মেজি…পথাৰৰ পৰা পিৰালিলৈ : পিৰালিৰ পৰা বজাৰলৈ (ধিৰাজ কলিতা)

ধিৰাজ কলিতা

(নামঘৰ প্ৰাংগণত মেজিটো সজা হ’ল যদিও কোনোৱে স্পষ্টকৈ নাজানে কাৰ সিদ্ধান্তত মেজি আহি নামঘৰৰ পদূলি পালেহি । যি হৈছে ভালেই হৈছে বুলিয়েই সকলোৰে মত । সেইবাৰ হেনো মেজিত গাড়ীৰ টায়াৰ দুটাও দিছে । বাঁহ-খেৰ বেছিকৈ গোটাবৰ সময় নহ’ল, মানুহো নাই। টায়াৰৰ জুইও ভাল, বহু পৰলৈ থাকে।)

মেজি…পথাৰৰ পৰা পিৰালিলৈ : পিৰালিৰ পৰা বজাৰলৈ

কুঁৱলীৰ বুকু ভেদি অহা পুহমহীয়া ৰ’দখিনি অমৃত সমান । মেজিৰ কাৰণে খেৰ, নৰা, বাঁহ গোটাবলৈ গাঁওৰ ৰাইজ ওলাইছে পথাৰলৈ। হাতত দা, কুঠাৰ,কাঁচি। কেঁচা বেল বা কুমলীয়া কেঁচা বাঁহৰ দুটামান পাব দিলে মেজি জ্বলি থকাৰ সময়ত শব্দ কৰি ধমকৈ ফুটে, কি যে আনন্দ । কেইদিনমান আগতে পকাধানেৰে গিজগিজাই থকা পথাৰখনৰ সোন্দৰ্য সম্পূৰ্ণৰূপে ম্লান হোৱা নাই । দূৰ-দূৰণিলৈ বিস্তীৰ্ণ নৰাবোৰে অন্য এক সোন্দৰ্য কঢ়িয়াইছে । আলিবোৰত গজি উঠা দূবৰি খাই ভোকৰ স’তে যুজিছে দুটামান দামুৰীয়ে । যোৱা তিনিমাহে গৃহস্থই বান্ধি ৰখা গৰুকেইটা ধান কটা হোৱাৰ পিছত মুকলিকৈ এৰি দিছে । স্বাধীন অনুভৱ কৰি সিহঁতৰো বিহু বিহু লাগিছে । নৰাৰ মাজে মাজে খালী ভৰিৰে খোজ কাঢ়িছে সকলোৱে । তাৰ মাজতে অকৌ দুজনমান উদণ্ডই মাটিৰ আলিটোৰ ওপৰেৰে দূবৰিত ওলমি থকা নিয়ৰৰ মুকুতা মহটিয়াই, কেচুৰ মাটি গচকি দুয়োখন হাত মেলি দি আলিৰ পৰা ভৰি দুখন ননমোৱাকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰিছে । কাইলৈ মাঘৰ উৰুকা । তত্‌ নাই ৰাইজৰ গাত । সৰু সৰু লৰাবোৰে নৰাবোৰ মুঠি মুঠিকৈ উভালিছে আৰু এঠাইত থূপ কৰি ৰাখিছে । কিছুমানে খেৰ কাটিছে অলপ দূৰৈত, কিছুমানে অকৌ শুকান গছৰ ডাল, বাঁহ আদি গোটোৱাত ব্যস্ত ।বেলি লহিয়াবৰ সময়ত আটায়ে ভাৰ বান্ধি আনি নামঘৰৰ সন্মুখত থলে ।গা-পা ধুই, খোৱা বোৱা কৰি সন্ধিয়া সাতমান বজাত গাওঁৰে কাৰোবাৰ ঠেলা এখন যোগাৰ কৰি বা ম’হৰ গাড়ীতে নৰা-খেৰ,বাঁহ লৈ নদীৰ পাৰলৈ যায় । ৰাতি বেছি হ’ব বুলি সৰু লৰাখিনিক যাবলৈ নিদিয়ে। গোটেই ৰাতি ভোজ খাই, উজাগৰে থাকি মেজি সাজে । পিছদিনাখন বোৱাৰী পুৱাতেই গাঁওৰ ৰাইজো পথাৰলৈ গৈ নৈত গা ধুই,নৈবেদ্য অগবঢ়াই, হৰিধ্বনি দি মেজিৰ উত্তাপ লয় । মেজিৰ ছাইৰ ক’লা ফোঁট এটা লৈ মাহ-কৰাই খাবলৈ ঘৰা-ঘৰি ওভতে ।
১০-১২ বছৰ আগতে এখন গাঁওৰ এয়া এক চিনাকি দৃশ্য আছিল । একেখিনি মানুহ, একেটা নামঘৰ, একেখন নৈ-পথাৰ থকাৰ পিচতো কেনেকৈ নদীৰ কিনাৰৰ পৰগনীয়া ৰাইজৰ সেই প্ৰকাণ্ড মেজিটো আহি ভাগ হৈ হৈ গৃহস্থৰ শাকনি বাৰীৰ এচুক পালে, সেই কথা ভাবিলে গা-মন চিৰিংকৈ যায় । কোনে জানে? দুদিন পিছত সেই মেজি গৈ ড্ৰয়িং ৰুমৰ মেজত জন্মদিনৰ মমকেইডালৰ দৰেও জ্বলিব পাৰে ।
গাঁওৰ কাষেৰে যোৱা জলজলী নদীটোৰ পানী শুকাই আহিছে বছৰে বছৰে ।পুহ-মাঘ মাহৰ সময়ত পানী প্ৰায় নাথাকেই । মেজিৰ নৈবেদ্যৰ বুট চোবাই চোবাই এজনে কলে—”নদীত পানী নাই যেতিয়া, ইয়াত গা ধোৱাও সম্ভৱ নহয় । গতিকে নৈৰ পাৰত মেজি সজাৰ কোনো যুক্তি নাই।’’ উপস্থিত সকলোৱে ইজনে-সিজনৰ মুখলৈ চালে। হা-না কোনোৱে একো মাত নামাতিলে দেখোন, অনুমান হয় পৰোক্ষভাৱে কথাষাৰ আটায়ে সমৰ্থন কৰিছে । কথাষাৰত শলাগি মিঠা সুৰেৰে আন এজনে লাহেকৈ কলে,”কথাষাৰ হওতে ঠিকেই । গাঁওৰ পৰা ভালেখিনি দূৰ হয় নদীলৈ, আমাৰ চন্দ্ৰ দাইটিহঁতৰ আৰু পুৱা এই ঠাণ্ডাত ইমান দূৰ খোজ কাঢ়ি আহি মেজিৰ উম লোৱাৰ সামৰ্থ্য নাই । গাঁওৰ মাজতে বৰপুখুৰীৰ পাৰত নাইবা নামঘৰৰ সন্মুখতেই সাজিলে ডেকা-বুঢ়া সকলোৱে মেজিৰ সেক লব পাৰিব । তদুপৰি লাগ বুলিলেই দাখন, ৰছীডাল, খৰাহিটো আনিব পৰা হ’ব । আটাইতকৈ ভাল হ’ব ৰাতি নৈৰ পাৰত মেজি বান্ধিবলৈ পোহৰৰ একো ব্যৱস্থা নাই । চেকনীৰ টেঙল তোলোতে কিমানৰ হাত কাটে ঠিকনা নাই । গাঁওৰ মাজত হ’লে মেইন লাইনৰ পৰাই তাঁৰ এডাল লগাই বাল্ব দুটা লগাব পৰা হ’ব।” কলিতাই কম বুলিও জিভাৰ আগৰ পৰা ঘূৰাই নিয়া কথাষাৰ হ’ল—”খোজ কাঢ়িলে ৰাতিপুৱা গৰমহে লাগিব। আৰু দূৰনো কিমান? চন্দ্ৰ দাইটিৰ ঘৰৰ পৰা নামঘৰলৈ যিমান, নৈৰ পাৰলৈয়ো সিমান। আৰু তেওঁতো সিমান অসুস্থ নহয় যে বিহুৰ দিনাখন আহিব নোৱাৰিব। আমাৰ পিতাইহঁত কেনেকে আহিছিল নহ’লে? সকলোৰে সুবিধা চাব গলে নহ’ব নহয়।”
আন্ধাৰ, ঠাণ্ডা, দূৰ আদি কেইবাটাও মনেসজা অজুহাতৰ ফলস্বৰূপে পিচৰ বছৰ মেজিটোৱে ঠিকনা সলাই নতুন ঠিকনা ললে—”নামঘৰ প্ৰাংগণ।” নামঘৰ প্ৰাংগণত মেজিটো সজা হ’ল যদিও কোনোৱে স্পষ্টকৈ নাজানে কাৰ সিদ্ধান্তত মেজি আহি নামঘৰৰ পদূলি পালেহি । যি হৈছে ভালেই হৈছে বুলিয়েই সকলোৰে মত । সেইবাৰ হেনো মেজিত গাড়ীৰ টায়াৰ দুটাও দিছে । বাঁহ-খেৰ বেছিকৈ গোটাবৰ সময় নহ’ল, মানুহো নাই। টায়াৰৰ জুইও ভাল, বহু পৰলৈ থাকে। ৰাতি এপৰলৈ মদ খাই বিহুৰ দিনাও ১১টা বজালৈ শুই থকা, জীৱনত কেতিয়াও মেজিৰ জুই দেখি নোপোৱা ডেকা-বুঢ়াসকলোৱে সেইবাৰ গাঁওত মেজি পুৱাবলৈ সুবিধা পালে। কিছুমানে আকৌ ঘৰত দমকলৰ পানী গৰম কৰি গা ধুই, চাহ-বিস্কুত খাই বাতৰি কাকতখন হাতত লৈ জুমি জুমি চাই থাকে । নামঘৰলৈ কোনোবা আহিলে নেকি, মেজিত জুই দিলে নেকি ? এইফালে আকৌ মানুহ অহা নাই বুলি মেজিত জুই দিবলৈ উপস্থিতসকলে বাট চাই থাকে । শেষত যেনিবা ৰ’দ ওলাও ওলাও কৰাৰ সময়ত ৰাগে খঙে জুই দিয়াত ঘৰৰ পৰা চাই থকাকেইজনে গাত এৰী চাদৰখন মেৰিয়াই হাড়ে-হিমজুৱে অসমীয়া সাজি নামঘৰ পদূলিত উপস্থিত হয়হি ।
“প্ৰসাদৰ বুট তিয়াব পাহৰা”,”গাঁওৰ মানুহ আহি নাপাওঁতেই মেজি জ্বলোৱা”,”মেজিৰ বাঁহৰ আগটো পশ্চিমমুৱা হৈ থকা”,”অইন গাঁওৰ মানুহ আহি মেজি পুওৱা’ ইত্যাদি নতুন নতুন বিষয় লৈ ৰাইজ আৰু কৰ্মীসকলৰ মাজত মতানৈক্য হ’বলৈ ধৰিলে, যিবোৰ আগতে কেতিয়াও নহৈছিল । ইয়াত মেজি সজা আৰম্ভ কৰাৰে পৰা মানুহবোৰে তিলটোকে তাল কৰিব ল’লে। ৰাজহুৱা কামতটো দুই এটা সৰু-সুৰা ভুল হ’বই”—প্ৰকাশে ভোৰভোৰালে । গৌতমেও মাত দিলে,”মেজি সাজিবলৈ প্ৰতিবছৰে সেই ৫-৬ জনেই ল’ৰা ।সেই কাৰণে কওঁ এইবোৰ ৰাইজৰ কাম কৰি বদনামৰ অংশীদাৰ হ’ব নালাগে ।মোৰটো মনেই নাছিল এইবাৰ ।তোৰ কাৰণেহে ফ্ৰীতে শুনিবলগা হ’লনে কথাবোৰ ।এইবাৰৰ পৰা কাণত ধৰিছো আৰু। বিহুৰ দিনা এইমুৱা নহওঁ । চাওচোন এই গাঁওত মেজি সজা কেইজন বৰমতা ওলায় ?”
মুখেৰে ক’লে যদিও পিচৰ বছৰো কিন্তু গৌতম, প্ৰকাশহঁতেই সাজিলে মেজি ।পঢ়-শুনা, টকা-পইচা বাঢ়ি যোৱাৰ লগে লগে “একেলগে ২০০জন মানুহে মেজি পুৱাব লাগে বুলি ক’ত লিখা আছে ?”,”দুপৰীয়া মেজি পুৱালে ক’ত নো মহাভাৰতখন অশুদ্ধ হৈ য়ায় ?”, “মন পবিত্ৰ থাকিলে সকলো পবিত্ৰ” আদি যুক্তিবিলাক মানুহৰ মগজুলৈ আহিব ল’লে আৰু নামঘৰ প্ৰাংগণত বিহুৰ মেজি পুৱাবৰ সময়ত ৩ বছৰ আগৰ ২০০জনৰ ঠাইত ২০ জন মানুহো চকুত নপৰা হ’ল।
এতিয়া প্ৰকাশ,গৌতমহঁতৰ দৰেই দুই চাৰিজনে মনক মনাব নোৱাৰি, অইন গাঁওৰ মানুহৰ আগত নিজৰ নাক কটা যাব বুলি ভাবিয়ে নামতহে এটা ৰাজহুৱা মেজি সাজে । কিন্তু প্ৰায়বোৰেই সাজে নিজৰ ঘৰত, তাৰ মাজতে আকৌ “মেজি সাজিলেহে সংস্কৃতি ৰক্ষা হয়নে ?” বুলি ভবা কেইজনে মেজি নাসাজি বিহুৰ দিন এসাজ খাই টিভিৰ অনুষ্ঠান চাই থাকে। কিছুমানে ওচৰৰে বৰদেউতাকহঁতৰ লগত একেলগে মিলিজুলি সাজে, কিছুমানে আকৌ এটা পৰিয়ালতে প্ৰতিজন সদস্যৰ কাৰণে এটাকৈ সাজে ।যেনিবা এটা চখ,অভিজাত্যৰ প্ৰতীক ।যেন মেজি সজাটো এক অঘোষিত প্ৰতিযোগিতা,ওচৰ-চুবুৰীয়াৰ লগত মনৰ ভিতৰত লুকাই ৰখা এটা জেদ ।এবাৰ কোনোবাই, পৰিয়ালৰ সদস্যৰ গাইপতি বনোৱা দেখি পিছৰ বছৰ পৰিয়ালৰ মৃত সদস্যজনৰ নামটো উছৰ্গা কৰি বাৰীৰ পিছফালে এটা বৃহত্‍কায় মেজি সাজিছে ।কোনোৱে যদি খেৰ-বাঁহেৰে সাজিছে,কোনোৱে আকৌ চেগুন কাঠেৰে । মাথোঁ ৰাইজক দেখুৱাইছে, কোনোবাই এদিনীয়া, কোনোবাই আকৌ তিনিদিনীয়া কৰ্য্যসূচীৰে মেজি প্ৰজ্বলন অনুষ্ঠান পাতিছে।
দুদিনমান পিচত বাৰ্থডে’ খাবলৈ যাওতে বৰুৱানীৰ মুখত শুনিলো এনেকে—”জানা, এই যে নতুনকৈ আহিছে ভঁৰালী টেন্টহাউছ। ইমান ঠগবাজ। কাম ভাল হ’লে কি হ’ব? আমাৰ স্কোৱেৰ ফিট ৫০ টকাকৈ লৈছে । সৰু জোঁৱাইৰ লগত কথা পাতোতে জনালে,আগতীয়াকৈ বুক কৰিলে হেনো ইয়াতকৈ কম ৰেটত শিলিগুৰিৰ পাৰ্টি আহিব।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments