মেজিৰ ধোঁৱা ( চন্দ্ৰমা কলিতা )

মেজিৰ ধোঁৱা

চন্দ্ৰমা কলিতা

“মা দাদাই ফোন কৰিছিল?”,স্কুললৈ ওলাই খোৱা মেজত বহিয়ে কঁহুৱাই প্রথমে মাকক সুধিলে।
“অ’ কৰিছিল । বাবা বিহুত আহিব পাৰিব হেনো । মাজতে দেওবাৰটো মিলাই তিনিদিনৰ  বাবে আহিব। শুক্রবাৰে পুৱা আহি পাব আৰু দেওবাৰে ৰাতিৰ বাছত যাবগৈ।“
“শুক্রবাৰে?”,খোৱাবস্তু সোমাই থকা মুখখন মেলি কঁহুৱাই মাকৰ কথাৰ মাজতে
চিঞৰি উঠিল।কেলেণ্ডাৰখনলৈ চাই তাই হিচাপ এটা কৰিলে আৰু  হেপাঁহেৰে মাকক উদ্দেশ্যি ক’লে,”তোৰ দিন খতম বুজিছ?আৰু ছয় দিন পাছত তোক কোনে পাত্তা দিয়ে ? শুক্রবাৰ মানে মাঘবিহুৰ উৰুকা ।মই যে ভাবিয়ে আছিলোঁ , সি আহিব নোৱাৰিলে বিহুটো তামাম ব’ৰিং হ’ব বুলি । তিনিদিন খুব কম সময় বাৰু তথাপিও সি যে আহিব । মা , তই সি ভালপোৱা বস্তু  আটাইবোৰ কৰিবি দেই এইবাৰ” । স্কুললৈ বুলি ওলোৱাৰ ব্যস্ততাৰ মাজতেই কঁহুৱাই মাকক ক’লে । ককায়েক আহিব বুলি নিশ্চিন্ত হোৱাৰ  বাতৰিটো তাইৰ বাবে পুৱাটোৰ ভাল খবৰ হৈ পৰিছে।
কঁহুৱাজনীৰ আনন্দখিনি দেখি মাকৰো মনটো ভাল লাগিল । ল’ৰা-ছোৱালীহালৰ মাজৰ  টান দেখি তেওঁৰ মনটো ভৰি উঠে । কমদিনৰ বাবে হ’লেও ল’ৰাটো এইবাৰ বহুদিনৰ মূৰত ঘৰলৈ আহিব । যোৱাবাৰ বহাগ বিহুৰ সময়তে যি অহা । তাৰপাছত সি আহিবই পৰা নাই । উৎসৱবোৰত একমাত্র ল’ৰাটো নাহিলে কিবা ভাল নালাগে । চাকৰিসূত্রে আত্মীয়-স্বজনৰ পৰা দূৰৈত থাকিবলগীয়া হোৱা এই সৰু চহৰখনত
তেওঁলোকৰ সৰু পৰিয়ালটো মৃণ্ময় নাথাকিলে আৰু বেছি সৰু হৈ পৰে ।  ককায়েক মৃণ্ময় মেডিকেল পঢ়িবলৈ যোৱাৰে পৰা কঁহুৱাজনীও ঘৰখনত অকলশৰীয়া হৈ পৰিছে । আগতে মৃণ্ময়ৰ লগত কোঠাত সোমাই ফুচফুচীয়া মেল মাৰি  থাকিছিল তাই। স্কুলৰ আৰু টিউচনৰ কিমান যে কথা থাকে তাইৰ ককায়েকক  ক’বলৈ । ককায়েকে কিবা এটা ক’লেও তাইৰ শুনাৰ সময় নাথাকে । নিজৰখিনিয়েই যে কৈ
শেষ নহয় । সিহঁতৰ সেইবোৰ মেলত বেছিভাগ সময় মাক অথবা দেউতাকৰ প্রৱেশ  নিষিদ্ধ । এতিয়া স্কুলৰ পৰা আহি পঢ়া-শুনা কামখিনি ঠিকমতে কৰি শেষ হোৱাৰ পাছৰ এনেই থকা সময়খিনিত অকলশৰীয়া কোঠাটোত তাইৰ কিবা অখজা লাগে । মৃণ্ময়ক দৈনন্দিন কথাবোৰ ক’বলৈ নাপাই তাইৰ মনটো খচখচাই থাকে । ককায়েক আহিব বুলি গম পাই কহুঁৱাৰ মনটোও সেয়ে আনন্দই নধৰা হৈছে।কিমানযে কথা  আছে তাইৰ তাক ক’বলৈ।
“মাঘৰ বিহুটো এইবাৰ ভালকৈ পাতিব লাগিব।”—জপিয়াই , জপিয়াই  চিৰিকেইটাৰে নামি ওলাই যোৱা কঁহুৱালৈ চাই চাই মাকে মনে মনে ভাবিলে।
বৃহস্পতিবাৰে পুৱা মৃণ্ময়ে আকৌ ঘৰলৈ ফোন কৰিলে।বুঢ়াপাহাৰ মাজত ৰাষ্ট্রীয়  ঘাইপথেৰে চলাচল কৰা নৈশ-বাছসমূহলৈ কোনোবাই  গুলিচালনা কৰা বাবে এদিনলৈ তিনিচুকীয়া আৰু গুৱাহাটীৰ মাজৰ নৈশ বাছৰ চলাচল বন্ধ কৰি দিয়া  হৈছে। গতিকে সি উৰুকাৰ দিনা অর্থাৎ শুক্রবাৰে পুৱাৰ বাছতহে ঘৰলৈ আহিব।দুৰাতি ঘৰত থাকি আকৌ  দেওবাৰে নিশাৰ বাছত গুৱাহাটীলৈ ঘূৰিব । সোমবাৰে হেনো তাৰ কিবা এখন দৰকাৰী  চেমিনাৰত যোগদান কৰিবলগীয়া আছে।
“এই উগ্রপন্থীবোৰৰ বেলেগ কাম নাই নেকি বাৰু ? বিহুৰ সময়ত এইবোৰ গুলিয়াগুলি  কৰি কেনে জাতিপ্রেম দেখুৱাবলৈ আহিছে ?  এনেই দাদা ইমান কমদিনৰ বাবে আহিব । তাতে আকৌ এটা বেলা নষ্ট কৰিলেই এইচবে?”,দেউতাকৰ মুখত কথাবোৰ শুনি  মাকক লাৰু বান্ধিবলৈ নাৰিকল এটা ৰুকি দিবলৈ লৈ কঁহুৱাই বিৰক্তিৰে ক’লে।
উৰুকাৰ নিশা জুইকুৰাৰ কাষত বহি কহুঁৱাৰ দেউতাকে পুনৰ হাতৰ ঘড়ীটোলৈ চালে । নিশা ১০বাজি ৪১মিনিট গৈছে । মৃণ্ময় অহা বাছখন এতিয়ালৈ তিনিচুকীয়া পোৱাহি নাই। গুৱাহাটীৰ পৰা আহোতে বাছখন ঠিক সময়তে আহিছিল । আবেলি ৪মান বজাত  বাছখন আহি ডিব্রুগড় পাওঁতে মৃণ্ময়ে ঘৰলৈ ফোন কৰি কৈছিলো যে আৰু এঘণ্টাৰ পাছতে সি ঘৰ পাবহি । পিছে আধা ঘণ্টামানৰ পাছত আকৌ সি ফোন কৰি জনালে যে  চাবুৱাত কোনোবা যুৱক এজনক মিলিটেৰীয়ে বিনাদোষত বন্দী কৰি নিয়াৰ প্রতিবাদত
সমবেত ৰাইজে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি থৈছে  । কেতিয়া বাট মুকলি হ’ব একো  নিশ্চয়তা নাই।সেই তেতিয়াৰে পৰা এতিয়ালৈকে মৃণ্ময় অহা বাছখন চাবুৱাতে ৰৈ আছে।এইফালে ঘৰত কহুঁৱাহঁতে চোতালত খৰিৰ জুইত উৰুকাৰ ভাত ৰান্ধি শেষ কৰি  ৰৈ আছে মৃণ্ময় আহি পোৱালৈ । আমনজিমন কৈ জুইৰ কাষত বহি থকা কঁহুৱা এসময়ত ঠাণ্ডা লাগিছে বুলি ভিতৰলৈ উঠি গ’ল।
“দাদা আহিলে মাতি দিবি মোক।”,যোৱাৰ আগেয়ে তাই মাকক কৈ গ’ল।
কঁহুৱাক ভাত কেইটা খাই শুই থাক গৈ বুলি ক’বলৈ মাকৰ সাহস নহ’ল । তাই শুই পৰাৰ দুঘণ্টাৰ পাছত অর্থাৎ নিশা ১বাজি৩০মিনিট যোৱাতহে মৃণ্ময় আহি ঘৰ সোমাল । খৰিৰ জুইত হেপাঁহেৰে ৰন্ধা ভাত-আঞ্জাবোৰ আকৌ গেছ-ষ্টোভত গৰম কৰি কঁহুৱাক নজগোৱাকৈয়ে মাক,দেউতাক আৰু ভাগৰুৱা মৃণ্ময়ে শেষ নিশা মাঘ বিহুৰ উৰুকাৰ ভাতসাজ খালে । ইমান দেৰিকৈ ভাত খাবলৈ বুলি কঁহুৱাক জগাবলৈ কাৰো সত নগ’ল।
“পাগলী নুঠ নেকি ? ৰাইজে মেজি ফুৱাই শেষ কৰিলেই।”,শুই থকা কঁহুৱাজনীৰ গাত ঠেলা এটা মাৰি মৃণ্ময়ে ক’লে।
“ঐ তই কেতিয়া আহিলি ? ৰাতি নাহিলি নেকি ? এতিয়াহে মাতিছ যে ? মোৰ কাৰণে কি আনিছ ? ”, একেলগে কেইবাটাও প্রশ্ন একেলগে কৰি কহুঁৱাই চকু মেলিলে।
“কানিয়া কালি ৰাতিয়েই আহিলো । তইহে শুই থাকিলি । এতিয়া বস্তু খুজিবলৈ লাজ লগা নাই তোৰ ?  উঠ না । এনেই ইমান কম সময়ৰ বাবে আহিছো , তই আকৌ শুই দেখুৱাইছ।“,মৃণ্ময়ে ক’লে।
“উঠিম নহয় । তই আগতে ক’ মোলৈ কি আনিছ ? আৰু এইবাৰ মোক মাগুৰি বিললৈ চৰাই দেখুৱাবলৈ নিবি নাই ক’ । মই কেমেৰাটো লুকুৱাই থৈছোঁ । তই নিলেহে উলিয়াই দিম।” — কঁহুৱাই লেনিয়াই কৈ উঠিল।
“লাজ নাপাৱ নিলাজ ?  চা ,  তোৰ চকুত ফেঁচকুৰি লাগি আছে আৰু নাকৰ পাহিত সেইবোৰ কি লাগি আছে ক’লা ক’লা ? আগতে এইবোৰ ধুই মেলি চাফ-চিকুণ হৈ ল । তাৰপাছত হে দিয়া-লোৱা কামটো হ’ব।“,মৃণ্ময়ে হাঁহি হাঁহি ক’লে।
কঁহুৱাই গাৰ লেপখন পেলাই এইবাৰ ককায়েকলৈ চোঁচা ল’লে।
“বাবা , দেউতাৰে মেজিৰ গুৰিত কাঠ-আলু পুৰিছে । তোক মাতি আছে যা আকৌ । মাজনী তই উঠিবি নে মই যাব লাগিব?”,মাকৰ আকস্মিক কিন্তু প্রত্যাশিত চিঞৰটোত দুয়োৰে দবৰা-দবৰি যুঁজখন আৰম্ভ হোৱাৰ ঠিক প্রাক-মুহূর্তত থমকি ৰ’ল । ভনীয়েকক আকৌ এটা ঠেলা দি মৃণ্ময় বাহিৰ পালেগৈ।
সিহঁতৰ সৰু চোতালখনতে এইবাৰো দেউতাকে সৰু মেজি এটা সাজিছে । চুবুৰিৰে ডেকা খুৰা,গগৈ নিচাদেউ আৰু ৰাজবংশী মামাহঁত আহিছে মেজি সেৱা কৰি বিহুৰ পিঠা-লাৰু খাবলৈ । সিহঁতৰ ঘৰৰ কাষৰে জৈন আংকল আৰু টোডীজীও আহিছে । আটাইকেইজনে অকণমানি মেজিটোৰ চাৰিওফালে বহি কথাৰ মহলা মাৰি আছে । মকৰ সংক্রান্তিৰ পুৱাটোৰ সতেজ ৰ’দখিনিত জ্বলি থকা মেজিটোৰ ধোঁৱাবোৰে নাচিব ধৰিছে । দৃশ্যটো দেখি মৃণ্ময়ৰ মনটো ভাল লাগি গ’ল । গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ বাৰ ঘণ্টাৰ ঠাইত উনৈছ ঘণ্টাৰ দীঘলীয়া বাছ যাত্রাৰ বিৰক্তিখিনি যেন সিহঁতৰ চোতালৰ দৃশ্যটোৱে একে পলকতে মচি দিলে।
“হো ল’ এইখন আৰু এইখিনি জুইত দি সেৱা এটা কৰ।“,মৃণ্ময়ৰ কান্ধত নতুনকৈ ভাঁজ খোলা গামোচা এখন আৰু হাতত তিল আৰু চাউল অলপ গুজি দি মাকে ক’লে।
আঠুকাঢ়ি সেৱাটো কৰিবলৈ লওঁতেই তাৰ পকেটৰ মোবাইল ফোনটো বাজি উঠিল । লৰালৰিকৈ অগ্নি দেৱতাক সেৱা কৰি সি ফোনটো উঠালে।লগৰ অবিনাশৰ ফোন।অবিনাশৰ সৈতে কথা পাতি উঠাৰ পাছতে অলপ আগতে ফৰকাল হৈ থকা মৃণ্ময়ৰ মুখখন অন্ধকাৰ হৈ থাকিল ।
“কি হ’ল?কাৰ ফোন আছিল?”,তাৰ মুখৰ পৰিৱর্তন দেখিয়ে মাকে উৎকন্ঠাৰে সুধিলে।
“চাচোন এই সংগঠনবোৰৰ কাৰবাৰ ! কালি যে উঠাই লৈ গৈছিল ল’ৰাটো,তাৰ ডেডবডি আজি পুৱতি নিশা পুলিচ থানাৰ সন্মুখত পেলাই থৈ গৈছে মিলিটেৰীয়ে । দুটামান সংগঠনে মিলি প্রতিবাদৰ নামত কাইলৈ চৌব্বিশ ঘণ্টীয়া অসম বন্ধ দি দিলে।“মৃণ্ময়ে কৰ্কশ  মাত এটাৰে ক’লে।
“অহ…!পিছে তই ইমান খং কিয় কৰিছ?”,আচৰিত হৈ মাকে মৃণ্ময়ক সুধিলে।
“আৰে তহঁতে বুজা নাই নেকি?কাইলৈ অসম বন্ধ মানে মই আজি গধূলিয়ে গুৱাহাটীলৈ ঘূৰিব লাগিব।সোমবাৰৰ চেমিনাৰখন মই কোনোপধ্যে মিছ কৰিব নোৱাৰো।“,মৃণ্ময়ে অলপ ডাঙৰকৈয়ে ক’লে।কিবা এটা অজানা উত্তেজনাত সি অলপ কঁপি উঠিছে।
“উগ্রপন্থীৰ গুলিয়াগুলি,ৰাইজৰ পথ-অৱৰোধ,অসম বন্ধ আৰু কি কি নহ’ল এইকেইদিনতে ? বিহুটোও ভালকৈ উপভোগ কৰিবলৈ  নিদিয়ে এইচবে।আজি যাবই লাগে যদি মই কালি আহিছিলো কিয় উনৈছ ঘণ্টা বাছত বহি ?”,একে উশাহতে আকৌ কথাখিনি কৈ সি গোঁ-গোঁৱাই ঘৰৰ ভিতৰত সোমাবলৈ ঘূৰিল । ঘৰলৈ আহিবলৈ লোৱাৰে পৰা ঘটি থকা বেমেজালিবোৰলৈ তাৰ হঠাৎ এক বুজাব নোৱাৰ খং উঠি আহিল।
মেজিটোলৈ পিঠি দি এখোজ দিয়ে সি ৰৈ দিলে।তাৰ সন্মুখত এয়া ভনীয়েক কঁহুৱা ৰৈ আছে। লৰালৰিকৈ গা ধুই তায়ো মেজি সেৱা কৰিবলৈ আহিছে । থমকি ৰৈ ভনীয়েকলৈ চাওঁতেই তাইৰ দুচকুৰে চকুপানী বৈ আহিল । মৰমৰ ককায়েকটো আজিয়ে যাবগৈ বুলি তাই সপোনটো ভবা নাছিল।
“তোৰ আকৌ কি হ’ল?”,খং মিহলি মাতটোৰেই মৃণ্ময়ে তাইক সুধিলে। আচম্বিতে এনেকৈ বিহুৰ দিনটোতে ঘৰ এৰি যাবলগা হোৱাত উঠা তাৰ খংটো কঁহুৱাক দেখি ক’ব নোৱাৰাকৈ বাঢ়ি গ’ল।
“ক’ত কি হোৱা দেখিলি ? চাওঁ , আগৰ পৰা আতৰ ।মেজিৰ ধোঁৱাই চকুত ধৰিছে মোৰ ।“, আজলি কঁহুৱাই গহীনাই কথাখিনি কৈ ককায়েকৰ পৰা চকু আঁতৰাই সেৱা কৰিবলৈ আঠুকাঢ়ি বহিল । মৃণ্ময়ৰ খং উঠা দেখি গহীন হৈ পৰা দেউতাকহঁতৰ মুখ কেইখন তাই এবাৰ চাই ল’লে । অলপ সময় মনে মনে থাকি কহুঁৱাই এইবাৰ মেজিটোলৈ চাই কান্দি দিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক