মেঘালয়ৰ মাতৃপ্ৰধান সমাজ আৰু বৈবাহিক জীৱন ( কন্দৰ্প কুমাৰ নাথ )

সৌ সিদিনা অসমৰ আগশাৰীৰ এটা ব্যক্তিগত নিউজ চ্যেনেলৰ এজন সাংবাদিকে ফেচবুকত এটা আপডেট দিছিল৷ আপডেটটো এনেকুৱা যে তেখেত শ্চিলঙলৈ যাওঁতে যাত্ৰা পথত এক হৃদয়স্পৰ্শী অভিজ্ঞতাৰ সন্মুখীন হৈছিল৷ গুৱাহাটী – শ্চিলং পথৰ নংপোৰ ওচৰত পথৰ দাতিত এজনী সৰু ৮/১০ বছৰীয়া ছোৱালীয়ে বাঁহৰ গাঁজ নে আনাৰস কিবা বেচি আছে৷ তাইৰ কোলাত এটি সৰু শিশু৷ প্ৰচণ্ড জ্বৰ হেনো শিশুটোৰ৷ বায়েকে কোলাত শুৱাই লৈ আছে লগতে বস্তুও বেছি আছে৷ সাংবাদিকজনে মাক-দেউতাকৰ কথা সোধোঁতে কৈছিল যে বাপেক হেনো বেলেগ মাইকীলৈ পলাই গ’ল আৰু মাকেও হেনো বেলেগ মতা গোটাই লৈ বেলেগত থাকে৷ এতিয়া নতুন সংসাৰত ব্যস্ত৷ যাৰ ফলত সেই সৰু ল’ৰা-ছোৱালীকেইটাই নিজৰ জীৱিকা নিজেই উলিয়াবলগীয়া হৈছে৷

কি মৰ্মান্তিক! সেই অবোধ শিশুকেইটাৰ দোষ কি যাৰ বাবে পখিলা খেদি ফুৰা বয়সতেই সিহঁতে কঠোৰ জীৱন সংগ্ৰাম কৰিবলৈ বাধ্য হৈছে৷

সঁচাকৈয়ে এক অসহনীয় হৃদয় বিদাৰক ঘটনা৷ কিন্তু এনেকুৱা ঘটনা মেঘালয়ত তেনেই সাধাৰণ৷ মেঘালয়ৰ প্ৰতিখন জিলাতেই যদি ঘূৰি-পকি চোৱা যায় এনেকুৱা মাক-বাপেকৰ এলাগী হৈ পৰা অলেখ দৃশ্য দেখিবলৈ পোৱা যাব৷ প্ৰশ্ন হয় কিয় এনে হ’বলৈ পায়? তাত সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্ববোধ নাই নেকি?

মেঘালয়ত প্ৰধানতঃ তিনিটা জনগোষ্ঠীৰ লোক বাস কৰে৷ গাৰো, জয়ন্তীয়া আৰু খাচি৷ গাৰোসকল বাস কৰে গাৰো পাহাৰ জিলাত, জয়ন্তীয়াসকল বাস কৰে জয়ন্তীয়া পাহাৰত আৰু খাচি লোকসকল পূব আৰু পশ্চিম খাচি পাহাৰত বাস কৰাৰ উপৰি মেঘালয়ৰ কেউখন জিলাতেই সিঁচৰতি হৈ আছে৷ ইয়াৰ বাহিৰেও আন কেইটামান উপ-জনগোষ্ঠী যেনে – ভই, খেনৰিয়াম, ৱাৰ আদি মেঘালয়ৰ অ’ত-ত’ত সিঁচৰতি হৈ আছে৷ ভই উপ-জনগোষ্ঠীৰ লোকসকল মেঘালয়ৰ উত্তৰ অংশত অৰ্থাৎ ৰিভই জিলাত, খেনৰিয়ামসকল মধ্য অংশত আৰু ৰাৰসকল মেঘালয়ৰ দক্ষিণ অংশত বসবাস কৰে৷ এই তিনিওটা উপ-জনগোষ্ঠীৰ মূল জনগোষ্ঠী হৈছে খাচি৷ কোৱা হয় যে গাৰোসকল Tibebo-Burmar মূলৰ যিবোৰ সুদূৰ তিব্বতৰ উত্তৰ পূবলৈ আহিছিল৷ আনহাতে জয়ন্তীয়া আৰু খাচিসকল হ’ল ম্যানমাৰৰ পৰা অহা Proto-Austoloid monkhmer মূলৰ৷ এই আটাইবোৰ জনগোষ্ঠীৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ সামান্য তাৰতম্য থাকিলেও তেওঁলোকৰ মূল বৈশিষ্ট্য হৈছে নাৰী প্ৰাধান্যতা৷

মেঘালয়েই হৈছে পৃথিৱীৰ একমাত্ৰ মাতৃ প্ৰধান ৰাজ্য য’ত নাৰীৰ স্বাধীনতা সম্পূৰ্ণৰূপে সুৰক্ষিত৷ পৃথিৱীৰ অন্যান্য ঠাইৰ পুৰুষপ্ৰধান সমাজখনৰ ওলোটা ছবি এখন মেঘালয়ত দেখিবলৈ পোৱা যায়৷ তাত নাৰীয়েহে নিজৰ পচন্দমতে পুৰুষক বিয়া কৰাই ঘৰলৈ নিয়ে৷ তাত সকলো ক্ষেত্ৰতে মাইকী মানুহৰ প্ৰভাৱহে বেছিকৈ দেখা যায়৷ হাত-বজাৰ, অফিচ-কাছাৰি, খেতি-বাতি সকলোতে মাইকী মানুহেই আগৰণুৱা৷ কি দিন কি ৰাতি সকলো সময়তে মহিলাই মুক্ত মনেৰে ঘূৰি ফুৰিব পাৰে মেঘালয়ত৷ পৃথিৱীত এনে কোনো ঠাই নাই য’ত নাৰীক উপযুক্ত সন্মান আৰু অধিকাৰেৰে পুৰুষতকৈ উচ্চ আসনত অধিস্থিত কৰা হয়৷ তাৰ বাবে মেঘালয়ৰ সমাজ ব্যৱস্থা প্ৰশংসাযোগ্য৷ আন এটা প্ৰশংসনীয় সামাজিক ব্যৱস্থাই মেঘালয়ক উচ্চ স্থানত বহুৱাইছে – সেয়া হ’ল যৌতুক প্ৰথাৰ দৰে ঘৃণনীয় সামাজিক ব্যাধিৰ পৰা মেঘালয় সম্পূৰ্ণৰূপে মুক্ত৷ কিন্তু তাতো যেন কৰবাত কিবা কেৰোণ লুকাই আছে যাৰ বাবে মেঘালয়ত আটাইবোৰ জনগোষ্ঠীৰ মাজত বিবাহ-বিচ্ছেদৰ দৰে সামাজিক ব্যাধিয়ে গা কৰি উঠাত সুবিধা পায়৷ তাৰ কিছুমান কাৰণ মোৰ নিজৰ অভিজ্ঞতাৰে ফঁহিয়াই চোৱা যাওক৷

সম্পূৰ্ণ তিনিবছৰ মই মেঘালয়ৰ পশ্চিম খাচি পাহাৰৰ এখন দূৰ আওঁহতীয়া গাঁৱৰ হাইস্কুলত শিক্ষকতা কৰিছিলোঁ৷ গাওঁখনৰ নাম আছিল ঙুনৰাও৷ সেই সুত্ৰে মই সেই মানুহখিনিৰ লগত একাত্ম হৈ, সিহঁতৰ সুখ-দুখৰ সমভাগী হৈ এটা কথাই উপলব্ধি কৰিছিলোঁ যে সেই সমাজখনক তেওঁলোকৰ ধৰ্মীয় অনুভূতিয়ে যিদৰে একতাৰ দোলেৰে বান্ধি ৰাখিছে সেইমতে তেওঁলোকৰ পৰিয়াল বা পাৰিবাৰিক জীৱনত একতাৰ অভাৱ খুবেই স্পষ্ট৷ মেঘালয়ৰ ৮৫ শতাংশ লোকেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক৷ সেই সুত্ৰে আটাইবোৰ জনগোষ্ঠীৰ মাজত ধৰ্মীয় অনুভূতিয়ে একতাৰ এনাজৰীডাল সুদৃঢ় কৰি তুলিছে৷ এই একতা কেৱল নিজ ৰাজ্যৰ মাজতেই সীমাবদ্ধ নহয়, আন ৰাজ্য বা দেশৰ সেই ধৰ্মাৱলম্বী লোকসকলৰ সৈতেও পৰিলক্ষিত হয়৷

মোৰ মনত পৰে ২০০৭ চনত উৰিষ্যাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আৰু আন ধৰ্মৰ লোকৰ মাজত সংঘাটৰ সুত্ৰপাত হৈছিল৷ সেই ঘটনাত দুৰ্গতসকলৰ বাবে মেঘালয়ৰ প্ৰতিঘৰ মানুহেই মুক্ত হস্তে সাহাৰ্য আগবঢ়াইছিল৷ আনকি সেই আওঁহতীয়া গাঁওখনো ব্যতিক্ৰম নাছিল৷ ধনী-দুখীয়াৰ কথা নাই সকলোৱেই হাত উজাৰি দান বৰঙনি দিয়া দেখা গৈছিল৷ খুবেই প্ৰশংসনীয় পদক্ষেপ৷ ইয়েই হয়তো সেই ধৰ্মাৱলম্বী লোকসকলক প্ৰদান কৰিছে এক অনন্য মাত্ৰা৷ কিন্তু এই একতা বা মিলা-প্ৰীতি বৰ্তি নাথাকিল তেওঁলোকৰ ব্যক্তিগত বৈবাহিক জীৱনত৷

মই লক্ষ্য কৰিছিলোঁ অধিক সংখ্যক মতা বা মাইকী মানুহে বিয়াৰ পিছত পৃথক জীৱন অতিবাহিত কৰে নতুবা বিবাহ বিচ্ছেদ হয়৷ বেছিসংখ্যক মাইকী মানুহেই এটা বা দুটা সন্তান জন্ম দিয়াৰ পিছত মতা মানুহজনক দুখ লগাকৈ ঘৰৰ পৰা খেদি পঠিয়ায়৷

এক সমীক্ষা মতে, ভাৰতত মিজোৰামৰ পিছতেই দ্বিতীয় স্থানত সৰ্বাধিক বিবাহ বিচ্ছেদ হোৱা ৰাজ্য হিচাবে পৰিগণিত হৈছে মেঘালয়৷

যিহেতু মেঘালয় মাতৃপ্ৰধান ৰাজ্য তাত ঘৰখনৰ জীৱিকা উপাৰ্জনৰ সমস্ত দায়িত্ব চম্ভালিবলগীয়া হয় মাইকী মানুহগৰাকীয়েই৷ আগতেই উল্লেখ কৰা হৈছে যে তাত বিয়া-বাৰুৰ ক্ষেত্ৰত ছোৱালীয়েহে নিজৰ পচন্দৰ আন গোত্ৰৰ ল’ৰা এজনক বিয়া কৰায়৷ অৰ্থাৎ বিয়াৰ পিছত ল’ৰাজন ছোৱালীৰ ঘৰত থাকিব লাগে৷ কিন্তু ল’ৰাজন বিয়া কৰালে বুলিয়েই যে তেওঁৰ লগত আজীৱন কটাব লাগিব সেইটো কোনো ধৰাবন্ধা নাই৷ বিয়াৰ পিছত পুৰুষজনৰ স্বভাৱ চৰিত্ৰ বা দায়িত্ববোধ যদি ঠিকেই দেখে তেনেহ’লে সিহঁতৰ যুগ্ম জীৱন দীঘলীয়াকৈ টিকিব৷ অন্যথা তাক ঘৰৰ পৰা উলিয়াই দিব৷ যদি সন্তান জন্ম পায়, সন্তানৰ অধিকাৰ মাকেহে পায় আৰু সন্তানে মাকৰ উপাধিহে লাভ কৰে৷ তাত পুৰুষৰ কোনো অধিকাৰ নাথাকে, পুৰুষৰ কোনো চিন-মোকাম নাথাকে৷ আনকি নিজৰ ঘৰৰ সম্পত্তিৰ অধিকাৰো ছোৱালীবোৰেহে পায়, ল’ৰাবোৰৰ কোনো অধিকাৰ নাথাকে৷

মাকৰ সম্পত্তিৰ উত্তৰাধিকাৰী সাধাৰণতে কনিষ্ঠ ছোৱালীজনী হোৱাটো নিয়ম যাতে মাক-দেউতাক আৰু ভায়েকক চোৱা-চিতা কৰিব পাৰে৷ তাৰ বাহিৰে অন্য সিদ্ধান্তৰ ক্ষেত্ৰত মোমায়েকৰ অনুমতি সাপেক্ষেহে নিয়ম সাল-সলনি হ’ব পাৰে৷ এই ক্ষেত্ৰত নিজৰ ভায়েক বা স্বামীক সম্পূৰ্ণৰূপে একাষৰীয়া কৰি ৰখা হয়৷ নিজ পত্নীৰ ঘৰখনতে স্বামীজনক বহিৰাগত জ্ঞান কৰি সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হয়৷ সেইবাবেই হয়তো পুৰুষবোৰে তাত এক নিৰাপত্তাহীন জীৱন কটাবলগীয়া হয়৷ পত্নীৰ পৰা বিচ্ছেদিত হৈ বেছিভাগ পুৰুষেই হতাশাগ্ৰস্থ এক উশৃংখল জীৱন কটাবলৈ বাধ্য হয়৷ মদ, ভাং, বিড়ি, চিগাৰেট আদি মাদকদ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ লগতে চুৰি, ডকাইতি, হত্যা আদিৰ দৰে অপৰাধজনিত কৰ্মত লিপ্ত হ’বলৈও কুণ্ঠাবোধ নকৰা হয়গৈ৷ কাৰণ বিচ্ছেদিত পুৰুষজন পত্নীৰ দ্বাৰা অৱহেলিত হোৱাৰ লগতে নিজা ঘৰত ভনীয়েকৰ দ্বাৰাও অৱহেলিত হয়৷ ভনীয়েকেও ককায়েকক ভৰণ পোষণ দি ৰাখিবলৈ টান পায়৷ সেয়েহে মেঘালয়ৰ পুৰুষ সমাজখন প্ৰতি পল, প্ৰতি মুহূৰ্ততে এক ভয়ঙ্কৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয় যাৰ প্ৰভাৱ পৰেগৈ সিহঁতৰ পাৰিবাৰিক জীৱনতো৷

শিক্ষিত বা চাকৰিয়াল চামৰ মাজত অৱশ্যে কথাটো সুকীয়া লগতে অশিক্ষিত কিছু সংখ্যকো ব্যতিক্ৰম নোহোৱা নহয়৷ যিসকল চাকৰিয়াল বা আৰ্থিকভাৱে সচ্ছল তেওঁলোকে এই ব্যৱস্থাটোক বুঢ়া আংগুষ্ঠ প্ৰদৰ্শন কৰিবলৈও কুণ্ঠাবোধ নকৰে৷

তেনে এজন লোক মই লগ পাইছিলোঁ; মেঘালয়ৰ এখন আগশাৰীৰ দৈনিক বাতৰি কাকত (Mawphor)ৰ স্বত্বাধিকাৰী Mr. R. M. Marwein. অগাধ সম্পত্তিৰ অধিকাৰী৷ তেখেতে মেঘালয়ৰ মাতৃপ্ৰধান ব্যৱস্থাটোৰ প্ৰতি সম্পূৰ্ণ অনীহা প্ৰকাশ কৰি আমাৰ অসমৰ ধেমাজি জিলাৰ এজনী ছোৱালী বিয়া কৰাই সুখী বৈবাহিক জীৱন অতিবাহিত কৰি আছে৷ সন্তানক পিতৃৰ উপাধি প্ৰদান কৰিছে৷ তেনে দুই চাৰিজন ব্যক্তি হয়তো ব্যতিক্ৰম পোৱা যাব, কিন্তু সাধাৰণ অশিক্ষিত তথা আৰ্থিকভাৱে দূৰ্বল পুৰুষ সমাজখনে তাত এক দূৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হয়৷

মই যিখন গাঁৱত আছিলোঁ তাত বহুতো কম বয়সীয়া ১৪/১৫ বছৰীয়া ছোৱালীৰ কোলাত কেঁচুৱা৷ প্ৰথম অৱস্থাত ভাবিছিলোঁ কেঁচুৱাবোৰ নিজৰ ভায়েক বা ভনীয়েক হ’ব৷ কিন্তু পিছতহে গম পাওঁ যে কেঁচুৱাবোৰ নিজৰেই৷ মই এনেকুৱাও ঘটনা দেখিলোঁ নৱম/দশম শ্ৰেণীত পঢ়ি থকা বহুতো ছোৱালীয়ে সন্তান জন্ম দিয়াৰ বাবে আধাতেই স্কুল এৰিবলগীয়া হয়৷

মোৰ মালিকনী বুঢ়ীৰ সৰু জীয়েকৰ নাতিনীয়েক এজনী৷ ঘৰত থেইৰিত বুলি মাতে৷ তাই নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই কোনোবা এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈছিল৷ বিয়া নৌহওঁতেই তাইৰ এজনী ছোৱালী জন্ম পালে৷ এতিয়া ছোৱালীজনীক তাই ডাঙৰ-দীঘল কৰিছে৷ কিন্তু সেই যুৱকজনক আৰু বিয়া নকৰালে৷ কাৰণ সি হেনো অত্যধিক মদ্যপান কৰিছিল৷ আন এজন ল’ৰাৰ সৈতেও তাইৰ সম্পৰ্কৰ ফলত এজনী ছোৱালীৰ জন্ম হৈছিল৷ অৱশ্যে কেঁচুৱাটো তিনি বছৰ হওঁতেই ডায়েৰিয়াত আক্ৰান্ত হৈ ঢুকাইছে৷ কিন্তু সেইজন যুৱককো তাই স্থায়ীভাৱে বিয়া নকৰালে৷

মেঘালয়ত প্ৰাক্ বৈবাহিক শাৰীৰিক সম্পৰ্কত কোনো বাধা নাই৷ যাৰ লগত সম্পৰ্কৰ ফলত সন্তান জন্ম পায় তাক বিয়া কৰোৱা বা নকৰোৱাৰ স্বাধীনতা কেৱল ছোৱালীজনীৰ৷ বিয়া হয়তো নকৰাবও পাৰে, কিন্তু সন্তানটো ছোৱালীজনীৰ লগত থাকি যায়৷ ছোৱালী এজনীয়ে ল’ৰা এজন বিয়া কৰোৱাটো যিদৰে ভাতৰ লগত পানী খোৱাৰ লেখিয়া কথা, ল’ৰাজনক খেদি বাহিৰ কৰি দিয়া আৰু এটা পোছাক সলাই আন এটা পোছাক পিন্ধাৰ দৰেই আন এজনক বিয়া কৰোৱাটোও তেনেই সহজ কথা৷ ছোৱালীজনীৰ এক মুহূৰ্তৰ মানসিক অৱস্থাই সংসাৰ গঢ়িবও পাৰে, ভাগিবও পাৰে৷ বিচ্ছেদিত পুৰুষজনৰ পক্ষত মাত মাতোতা কোনো নাই তাত৷ এলাগী হৈ পৰা যন্ত্ৰৰ দৰেই দৰেই হয়গৈ পুৰুষৰ জীৱন৷

পাৰিবাৰিক জীৱনৰ সেই প্ৰভাৱ সিহঁতৰ ল’ৰা-ছোৱালীৰ ওপৰতো নপৰাকৈ নাথাকে৷ মোৰ সেই তিনি বছৰৰ অভিজ্ঞতাত মই লক্ষ্য কৰিছিলোঁ যে সিহঁতৰ ল’ৰা-ছোৱালীবোৰক ধৰ্মীয় দিশত যিদৰে সৰুৰে পৰাই সজাগ কৰি তোলে তেনেদৰে শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি মাক-দেউতাকৰ মনোভাৱ তেনেই উদাৰ৷ কেৱল স্কুললৈ যাব লাগে বাবে পঠাইছে বা খাবৰ সময়তো কিবা খাব লাগে বাবে যেন খাবলৈ দিছে – এই মনোভাৱ৷ তাৰ বাহিৰে সন্তানে কি খাইছে, কি পঢ়িছে, কি পিন্ধিছে সেইবোৰ চাবলৈ মাকে ঘৰুৱা কামৰ ব্যস্ততাত চোৱাচিতা কৰিবলৈ সময়টো নাপায়েই, বাপেকো এই ক্ষেত্ৰত একেবাৰে উদাসীন৷ বেছিভাগ পুৰুষেই আনৰ ঘৰৰ জুহালত চাহ, তামোল, বিড়ি, চিগাৰেট আদিৰ আমেজ লৈ ঘূৰি ফুৰিয়ে সময়বোৰ কটায়৷ মই এটা কথা লক্ষ্য কৰিছিলোঁ যে মেঘালয়ত সৰু ৮/১০ বছৰীয়া ল’ৰাবোৰৰো চিগাৰেট বা অন্য নিচাযুক্ত বস্তুৰ প্ৰতি আসক্তি অধিক৷ আনকি মা-বাপেকৰ সন্মুখতেই সিহঁতে ধুমপান কৰে অথচ মাক-বাপেকে একো নকয়৷ মই এনেকুৱাও দেখিলোঁ বাপেকৰ চিগাৰেট পুতেকে খায় আৰু পুতেকৰ চিগাৰেটো বাপেকে খায়৷ ইমানেই উদাসীন, অনুশাসনহীন তেওঁলোক নিজৰ সন্তানৰ প্ৰতি৷

আনহাতে পত্নীক ঘৰুৱা কামত সহায় কৰাতো তেওঁলোকৰ নিজ ইচ্ছাৰ অধীন৷ মন গ’লে কৰিব, মন নগ’লে নাই৷ কাৰণ পুৰুষজনেও আজীৱন তেওঁলোকৰ এই বৈবাহিক সম্পৰ্কৰ স্থায়ীত্বক লৈ সন্দিহান ভাৱ এটা অনবৰতে বুকুত কঢ়িয়াই লৈ ফুৰিবলগীয়া হয়৷ যাৰ ফলত সংসাৰৰ প্ৰতি এক উদাসীন মনোভাৱ পোষণ কৰা দেখা যায়৷ ইয়েই পৰৱৰ্তী সময়ত বৈবাহিক সম্পৰ্কত ফাট মেলাত অৰিহণা যোগায়৷

মুঠতে মেঘালয়ৰ নাৰীপ্ৰধান সমাজখনত নাৰীৰ অবাধ স্বাধীনতাই পাৰিবাৰিক জীৱনত বুমেৰাং হৈ পৰাৰ অলেখ উদাহৰণ আছে যিদৰে সেই সাংবাদিকজনে নিজে সেইদিনা প্ৰত্যক্ষ কৰিছিল৷ যি সম্পৰ্কত প্ৰেম-ভালপোৱা, বিশ্বাস, আবেগ-অনুভূতি নাথাকে, পৰস্পৰৰ বুজাবুজি নাথাকে, দায়িত্ববোধ নাথাকে, কেৱল মাথোঁ বৈষয়িক সুখ নিৰ্ভৰ সেই সম্পৰ্কত জানো স্থায়িত্ব আশা কৰিব পাৰি?

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
K.Nath
4 years ago

ডাঃ ভূপেন্দ্ৰ শইকীয়া চাৰৰ মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ । তেনেকুৱা শিক্ষিত স্বারলম্বী লোক লগতে কিছু সংখ্যক অশিক্ষিত লোকৰ মাজতো উদাহৰণ নথকা নহয় । মই উল্লেখ কৰিছো । কিন্ত অশিক্ষিত আৰ্থিকভাৱে দূৰ্বল পুৰুষ সমাজখনৰ ভয়ংকৰ নিৰাপত্তাহীনতাৰ দিশটোত অধিক গুৰুত্ব দিয়া হৈছে ।