মেডিকেল কলেজৰ হাঁহি চকুলো (৩২) (দীপুল চন্দ্ৰ হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো (৩২)

 

দীপুল চন্দ্ৰ হালৈ


মেডিকেল কলেজৰ হোষ্টেলৰ খোৱা-বোৱাৰ ক্ষেত্ৰখন বৰ ভোগালী নহয়। হোষ্টেলৰ খানা সদায় একেধৰণৰ। ঘৰলৈ গ’লে সেয়েহে মাৰ হাতৰ ৰন্ধা আঞ্জাখন খাই অমৃত খোৱা যেন লাগিছিল। ঘূৰি আহি হোষ্টেলত দুদিনমান পেটলৈ ভাত ঠেলি-হেঁচি পঠিয়াব লগা হৈছিল। তথাপিও জীয়াই থাকিবলৈ খাইছিলোঁ । পিছে হোষ্টেলৰ মেছৰ কেইখনমান আঞ্জা-ভাজিৰ সোৱাদ মই আজিকোপতি পাহৰিব পৰা নাই। খোৱাৰ পাছত আৰু খাম আৰু খাম লাগি থাকে। আমাৰ নতুন ছাত্ৰাবাসৰ মাজৰ মেছৰ বাহাদুৰ কাইৰ আলুৰ মুৰমুৰিয়া ভাজিৰ সোৱাদ জিভাত লাগি আছে। প্ৰথম দি যোৱাৰ পাছত আকৌ খুজি খুজি খাইছিলোঁ। এতিয়াৰ দোকানৰ আলুৰ চিপ্‌ছে পাত্তাই নাপাব। মই নিজেও দুবাৰমান এনেকৈ আলুৰ চিপছ ভাজিবলৈ চাইছিলোঁ পাছে মুৰমুৰিয়া নহয় গতিকে বাহাদুৰ কাইৰ জুতিটো পোৱা নাযায়। কণীৰ ভুজিয়াও বৰ সোৱাদলগাকৈ ভাজিছিল। দুটা কণী বাহাদুৰ কাইক দিলে ধুনিয়াকৈ কণী ভুজিয়া ভাজি দিছিল। সঁচা কৈছোঁ কাষত ভাত খাবলৈ বহাজনক অলপ দিবলৈ মনেই নগৈছিল। পিছে দিছিলোঁ। এতিয়া দোকানে-পোহাৰে কণী ভুজিয়া খালেও তেনে সোৱাদ নাপাওচোন। নাজানো, কণীয়ে ভেজাল নে মছলাৰে আধিক্য।

মাজে মাজে মেছত অমিতাৰ খাৰ ৰান্ধিছিল। বিশেষকৈ দেওবাৰে মাংসৰ লগত। এনেয়ে খাৰ খোৱা (নামনিৰ) অসমীয়া, গতিকে বৰ হেঁপাহেৰে ভাত কেইটা খাইছিলোঁ। নামনিৰ মানুহে এনেও খাৰৰ আঞ্জা খাই ভাল পায়। আৰু এবিধ ভাজি খাই বৰ সোৱাদ লাগিছিল। সেয়া হ’ল তিতা কেৰেলাৰ শুকান ভাজি। অলপ দেই যোৱাকৈ ভজা এই ভাজিখনো দুই নং মেছৰ অন্যতম ব্যঞ্জন আছিল। অৱশ্যে কেতিয়াবাহে কেৰেলা ভাজিছিল।

আমাৰ হোষ্টেলৰ ৰাতিপুৱাৰ খাদ্যবিধ পিছে বৰ ভাল লগা নাছিল। সাতমান বজাত মিনু বোলা মানুহ এজনে ঘৰতে কিবা-কিবি ৰান্ধি আনি আমাৰ ৰূমত দি গৈছিল। কিবা-কিবিত আছিল ভেজিটেবল ৰোল, এ’গ্‌ ৰোল, হালুৱা, পপ, ঘুগুনী ইত্যাদি। ৰূম আহি পাই মানে এইবোৰ একেবাৰে ঠাণ্ডা হৈ গৈছিল। গতিকে ৰূমতে হীটাৰত একাপ এভ্ৰিডে’ গাখীৰেৰে চাহ পগাই ৰাতিপুৱাৰ আহাৰ পৰ্ব সামৰিছিলোঁ। ইয়াৰ ভিতৰত এগ ৰোলটো খাই অলপ ভাল লাগিছিল যদিও বাজেট নিমিলে বাবে সদায় খাব নোৱাৰিছিলোঁ। তাৰ পাছত গা ধুই ক্লাছলৈ গৈছিলোঁ। আহি আকৌ বাৰ বজাত হোষ্টেলৰ খানা। আবেলি কেন্টিনত দুই টকাৰ কুপন লৈ কিবা এটা খাইছিলোঁ নহলে পল্টন বজাৰৰ বিহাৰী হোটেললৈ গৈছিলোঁ।

এদিন ভাত খাই থাকোতে মোৰ লগৰ মৃণালে ক’লে, “ অ’ই হালৈ, নেচনেল স্কলাৰশ্বিপ আহিছে বোলে। গম পাৱ নেকি?” “নাপাওঁ দেখোন” । আবেলি দুয়ো গৈ খবৰ কৰিলোঁ। “হয় আহিছে আৰু অহা সোমবাৰে দিব” বুলি কেৰাণীগৰাকীয়ে কৈছিল। মনটো আনন্দ লাগি গৈছিল। মাহে ৩০০ টকাকৈ বাৰ মাহৰ ৩৬০০ টকা। বাহ! ভাবিয়ে ভাল লাগি গৈছিল। সন্ধিয়া ৰূমলৈ আহি কি কি কিনিব লগা আছে তাৰ হিচাপ এটা কৰিয়ে পেলাইছিলোঁ। বহুত বস্তু টকাৰ অভাৱৰ বাবে ল’ব পৰা নাছিলোঁ। সোমবাৰটো নাপায়হি যেন লাগিছিল। পাইছিলোঁ নগদ ৩৬০০টকা। তেতিয়া নগদ টকাহে দিছিল; চেকৰ কাৰবাৰ নাছিল। বৰ সযতনে জেপত টকাখিনি লৈ মুখত এটা সন্তোষৰ হাঁহি লৈ প্ৰশাসনীয় ভৱনৰ পৰা ওলাই আহিছিলোঁ। ইমানখিনি টকা চাগে একেলগে প্ৰথম দেখিছিলোঁ। তাৰ পাছত এদিন নতুন বজাৰলৈ গৈছিলোঁ লগৰ দুজনমানৰ লগত। সিহঁতেও বৃত্তি পাইছিল। সেইদিনা ডায়েৰীত এনেদৰে লিখা আছেঃ

২২ জুলাই, ১৯৯৩ বৃহস্পতি-
খৰছ:
১। জোতা(বাটা) : ৫৮৬/-
২। চোলা : ১৬৭/-
৩। পেণ্ট : ২৩৫/-
৪। ছাতি (মদত্ত): ১২৫/-
৫। কিতাপ :২৫৪/-
৬। চছমাৰ লেন্স: ২১০/
৭। কলেজ ফীজ: ১৭৬/-
৮। মেছ দিউজ: ৩২৫/-
৯। ঘৰলৈ মানি অৰ্ডাৰ: ৭০০/-
১০। অন্যান্য: ১০০/-
মুঠতে: ২৮৭৮/-

বজাৰত ভালকৈ মোগলাই পৰঠা খাই হোষ্টেল পাওঁতে সন্ধিয়া ভালকৈ লাগিছিল। এই মোগলাই পৰঠাটোও বৰ ভাল লগা আছিল। সেইখন হোটেলৰ মোগলাই পৰঠা বিখ্যাত আছিল। পিছে হোটেলখনৰ নামটোহে এতিয়া মনত পেলাব পৰা নাই। নিউ মাৰ্কেটৰ অৰোৰা চিনেমা হলৰ ওচৰত আছিল। তেতিয়া ডিব্ৰুগড়ৰ মেডিকেলৰ গে’টৰ পৰা টাউন মূৰলৈ চিটিবাছ চলিছিল। ভাৰা আছিল মাত্ৰ ১ টকা। অহা-যোৱা মুঠতে ২ টকা। ৰাষ্ট্ৰীয় বৃত্তিৰ টকা কেইটামান বেংকটো জমা কৰিছিলোঁ। (আগলৈ)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক