মেডিকেল কলেজৰ হাঁহি চকুলো… (৩০) (দিপুল হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো… (৩০)

এদিন দন্তচিকিত্সা বিভাগত ক্লিনিক্স কৰিবলৈ গৈছিলোঁ। মোৰ লগত লগত প্ৰদীপ হাতিমতা, ৰাণী গগৈ, ত্ৰিদীপ গগৈ আৰু ৰূপলেখা গোস্বামী আছিল। তেতিয়া মেইন ওপিডি বিল্ডিঙটোতেই এই বিভাগটো আছিল। শৰ্মা চাৰে আমাক ইটো সিটো দেখুৱালে। ৰোগীৰ লগতো কথা-বতৰা হ’ল। দুগৰাকী বিশ্ববিদ্যালয়ৰ ছোৱালী দাঁত দেখুৱাবলৈ আহিছে। এগৰাকীৰ আমি ৰোগৰ বুৰঞ্জী ল’লো। ক’লে, – ঠাণ্ডা বা গৰম পানী বা আন খাদ্য খালে দাঁত সিৰসিৰাই। নামটো টুটুমণি গগৈ বুলি ক’লে। মুখৰ ভিতৰখন চালোঁ। আমাৰ চা-চিনাকি দি দিলোঁ। টুটুমণি গগৈ ধুনীয়া ছোৱালী। তাতে চকুত লোৱা কাজলখিনিয়ে আৰু ধুনীয়া দেখাই্ছিল। মাতটোও মৰম লগা। হিষ্ট্ৰী লওঁতে গম পাইছিলোঁ ঘৰ শিৱসাগৰত বুলি। এদিন হোষ্টেললৈ মাতিলে ফুৰিবলৈ। ৰোগীৰ লগতে দুই তিনি ঘণ্টাতে আত্মীয়তা গঢ়ি উঠিল। “ হ’ব, এদিন গৈ ওলাম” কথা দিলোঁ। হোষ্টেললৈ আহিও ক্লিনিক্সৰ কথাবোৰ মনত পৰি থাকিল।

 

আবেলি ক্লাছলৈ গৈছিলোঁ। লেকচাৰ হল চাৰিত চাৰ্জাৰীৰ ক্লাছ আছে। ছাৰ নহালৈ আমি তাত থকা আমলখিজোপাত ফৰ্মূতিয়াই থাকোঁ। ঘাঁহনিত বহি আদ্দা মাৰোঁ। ১০ মিনিটমান পাছত ক্লাছ আৰম্ভ হয়। কেতিয়াবা আকৌ শ্ৰেণী প্ৰতিনিধি (চি.আৰ.) প্ৰদীপে বহুত সময় ৰৈ থকাৰ পাছত নীলা বৰ্ডত ডাঙৰ আখৰেৰে লিখি দিয়ে “ NO CLASS TODAY”। আমাৰ ফূৰ্তি লাগে। এটা কথা মনত পৰিলে এতিয়াও হাঁহি উঠে। বেছিভাগ ক্লাছৰুমৰে ডেক্সত আছিল কিছুমান বিচিত্ৰ ভংগীমাৰ ব্লেড বা ডট পেনেৰে কোনোবা ছাত্ৰই অঁকা নাৰী-পুৰুষৰ ছবি। উহ বাপৰে। এতিয়া সেইবোৰ মনত পৰিলে এনে লাগে যেন সেই ভাস্কৰ ছাত্ৰসকল খাজুৰোহা, সূৰ্যমন্দিৰ বা মদন-কামদেৱৰ শিল্পীতকৈ কম নহয়! ছাৰ ক্লাছলৈ নহালৈ বহুতো ছাত্ৰই এইবোৰ চিত্ৰ অংকনত ব্যস্ত আছিল। এনাটমী , ফিজিওলোজীত ইমান টান টান ছবি আঁকি চাগে এই যুগল ছবিবোৰ তেনেই উজু লাগিছিল। ক্লাছবোৰত মাজে মাজে বেছ জমি উঠিছিল। কেইগৰাকীমান ছাৰৰ হাস্যৰস মানিব লাগিব। তাৰ ভিতৰত এতিয়া মনত পৰিছে টংকেশ্বৰ ভূঞা চাৰ, ডেনজাৰ বৰুৱা চাৰ আৰু নাৰায়ণ উপাধ্যায় চাৰলৈ। কেইগৰাকীমান মহা ব’ৰো আছিল পিছে।

 

এদিন ৰাতি ৰুমমেট আৰু ম‍ই পঢ়া সামৰি শুই পৰিছিলোঁ। হঠা‍ৎ কাৰোবাৰ চিঞৰত সাৰ পাই গ’লোঁ। কি হৈছে গম ল’বলৈ নৌ পাওঁতেই ঠাং ঠাং কৈ আমাৰ দুৱাৰৰ আটাইবোৰ গ্লাছ ভাঙি দিলে। পৰ্দাতো তেজ লাগিছিল। বাহিৰ ভিতৰ সকলোতে কাঁচৰ টুকুৰা। ঘড়ীটোলৈ চাইছিলোঁ : ডেৰ বাজিছিল। আমি দুয়ো আচৰিত। কি হ’ল। দুৱাৰখন খুলি দেখিছিলোঁ ভাস্কৰ দাই চিঞৰি চিঞৰি গৈ আছে। ভাবিলোঁ: পৰীক্ষাৰ ৰিজাল্ট, মদৰ নিচা সকলো আমাৰ দুৱাৰৰ গ্লাছকেইখনে সহিব লগা হ’ল। আমাৰ লগত ভাস্কৰদাৰ কোনো শত্ৰুতাও নাছিল। ঠাণ্ডা-মুণ্ডা মানুহজনৰ হঠাৎ কি হৈ গ’ল। পাছত গম পাইছিলোঁ ভাস্কৰদা মানসিক ভাবে হেনো ভাগি পৰিছিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক