মেডিকেল কলেজৰ হাঁহি চকুলো…(৩১) (দীপুল হালৈ)

(৩১)

 

বিহু-পূজা আদি উত্সৱবিলাক আহিলে মনটো আনন্দেৰে ভৰি পৰিছিল। কাৰণ বিহু-পূজাত আমি প্ৰায়েই ঘৰলৈ গৈছিলোঁ আৰু ঘৰ মানেই আনন্দ। বহুদিন আগৰে পৰাই ভাল লাগি থাকে। লগৰ কোন কোন ঘৰলৈ যাব তাৰ খবৰ কৰোঁ আৰু দহদিনমান আগতে গেটৰ নৈশ বাছৰ কাউণ্টাৰত টিকট বুক কৰোঁ। কোনোবা গুৱাহাটীলৈ কোনোবা বৰপেটালৈ বা কোনোবাজন সৰ্থেবাৰীলৈ যাবলৈ টিকট বুক কৰিছিল। মই নলবাৰীলৈ টিকট বুক কৰোঁ। যিমানে যোৱাৰ দিনটো ওচৰ পায়হি সিমানেই মনৰ আনন্দ বাঢ়ি গৈ থাকে আৰু এদিন সন্ধিয়া বেগ লৈ ঘৰলৈ বুলি ওলাওঁ। বেগত কিতাপৰ টোপোলা। প্ৰথমবাৰ মেডিকেলৰ পৰা ঘৰলৈ যাওঁতে বেগতে মানুহৰ হাড় এডালো লৈ গৈছিলোঁ। গাড়ী গতিত আমাৰ মন দৌৰিছিল… ঘৰলৈ। গান শুনি শুনি কেতিয়ানো শিৱসাগৰত গাড়ী সোমাল গমেই পোৱা নাযায়। শিৱসাগৰৰ অন্নপূৰ্ণা হোটেলত ভাত খাবলৈ গাড়ী ৰখায়। তাতেই ভাত খাইছিলোঁ। মাছ বা মাংস ভাত। হোটেলখনৰ ভিতৰত থকা গ্লাছৰ ভিতৰত থকা ৰাধাকৃষ্ণৰ যুগল মূৰ্তিয়ে মোক বাৰুকৈয়ে আকষৰ্ণ কৰিছিল। টকা এটা দি সেৱা জনাইছিলোঁ। খোৱা-বোৱা হোৱাৰ পাছত গাড়ী পুনৰ চলে। ভিতৰত গীতৰ লহৰ। বিহুৰ বতৰত বিহু আৰু আন সময়ত অন্য জনপ্ৰিয় গীত গাড়ীত বাজিছিল। লাহে লাহে গীত বন্ধ হৈছিল আৰু আৰম্ভ হৈছিল দুই-এজন যাত্ৰীৰ নাকৰ ঘোৰঘোৰণি। কাৰোবাৰ মোজাৰ গোন্ধ, কোনো সহযাত্ৰীৰ মদৰ গোন্ধ। সকলো নিৰবে হজম কৰি কেতিয়ানো টোপনিয়ে বেৰি ধৰিছিল গমেই নাপাইছিলোঁ। কেতিয়াবা সমুখৰ আৰামী যাত্ৰীয়ে ইমানেই চীটটো হাওলাই দিয়ে যে টোপনি ভাগি গৈছিল আৰু ক’বলগীয়াও হৈছিল। মাজত জখলাবন্ধাত গাড়ী ৰয়। সদাযৌৱনা সংগীতমধুৰ জখলাবন্ধা। গৰম চাহ একাপ ইয়াত খাই লোৱা হয়। কাহিলীপুৱাতেই গাড়ী আহি গুৱাহাটী পায়। যোৰাবাটৰ পাক লগা পাহাৰ বগাই গুৱাহাটীত সোমাওঁতেই নিজৰ ঠাই পালোহি যেন লাগে। তাৰ পাছত বাইহাটা ৰঙিয়া পাৰহৈ গাড়ী নলবাৰীত সোমাইছিল। গাড়ীৰ পৰা নামি চাহ দোকানতে মুখ হাত ধুই চাহ একাপ ভাল কৈ খাই লৈছিলোঁ। তাৰ পৰা বৰমালৈ বাট পোনাওঁ। বৰমাৰ পৰা অ’ট’ বা ৰিক্সাত ঘৰলৈ গৈছিলোঁ। ঘৰলৈ মিঠাই আৰু বিস্কুতৰ পেকেট বৰমাৰ পৰা লৈ লওঁ। বৰমাৰ পৰা ধুলিয়ৰি বাটেৰে ৰিক্সা আগ বাঢ়ে। চিনাকী গাঁৱবোৰ ইখনৰ পাছত সিখনকৈ পাৰ হৈ যাওঁ। আমাৰ ঘৰলৈ যোৱাৰ বাটত বৰমা কলেজ- আমাৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ। তাৰ পাছত গোঁহাই কমল আলি সংলগ্ন মেৰকুছি। তাৰপৰা ৰিক্সা উত্তৰে মূৰ কৰিছিল। পাৰ হৈ যাওঁ আমি “কহিনুৰ থিয়েটাৰ’’ চাবলৈ অহা বৰশিমলুগুৰি। বাটতে দুই-এজন আমাৰ গাঁৱৰ মানুহক পাওঁ। মাত লগাইছিল “ কিয়ে, দীপুল, আইহলি। যাহ, এ মই বৰমাক যাং ৰহ”। আপোন গাঁৱৰ আপোন মানুহক দেখি মনটো ঘৰ পায়গৈ। ভাবি থাকোঁতে কেতিয়ানো থানগুৰী পাইছিলোঁ গমেই নাপাওঁ। সোৱা দূৰৈত জিলিকি আছে মোৰ আপোন বিদ্যালয়- নেহৰু আঞ্চলিক হাইস্কুল। মনটো আনন্দতে নাচি উঠিছিল। দেৱচাৰা চ’ক পাওঁতে ৰিক্সাচালকৰ মাতত বাস্তৱলৈ ঘুৰি আহিছিলোঁ “ইটা কুন ফালে যাম ?” মই কৈছিলোঁ, “ও চিধা গৈ থাকক”। চ’কত বহুতে মাত লগাইছিল । ময়ো ভাল-বেয়া সুধিছিলোঁ। দলংখন পাৰ হৈয়েই আমাৰ গাঁৱখন দেখা যায়। পদূলিত ৰিক্সাৰ পৰা নামি ৰিক্সাক বিদায় দিওঁ। ঘৰৰ মা- ভণ্টীহঁতে এমুখ হাঁহিৰে মোৰ বেগটো ঘৰৰ ভিতৰলৈ লৈ যায়। মাৰ মুখখন আনন্দত উজলি উঠে। দেউতাই দেওঁবৰীয়া হাটৰ পৰা মই খাই ভাল পোৱা বিহাৰীৰ চানাচুৰ ভাজা লৈ আহে। ভণ্টিয়ে পাৰমাংসৰ আঞ্জা ৰান্ধে। বৰদেউতাহঁতে ভাত খাবলৈ মাতে। মই ডাক্তৰ হ’লোঁ বুলি ভাবি গাঁৱৰ অতোহা দাদাই গেস্ত্ৰিকৰ দৰব বিচাৰে। হাঁহি-ধেমালিৰে দিনবোৰ পাৰ হৈছিল। ঘৰলৈ গ’লেই ম‍ই পথাৰলৈ যাওঁ; কাৰণ পথাৰ মই ভাল পাওঁ। এতিয়াও মই পথাৰৰ ভীষণ প্ৰেমিক। অ’লৈ-ত’লৈ ফুৰিবলৈ যাওঁ। বেছিভাগে এটা প্ৰশ্ন সুধিছিল, “আৰু কেইবছৰ আছে?”

হাঁহি-ধেমালিৰ দিনবোৰ টুটি আহিছিল। সকলোকে বিদায় দি এদিন আকৌ ডিব্ৰুগড়লৈ ঢাপলি মেলিছিলোঁ। ঘৰৰ পৰা নলবাৰীলৈ আহোঁ ককাইদেউৰ লগত। তাত সম্বন্ধীয় ককাইদেউৰ ঘৰত দিনটো কটাইছিলোঁ। সন্ধিয়া আকৌ নাইট চুপাৰত চফৰ; এইবাৰ এটা গোমা মনলৈ। গৈ গৈ বৰবৰুৱা পালে মনটো অধিক বিষাদে আবৰি ধৰিছিল; কিয়নো কলেজ পালোহিয়েই; আকৌ একঘেয়ামী জীৱন– ক্লাচ, কেণ্টিন, ক্লিনিক্স, পল্টন। সন্ধিয়া আকৌ মেডিচিনৰ কিতাপ খুলোঁ। বেগ গধুৰ কৰি কিতাপ ঘৰলৈ লৈ যোৱাহে হৈছিল; কেতিয়াও খুলিয়ে চোৱা নহয়। (আগলৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক