মেডিকেল কলেজৰ হাঁহি চকুলো (২৬): দীপুল হালৈ

হয়, এয়া মনীষা বৰাৰেই চিঠি আছিল। খুলি চাই মনটো ভাল লাগি গ’ল। প্ৰথম কোনো অচিনাকি ছোৱালীয়ে মোলৈ লিখা চিঠি। ভিতৰৰ আখৰ কেইটাও বৰ ডাঙৰ ডাঙৰ। চিঠিখন বহু কেইবাৰ পঢ়িলোঁ। সাধাৰণ পৰিচয় চিঠিখনত লিখিছে। মই দ্বিতীয়খন চিঠি লিখিবলৈ সাজু হ’লোঁ। এখন চিঠি লিখি পঠালোঁ। আকৌ এখন চিঠি পোৱাৰ আশাৰে। এমাহমানৰ পাচত আকৌ এখন চিঠি আহিল। পঢ়ি উঠি ময়ো এখন লিখিলোঁ।

এদিন সন্ধিয়া এখন চিঠি পঢ়ি থাকোঁতে হক সোমাই আহিল। মই চিঠিখন চম্ভালিবই নাপালোঁ। সি গম পালে মোৰ পত্ৰ বান্ধৱীৰ চিঠি। তাৰ পৰাই লগৰ খিনিয়ে গম পাই গ’ল মোৰ চিঠি পত্ৰৰ কথা। এদিন ধেমালিতে হকে মোক ক’লে: মনীষাক তুমি এটা মদাহী- গুণ্ডা ল’ৰা বুলি লিখি দিম ৰ’বা, ঠিকনাটো বিস্ময়খনত আছেই। মই তাক ক’লোঁ- ঐ হক, সেইবোৰ নকৰিবা দেই। মই বিস্ময়ৰ মনীষাৰ ঠিকনাটো পেনেৰে ঘঁহি ঘঁহি চিনিব নোৱাৰাকৈ কাটি দিছিলোঁ। সি কথাটো গম পাই ক’লে, “হালৈ, বিস্ময় কি এখনেই ছপা হৈছে নেকি হে? হে হে হে”- তাৰ তামোলেৰে বিবৰ্ণ দাঁতকেইটা উলিয়াই কৈছিল। এৰা কথাটো হয়টো, মই যে এটা ভাল বুৰ্বক। বৰ লাজ পাইছিলোঁ।

আমাৰ মানসিক চিকিত্সা বিভাগৰ ক্লাছো আৰম্ভ হৈছিল। এটা দুটা ক্লিনিক্সৰ ক্লাছো হৈছিল। ৱাৰ্ডত গৈ বেলেগ এখন জগত দেখিছিলোঁ। পুৰুষ মহিলা বহুতো ৰোগী ভৰ্তি হৈ আছে। ৰুগীয়াসকলৰ প্ৰায় বিলাকৰেই ভাৱলেশহীন মুখমণ্ডল। কোনো ফালে চালে চায়েই থাকে; কথাৰ উত্তৰো ভালকৈ নিদিয়ে। দুই এজনে আকৌ অলপ কিবা কৈয়েই ফেকুঁৰি ফেকুঁৰি কান্দি দিয়ে। কোনোজনে আকৌ আমাকে গালি পাৰিছিল। বিভিন্ন ধৰণৰ মানসিক ৰোগত আক্ৰান্ত হৈ আছে এই লোকসকল। ডায়জেপাম, ইচিটি আদি শব্দবোৰ প্ৰথম শুনিছিলোঁ। প্ৰথম ইচিটি (Electro convulsive therapy) দিয়া দেখি ভয় খাই গৈছিলোঁ। থকা ঠাইৰ পৰা অজানিতে এখোজ পিছুৱাই আহিছিলোঁ। কিবা আসুৰিক চিকিত্সা যেন লাগিছিল। কিন্তু তাত কাম কৰি থকা গৃহ চিকিত্সক দাদাসকলৰ বাবে সেয়া তেনেই সাধাৰণ কথা। আমাৰ নতুন ছাত্ৰাবাসৰ সমুখতে এই চিকিত্সা বিভাগটো। কোঠালৈ আহি ৰোগীসকলৰ কোৱা কথাবোৰ, ক্লাছৰ কথাবোৰ লগতে কিতাপৰ দুই এটা পাঠ পঢ়ি নিজৰো কিবা মানসিক ৰোগ হোৱা যেনহে লাগিছিল। কিছুমান লক্ষণচোন মোৰো আছে। অকল এই অনুভৱ মোৰেই নহয়, বহুতৰে। দাদাসকলে কৈছিল এয়া হেনো থাৰ্ড ইয়েৰ চিন্ড্ৰ’ম। প্ৰায় সকলেই নিজৰ লগত কিছুমান লক্ষণ বিচাৰি পায়।

অৱশ্যে দুই এজনৰ মানসিক ৰোগ হৈছিল। আমাতকৈ জ্যেষ্ঠ এজন দাদা মেনিক ডিপ্ৰেচিভ চাইক’ছিছ (Manic Depressive Psychosis: MDP) নামৰ ৰোগত আক্ৰান্ত হৈছিল। তেখেতে ইতিমধ্যে ডাক্তৰ হৈছিল। এদিন ঘৰৰ পৰা চিকিত্সাৰ বাবে মেডিকেললৈ আহিছিল। কিন্তু এদিন ৰাতিপুৱা ৰুটি দিয়া মিনুৱে ক’লে ১৬ নম্বৰ ৰুমত দাদা এজনে চিপজৰী ল’লে। গ’লোঁ। হয় দত্তদাৰ নিথৰ দেহটো ওলমি আছে। ভয় আৰু দুখত থৰ লাগিছিলোঁ। হোষ্টেলবিলাকৰ ল’ৰা-ছোৱালী আহি শোকত ভাগি পৰিছিল। অধ্যক্ষ চাৰ, চুপাৰ চাৰো আহিছিল। পুলিছ আহি দেহটো নমাইছিল। আমাৰ লগৰ সিঙৰ বেডকাভাৰ এখনেৰে কামটো কৰিছিল। সিং ৰুমত শুয়েই আছিল। সিঙৰ মানসিক অৱস্থাও বেয়া হৈ গৈছিল। শুই উঠি প্ৰথম তেওঁৱেই প্ৰথম দেখিছিল দত্তদাৰ ওলমি থকা নিথৰ দেহটো। দুপৰীয়া যেতিয়া যোৰহাটৰ পৰা যেতিয়া বৃদ্ধ মাক- দেউতাক আহিছিল তেতিয়া কাৰো সান্তনা দিবলৈ ভাষা নাছিল। নতুন ছাত্ৰাবাসত ওপৰ মহলাৰ এটা ৰুমতো হেনো এজনে এনেকুৱা কৰিছিল। সেই ৰুমটো সদায় তলা বন্ধ আছিল। কোনোৱে থাকিবলৈ সাহস গোটাব পৰা নাছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক