মেজিৰ জুই (কনচেং বৰগোহাঁই)

(গোটা বাহঁবোৰে জুইত ডাঙৰকৈ শব্দ কৰিবলৈ ধৰিলে । ৰৈ ৰৈ অন্য দিশৰ পৰা তেনে শব্দ আহিল । শব্দৰ যেন এক প্রতিযোগিতাহে । একেখন গাৱঁতে কেইবাটাও মেজি জ্বলোৱা হৈছে –বুকুখন কৰবাত অকণমান বিষাব ধৰিলে । মেজিত সেৱা কৰোতে মনতে প্রার্থনা কৰিলো এই মেজিৰ জুইকুৰাই যেন গাঁওখনৰ মানুহবোৰৰ মনৰ হিংসা-দ্বেষ আদি পুৰি ছাই কৰি পেলায়। …)

ঘৰৰ সন্মুখৰ শিলগুটি দিয়া ৰাস্তাটোৱেদি অন্যদিনতকৈ অলপ বেছি মানুহে আহ-যাহ কৰিছে । ঘৰলৈ ঘূৰি অহা মানুহৰ হাতত মস্ত মস্ত টোপোলা, বেগ। মই জানো টোপোলাবোৰত কি আছে। সৰু হৈ থাকোতে দেউতাক এনেধৰণৰ টোপোলাভৰা বেগ অনা দেখিছিলো। বেগবোৰত অকণিহঁতৰ হাঁহিবোৰ সোমাই আছে ।

****
এইবাৰ মই মাঘৰ বিহুত দুদিনমান থকাকৈ ঘৰলৈ আহিবলৈ ছুটী পাইছো। অসমৰ বাহিৰলৈ যোৱাৰ পাচত মাঘ বিহুত ঘৰলৈ যাবলৈ সুবিধাকে পোৱা নাছিলো। ল’ৰা দুটাই অসমত থকা ঘৰলৈ যাবলৈ বৰ ভাল পায়। সিহঁতক মাঘ বিহুত নো কি কি কৰে সেইবোৰ দেখুওৱাৰ ইচ্ছা আছিল। লগতে পুৰণা বন্ধু দুজনমানকো লগ ধৰাৰ আশাৰে গাঁৱলৈ আহিছো ।
*****
দুপৰীয়া জিৰাই-অতাই সন্ধিয়া বিহুৰ যা-যোগাৰ সর্ম্পকে বুজ লবলৈ পুৰণি নামঘৰৰ ফালে ওলাই গলোঁ। অৱশ্যে নোযোৱা হ’লেই ভাল আছিল। কাৰণ গাঁৱৰ কাণ্ড-কাৰখানা দেখি মনটো একেবাৰে দমি গল। বাটতে চিনাকী এজনক মেজিৰ কথা সোধাত ক’লে-‘জানো দাদা, খৰি, কাঠ গোটাইছে নে নাই গ’মেই পোৱা নাই। মইও কামৰ লেঠাত ল’ৰাহঁতৰ খবৰ এটাও ল’ব পৰা নাই।’ আন এজনে ক’লে-‘এইবাৰ বুইছে আমি এইটো চুকত ঘৰৰ মানুহখিনিয়ে একেলগে খোৱাৰ দিহা কৰিছো।’ আগেয়ে পৰিয়ালৰ মানুখিনিয়ে কিয় একেলগে খোৱাৰ ব্যৱস্থা কৰা নাছিল, সেইটোহে বুজি নাপালোঁ। মুখেৰে একো নক’লো। মাথোঁ বেঙা ধৰণৰ হাঁহি এটা মাৰি তেওঁৰ পৰা বিদায় ললোঁ। কথাবোৰ ভাবি ভাবি পুৰণা স্কুলীয়া বন্ধু এজনৰ ঘৰ ওলালোগৈ । সৰুতেই তেওঁৰ দেউতাক ঢুকোৱাৰ বাবে খেতি-খোলাত ধৰিব লগা হোৱাত পঢ়া-শুনা স্কুল পর্যায়তে সামৰণি পৰিল। তেওঁ ঘৰখনৰ একমাত্ৰ ল’ৰা, সেয়ে ঘৰখনৰ ভাৰ সম্পূর্ণ তেওঁৰ ওপৰতে পৰিল। বহুদিনৰ মূৰত সেই বন্ধুৱে মোক দেখি হাঁহি এটা মাৰি মোৰ কুশল বার্তা ল’লে। কথাৰ লগে লগে মুঢ়া এটা আনি পিৰালিতে বহিব দিলে আৰু নিজেও বহি ল’লে । সুখ-দুখৰ কথাৰ পৰা আৰম্ভ কৰি ল’ৰা-ছোৱালী পঢ়া শুনালৈকে বহু কথা পাতিলোঁ । কথা প্রসংগত বন্ধুৱে ক’লে—‘তোমালোক নগৰত আছা, মানে দূৰৈত থাকি ভালেই কৰিছা । সুখত আছা, শান্তিত আছা। আজিকালি গাঁওতহে শান্তি নোহোৱা হ’ল। আমাৰ গাঁওখনো আগৰ দৰে হৈ থকা নাই। মানুহৰ মাজত মিলাপ্রীতি, মৰম, চেনেহ আদি নোহোৱা হ’ল। আগৰ চাম মানুহৰ এজনো নোহোৱা হ’ল, তেওঁলোকে পুৰণি নীতি-নিয়ম অনুসৰণ কৰি গাঁওখন ধৰি ৰাখিছিল। থানবান হ’বলৈ এৰি দিয়া নাছিল। এতিয়া আমাৰ এই চুবুৰীৰ কেইঘৰৰ বাদে বাকী সকলো ভাগ ভাগ। তোমাকনো কি ক’ম? দুদিনমান থাকিলে নিজেই সকলো গম পাবা।’— বন্ধুজনে বৰ দুখেৰে কথাখিনি ক’লে । ‘তুমিতো পৰিয়াল লৈ আহিছা, ক’লৈনো যাবা? আমাৰ ইয়ালৈকে আহিবা।’—বন্ধুজনে একপ্রকাৰ জোৰ কৰিয়ে কথাষাৰ ক’লে। ল’ৰা-ছোৱালীহালেও ভাল পাব। তুমি ফ্রী যেতিয়া আমাৰ ইয়াতে লাগি ভাগি দিবও পাৰিবা। ল’ৰাবোৰে খৰি, কাঠ গোটাইছে। মইতো আছোৱেই। ডাঙৰ-সৰু সকলোৱে আহিব ভোজলৈ।
মই ল’ৰাহঁতৰ কথা ভাবিয়েই সন্মতি জনালো যদিও অকণো উৎসাহ অনুভৱ নকৰিলো ।
যি কি নহওঁক যথাসময়ত ৰং-তামাচাৰ মাজেৰে মেজিৰ জুই জ্বলিল। গোটা বাঁহবোৰে জুইত ডাঙৰকৈ শব্দ কৰিবলৈ ধৰিলে। ৰৈ ৰৈ অন্য দিশৰ পৰা তেনে শব্দ আহিল। শব্দৰ যেন অঘোষিত প্রতিযোগিতাহে। একেখন গাৱঁতে কেইবাটাও মেজি জ্বলোৱা হৈছে—বুকুখন ক’ৰবাত অকণমান বিষাব ধৰিলে। মেজিত সেৱা কৰোতে মনতে প্রার্থনা কৰিলো এই মেজিৰ জুইকুৰাই যেন গাঁওখনৰ মানুহবোৰৰ মনৰ মাজত থকা হিংসা-দ্বেষ আদি ছাই কৰি পেলায় ।

 

ডেভিদ স্বৰ্গীয়াৰী— মেজিৰ জুইৰ উত্তাপে নিকা কৰি তোলক আমাৰ কলুষিত মনবোৰ ৷ লেখাটি পঢ়ি ভাল পালোঁ ৷

সূৰ্য কুমাৰ বৰা — লেখাটোত অসমৰ বেছি সংখ্যক গাঁৱৰে বর্তমানৰ ছবিখন ওলাই পৰিছে। নিশা ভোজৰ সলনি কেনেকৈ মদ আৰু মাংসৰ খানা হয় তেনে দৃশ্যও আপুনি দেখিব। পঢ়ি ভাল লাগিল।

দিপুল হালৈ— এতিয়া গাঁৱৰ ঘৰে ঘৰে মেজি । ২০বছৰৰ আগেয়ে গোটেই গাঁৱখনে একেলগে মেজি সাজিছিল।

পাৰ্শ্ব নেওগ— আপুনি ইয়াত মেজিৰ শব্দৰ প্ৰতিযোগিতাৰ কথাহে কৈছে। কিন্তু আমাৰ ফালে আকৌ মাঘৰ বিহুৰ উৰুকাৰ দিনা কাৰ ঘৰত কিমান জোৰেৰে ‘হোম-থিয়েটাৰ’ত গান বজাব পাৰে, কোনে কিমান মদ খাব পাৰে তাৰহে প্ৰতিযোগিতা চলে।

নিৰঞ্জন হাজৰিকা— আমাৰ গাৱঁত যেনিবা আমাৰ মনত পৰা দিনৰ দৰেই মেজি জ্বলে।

বৰা নিতুল— কথাখিনি পঢ়ি দুধাৰি চকুলো বৈ আহিল ক’ব নোৱাৰাকৈয়ে। এনে এখন গাঁৱৰ ছবি কেতিয়াও আশা নকৰো। বিশেষকৈ উজনিত। উজনি মোৰ বৰ প্ৰিয়। অন্তত অসমীয়াৰ সকলো আশা উজনিতে আছে বুলি মোৰ বিশ্বাস আছিল। কিন্তু লিখাটো পঢ়ি দুখ পালোঁ,  বাস্তৱৰ ছবিখন দাঙি ধৰা বাবে আপোনালৈ ধন্যবাদ থাকিল। কিন্তু এতিয়াও আমি মেজি সাজি সকলোৱে একেলগে ভোগালি বিহু আদৰি আহিছো। নাজানো এই ধাৰা কিমান দিনলৈ ৰক্ষা কৰিব পৰা যাব। এটা কথা সঁচাকৈ কৈছে যে আজিৰ চামে উৰুকাৰ নিশা কিমান মদ খাব পাৰি, কোনে কিমান জোৰেৰে গান বজাব পাৰে তাৰেই যেন প্ৰতিযোগিতা চলে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক