মেডিকেল কলেজৰ হাঁহি চকুলো (দীপুল চন্দ্ৰ হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো (৩৩)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত আমাৰ কলেজৰ ভাল সম্পৰ্ক আছিল। এবাৰ মুখ্যমন্ত্ৰীৰ কোটাক লৈ হোৱা আন্দোলণত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও যোগদান কৰিছিল। সেই সূত্ৰে মোৰ এগৰাকী ছোৱালীৰ লগত চিনাকী হৈছিল আৰু পাছলৈ ঘৰুৱা বাইদেউ হৈ পৰিছিল। তেখেতৰ বিয়ালৈও মই গৈছিলো । শিৱসাগৰৰ টুটুমণি বাইদেৱে মোৰ প্ৰায়ে খবৰ লৈছিল। ফোনো কৰিছিল। আৰু মোলৈ জীৱনৰ প্ৰথম ফোনকলটো(দূৰৈৰ পৰা অহা) আহিছিল এই গৰাকী বাইদেউৰ পৰা। মোৰ যেনেকৈ বিশ্ববিদ্যালয়ত যেনেকৈ বাইদেউ আছিল তেনেকৈ বহুতৰে ভন্তী আছিল, অনেকৰ প্ৰেমিকাও আছিল। গতিকে আহ-যাহ চলি থাকে। অৱশ্যে কেতিয়াবা বিশ্ববিদ্যালয় আৰু আমাৰ কলেজৰ ল’ৰাৰ মাজত কাজিয়াও হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদৰ নাহৰবোৰলৈ এতিয়াও মনত পৰে। আমাৰ কলেজতকৈ চৌহদটো প্ৰাকৃতিক ভাবে ধুনিয়া আছিল।

দেওঁবাৰে পলমকৈ উঠাতো এটা অভ্যাসেই আছিল। দুপৰীয়া গা-পা ধুই হোষ্টেলৰ চৌহদৰ চোতালত অলপ আদ্দা মাৰিছিলোঁ। গা-পা ধোৱাৰ কথা কওঁতে এটা কথা মনত পৰিছে। আমাৰ ছাত্ৰাবাসত কিছুমান বৰ লেতেৰা ল’ৰা আছিল। শৌচাগাৰ যেনেকৈ ব্যৱহাৰ কৰিছিল নহয় – দেখিলে বমি আহি গৈছিল। এবাৰ গৈ দেখো লেট্ৰিনৰ পেনত প্ৰায় ১কেজিমান সতেজ ময়লা ! ওলায় আহিলো আৰু লেট্ৰিনৰ বেৰত লিখি দিলোঁ “ গৰুৱেহে হাগি পানী নাঢালে”। নাজানো বুজিলে নে নুবুজিলে। নাজানো কিয় এনেকুৱা কৰিছিল। আমাৰ ছাত্ৰাবাসত পানী নহোৱা ঘটনাও কাচিৎহে হৈছিল। সন্ধিয়া প্ৰায়ে দূৰদৰ্শনৰ কাৰ্যসূচী অলপ চাইছিলোঁ। তেতিয়া আৰু দূৰদৰ্শন নাচাই উপাও নাছিল। কাৰণ ছাত্ৰাবাসৰ টিভিত এটা চেনেল আহিছিল। এই টিভি টোতে আমি বহু চিনেমা, ধাৰাবাহিক চাইছিলো। সুস্মিতা-ঐশ্বৰ্যকো এই টিভিতেই বিশ্বসুন্দৰী হোৱা দেখিছিলোঁ। এবাৰ টিভিত নিশা মেডোনাৰ লাইভ কাৰ্যসূচী দিয়াৰ কথা। বেছি ভাগ ল’ৰাই খাপ পিটি বহি আহিছিল। হোষ্টেলৰ পল্লৱদাই ক’লে, “ ঐ লাভ নাই, মেখেলা চাদৰ পিন্ধি ওলাব”। কমন ৰূমত হাঁহিৰ ৰোল উঠিছিল। মেডোনা তেতিয়া বহুতো ৰূমৰ হট পোষ্টাৰ। মেডোনা পিছে সিদিনা মেখেলা-চাদৰ পিন্ধি নোলাল। তেতিয়া আমি “ঋতু আহে ঋতু যায়” নামৰ ধাৰাবাহিক খন চাই আছিলো। আৰু এখন ধাৰাবাহিক চাই বৰ আমোদ পাইছিলোঁ। এটা খণ্ডও বাদ নিদিয়াকৈ চাইছিলোঁ। সেইখন আছিল – বৃকোদৰ বৰুৱাৰ বিয়া। সদায় ভাবিছিলোঁ: আজি চাগে বৃকোদৰৰ কইনা পচন্দ হ’ব। পিছে নহয়। এদিনতো এটা বাতৰিও ওলাইছিল: বৃকোদৰ বৰুৱাৰ বিয়া হ’ল বুলি। পাছতহে গম পালোঁ সেয়া সপোনহে আছিল। এতিয়াও পুনৰ প্ৰচাৰ কৰিলে চাগে ৰাইজে আদৰি ল’ব। কিন্তু অৱশেষত বৃকোদৰৰ বিয়াখন বৰ হুৰ-মূৰকৈ পাতিলে। আমাৰ ওপৰৰ মহলাৰ কমন ৰূমৰ পৰা “লেডিজ হোষ্টেল-৭”টো ভালকৈ দেখা যায়। লাইন গ’লে- বিভিন্ন চিঞৰে সন্ধিয়াটো ৰঙীন কৰি তুলিছিল। ৭অৰ ভন্তীহ’তলৈ দাদাহঁতে চিঞৰি আবদাৰ কৰিছিল। এটা দুটাকৈ লেডিজ হোষ্টেলৰ ৰূমবোৰ কেণ্ডেলৰ পোহৰত জিলিকি উঠিছিল। হঠাৎ লাইনটো আহি গ’লে সকলো হৈ পৰিছিল শান্ত সিষ্ট বষিষ্ঠ। একোজন বাধ্য ছাত্ৰ। কেতিয়াবা পোহৰো ভাল নালাগে চাগে। সেয়ে হয়তো আমাৰ ছাত্ৰাবাসৰ সমুখৰ ষ্ট্ৰীট লাইটো বেয়া হৈ থাকে। কম পোহৰত প্ৰেমালাপৰ মজাই বেলেগ চাগে। কমন ৰূমৰ পৰা দুটি ছায়া-মূৰ্তীৰ প্ৰেমালাপ প্ৰায়ে প্ৰত্যক্ষ কৰিছিল। আমাৰ দেখিয়ে ভাল লাগিছিল। পিছে সেই ছায়া-মূৰ্তী হোৱাৰ সোভাগ্য নহ’ল।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments