়া চাকৰি এটাৰ বাবে হাবাথুৰি খাই ফুৰ কোনোবা এজনে হলেও কব-মানুহজনে ইমান ভাল চাকৰি কৰে তথাপি চখৰ কাৰণেই চাকৰি বিচাৰি ফুৰিছে! তেনেহ’লে কিয় আমি উচ্চশিক্ষা ল’লো বাৰু? কোনোৱাই হয়তো তৰ্কৰ খাতিৰত ক’ব —শিক্ষাৰ প্রয়োজন কেৱল চাকৰিতে সীমাবদ্ধ নহয়,মানসিকতাৰ উন্নতিৰ বাবেও শিক্ষা লাগে ।সেইফালেও যে আমি যথেষ্ট উন্নত হৈছোঁ মই বিশ্বাসসহকাৰে ক’ব পাৰোঁ। তেনেহলে কাৰোবাৰ ড্রইংৰুম সজোৱা এটা দামী (উচ্চশিক্ষাৰে) সামগ্রী হ’বৰ বাবে অপেক্ষা কৰি যোৱাটোৱেই একমাত্র বিকল্প থাকিলগৈ- ?? অনু, বৰ কিবা কিবি বোৰ লিখি পেলাইছোঁ। মই ইয়াত বৰ অকলশৰীয়া(মানে এনেকুৱা কথা পাতিবলৈ) বান্ধবী নোহোৱা নহয়, কিন্তু আমাৰ চিন্তাবোৰ সমপৰ্যায়ৰ নহয়।গতিকেই ভাববোৰে খুন্দা খুন্দুলি খাই ফুৰে। আজি সুযোগ পাই কলমৰ আগেদি ওলাই গ’ল। তই আমনি পাইছ নেকি?? মই এতিয়া কেনেকৈ ব্যস্ত অছোঁ ? ঘৰৰ কাম কৰোঁ,অলপ ফুলনিখনত লাগোঁ,দুপৰীয়া ভাত ৰান্ধোঁ(মা নথকাৰ কাৰণে),টিভি চাওঁ,মাজে মাজে বেংকৰ পৰীক্ষাৰ বাবে অলপ পঢ়োঁ। এয়াই ।পি.অ’ পৰিক্ষাটো ফেব্ৰুৱাৰীত হোৱাৰ কথা আছিল পিছে পিছুৱাই পিছুৱাই মে’ৰ পৰা আগষ্ট পালেহি ।প্রথমতে বেছ ভালদৰে প্রস্তুতি কৰিছিলোঁ,পিছে এতিয়া পিছুৱাই  পিছুৱাই প্রস্তুতিৰ আগ্রহ কমাই দিলে! ঘৰৰ খবৰ পাই আছ চাগৈ । তহঁতৰ ডালিমী মাহীদেউৰ খবৰটো পাই বৰ দুখ লাগিল। তেখেতৰ শ্রাদ্ধলৈ মোৰ মা গৈছিল। তেতিয়া তোৰ দাদা ,বাইদেউ সকলোকে লগ পাইছিল।।
তোক লগ পালে আৰু কথা পাতিম। চিঠিতে সব পাতিলে শেষেই হৈ যাব দেখুন!ভিনদেউক কবি ব’ৰ হ’বলৈ সাজু হ’বলৈ ….এজনী খুলশালী গৈ আছোঁ (খুলি খুলি খাবলৈ) থওঁ নে? দুয়োটাই সমানে মোৰ মৰমবোৰ ভাগ কৰি ল’বি।
ইতি
তোৰ একমাত্র বান্ধবী
মেঘালী
বি.দ্র. উত্তৰ দিবি। মই যাম বুলি জানিলে নিলিখিবও পাৰ ,সেয়ে কৈছোঁ।
চিঠিখন পোৱাৰ,পঢ়াৰ অনুভবেই বেলগ -লগ পোৱাতকৈ!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments