“মেজিক নাম্বাৰ” (প্ৰদ্যুত জ্যোতি শইকীয়া)

“মেজিক নাম্বাৰ”

প্ৰদ্যুত জ্যোতি শইকীয়া

ৰাজ্যৰ স্বাস্থ্য আৰু মহানগৰ উন্নয়ন মন্ত্ৰী কালান্ত কৄষ্ণ শৰ্ম্মাই “চেন্ট্ৰেল”ৰ পৰা অহা এন আৰ এইচ এমৰ ফাণ্ডটোৰ ওপৰত চকু ফুৰাই আছিল। কেনেকৈ সৰ্ব্বোত্তম লাভালাভৰ হিচাবটো কৰিব পাৰি তাৰেই এক প্ৰকাৰ অভিযান চলাই আছিল তেৰাই। হঠাতে উধাতু খাই সোমাই আহিল উজনিৰ ডেকা বিধায়ক হিজুছ হাজৰিকা আৰু বনমন্ত্ৰী গণ্ডগোল হুছেইন।
-ছাৰ ছাৰ ছাৰ ..
হিজুছে উত্‍সাহত চিঞৰিয়েই উঠিল। কালান্ত কৄষ্ণ‍ই ভেকাহি মাৰি উঠিল,
– ৰ’বাহে হিজুছ। ইমান চিঞৰ বাখৰ নকৰিবা। এন আৰ এইচ এমৰ অংক এটাত লাগি আছো। হিচাব মিলা নাই কেই কোটিমানৰ।
-ছাৰ ছাৰ, কেই কোটিমানৰ কথা বাদ দিয়ক। হাজাৰত খেলিম আমি এতিয়া। মেজিক নাম্বাৰ ছাৰ ..মেজিক নাম্বাৰ।
কালান্ত কৄষ্ণ জপিয়াই উঠিল হিজুছৰ মুখত মেজিক নাম্বাৰৰ কথা শুনি।
-কি কোৱাহে? মেজিক নাম্বাৰ সম্ভৱ? কি ক’ত কেনেকৈ? ন-অসমীয়া পাৰ্টিৰ নজৰুদ্দিন চাহাবে কিবা কৈছে নেকি?
এইবাৰ মাজতে ঠেহেৰেকৈ তোষামোদকাৰী মন্ত্ৰী গণ্ডগোল হুছেইনে মাত এষাৰ দিলে।
-ছাৰ ছাৰ, আপুনিযে সবযান্তা যেন পাওঁ। একেবাৰে কথাষাৰ নোকোৱাকৈয়ে ধৰি পেলালে। সেই কাৰণে হাঁহিৰাম ছাৰে আপোনাক ভাল পায়।
কালান্ত‍ই লগে লগে ধমকিয়ালে গণ্ডগোল হুছেইনক।
-এহ, বুঢ়াৰ নাম এই শুভ ক্ষণত নল’বাহে। দেখাই নাই বুঢ়াক, কেনেকৈ একেবাৰে আমাৰ হাই কামাণ্ড মেডামৰ নিচিনাকৈ নিজৰ পুতেকক ৰাজকোঁৱৰ তৈয়াৰ কৰিছে। ম‍ই সেনাপতি হৈ থাকোঁতেই গৈছে। এইবাৰ মেজিক নাম্বাৰ পালেই এৰা নহ’ব বুঢ়াক। যোৱা তোমালোক। নজৰুদ্দিনৰ স’তে মোৰ মিটিং ফিক্স কৰা। ম‍ই বড়ো পাৰ্টিৰ নায়েগ্ৰা মহিলাৰীক ভাল খবৰটো দিওঁ।
হিজুচে উলাই যোৱাৰ আগতে ক’বলৈ নাপাহৰিলে
-ছাৰ, মোক কিন্তু কেবিনেট পৰ্য্যায়ৰ এটা লাগিব‍ই। বহুত কষ্ট কৰিছো, ছাৰ।
কালান্ত‍ইও গোঁফৰ তলতে হাঁহি এটা মাৰি মুৰ দুপিয়ালে। হাঁহিটোৰ তলৰ লুকাই থকা ভাৱটো কেৱল কালান্ত‍ই হে বুজিলে, “যা বোপাই, ৰাজনীতিৰ পানী কেঁচুৱা ত‍ই “। হিজুছ আৰু গণ্ডগোল হুছেইন উলাই গ’ল উল্লাসিত হৈ।

কেলকুলেটৰটোত আঙুলি বুলাই যোগ অংক এটা কৰিলে কালান্ত‍ই। নিজৰ ৩৫ + বড়ো পাৰ্টিৰ ১১ + নজৰুদ্দিনৰ ১৭ = ৬৩। হায় হায় হায়।মেজিক নাম্বাৰলৈ আকৌ এখন কম। যোৱা পাঁচ বছৰধৰি এই মেজিক নাম্বাৰৰ অংকটো মিলা নাই। কি কৰা যায়? এই বোকাখাতৰ উত্‍খাত গগৈকো ল’ব নোৱাৰি। যিহে পাগলামি তাৰ। পিছে লওঁ কাক? বুঢ়া মখাৰ কাৰোবাক টানিলেই হেডমাষ্টৰ বুঢ়াই গম পাব। কি কৰা যায় হে। কোঠাৰ মাজতে ইহাত সিহাত কৰিবলৈ ধৰিলে কালান্ত কৄষ্ণ‍ই। শেষত ভাবি চিন্তি বুঢ়া দুজনকে কোৱাৰ কথা চিন্তা চৰ্চা কৰিলে। অলপ ৰিস্ক হ’ব ..কিন্তু পৰা যাব। পৰিবহন দত্ত আৰু শ‍ইকীয়া বাইদেউক। নামানিলে কিনিয়েই পেলাম বাপ্পেকে। কিনা মানে আৰু কি? বুঢ়া-বুঢ়ী দুইটাকে হাই ইনকমৰ ডিপাৰ্টমেণ্ট দুটা দিলেই হ’ল। বুঢ়ীয়ে এটা খায়েই আছে। বুঢ়াক দি থৈছে একেবাৰে অৰ্ডিনাৰী ডিপাৰ্টমেণ্ট। বুঢ়ীক অলপ লোভ দেখুৱালেই হ’ব …..চিন্তাৰ যতি পেলাই ইণ্টাৰ কমৰ কলিং বেলটো বাজি উঠিল .. ক্ৰিং ক্ৰিং ক্ৰিং…
কালান্তকৰ চিঞৰ ..
-কাম ইন ….
অৰ্ডালী এটা সোমাই আহি চাহ একাপ দিলে। চাহৰ কাপটোত ঘোট এটা মাৰি কালান্ত কৄষ্ণ শৰ্ম্মাই বিধায়ক দত্তলৈ ফ’ন এটা লগালে।
-দাদা একেবাৰে খাটাং কথা এটা পাতোঁ। আপুনি এইবাৰ মন্ত্ৰীত্ব পাব‍ই পাব।
পৰিবহন দত্ত‍ই ভেকাহি মাৰি উঠিল,
-থোৱাহে, তুমিয়েই যোৱাবাৰ মোৰ মন্ত্ৰীত্ব খালা, এতিয়া আকৌ মন্ত্ৰীত্ব দিয়া। কটা ঘাঁত চেঙা তেল নিদিবাচোন।
-এইবাৰ খাটাং দাদা। মাত্ৰ সমৰ্থনটো আমালৈ দিব।
-তোমালোকলৈ মানে? বেলেগ দলত জ‍ইন কৰিছা নেকি হে?
-নহয় হে দাদা, কিমাননো আৰু বুঢ়াৰ ছত্ৰ ছায়াঁত থাকিম আমি ডেকাবোৰ। গতিকে……..
দীঘলীয়া ভাষণ এটা দি ফ’নটো কাটিলে হিমন্ত‍ই। আহ হা। বৰ লেকছাৰ মাৰিবলগীয়া হ’ল বুঢ়াটোক। যা হওক মানি যে ল’লে প্ৰস্তাৱটো। আনন্দতে ঠাণ্ডা চাহকাপত সোহা এটা মাৰি কালান্ত‍ই মুখ বিকটাই উঠিল। অৰ্ডালীটোক চিঞৰিলে… হীৰেণ হীৰেণ……
ooooooooo
ৰাতিপুৱাই নিজ জিলাৰ বিধায়ক দত্তৰ ফ’নত সাৰ পালে শ‍ইকীয়া বাইদেউৱে।
-হেল্ল’ বাইদেউ কালান্ত‍ই কিবা কৈছিল নেকি ?
-এহ কৈছিল হে.. তুমি কি কৰা কোৱাচোন…. চি এম ছাৰক এনেকৈ লাঠ মাৰিব পাৰি জানো?
-বাইদেউ.. কেবিনেট পৰ্য্যায়ত যদি এটা ভাল ডিপাৰ্টমেণ্ট…..
-নালাগে হে …. এবাৰ চি এমক দেখা কৰাটো ভাল হ’ব নেকি?
-ঠিক বাইদেউ.. আপুনি ওলাওক… ম‍ই গৈয়েই আছো ….

পৰিবহন দত্ত আৰু শ‍ইকীয়া বাইদেউ সোমালগৈ চিএম ছাৰৰ ঘৰত। চিএম মানে হাঁহিৰাম গগৈৰ ঘৰত। দত্তই সম্ভাষণ জনালে হাঁহিৰামক।
-মৰ্ণিং ছাৰ …
-মৰ্ণিং মৰ্ণি… অ বাইদেউ দেখোন….হেঃ হেঃ হেঃ……আপোনাৰ দেহা ভালে আছে …..ছুগাৰ কেনে?… হেঃ হেঃ হেঃ..নিমপাত খাওক বাইদেউ, নিমপাত খাওক….
দত্ত‍ই মাজতে আকৌ ঠেহেৰকৈ মাত লগালে
-ছাৰ, কালান্ত‍ই ….
-এহ হেঃ হেঃ হেঃ হেঃ…. কালান্ত ….ভাল ল’ৰা, ভাল ল’ৰা…হেঃ হেঃ..কাম কৰিছে …হেঃ হেঃ…ভাল নেতা….দেখা নাই জানো জালুকবাৰীখন……হেঃ …হেঃ… সলাই পেলালে ৰৄপ…… স্বাস্থ্যটো….হেঃ…হেঃ…হেঃ ….. ম‍ই জানোৱেই..
এইবাৰ শ‍ইকীয়া বাইদেউৱে মাত দি ঊঠিল
– নহয় মানে ছাৰ… কালান্ত‍ই আমাৰ দুয়োকে……
হাঁহিৰামে কথাখিনি নিজলৈ ঠাপ মাৰি নিলে..
-হেঃ হেঃ হেঃ হেঃ..দুইজনকে ভাল পায় ,,,..হেঃ হেঃ…হয় হয় হয়……..ম‍ই জানো নহয় ….
পৰিবহন দত্ত‍ই এইবাৰ জোৰ দি ক’লে
-ছাৰ আমাক ভাল পায় সেইটো হয়, কিন্তু আপোনাৰ বৰ ভাল ল’ৰা কালান্ত‍ই আপোনাকেই অৱসৰ দিয়াৰ চিন্তা কৰিছে তলে তলে। একেবাৰে..
-হে….. কি কোৱাহে ? কেনেকৈ সম্ভৱ হ’ৱ হে? গোটেই বিধায়ক মোৰ লগতেই আছে দেখোন। অলপ বহলাই কোৱাহে। হাই প্ৰেছাৰ আছে হে.. কোৱাচোন.. (হাঁহি নুমাই পৰিল হাঁহিৰামৰ)
– ছাৰ, আপুনিহে আমাক বুঢ়া পাই বাব নিদিলে.. এতিয়া কালান্ত‍ই আমাৰ ডেকা মখা লগাই ৩৫ টা.. নজৰুদ্দিনৰ ন-অসমীয়া পাৰ্টিৰ ১৭ টা আৰু বড়ো পাৰ্টিৰ ১১ টা মিলাই ৬৩ খন কৰিলেই। বাকী দুটা আপোনাৰ কালান্ত‍ই আমাৰ দুজনকেই কৈছিল। হ’ব বুলি কৈয়েই সেয়ে ৰাতিপুৱাই আহিলো ছাৰ। এতিয়া উঠোঁহে। বাকী আপুনি চম্ভালক।
– যোৱা যোৱা …ম‍ই কিবা এটা কৰিম …….বাইদেউ আপুনিও যাওক… হেঃ হেঃ ..দত্ত যোৱা… … চিন্তা নকৰিবা……….ইট ইজ অলচ’ এ ইম্পৰটেন্ট মেটাৰ ..হেঃ …হে… চিন্তা কৰিম।

দুয়ো ওলাই যোৱাৰ পাছত হাঁহিৰামে হাঁহি বন্ধ কৰি অলপ গহীন হ’ল। বিষয়টিৰ গুৰুত্ব উপলব্ধি কৰি ৩০বছৰীয়া ৰাজনৈতিক অভিজ্ঞতাৰে অভিজ্ঞ হাঁহিৰাম গগৈ ডুব গ’ল গভীৰ চিন্তাত। “শ‍ইকীয়া বাইদেউ আৰু পৰিবহন দত্ত বুলিহে বাছিলো এইবাৰ। বাকীবোৰ হোৱা হ’লে কোনেও নামাতিলেই হেঁতেন। মোক অৱসৰ দিয়াৰ আগতে কালান্তৰ এটা গতি লগাব লাগিব।” অলপ পাছত আকৌ হাঁহি এটাৰে হাস্যমুখৰ হৈ উঠিল হাঁহিৰাম। সময়ৰ কাঁড় সময়ত মৰাৰ কথা চিন্তা কৰিলে হাঁহিৰামে। সন্ধিয়ালৈ হাঁহিৰামে সংৱ্বাদমেল পাতি অচিৰেই মন্ত্ৰীসভা সলনিৰ কথা ঘোষনা কৰিলে।

মন্ত্ৰীসভা সলনিৰ ঘোষনা শুনিয়েই কালান্ত জপিয়াই উঠিল। কিবা অলপ গোন্ধ পোৱা যেন ভাৱ হ’ল কালান্তৰ। কেইদিনমান আগতে কীটানু ভূঞাইও গোটেইখন খেলি মেলি লগাই থৈ গৈছে। কিমান কষ্ট কৰি ঠিক কৰা হৈছে। চিধাই ধাপলি মেলিলে ক‍ইনাধৰালৈ। পিছে হাঁহিৰামে সাক্ষাত্‍ নিদিলে তেৰাক। ইফালে শ‍ইকীয়া বাইদেউ আৰু পৰিবহন দত্তও বিশেষ কামত কালিয়েই দিল্লীলৈ ঢাপলি মেলিলে। ম’বাইলে নাপায়েই ঢুকি। অলপ বিপদত পৰা যেন লাগিল কালান্তৰ নিজকে। বড়ো পাৰ্টি বা ন- অসমীয়াৰ নজৰুদ্দিনে কিবা খেলি মেলি লগোৱা নাইতো?? শ‍ইকীয়া বাইদেউ আৰু পৰিবহন দত্তক লৈ অলপ চিন্তাত পৰিল কালান্ত।
ooooooooooooooooooo
দুদিন ধৰি চেষ্টা কৰিও লগ কৰিব নোৱাৰিলে কালান্ত‍ই হাঁহিৰামক। পিছে লগ হ’ল “টেট’ৰ নিযুক্তি মহাসভাত। কালান্ত‍ই নিজৰ স্বভাৱজাত ভাষন আৰম্ভ কৰিলে। অৰ্থাত্‍ হাঁহিৰাম বন্দনা। “আমি ২৬০০০ শিক্ষক নিযুক্তি দিছো। এয়া অসম মুলুকতে প্ৰথম বিপুল সংখ্যক নিযুক্তি। স্ব্চ্ছ, নিকা আৰু আউল নথকা এক নিযুক্তি প্ৰক্ৰিয়া। এয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়া আৰু আমাৰ শিক্ষা বিভাগৰ সাফল্য। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰ্শীবাদ থাকিলে আমি আৰু উন্নতি কৰিব পাৰিম”। পিছে ভাষনৰ মাজত আগৰ দৰে পোন্ধৰবাৰ মান হাঁহিৰামৰ ফালে চোৱা কালান্তক পিছে আজি হাঁহিৰামে নাচালেই নামাতিলেও। আনকি নিজৰ ভাষন কালান্তৰ ফালে চাই চাই দিয়াৰ অভ্যাস থকা হাঁহিৰামে আজি সেইটোও নকৰিলে।কালান্তৰ বুকুখন কঁপিবলৈ ধৰিলে এইবাৰ। আনহে নালাগে টেটৰ নিযুক্তিৰ বাবে ১০০% কৄতিত্ব দিলে কেন্দ্ৰ চৰকাৰক। ৰাজ্য চৰকাৰৰ তাত মাত্ৰ ৰূপায়নৰ কামহে আছিল বুলিহে মন্তব্য কৰে। কথাবোৰে ভবাই তুলিলে কালান্ত কৄষ্ণক। যিটো নিবিচাৰিলে সেইটোৱেই হ’ল। শ‍ইকীয়া আৰু পৰিবহনৰ ওপৰত লাহে লাহে খঙটো উঠি আহিল কালান্তৰ।

মেজিক নাম্বাৰৰ কথাবোৰ ভাবি ভাবি সন্ধিয়া সচিবালয়ত বহি থাকোঁতেই কালান্তৰ ফ’নটো বাজিল। হাঁহিৰামৰ ফ’ন। কঁপা কঁপা হাতেৰে ফ’নটো ডাঙিলে কালান্ত‍ই।
– হেল্ল’ কালান্ত……
– নমষ্কাৰ ছাৰ, মানে গুড ইভিনিং ছাৰ। কওক ছাৰ।
– এ হেৰি নহয় ..হেঃ …হেঃ …. হেঃ…… তোমালোকৰ সেই হাজাৰ কোটিৰ লেঠাটোৰ কথা মোক মেডামে শুধিছিল। বোলে কালান্ত আছে নেকি লগত? কি কওঁ কোৱাচোন। মেডামে আকৌ মোকহে বেছিকৈ মানে …হেঃ…. হেঃ…আছিলা নেকি বাৰু হে?….. এইবোৰ কথাত ক্লীন শ্বীট বৰ দৰকাৰ….. হেঃ হেঃ… আফটাৰ অল তুমি ফিউচাৰ মুখ্যমন্ত্ৰী…. হেঃ হেঃ…হেঃ…… কি কওঁ কোৱাচোন……..হেঃ …হেঃ……. কোৱাচোন হে…..
– ছাৰ আপুনি আৰু কি যে কয়। ম‍ই কিয় থাকিম বাৰু ছাৰ।ম‍ই নাই বুলি আপুনি মেডামক কওঁক ছাৰ।
– হেঃ .. হেঃ.. হে….. হেৰি এটা কথা তুমি দুদিনমান ৰেষ্ট নোলোৱা কিয় হে? মন্ত্ৰীসভা সলনি কৰোঁতে ভাবিছো এইবাৰ স্বাস্থ্যটো দত্তকে দি দিওঁ… কেনে দেখা ..হেঃ …হেঃ…..। তুমি দুদিনমান হিমাচলৰ ফালৰ পৰা ৰিনিকিৰ লগত ঘূৰি আঁহা… হেঃ হেঃ… মনটো ভাল হ’ব…. বহল হ’ব… ইয়াত থাকিলে মনটো ঠেকহে হ’ব …হেঃ ..হেঃ…হেঃ….। নে কি কোৱা….?
-হয় ছাৰ, আপুনি যি কয়। ( চতুৰ কালান্ত‍ই পৰিস্থিতিৰ গুৰুত্ব বুজি ল’লে )
– অ’ আৰু এটা কথা এই এন আৰ এইচ এমৰ হিচাপ পত্ৰবোৰ ভালকে কৰিবাচোন। কেগৰ পৰা মানুহ আহিছে। কিবা এটা গণ্ডগোল পাইছে হেনো হেঃ… হেঃ…..হেঃ… …কৰিবা দেই। অ’ আৰু এটা কথা। হিমাচলৰ টিকট ম‍ই কৰাই দিমনে কৰি ল’বা ?
– এহ ছাৰে যে কি কয় ….. নালাগে নালাগে ..ম‍ই নিজেই কৰি ল’ম।

পিছদিনাই পুৱাই বিমৰ্ষ বদনে কালান্ত উৰা মাৰিলে হিমাচললৈ। ট’টেল ফেমিলি ভেকেচন। ঘূৰি আহিল তিনিদিন পাছত। আহিয়েই আকৌ মনপুতি কামত যোগদান। আকৌ হাঁহিৰামৰ লগত প্ৰথম মিটিংখন কৰিলে যোৰহাটত। যোৰহাট পুথিভঁৰাল প্ৰেক্ষাগৄহত। ছাত্ৰ ছাত্ৰীৰ সভা। হাঁহিৰামে ভাষনৰ শেষত কালান্তৰ ফালে চাই চাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি ক’লে “কাৰো জীৱনৰ উদ্দেশ্য ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী হোৱা হ’ব নালাগে। মানুহ হোৱাটোহে লক্ষ্য হ’ব লাগে।” শেষৰ মুখ্যমন্ত্ৰী শব্দটো কওঁতে অলপ বেছিকৈ জোৰ দি কালান্তৰ ফালে চাই ক’লে হাঁহিৰামে। কালান্ত‍ই মূৰ তললৈ কৰি দিলে ততাতৈয়াকৈ।

সভা শেষ হোৱাৰ দুঘন্টামান পাছতেই পৰিবহন দত্তৰ ফ’ন আহিল হাঁহিৰামৰ ম’বাইলত।
-ছাৰ, আপোনাক মানিলো দেই .. একদম ঠাণ্ডা কৰি দিলে কালান্তক ….ছাৰ মন্ত্ৰী সভা সলনি কৰিলে কিবা এটা ছাণ্স দিব ছাৰ….কেবিনেট নালাগে ছাৰ….. ৰাজ্যিক পৰ্য্যায়তে……. ছাৰ আপোনাক মানিলো ছাৰ …. ঠাণ্ডা হৈ গ’ল কালান্ত…।
-হেঃ …হেঃ….. ….. ইট ইজ অলচ’ এ স্কীল…. ইট ইজ অলচ’ এ টেলেণ্ট….. হেঃ হেঃ হেঃ……… ম‍ই থকালৈকে চিন্তা নকৰিবা হে ……বুজিছা দত্ত ….. ইট ইজ অলচ’ এ স্কীল…..ইট ইজ অলচ’ এ টেলেন্ট….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments