মেট্ৰিক পৰীক্ষাই জীৱনৰ সৰ্বোচ্চ পৰীক্ষা নহয়(অৰুণজ্যোতি দাস)

২৮ মে’, ২০১৪৷ আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলো‌ৱাৰ লগে লগেই চৌদিশে এটা উৎস‌ৱমুখৰ পৰি‌ৱেশ সৃষ্টি হৈছে। কেমেৰামেন-সাংবাদিকে গৈ শীৰ্ষস্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে। আলোচনী, বাতৰি–কাকতত ডাঙৰ ডাঙৰ হৰফেৰে তেওঁলোকৰ হাঁহিমুখীয়া মুখৰ আলোকচিত্ৰ প্ৰকাশিত হ’ব। বিদ্যালয় কেইখনতো এসপ্তাহমানলৈ মানুহৰ লানি নিচিগা সোঁত বৈ থাকিব। আৰু নিশ্চয়কৈ তেওঁলোকৰ অভিভা‌ৱকসকলে কষ্টৰ যথোচিত ফল প্ৰাপ্তিৰ আনন্দ আৰু গৌৰ‌ৱৰ মিশ্ৰিত অনুভূতিত সামান্য চকুপানী টুকিছে।

জী‌ৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাত উচ্চ স্থান দখল কৰি পিতৃ-মাতৃ, বিদ্যালয় তথা নিজৰ এলেকাটোলৈ গৌৰ‌ৱ কঢ়িয়াই অনাটো নিঃসন্দেহে এটা ভাল কথা। ছাত্ৰজনে তেওঁৰ সফলতাক অনুধা‌ৱন কৰিব পৰাতকৈ অধিক বেছি সুখী হয় তেওঁৰ শুভাকাংক্ষী, অঙহী-বঙহী আৰু স্থানীয় ৰাইজ। এই সকলোকে সন্তোষিত কৰিব পৰাটোও এটা ডাঙৰ কৃতিত্বই।

এতিয়া কথা হৈছে এই যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহোটা বা কুৰিটা স্থান দখল কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়, তেওঁলোকে এই একে গতিৰেই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অথবা বিশ্ববিদ্যালয় শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিব পাৰে নে? দেখা যায় যে এওঁলোকৰ মাত্ৰ ২০% মান ছাত্ৰ-ছাত্ৰীয়েহে এনে ধাৰা অক্ষুন্ন ৰাখিব পাৰে। ইয়াৰ পিছত এই মেধা‌ৱী ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে ক’ত আছে কোনেও গম নোপো‌ৱা হয়। মই নিজে দেখিছো, ২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কটন মহাবিদ্যালয়ৰপৰা ৪৯ জন ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছিল, যিসকলে মেট্ৰিক পৰীক্ষাত উচ্চ নম্বৰ পায়েই সেই মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। অৱশ্যে এজন মেধা‌ৱী ছাত্ৰ বা ছাত্ৰীৰ এনে অধঃপতনৰ আঁৰতো বহু কাৰক জড়িত হৈ থাকে, যিবোৰৰ প্ৰতি আমি সতৰ্ক হো‌ৱা উচিত অথচ যাৰ বিষয়ে বহু অভিভা‌ৱক সম্পূৰ্ণৰূপে অজ্ঞ হৈয়েই থাকে।

যি কি নহওঁক, আমি ভা‌ৱোঁ জী‌ৱনৰ শৈক্ষিক অৰ্হতাৰ ভেঁটিটো গঢ়াত মেট্ৰিক পৰীক্ষাটো এটা আধাৰস্বৰূপ। প্ৰাক-প্ৰাথমিক শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে বিদ্যালয়ত যি শিকো‌ৱা হয়, সেইখিনিয়েই এজন মানুহৰ বোধ-শক্তি সৃজন কৰিবৰ বাবে যথেষ্ট। ‘বিদ্যালয়ত যি শিকো‌ৱা হয়’ বুলি ক’লে ভুল হ’ব, কাৰণ আমাৰ বহু বিদ্যালয়ত একো‌ৱেই শিকো‌ৱা নহয়; গতিকে ক’ব লাগিব, পাঠ্যক্ৰমত যিবোৰ শিক্ষা সন্নিৱিষ্ট কৰা হয়, সেইবোৰ। এইখিনি শিক্ষাই আমাৰ সতেজ মগজুটোত যুক্তি-তৰ্ক কৰিবপৰা বোধ-শক্তিৰ আধাৰ দিয়ে, জটিল গণিতীয় হিচাপ-নিকাচ তথা উপপাদ্যবোৰ বুজিবৰ বাবে সহায় কৰে, বিজ্ঞানৰ চমকপ্ৰদ সূত্ৰবোৰৰ বিষয়ে অনুসন্ধিৎসু হ’ব পৰাকৈ জ্ঞান দিয়ে আৰু দৰ্শনৰ কথাবোৰ ভা‌ৱিবৰ বাবে মগজুৰ স্নায়ুবোৰক ত্বৰান্বিত কৰে। গতিকেই এই দহোটা বছৰৰ শিক্ষা আমাৰ জী‌ৱনৰ আটাইতকৈ মূল্য‌ৱান শিক্ষা। ইংৰাজী, অসমীয়া বা হিন্দী ভাষাৰ ব্যাকৰণৰ শিক্ষা এইকেইবছৰতেই সমাপ্ত হয়। এই সময়ত যদি কোনো এজন ছাত্ৰই যিকোনো এটা বিষয়ৰ ‘প্ৰাথমিক ধ্যান-ধাৰণা’বোৰ স্পষ্টভা‌ৱে আয়ত্ব নকৰে, তেন্তে মহাবিদ্যালয়ত গৈ তেওঁ সেইবিষয়ত বহু কষ্টৰ সমুখীন হ’ব লগীয়াত পৰে। কাৰণ, মহাবিদ্যালয়ত গৈ ছাত্ৰজনে হঠাৎ বহু ডাঙৰ এটা পাঠ্যক্ৰমৰ বোজা ল’বলগীয়াত পৰে।

আমি ক’ব খুজিছোঁ যে, মেট্ৰিক পৰীক্ষাই জী‌ৱনৰ সৰ্বোচ্চ পৰীক্ষা নহয়। এজন ছাত্ৰই মেট্ৰিক পৰীক্ষাত আশানুৰূপ ফলাফল লাভ নকৰিলে বুলিয়েই তেওঁৰ জী‌ৱন শূণ্য হৈ নাযায়। পিতৃ-মাতৃয়েও অযথা গালি–শপনিৰে তেওঁক দৈনিক আমনি দিয়া উচিত নহয়। এনে বহু পৰিস্থিতিৰ কবলত পৰি দুই একে আত্মহননৰ পথো বাচি লো‌ৱা দেখা যায়। ই চূড়ান্ত মূৰ্খামিৰ চিন। আমাৰ সমাজতে এনে বহু উদাহৰণ ওলাব যে, মেট্ৰিক পৰীক্ষাত হয়তো দ্বিতীয় বিভাগত উত্তীৰ্ণ হো‌ৱা ছাত্ৰ বা ছাত্ৰী গৰাকীয়েই গৈ আজিৰ দেশৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হৈছে। সকলো IAS বা APSC উত্তীৰ্ণ বিষয়াই কিন্তু মেট্ৰিক পৰীক্ষাত খুব উচ্চ স্থানৰ নম্বৰ পাই উত্তীৰ্ণ নহয়। যিকোনো দেশৰে প্ৰখ্যাত অৰ্থনীতিবিদ, বিজ্ঞানী, কূটনীতিবিদ, সংগীতজ্ঞ অথবা খেলু‌ৱৈ, যাৰ নাম আমাৰ বাবে হয়তো প্ৰেৰণা; তেওঁলোক কেতিয়াও কিন্তু পঢ়া-শুনাত একেলেথাৰিয়ে উচ্চ স্থানৰ গৰাকী নাছিলে বা নহয় বা নহ’বও। আনুষ্ঠানিক শিক্ষাই আমাক মাত্ৰ এখন প্ৰমাণ-পত্ৰ আৰু নম্বৰ এটোপোলা দিয়ে; আমাৰ জী‌ৱনত নিজকে এজন ‘মানুহ’ হিচাপে গঢ়িবৰ বাবে, নিজৰ প্ৰতিভাক বিকশিত কৰিবৰ বাবে, সুস্থ সমাজ গঢ়ি এজন সচেতন নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে, মান‌ৱীয় গুণেৰে বিভূষিত হ’বৰ বাবে যাৰ অৰিহণা প্ৰায় শূণ্যসম। জ্ঞানী (Wise) হ’বৰ বাবেও কিন্তু আমাক আনুষ্ঠানিক শিক্ষাৰ একেবাৰেই প্ৰয়োজন নাই। আইনষ্টাইন, এডিচন আদি কৰি বহু মনীষীৰ কিন্তু আনুষ্ঠানিক শিক্ষা একেবাৰেই কম আছিল।

জী‌ৱনত সফল হ’বৰ বাবে যে প্ৰত্যেকটো পৰীক্ষাতেই আমি উত্তীৰ্ণ হ’ব লাগিব, তেনে কোনো ধৰা-বন্ধা কথা নাই। দুটিমান উদাহৰণ দিব খুজিছো।

ক) তেওঁ সেনাবাহিনীত মকৰল হ’বৰ বাবে বিদ্যালয়ৰ শিক্ষা বাদ দিছিল। ‘ৰেড-ক্ৰছ’ত যোগদান কৰি এম্বুলেন্স চলাইছিল। এই এম্বুলেন্সখনত নানাৰঙী কাৰ্টুনৰ ছবি অঁকা আছিল। পিছত এখন বাতৰি-কাকতে চাকৰিৰপৰা উলিয়াই দিছিল তেওঁক— ‘কল্পনা-শক্তি’ আৰু ‘নিজস্ব ধাৰণা’ নোহোৱাৰ বাবে। তেওঁ হ’ল জনপ্ৰিয় কাৰ্টুন মিকি-মাউচৰ স্ৰষ্টা আৰু ২২টাকৈ অস্কাৰ বঁটাৰে সন্মানিত ‌ৱাল্ট-ডিজনী।

খ) ‘অলিভাৰ টুইষ্ট’, ‘A Tale of Two Cities’ আদি বিশ্ববিখ্যাত গ্ৰন্থৰ লিখক চাৰ্লছ ডিকেন্সে অতিপাত ধাৰৰ বোজাত দেউতাক জেললৈ যাব লগা হো‌ৱাত বাৰ বছৰ বয়সতে বিদ্যালয় এৰি জোতাৰ ফেক্টৰীত দৈনিক ১০ ঘন্টাকৈ কাম কৰিবলগীয়া হৈছিল। পিছলৈ তেওঁ কেৰাণী হিচাপে কাম কৰিছিল আৰু ২২ বছৰ বয়সতে সাংবাদিক হিচাপে স্বীকৃত হৈছিল।

গ) টমাছ আলভা এডিছন বিশ্বৰ ইতিহাসত চাগৈ সৰ্বোচ্চ উদ্ভা‌ৱণকাৰী বিজ্ঞানী, যাৰ নামত ১০০০ৰো বেছি ‘পেটেণ্ট’ আছে, যিয়ে লাইট বাল্ব, ফনোগ্ৰাফ, মুভি-কেমেৰা ইত্যাদিৰ উদ্ভাৱণ কৰি বিশ্ববাসীক আগুৱাই থৈ গৈছে। তেখেতে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা মাত্ৰ তিনিমাহ মানলৈহে ল’বলৈ পালে। ৰোগৰ বাবে শিশু এডিছনৰ মন পঢ়া-শুনাৰ পৰা একেবাৰেই আঁতৰি আহিছিল আৰু এজন শিক্ষকে তেওঁক “একোৱেই শিকিব নোৱাৰা” ল’ৰা বুলি কৈছিল। মাক এগৰাকী শিক্ষয়ত্ৰী হোৱা বাবে পিছত অৱশ্যে মাকে নিজেই এডিছনক শিকাইছিল।

ঘ) বেঞ্জামিন ফ্ৰেংকলিন একেধাৰে এজন ৰাজনীতিবিদ, লিখক, উদ্ভাৱক, বিজ্ঞানী, প্ৰকাশক, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাতা-জন্মদাতা আছিল। এওঁ কোনোকালে বিদ্যালয়ৰ শিক্ষা সাং কৰিব পৰা নাছিল।

ঙ) বাৰ বছৰ বয়সত বিদ্যালয়ত ভৰি দিয়া ছাৰ আইজাক নিউটনে সোতৰ বছৰ বয়সলৈকে কিন্তু অংক শিক্ষা পোৱা নাছিল। তেওঁৰ বিদ্যালয়ত কেৱল লেটিন ভাষা শিকোৱা হৈছিল। পিছত এৱেঁই মাধ্যাকৰ্ষণকে ধৰি কেইবাটাও গণিতীয় সূত্ৰ আ‌‌ৱিষ্কাৰ কৰি গৈছে।

কিন্তু সেইবুলি আমি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক মেট্ৰিক পৰীক্ষাত অকৃতকাৰ্য হ’লেও বা একেবাৰে নিম্নমানৰ নম্বৰেৰে উত্তীৰ্ণ হ’লেও চলি যাব বুলি মত পোষণ কৰিব খোজা নাই। আজিকালি পৰীক্ষাত ভাল নম্বৰ পালেহে এখন ভাল মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পঢ়িবৰ বাবে সুযোগ পাব পাৰি। এতিয়া যিহেতু প্ৰতিযোগিতাৰ যুগ, গতিকে আগৰ তুলনাত পাবলগীয়া নম্বৰৰ পৰিমাণো যথেষ্ট বাঢ়িছে। আগতে য’ত ৭০-৮০ শতাংশ নম্বৰ পালেই হৈছিল, এতিয়া তাত ৯৫-১০০ শতাংশ নম্বৰ পাবলগীয়া হৈছে। ইয়াৰ উপৰি প্ৰ‌ৱেশিকা পৰীক্ষা(Entrance test)ত উত্তীৰ্ণ হ’ব নোৱাৰিলেও আজিকালি ভাল অনুষ্ঠানত নাম লগাব নো‌ৱাৰি। গতিকে আজিৰ তাৰিখত এজন ছাত্ৰ/ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ‌য়ো কেতিয়াবা বিষাদৰ মুখামুখি হ’ব লগীয়াত পৰে।

ভাল মহাবিদ্যালয়ে, ভাল বিশ্ববিদ্যালয়ে আমাক পৰীক্ষাত ভাল নম্বৰ গোটাবলৈ সহায় কৰে, যাৰ বিনিময়ত হয়তো এটা ভাল চাকৰি এজন ছাত্ৰ বা ছাত্ৰীয়ে লাভ কৰিব পাৰে। কিন্তু এটা ভাল চাকৰিয়েই এজন মানুহক সমাজৰ প্ৰতি দায়িত্বশীল, নিজৰ প্ৰতিভাক বিকশিত কৰি আনৰ বাবে প্ৰেৰণা হৈ ৰো‌ৱা এজন আদৰ্শ নাগৰিক তথা এজন সম্পূৰ্ণ ‘মানুহ’ হিচাপে গঢ়ি নুতুলিবও পাৰে।

অৰুণজ্যোতি দাস। ৰজাবাৰী, বোকাখাত ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক