মেডিকেল কলেজৰ হাঁহি চকুলো…( ২৯) (- দিপুল হালৈ )

 

ম‍ই থকা ছাত্ৰাবাসটো হ’ল নতুন ছাত্ৰাবাস | ওপৰ মহলা নিউ হোষ্টেল ৫ আৰু তলৰ মহলা নিউ হোষ্টেল ৬ |তৃতীয় বাৰ্ষিকৰ পৰা ওপৰ মহলালৈ ছাত্ৰ সোঁত বয় | আৰু ডাক্তৰ হোৱাৰ পাচত তলৰ ৰূমলৈ বা আন হোষ্টেললৈ গৈছিল |আগতে কাৰ ৰূমত যাব তাক ঠিক কৰি লৈ তাৰ আবাসী দাদা সকলক গৈ অনুৰোধ কৰিব লাগে | বহুত বাৰ | নিজৰ আগৰ ৰূমমেট, নিজৰ ঠাইৰ, বা সম্পৰ্কীয় হ’লে এই অনুৰোধৰ বাট মুকলি হয় | ওপৰৰ ৰূমবোৰ এজনীয়া আৰু দুজনীয়া | ওপৰ মহলাৰ ৰূম কেতিয়াও অফিছৰ পৰা এলোট নকৰে | অৱস্যে ওপৰত কোৱা ধৰণৰ চিনাকী নাথাকিলেও কেতিয়াবা দাদাসকলৰ পৰা ৰূম কিছুমানে পায় | ম‍ইও তেনেকৈ ওপৰৰ ৰূমটো পাইছিলো | এদিন ওপৰত এনেয়ে পাক এটা মাৰো বুলি উঠি গৈছিলোঁ | দেখিলো, মৃগাংক দা আহি আছে | ম‍ই ক’লো, “ মৃগাংকদা, আপোনাৰ ৰূমটো দিব নেকি ? ” মৃগাংকদা(Mrigank Sekhar Chaliha)ই লগে লগেই দিম বুলি ক’লে | তেতিয়া তেখেতে ইনটাৰ্ণশ্বিপ কৰি আছিল | আৰু এপ্তাহ পাচত ম‍ই ওপৰৰ মহলাৰ ৮২নম্বৰ ৰূমৰ আবাসী হ’লো | এই ৰূমটো দুজনীয়া আছিল | ৰূমমেট আছিল শিৱসাগৰৰ আমতকৈ ওপৰ বেটছৰ জয়ন্ত দা | ওখ খীন হাঁহি মুখীয়া | তলৰ মহলাতকৈ ইয়াত হাই-উৰুমী কম | পঢ়িবলৈ ভাল পৰিবেশ | ৰূমমেট প্ৰায়ে নাথাকে | থাকিলেও পঢ়া-শুনা বৰকৈ কৰা নেদেখো | কেতিয়াবা ৰাতি ভাত খোৱাৰ পাচত লগৰ দুই এজন আহে , আদ্দা মাৰে | এজনে আহি এদিন ৰাতি ক’লে , “ ঐ, নতুন কিবা আনিছ নেকি ? ” “ হাঁহি ক’লে- নাইও |” বুলি কৈ বিচনাৰ তলৰ বাকছটো টানি আনি কিবা এখন আলোচনী উলিয়াই আনিলে | ম‍ই আলেঙে আলেঙে চাই আছো | তাৰপাচত দুয়ো কিতাপখনৰ পাত লুতিয়ালে | আৰু কিছুমান মন্তব্য দিলে | মোৰ মনটোৰ অনিসন্ধিত্সু বাঢ়িল | মাজে মাজে প্ৰায়ে এই বাকছ চোচৰাই অনা, খুলা, আলোচনী উলিয়াও, হাহি-ধেমালি –এইবোৰ চলি থাকিল | জয়ন্তদাই মোক একো কোৱা নাই | এদিন তেখেত ঘৰলৈ যাওতে, তেখেতেৰ টেবুলখনত কি কি কিতাপনো আছো চালো | কিতাপ বেছি নাই | অতিপাত বিশৃংখল টেবুলখন | কেইখন মান আলোচনীও আছে | চালো | India Today, Frontier আদি | আৰু এখনৰ বেটুপাতখন দেখি বুজিলো- এইখন কিবা যৌন আলোচনী | ভিতৰৰ পৃষ্ঠাবোৰ লুটিয়াই গ’লো | বাপৰে, কি ফটো | প্ৰায়ে অৰ্ধ উলংগ ফটো পুৰুষ মহিলাৰ কিছুমান উত্তেজক ফটো  আৰু কিছুমান লেখা | আগতে দেখা নাছিলো | আলোচনীখনৰ নাম আছিল – Debonair |  তেতিয়া আলোচনীখন প্ৰথম দেখি যি মনোভাব হৈছিল আজি আলোচনীখন সম্পৰ্কে ধাৰণা বহু খিনি সলনি হ’ল | তেতিয়াহে বুজিলো কিয় এই আলোচনীখন ট্ৰাংকত থৈ দিয়ে , পাত লুটিয়াই হাঁহি ধেমালি কৰে | পাচত অৱস্যে তেখেতে নিজে দেৱোনেইৰ দেখুৱাইছিল | কৈছিল , “ হালৈ, শাষ্ট্ৰ চাবা নেকি ?” চালো | ফটোবোৰ চাইছো বেছ নিখুত | সেয়েহে চাগে কোনোবাই কৈছিল “Nudity in photography is Z , not A” অৰ্থাত্‍ এজন ফটোগ্ৰাফাৰ পাকৈত হোৱাৰ পাচত হে তেওঁ Nudity বা উলংগতাক ফটোৰ বিষয় হিচাপে লৈ ফটোগ্ৰাফী কৰিব পাৰে | কথাষাৰ সঁচা | তাৰ পাচত দেখাইছিল তেখেতেৰ তেনে আলোচনীৰ সংগ্ৰীহিত ফটোৰ এটা ফাইল | ম‍ই ভেবা লাগি চাই ৰ’লো | এনেকুৱা ফটো সংগ্ৰহো কাৰোবাৰ হবি হব পাৰেনে !

মেডিকেল কলেজৰ হাঁহি চকুলোত হোষ্টেলৰ খানা পিনা বা মেছৰ বিষয়ে নিলিখিলে আধৰুৱা হ’ব | আমাৰ হোষ্টেলৰ মেছ তিনিটা আছিল | এই মেছতেই কেতিয়াবা হঁহা কন্দাও হৈছিল | মকেল্লৰ বাবে এক সন্ত্ৰাশৰ ঠাই | মকেল্ল বিলাকে খাবলৈ আহিলে জ্বাৰে জহে জোতা এজোৰ পিন্ধি আহিব‍ই লাগিব | ইয়াৰ পৰাই ৰাতি মক্কেলবোৰক ধৰি নি ৰাতি এপৰলৈ কোনো ৰূমত ৰেগিং কৰিছিল | সেয়েহে কিছুমান চতুৰ নতুন ল’ৰাই নিশা বহু পলকৈ হাতত সাৰে ভৰিত সাৰে গৈ ভাত খাই আহিছিল | ম‍ই দুই নম্বৰ মেছত খাইছিলো | ইয়াৰ ৰান্ধনি বাহাদুৰ কাইৰ হাতৰ কণী ভুজিয়া, আলুৰ চিপচ্‍ আৰু দেওঁবৰীয়া ছাগলী মাংসৰ পানী দিয়া আঞ্জাৰ সোৱাদেই বেলেগ আছিল | বাহাদুৰ কাইৰ উপৰিয়াও এইটো মেছত কৃষ্ণ, হৰকান্ত আৰু ৰমনীও আছিল | এওঁলোকৰ বয়স কম বাবে আমি নাম কাঢ়িয়েই মাতিছিলোঁ | কৃষ্ণ মেছ চলোৱাত ভাল | যেনে তেনে মেছটো চলাই দিয়ে | ল’ৰাই চলালে প্ৰায়েই মাহৰ মাজতে মেছ কলাপ্স হৈছিল |বুধ আৰু দেওঁবাৰে মাংস, বৃহস্পতি বাৰে নিৰামিস আৰু বাকী কেইদিনত মাছ বা কণী দিয়ে | দেওঁবাৰে দুপৰীয়া মাংসৰ আঞ্জাৰ লগত অমিতাৰ খাৰ প্ৰায়েই আছিল | সোৱাদো জিভাত লগা(মোৰ বাবে) | অৱস্যে দুই একে সোৱাদ নহ’লে ঠাকুৰক ধমকি দিয়া আৰু থাল দলিয়াও আদি ঘটনাও হৈছিল | মেছৰ পাঁচ খোটালিয়া স্তিলৰ থালখনৰ আটাইকেইটা খোটালিত ব্যঞ্জণ নাছিল | আৰু এটা আমোদজনক কথা – আমাৰ হোষ্টেলৰ কোনোতো মেছতেই ৰাতিপুৱাৰ আহাৰ, চাহ আদিৰ ব্যৱস্থা নাছিল | বাহিৰৰ মানুহে এই কথাটোত আচৰিত হয় | সকলেও নিজাকৈ ব্যৱস্থা কৰি লৈছিল | ব্ৰেড- জেলি/বাটাৰ বা মিনুৰ ৰূমত দি যোৱা ৰুটিৰ ৰোল | (আগলৈ)

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক