মেডিকেল কলেজৰ হাঁহি চকুলো…… (ডা° দীপুল চন্দ্ৰ হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো……
ডা° দীপুল চন্দ্ৰ হালৈ

 

১৩| নিৰ্বাচনৰ বতৰা :

ৰেগিং লাহে লাহে কমিছে যদিও চান্স পালেই দাদাসকলে ডান্স নকৰা নহয়।  চাওঁতে চাওঁতে নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। দাদাসকলৰ গাত তৎ নাই। ৪ৰ্থ বাৰ্ষিক আৰু ৩য় বাৰ্ষিকৰ দাদা-বাইদেউসকলে প্ৰতিদ্বন্দ্বিতা কৰিব হেনো। প্ৰায়কেইটা বিভাগতে হেনো নিৰ্বাচন হ’বই। শ্ৰেণীকোঠাই শ্ৰেণীকোঠাই দাদাসকলে প্ৰচাৰ চলাইছে। যেনেতেনে হ’লেও ভোটটো লাগেই- সন্মানৰ কথা আছে। হোষ্টেলতো পূৰাদমে প্ৰচাৰ চলিছে। আমাৰ মক্কেলখিনিক বিভিন্ন প্ৰতিদ্বন্দ্বীয়ে প্ৰচাৰ আৰু বিভিন্ন কামৰ বাবে বুক কৰিলেই। ডাঙৰ ৰঙীণ কাগজত পোষ্টাৰ লিখা, অঁৰা – এইবোৰ আমাৰ কাম। সৰু সৰু কাৰ্ডো চপাইছে। এই কাৰ্ডবোৰত এপিঠিত প্রার্থীৰ নাম বিভাগ আদি থাকে আৰু আন পিঠিত চিকিত্সা-বিজ্ঞানৰ দৰকাৰী কথা লিখা থাকে। গতিকে কাৰ্ডখন কামৰ বস্তু। নিৰ্বাচনৰ আগদিনা সন্ধিয়া ব্যস্ততা অতি বেছি। নিৰ্বাচনৰ দিনা ৰাতিপুৱাৰ পৰা সকলো সাঁজি-কাঁচি ওলাই যায়। প্ৰাৰ্থীয়ে চপগুটি বিলায়, কিছুমানে চাহো খুৱায়; আৰু এনেকৈ নিৰ্বাচন উত্সৱৰ সামৰণি পৰে। তাৰপাচত সকলো ফলাফলৰ বাবে বাট চায় ৰয়। ফলাফল ওলোৱাৰ দিনা হোষ্টেলত বিৰাট আনন্দ জিকা সকলৰ ; পাৰ্টিও চলে আৰু পৰাজিত সকলে ট্ৰেজেদি ফালে আৰু মক্কেলৰ ওপৰত বিনা কাৰণত অত্যাচাৰ চলায়। পিচদিনাৰ পৰা গোটেই কলেজখনত এক নিমাও মাও পৰিবেশে বিৰাজ কৰে।(আগলৈ)

 

১২| এটি সন্ধিয়াৰ ক’লাজ

হোষ্টেলৰ পৰা ওলাই আগবাঢ়িছোঁ। এটি দীঘলীয়া পথ। দুয়োকাষে শোভাবৰ্ধন কৰিছে নাহৰ, বটল ব্ৰাছ, ইউকেলিপ্টাচে। নাহৰবোৰ ডেকা হ’ল। ইজোপাৰ কুঁহিপাতে আনজোপাক চুমিছে। ৰিক্ত অংশই সৃষ্টি কৰিছে- দাক্ষিণাত্য।

মানসিক চিকি‍ত্সা বিভাগ। ইয়াত মনৰ বেমাৰী সকল থাকে। জটিল বাস্তৱৰ লগত যুঁজি সৰল মনে হাৰ মানিছে। মন ৰুগীয়া হৈছে। অৰ্থ-পূৰ্ণ, অৰ্থ-শূন্য কথা কৈছে। গীতোঁ গাইছে, অবাই মাতো মাতিছে। চিকিত্সা চলিছে- আকৌ নতুন জীৱন পাইছে।

মোৰ কাষেৰে এখন ধুনীয়া মাৰুতী গাড়ী পাৰ হৈ গৈছে।  ডাক্তৰৰ গাড়ী।

এটি ছাত্ৰী নিবাস। নতুন বিল্ডিং।  ডা° পৰেশ নাথ বৰুৱা ছাত্ৰী নিবাস। কাষত এজোপা বহু পুৰণি গছ। পাতৰ আঁৰত লুকাই কুলি চৰাই এজনীয়ে কুউ-কুউকৈ বিনাইছে। বিহুলৈ আৰু সৰহ দিন নাই।

-দাদা, চাৰ্জিকেল ১ কোনফালে ?

-অ’ আপুনি পোনে পোনে গৈ থাকক আৰু সৌ যে কেণ্টিনখন দেখিছে তাৰ সোঁফালে ঘূৰি… বুজাই ক’লো। মানুহজনৰ মনত এটি আশা – কোনোবা আপোনজন হয়তো বেমাৰৰ সৈতে যুঁজি যুঁজি ভাললৈ আহিছে।

লেডিজ হোষ্টেল ১ আৰু ২। সোঁমাজৰ ৰাস্তাটোৰে মই গৈ আছোঁ। গীতৰ লহৰ আৰু হাঁহিৰ খিলখিলনি ভাহি আহিছে। ৰাস্তাত এহাল প্ৰেমিক যুতি। প্ৰেমৰ সুৰীয়া কথা পাতি ধীৰ খোজেৰে গৈছে। সন্ধিয়াটো প্ৰেমময় হৈ পৰিছে।

শিশু ৰোগ বিভাগ পালোঁগৈ। এটি ধুনীয়া শিশুক গাড়ী এখনত লৈ মাক-দেউতাক যাবলৈ ওলাইছে। “ৰাম নাম সৈত্য হেই, ৰাম নাম সৈত্য হেই ”। কোনোবা এজন ঢুকাল। সাঙিত তুলি ধূপ-ধূনা জ্বলাই এজাক মানুহ গৈ আছে। পেথ’ল’জী বিভাগৰ ওচৰত এখন ক’লা ভয় লগা গাড়ী ৰৈ আছে। ভিতৰত এটা মৃতদেহ। পোষ্টমোৰ্টেমৰ কাৰণে আনিছে।

গৈ গৈ গ্ৰন্থাগাৰত সোমালোঁ। মেডিছিনৰ কিতাপখন আনি পঢ়িবলৈ ল’লোঁ।

 

১১) মাইকী এনোফিলিছ মহ :

ৰেগিঙত মাইকী এনোফিলিছ মহৰ অনুসন্ধান এক সাধাৰণ ঘটনা। হোষ্টেলৰ ৰেগিঙত চাগে’ বহুতে এই অনুসন্ধান কৰিব লাগে। কিন্তু কোনোৱে সম্ভবতঃ আজিলৈকে মাইকী এনোফিলিছ মহ ধৰি পোৱা নাই। আমাকো এদিন ৰাতি হোষ্টেলত এনোফিলিছ অনুসন্ধানত নমালে। মোৰ সহযোদ্ধা বিপুল বৰুৱা। দুয়ো আন্ধাৰ-মুন্ধাৰ বিচনা এখনৰ তলত সোমালোঁ। মহ বিচাৰি ফুৰিছোঁ। নাই এজনীও মহ ধৰিব পৰা নাই। বিছনাৰ তলৰ পৰাই শুনিলোঁ দুৱাৰত খট্ খটোৱাৰ শব্দ। “ সোমাই আহক” বুলি এজন দাদাই ইংৰাজীতে ক’লে। অনুভব কৰিলোঁ- এদল মানুহ কোঠাটোলৈ সোমাই আহিছে। গলগলীয়া মাতৰ এজনে শুধিলে “ ৰেগিং হোৱা নাই নহয় ” “ নাই হোৱা ছাৰ ”। হোষ্টেলৰ অধীক্ষক বিনিত বৰুৱা ছাৰৰ প্ৰশ্নত দাদা এজনে উত্তৰ দিলে। বিপুল আৰু মই তেতিয়াও বিছনাৰ তলত। অথচ কৈছে – ৰেগিঙ হোৱা নাই। কোনোমতে জিভা কামুৰি নহহাকৈ থাকিলোঁ। অলপ পাচত অধ্যক্ষ হৰিপ্ৰসাদ বৰুৱা ছাৰ, বিনিত বৰুৱা ছাৰৰ দলটো গ’লগৈ। আমি দুয়ো লাহে লাহে খালী হাতে অনুসন্ধান সামৰি ওলাই আহিলোঁ। আটাইয়ে গিৰ্জনি পাৰি হাঁহিলে ; আমিও যোগ দিলোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments