মেঘৰ আঁৰৰ বেলি — ববিতা শৰ্মা

: উঠিলাই যে? টোপনি নগ’লাই নেকি?
: ভালকৈ নাহিল দেখোন। গিৰিয়েক প্ৰণৱ চলিহাই সোধা প্ৰশ্নটোৰ উত্তৰ দি নন্দিনী বিছনাৰ পৰা নামি আহিল। দীঘল চুলিকোচা পাক মাৰি খোপা এটা বান্ধি লৈ তাই বেডৰূমৰ সংলগ্ন বাথৰূমত সোমাই গাটো ধুই ল’লে। ইতিমধ্যে প্ৰণৱো উঠি ৰূমৰ খিৰিকীকেইখন খুলি বিছনাখন জোঁকাৰি পাৰি থৈ গৈছিল। চোতালৰ ৰভাই ঘৰৰ ভিতৰখন আন্ধাৰ কৰি ৰাখিছে। নন্দিনীয়ে লাইটৰ চুইচটো অন কৰি মুখত পাতলকৈ ক্ৰীম অকণমান সানি ফোঁটটো লৈ লৰালৰিকৈ ওলাই আহিল। আজি নন্দিনীৰ একমাত্ৰ সন্তান গীতৰ জোৰোণ, বহুত কাম পৰি আছে। জোৰোণলৈ আঠ বজাতে পঞ্চাছ কিলোমিটাৰ নিলগৰ কইনাৰ ঘৰলৈ যাত্ৰা কৰিব লাগিব। ৰূমৰ পৰা ওলাই আহি নন্দিনীয়ে চম্পাক জগাই দিলে। চম্পা নন্দিনীহঁতৰ ঘৰুৱা কামত সহায় কৰি দিয়া পদুমীবাইৰ জীয়েক। এইকেইদিন অকলশৰীয়া নন্দিনীক সহায় কৰিবলৈ মাকে চম্পাক নন্দিনীহঁতৰ ঘৰত থকাকৈ পঠিয়াই দিছে। চম্পাই উঠি ঘৰটো সাৰে মানে নন্দিনীয়ে গোসাঁই ঘৰত সোমাই থপনাৰ আগকণ মচি চাকিগছি জ্বলাই দিলে। বিয়াখনৰ কামবোৰ সুকলমে পাৰ হৈ যাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই নন্দিনী গোসাঁই ঘৰৰ পৰা ওলাই আহিল। প্ৰণৱে চাহ দুকাপ বাকি আনি নন্দিনী লৈ বাট চাই আছিল। তাই প্ৰণৱৰ কাষৰ চকীখনত বহিল। এয়া সিহঁতৰ বত্ৰিশ বছৰীয়া অভ্যাস। পুৱাৰ চাহকাপ
প্ৰণৱেই কৰে। নন্দিনীয়ে গোসাঁই ঘৰৰ পৰা ওলোৱাৰ পাছতে দুয়োজনে একেলগে বহি দিনটোৰ প্ৰথম চাহকাপ খায়। তাৰ পিছতহে নিজ নিজ কামত লাগে। প্ৰণৱৰ চাহ খোৱা হৈছিলেই। খালী কাপটো টেবুলত থৈ নন্দিনীলৈ চাই ক’লে —
: তুমি জোৰোণৰ বস্তুবোৰ আকৌ এবাৰ চকু ফুৰাই ল’বা। মই কাৰিকৰজনক ফোন কৰি লওঁ। জোৰোণত যাবলগীয়া মানুহখিনিৰ বাবে ৰুটি-তৰকাৰী অলপ বনাব নালাগিব জানো?
নন্দিনীয়ে মুখেৰে একো নামাতি কাপদুটা সামৰি উঠি গ’ল। আজিৰ এই দিনটোৰ বাবেই সিহঁতে যে কিমান সপোন দেখিছিল। বাবুৱে চাকৰি পোৱাৰ তিনি বছৰ মান পাছতে নন্দিনী আৰু প্ৰণৱৰ আপোন মানুহবোৰে বাবুৰ বিয়াৰ কথা সুধিবলৈ লৈছিল। প্ৰণৱৰো অৱসৰৰ দিন চমু চাপি অহাত বাবুৰ বিয়াৰ কথাটো তেওঁলোকৰ বাবেও প্ৰাসংগিক বিষয় হৈ পৰিছিল। তাৰ পিছৰে পৰা বাবুলৈ ছোৱালী বিচৰাৰ পৰ্ব আৰম্ভ হৈছিল। বাটে-ঘাটে, বিয়ায়ে-সবাহে নন্দিনীৰ চকুকেইটা উপযুক্ত বোৱাৰী এজনীৰ সন্ধানত পিতপিতাই ফুৰিছিল। কিন্তু কোনোজনী ছোৱালীয়েই তেওঁৰ মন খোৱা নাছিল। এদিন নন্দিনীৰ মামীয়েকে বাবুলৈ প্ৰস্তাৱ এটা আনিলে। ছোৱালীৰ ঘৰ ডিব্ৰুগড়ত। মাক-দেউতাক দুয়োজন হাইস্কুলৰ শিক্ষক। সৰু পৰিয়াল। মাক-দেউতাক, তাই আৰু ককায়েক। ভাস্বতী মানে বাবুৰ ভাবী কইনাই এইবছৰ অসমীয়া বিষয়ত এম এ পাছ কৰিছে। প্ৰস্তাৱটো প্ৰণৱ আৰু নন্দিনীৰো মনে খালে। লগে লগে কুণ্ডলী মিলাই যোৰা-জাতিও চোৱা হ’ল। ৰাজযোৰা। গতিকে বাবুৰো ছোৱালী পছন্দ হোৱাত শুভ কামত পলম নকৰি বিয়াৰ দিন লোৱা হ’ল। আজি জোৰোণ, কালিলৈ বিয়া। অতি হেঁপাহেৰে একমাত্ৰ পুতেকৰ বিয়াৰ যা-যোগাৰ কৰা নন্দিনীৰ হে মনটো আজি এসপ্তাহ মানৰ পৰা এক অহেতুক কাৰণত গধুৰ লাগি আছে। কাপ দুটা ধুই নন্দিনী
পাকঘৰৰ পৰা ওলাই আহিল। বাবুৰ ৰূমটো বিয়াৰ বাবে আজৰি কৰা হৈছে। নতুনকৈ ৰং দি নতুন পৰ্দা লগাই ন-কইনাৰ বাবে ৰূমটো সজাই তোলা হৈছে। বাবু এই কেইদিন গেষ্টৰূমত শুইছে। নন্দিনী গেষ্ট ৰূমৰ দুৱাৰ ঠেলি সোমাই গ’ল। নিশ্চিন্ত মনে শুই আছে বাবু। কোনে ক’ব এই ল’ৰাটোৰ আজি জোৰোণ বুলি। পদাৰ্থ বিজ্ঞানত মাষ্টাৰ্চ কৰি এখন মহাবিদ্যালয়ৰ অধ্যাপক হোৱা ল’ৰাটো নন্দিনীৰ মানত এতিয়াও তাহানিৰ বাবুটোৱেই হৈ আছে। কথাই প্ৰতি মা মাকৈ চিঞৰি থকা, মাক নহ’লে এক মুহূৰ্ত্তও থাকিব নোৱাৰা, মাজে-সময়ে এতিয়াও মাকৰ বুকুত শোৱা ল’ৰাটোৰ আজিৰে পৰা এটা নতুন জীৱন আৰম্ভ হ’ব। এজনী নতুন ছোৱালী আহি তাৰ জীৱনৰ লগত সাঙোৰ খাই পৰিব। নন্দিনীৰ বহুত কাম, দায়িত্ব তাইৰ হাতলৈ যাব। পাৰিবনে বাৰু তাই নিজৰ অধিকাৰবোৰ, দায়িত্ববোৰ আনৰ হাতত তুলি দিব! মন‌ গ’লেই ভূমুকি মৰা বাবুৰ কোঠালৈ বিনাদ্বিধাৰে বাৰু এতিয়া তাই ভূমুকিয়াব পাৰিব নে? সামান্য জ্বৰ এটা হ’লেই বাবুৱে মাকক এখন্তেকৰ বাবেও এৰি নিদিয়ে। মাকৰ বাহিৰে আনৰ হাতেৰে বাবুৰ জুতি নালাগে।
সেই ল’ৰাটোৰ আজিৰে পৰা আন এজনী নাৰীৰ সঙ্গ ভাল লগা হৈ পৰিব। হয়তো নন্দিনী বাবুৰ বাবে অতীত হৈ যাব, বৰ্তমান হ’ব ভাস্বতী। এয়াই সংসাৰৰ নিয়ম। সময়ে সকলো কথাৰে পৰিৱৰ্তন আনে। সেমেকি উঠা চকু দুটা মোহাৰি বাবুৰ গাৰ খহি পৰা ব্লেংকেট ঠিক কৰি দি নন্দিনীয়ে বাবুৰ মুখলৈ চালে। আজিও বাবুক নন্দিনীৰ সাতাইশ বছৰৰ আগৰ বাবুটো যেনেই লাগিল। কিছুমান টুকুৰা টুকুৰ পুৰণি স্মৃতি নন্দিনীৰ মানস পটত সজীৱ হৈ উঠিল। বিয়াৰ প্ৰথম বছৰতে নন্দিনী মাক হ’বলৈ ওলাইছিল। কিন্তু পাঁচ মাহত নন্দিনী পিছল খাই পৰাৰ ফলত এবৰ্শ্বন হৈছিল। তাৰ পিছতে নন্দিনীৰ জৰায়ুত বিভিন্ন সমস্যাই দেখা দিছিল। অসমৰ কেইবাজনো নামজ্বলা স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰত চিকিৎসা কৰায়ো একো সুফল পোৱা নাছিল। এনেদৰে চাৰি বছৰমান পাৰ হৈছিল। হতাশ হৈ প্ৰণৱ আৰু নন্দিনীয়ে যেতিয়া এক প্ৰকাৰৰ আশা এৰি দিছিল আৰু তেতিয়াই এদিন বাবুৱে তেওঁৰ গৰ্ভত থিতাপি লোৱাৰ উমান পাইছিল। সম্পূৰ্ণ নটা মাহ নন্দিনী ৰেষ্টত থাকিব লগা হৈছিল। অৱশেষত তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিছিল। আহিনৰ নিয়ৰসনা পুৱা এটিত বাবুৰ জন্ম হৈছিল। কণমানি বাবুক প্ৰথমবাৰ বুকুত সাৱটি নন্দিনীয়ে প্ৰসৱৰ সকলো যন্ত্ৰণা পাহৰি পেলাইছিল। প্ৰণৱ উৎফুল্ল হৈছিল। অঙহী-বঙহী সকলোকে মাছ বিলাইছিল।
বাবুৰ হাঁহিবোৰে সিহঁতক সুখী কৰিছিল আৰু কান্দোন বোৰে বিচলিত কৰিছিল। বাবুক ডি পি টি বেজি দিয়াৰ দিনা ৰাতিলৈ তাৰ খুউব জ্বৰ উঠিছিল। নন্দিনীয়ে গোটেই ৰাতি তাক কোলাত লৈ বহি আছিল আৰু প্ৰণৱে সিহঁতলৈ চাই চাই নুশুৱাকৈ আছিল। লাহে লাহে বাবু ডাঙৰ হৈছিল। উবুৰি হৈছিল, চুঁচৰিছিল, বহিছিল আৰু মা বুলি মাতিবলৈ শিকিছিল। তাৰ মুখত প্ৰথম মা শব্দটো শুনি নন্দিনী উচুপি উঠিছিল। এদিন তাৰ তলৰপাৰিত এধানিমান দুটি দাঁত ওলাইছিল। প্ৰণৱে বাবুৰ অন্নপ্ৰাশনটো খুউব ডাঙৰকৈ পাতিছিল। অন্নপ্ৰাশনত বাবুৱে ডাঙৰ কাঁহীখনৰ পৰা একে টানে কলমটো তুলি লৈছিল। নন্দিনীৰ শাহুৱেকে হাঁহি হাঁহি কৈছিল “আমাৰ ল’ৰাই লিখা-পঢ়া কৰিব নন্দিনী।” কথাবোৰ যেন সৌসিদিনাৰহে আছিল। বাবু এদিন স্কুললৈ গৈছিল। সি স্কুলত থকা সময়খিনি নন্দিনীৰ নাযায়-নুপুৱাই লাগিছিল। স্কুলৰ পৰা অহাৰ লগে লগে নন্দিনী বাবুক লৈ ব্যস্ত হৈ পৰিছিল। প্ৰণৱৰ পিঠিত উঠি হাতী হাতী খেলা ল’ৰাটো হাইস্কুল পাইছিল। নন্দিনীয়ে নিচুকনি গীত গাই শুৱাব লগা ল’ৰাটো কিতাপ এখন লৈ নিজে নিজে শুব পৰা হৈছিল। মাকে ভাত খুৱাই নিদিলে এটা ভাতো পেটলৈ নোযোৱা ল’ৰাটোৱে মাছৰ কাঁইট বাছি সুন্দৰকৈ নিজে ভাত খাব পৰা হৈছিল। সদায় দেউতাকে স্কুললৈ অনা-নিয়া কৰা
ল’ৰাটো ক’লেজ পাইছিল আৰু এদিন ক’লেজীয়া শিক্ষা সাং কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগাইছিল। এম এছ চি পাছ কৰি নন্দিনীৰ অকণমানি ল’ৰাটো ক’লেজৰ চাকৰিত সোমাইছিল। নন্দিনীয়ে হাতত ধৰি আখৰ শিকোৱা ল’ৰাটোৱে পদাৰ্থ বিজ্ঞানৰ জটিল সূত্ৰবোৰ সহজ কৰি ছাত্ৰ-ছাত্ৰীক বুজাব পৰা হৈছিল। এই বাবুৰে আজি জোৰোণ। কেঁচুৱাৰ পৰা একলা দুকলাকৈ বাঢ়ি আজি সি পূৰ্ণাংগ মানুহ হ’ব। সংসাৰ কৰিব। তাৰ নামৰ সেন্দূৰ পিন্ধি এজনী ছোৱালী নাৰী হ’ব। এইখন ঘৰলৈ আৰু এজনী নাৰী আহিব। অধিকাৰবোৰৰ ভাগ বটোৱাৰা হ’ব। বাবুৰ তাইৰ পৰা এহাত আঁতৰলৈ আঁতৰি যাব।
বাবুৰ ওচৰৰ পৰা নন্দিনী লাহে লাহে আঁতৰি আহিল। প্ৰণৱে কোৱা মতে জোৰোণৰ যা-যোগাৰখিনি আকৌ এবাৰ চাই ল’বলৈ নন্দিনী বস্তুবোৰ গোটাই থোৱা ৰূমটোত সোমাল। ডাঙৰ পাচিটোত তামোলৰ থোক, নাৰিকল, পাটি, মাহ-হালধিৰ টোপোলা সকলো সাজু কৰা আছে। শাহুৱেকে দিহা দিয়া মতে পিতলৰ ঘট, চাউল, আমপাত, দুণৰি, শৰাই, শৰাই ঢকা, থুৰীয়া তামোল‌ সকলো হাততে পোৱাকৈ থোৱা আছে। জোৰোণৰ বাকচটো সিহঁতৰ ৰূমত আছে। বস্তুবোৰ চাই থাকোঁতে হঠাতে নন্দিনীৰ ভাস্বতীলৈ মনত পৰিল। তাই বাৰু এতিয়া কি কৰিছে। ওপজা ঘৰখন এৰি অচিনাকি ঘৰ এখন আপোন কৰি লোৱাতো নাৰীৰ বাবে কম প্ৰত্যাহ্বান নহয়। এদিন প্ৰণৱৰ হাত ধৰি তেৱোঁ আহিছিল এই অচিন ঘৰখনলৈ। ঘৰখনৰ মানুহবোৰে তেওঁক নিজৰ ঘৰখনৰ কথা পাহৰাই পেলাইছিল। অচিন ঘৰখনেই এদিন তেওঁৰ আপোন হৈ পৰিছিল। ভাস্বতীয়েও পাৰিব। তেওঁ ভাস্বতীক সহায় কৰিব। নিজক জীয়েক বুলি আদৰি ল’ব। বাবুৰ পত্নী বুলি নহয়। প্ৰণৱে মতা শুনি নন্দিনী ভাব সাগৰৰ পৰা উভতি আহিল। ছাৰে ছয় বাজিলেই। খৰধৰ কৰিবৰ হ’ল। গণকে গণনা কৰি দিয়া ক্ষণতে জোৰোণ লৈ ওলাই যাব লাগিব। তেওঁ ভাস্বতীক আজি সেন্দূৰ পিন্ধাই নিজৰ কৰি আদৰি ল’ব। নন্দিনীৰ মনটো ভালেখিনি মুকলি লাগিল। প্ৰণৱক বিচাৰি তেওঁ খৰ খোজেৰে বাহিৰলৈ ওলাই আহিল।

===

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক