মেডিকেল কলেজৰ হাঁহি চকুলো -২৭,২৮ -(দীপুল হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো…


দীপুল হালৈ
২৭// অসম চিকিত্সা মহাবিদ্যালয়ৰ গীত
পূৰ্ব-ভাৰতীৰ তীৰ্থ প্ৰাংগণত

পূজাৰী আমি জনতাৰ,

প্ৰাণৰ শকতিৰে, সেৱাৰ জেউতিৰে

ঢালি দিওঁ পোহৰৰ ধাৰ।
আমাৰ পৰশত জীৱন জাগে

মৰণৰ পৰাজয়,

ক্লান্তিৰ শেষ হয়, অৱসাদ মহাভয়

দীনতাৰ ম্লানিমাৰ।
মানুহৰ সেৱাতেই পাওঁ ভগবান

জীৱন ভৰি গাওঁ মানুহৰ জয়গান

প্ৰীতিৰ মন্ত্ৰেৰে তুমি মই বলীয়ান

শান্তিৰ উপাচাৰ।।
-শুনিলেই ভাল লগা এটি গীত। আমাৰ চিকিত্সা মহাবিদ্যালয়ৰ প্ৰতিটো উত্সৱ, সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণীতে এই গীতটো গোৱা হয়। এই বিশেষ গীতটোৰ ৰচনা আৰু সুৰ : ডা:দ্বিজেন্দ্ৰ নাথ বৰুৱা, ৰচনাকাল : ১৯৫২চন। তেখেত ৪ মাৰ্চ ১৯৯২ত স্বৰ্গগামী হয়। গীতটোৰ তাল কাহৰবা (৮ম মাত্ৰা)। এই মহাবিদ্যালয় গীতটোৰ স্বৰলিপি লিখিছিল প্ৰদীপ কুমাৰ ব্ৰহ্ম ডাঙৰীয়া। গীতটো  প্ৰেক্ষাগৃহত যেতিয়া বাজে এক পুলকত সকলো শিহৰিত হৈছিল। আজিকোপতি এই গীতটো শ্ৰদ্ধাৰে গোৱা হয়।

এইবাৰৰ মোৰ “মেডিকেল কলেজৰ হাঁহি চকুলো..”ত গীতটো আগবঢ়ালো।

কলেজ সপ্তাহত এই গীতটো গোৱা হৈছিল। কলেজ সপ্তাহ আৰম্ভ হৈছিল মাৰ্চপাষ্টেৰে। ৰাতিপুৱাই আমি পুৰণি ছাত্ৰাবাসৰ পাচফালে থকা ফিল্ডলৈ গৈছিলোঁ। ৮ বজাত পতাকা উত্তোলনেৰে কলেজ সপ্তাহ আৰম্ভ হৈছিল। লগতে এই গীতটো গোৱা হৈছিল। অধ্যক্ষ চাৰৰ চমু ভাষণৰ পাচতেই মাৰ্চপাষ্ট আৰম্ভ হৈছিল। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম বাৰ্ষিকৰ মাৰ্চপাষ্ট। সকলোৰে আগত গৈছিল সেনা বাহিনী বা অসম ৰাইফলচৰ পৰা এটা বেণ্ড। বৰ ভাল লাগিছিল। সুন্দৰ ইউনিফৰ্ম পৰিহিত বিভিন্ন ক্লাছৰ মাৰ্চপাষ্ট। যিটো শ্ৰেণীৰ মাৰ্চপাষ্ট সকলোতকৈ ভাল হৈছিল সেইটোক প্ৰথম পুৰস্কাৰ দিছিল। এবাৰ আমাৰ ক্লাছেও প্ৰথম হৈছিল। মাৰ্চপাষ্টৰ কথা ওলাওঁতে মনত পৰিছে : মোৰ এটা ধুনীয়া বগা চোলা আছিল। এই চোলাটো বহু কেইবছৰ ছোৱালী হোষ্টেলৰ বাইদেউসকলে পিন্ধিছিল। আমাৰ হোষ্টেলৰ দাদাহঁতে এই চোলাটো মোৰ পৰা নি বাইদেউহঁতক মাৰ্চপাষ্টত পিন্ধিবলৈ দিছিল। এনেকুৱা শুদ্ধ বগা চোলা হোষ্টেলত কেইটামানহে আছিল। পিন্ধা বাইদেউ গৰাকীয়ে পাচত বৰ ধুনীয়াকৈ ধুই মেলি ইষ্ট্ৰি কৰি ওভোতাই দিছিল। চোলাটোৰেই ভাগ্য ভাল আছিল। মাৰ্চ পাষ্টৰ পাচত ফিল্ডত বিভিন্ন খেলা ধূলা হৈছিল। আমি মাত্ৰ দৰ্শকহে আছিলোঁ। তাৰপাচত পিজি হলত ফ’টোৰ প্ৰদৰ্শণী হৈছিল। তেতিয়াই কিছুমান সুন্দৰ ফ’টো এই প্ৰদৰ্শণীত দিছিল। উদিত সূৰ্য, অস্তগামী সূৰুয, মকৰাৰ বিউটি পাৰ্লাৰ, লুইতৰ নাৱৰীয়া আদি কিছুমান এতিয়াও মনত পৰা কিছুমান ফ’টো। সাহিত্যৰো প্ৰতিযোগিতা হৈছিল। ময়ো কবিতা, গল্প আদিত ভাগ লৈছিলোঁ। বেছি ভাগতেই আমাৰ লগৰ শ্ৰীমন্ত মাধব বৰুৱাই বটা বুটলিছিল।

 

 

২৮//

নতুনকৈ নাম ভৰ্ত্তি হোৱা ল’ৰা-ছোৱালী আহিবলৈ লৈছে। এইবাৰ ভৰ্ত্তিহোৱা বেটচৰ ওপৰত কলেজৰ ল’ৰা-ছোৱালী নাৰাজ। কাৰণ তেওঁলোকৰ নামভৰ্ত্তিত হোৱা আন্দোলনত লাঠি চালনাত বহুতে আহত হ’ব লগা হৈছিল। ৰেগিঙো হৈছে। ১৯৯৩ ৰ ২৬ ফেব্ৰুৱাৰীৰ ডায়েৰিত লিখিছিলো : ৰেগিং – নিৰ্দোষ ধেমালি। নিৰ্দোষ ধেমালি হোৱাহেঁতেন কথা নাছিল। কিন্তু সেয়া হৈ থকা নাই নেকি ?… আমি যেতিয়া হোষ্টেললৈ আহিছিলো- আমিও ৰেগিং খাইছিলোঁ। তাৰ ভালেখিনিয়েই আছিল মধুৰ নিৰ্দোষ ধেমালি সদৃশ – ভাবিলে এতিয়াও ভাল লাগে। অৱশ্যে দুই এটা তিক্ত ঘটনাও নঘটা নহয়- ঘটিছিল। আমিও পলাইছিলোঁ ৰেগিঙৰ পৰা হাত সাৰিবলৈ- ব্ৰহ্মপুত্ৰৰ পাৰলৈ। হোষ্টেলৰ পৰা পলাব লগীয়া হোৱা নাছিল, বেডিং লৈ ঘৰলৈ যাব লগা হোৱা নাছিল। … কিন্তু এইবাৰ গ’ল। ল’ৰাই হোষ্টেললৈ বেডিং আনি দুদিনমান থাকি আকৌ গ’ল গৈ। কাৰণ এইবাৰ হেনো ৰেগিঙৰ স্বৰূপেই বেলেগ। সাৱধানসূচক অ’ফিচিয়েল জাননী ওলাইছে। ম‍ই ৰেগিং নকৰো। দুই এটা কথা সোধো। ইমানেই। ল’ৰা ৰেগিঙৰ ফলত আহত হ’ল। হস্পিতালত ভৰ্তি হ’ব লগা হ’ল। …ব্যক্তি বিশেষৰ দৰ্জাত সাৱধানসূচক জাননী আঁৰিলে অফিচৰ পৰা। হোষ্টেলত নতুন ল’ৰা নাইয়েই। সম্ভবতঃ আন্দোলন সম্পৰ্কীয় কথাৰ বাবে। এই ক্ষেত্ৰত ক’ব পাৰি যে নামভৰ্ত্তি কৰা সকল নিৰ্দোষী। কাৰণ সিঁহতক মতা হৈছে নামভৰ্ত্তিৰ বাবে। দোষী বিভাগীয় কৰ্তৃপক্ষ। ছাত্ৰ সংগঠনৰ কথাত কাণসাৰ নিদি নামভৰ্ত্তি দিয়ালে। সংঘটিত হ’ল বাধা প্ৰদান…আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত বাহিনীৰ লাঠি-চাৰ্জ, মাৰ ধৰ। তাৰেই ফলশ্ৰুতি যেন এইবোৰ।

 

এইবোৰ কথাকেই পাতি পাতি আবেলি বিপুল, আজাদ, ছাহিদুল আৰু অনিলৰ লগত পল্টনবজাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰ পালোগৈ।বিপুলৰ কথাবোৰ সাহিত্যিকৰ দৰে, ছাহিদুল এটা মস্ত জমনী। সন্ধিয়া অডিট’ৰিয়ামলৈ গ’লো। প্ৰি ফ্ৰেচাৰ্চ। চিনিয়ৰ বিলাকে মক্কেল বিলাকক বেৰি ধৰি ৰেগিং কৰিছে। নানা প্ৰশ্ন। হাঁহিৰ ৰোল। আমিও চা-চিনাকি হোৱাৰ চলেৰে এজনী এজনীকৈ মাতি সমুখত বহুৱাই নানা প্ৰশ্ন কৰিলো। কিছুমানে জমায়। কিছুমান ৰাম ব’ৰ। মূৰ তুলিয়ে নাচায়। এনেকৈ ধেমালি কৰি থাকোতে ৯ বাজি গ’ল। আহি হোষ্টেলত ভাত পানী খাই অলপ পঢ়িবলৈ ল’লো। অলপ পাচত চাহিদুল ৰূমলৈ সোমাই আহিল। আহিয়ে অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে। আৰু ক’লে “ প্ৰপোজটো দি দিয়াহে”। ম‍ই ক’লো,“ ধেত্‍, এইবোৰ মোৰ ইচ্ছা নাই দেই। হাজৰিকাক কোৱাৰ নিচিনা আইনাত মুখখন চাই আহিবলৈ ক’লেতো হ’ল আৰু। আগতে MBBS পাছ কৰি ডাক্তৰ হওঁ, পাছত ভাবিম সেইবোৰ।” সি আৰু কিবা কিবি ক’লে। হক যোৱাৰ পাছত আৰু অলপ পঢ়ি শুই পৰিলোঁ।

 

তেতিয়া বাহিৰা কিতাপ দুই এখন মাজে মাজে পঢ়োঁ। মেডিকেলৰ কিতাপৰ কথাবোৰ পঢ়ি আমনি লাগিলে বাহিৰা কিতাপ এখন হাতত তুলি লওঁ। বাতৰি কাগজো মাজে মাজে পঢ়োঁ। এখন বাতৰি কাকতত কেইটা উক্তি ভাল লাগি ডায়েৰীত লিখি থৈছিলোঁ।

“আমাৰ দেশত কৃষক আৰু লেখক সদায় শোষিত। কৃষকে পেটৰ খোৰাক যোগায়, লেখকে মনৰ খোৰাক যোগায়। দুয়ো শ্ৰেণী মাতৃ স্বৰূপা। মাতৃক অৱহেলা কৰা কোনো লোকৰে ভবিষ্যত শুভ নহয়।”- লক্ষ্যধৰ চৌধুৰী।

“সাহেই সাহিত্য।”- সূৰ্য কুমাৰ ভূঞা।

“সঁচাকথা সাহসেৰে সোৱাদ লগাকৈ ক’ব পৰাটোৱেই সাহিত্য।”-লক্ষ্যধৰ চৌধুৰী।

কিন্তু এই কথা কেইষাৰ কোনখন বাতৰিৰ পৰা লিখি ৰাখিলোঁ তাক নিলিখিলোঁ। কেতিয়াবা এই সাহসতেই দুই এটা কবিতা লিখো- পিছে সেয়া কবিতা নহয় চাগে। কাৰণ এবাৰ কলেজৰ আলোচনী ‘এমকল’ৰ বাবে এটা কবিতা লিখি প্ৰকাশৰ বাবে পঠিয়ালোঁ। প্ৰকাশ নহ’ল। আশা এৰি দিয়া নাছিলোঁ। আৰু এদিন মোৰ এটা কবিতা ‘এমকল’ত প্ৰকাশ হ’ল। মনটো আনন্দেৰে ভৰি পৰিল। পিছৰ বছৰ প্ৰকাশ হ’ল – এক পৃষ্ঠা লিমাৰিক। বহুতে ভাল লাগিছে বুলি শলাগিলে। মনতে ভাবিলো, প্ৰকাশ হৈছে যেতিয়া অলপ ভাল হৈছে চাগৈ।

 

(ক্ৰমশ:)

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক