মেঘ (নৱ কোঁৱৰ)

মেঘ

নৱ কোঁৱৰ

(১)
জীৱনৰ যুঁজত যুঁজ দিয়া
এজন যোদ্ধা !
নাইবা জীৱনৰ অথাই সাগৰত
হাবু ডাবু খোৱা
এজন নাবিক !!
হাতত ৰং বুলাই
কলিজাৰ উমান লয় ।
এবাৰো ওভতি নোচোৱাকৈ
স্মৰণ কৰে, মৰমী প্ৰিয়াৰ নাম ।
যুঁজৰ বেলিকা
হিমালয় উঘালি আনিব খোজা, অহমক !
কবচ নিপিন্ধাকৈয়ে যুঁজ দিয়া যোদ্ধা ॥
(২)
ডালিমৰ ৰঙা গুটি
দেখিলেই মনত পৰে
ৰঙা তেজৰ টোপাল ॥
সেউজ দূবৰিত ভৰি থলে
খং বিষাদেৰে ভৰা স্নেহময়ী
আইলৈ মনত পৰে ॥
 
জাকৈয়া ছোৱালীহঁত
মিহি পথেৰে নাযাবি ।
সেই পথতেই আছে,
যতমানে জীৱনৰ জঁট ॥
(৩)
ৰমলিয়াই থকা কাউৰীজনীলৈ
দলি এটা মাৰ ।
তাইক কৈ দে
জীৱনটো সিমান ধনী নহয় ॥
তাই যিদৰে ভাবে ॥
শংকা নকৰাকৈয়ে
সৰা পাতৰ ওপৰেদি যাবি ।
দুৱাৰৰ শলখা খোলা !
দুৱাৰৰ সিপাৰে নিজক পাবি ॥
(২)
খবৰ বিচাৰি ! প্ৰিয়ালৈ !
(দেশতেই ভগনীয়া হোৱা সকললৈ সমবেদনাৰে)
শব্দবোৰ কেতিয়াবা
নুবুজাহৈ ৰয় । সাঁথৰ হয় ।
ক’ৰবাত খুন্দিয়াই !
সাগৰৰ এচামুচ নীলাৰে
আকাশ ভৰে !!
তোমাক নেদেখা বহুদিন হ’ল
এতিয়াও ফৰকাটিংলৈ যোৱানে?
সিহঁতৰ লগত খেলানে?
গম্ভীৰ খোজেৰে আহি
সিহঁতক শাসন কৰানে?
বৰ ভয় লাগে কেতিয়াবা
তাত বোলে এতিয়া
মানুহৰ বৰ লটি-ঘটি !
চোৱাচোন আমিবোৰ
কিমান স্বাৰ্থপৰ !!
ক’ৰবাত আঘাত লাগিল নেকি ?
আচলতে শব্দবোৰ বৰ ধৰাল
ক্ষুৰৰ দৰে
আপোন বুলি
তোমাৰহে খবৰ ল’লো ।
সিহঁতবোৰ ক’ৰবাতে থাকি গ’ল ॥
নীলা আকাশখন
ভগাই ল’বানেকি ?
দেশবোৰৰ দৰে !
তৰাবোৰ কিন্তু সিঁহতক দিম
বেয়া পাবা নেকি ?
বহুদিন হ’ল
সিহঁতে কাপোৰ নিপিন্ধা
বহুদিন হ’ল
সিহঁতে ভাত নৰন্ধা ।
সিহঁতৰ চৰুবোৰ হেনো হেৰাল ॥
ক’ৰবাত …
মোলৈ মৰম আছে যদি
এপাক যাবা ।
সিহঁতক চাবা ।
একো দিব নালাগে
এবাৰ মাথো মৰমেৰে চাবা ॥
মোৰো মন আছিল
এপাক যোৱাৰ ।
তোমাৰ সতে ॥ হাতত ধৰি !!
যাবযে নোৱাৰো ।থিয় হোৱাই টান ।
ভৰিখন দেখোন এতিয়াও বিষায় ।
শব্দই বিন্ধা বুকুখনৰ দৰে ….
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক