মেডিকেল কলেজৰ হাঁহি চকুলো: ডা° দীপুল চন্দ্ৰ হালৈ

মেডিকেল কলেজৰ হাঁহি চকুলো

 

ডা° দীপুল চন্দ্ৰ হালৈ

১৭/ ডায়েৰিৰ কেইটামান পৃষ্ঠা
৭ ফেব্ৰুৱাৰী/১৯৯২ শুক্ৰবাৰ: এতিয়া নিশা দহ বাজি  ২৫ মিনিট গৈছে। বাহিৰত কিনকিনিয়া বৰষুণ। ৰুমত দুটা টিউব লাইট আৰু দুটা বাল্ব জ্বলি আছে। টেবুলত “পষেক” খন আৰু ৰেকত 2nd MBBSৰ কিতাপ। Date pad আৰু CALCINOL Sypটো আছে। Newben alarm ঘড়ীটোৱে টিক টিক কৰি আছে। ৰুমমেট ইছলামে আলোচনী পঢ়ি আছে। বাকী দুজন ৰুমমেট নাই; ভাত খাই The world this week চাই আছে। বাকচৰ ওপৰত ASAHA ব্ৰে’ডটো আছে আৰু এখন “অসমবাণী”। বৰুৱাই সোমাই আহি ক’লে, “খুহুতীয়া কিবা এটা লিখিবি। ম‍ই ক’লো- এইবোৰ লিখিলে ওজন কমি যায়। চাজন চালোঁ। কাইলৈ সৰস্বতী পূজা; পঢ়িব নাপায় হেনো- জয়ন্তদাই ক’লে। জানো পাই………….। বেংকৰ পৰা ২০০/-টকা উলিয়ালোঁ।  Exp. Milk- 18.00, Bread- 2.00, I/Stick- 5.00

 

১৩ ফেব্ৰুৱাৰী/১৯৯২ বৃহস্পতিবাৰ: সন্ধিয়া ৱাৰ্ডলৈ গৈছিলোঁ। ধীৰেণৰ লগত। Pansystolic Murmur থকা ৰোগী এজন চালোঁ। Female Wardঅৰ পৰা ওলাওঁতে দেখিলোঁ এজনী তিৰোতাই হুৰাওৰাৱে কান্দিছে, বুজিলোঁ হয়তো কোনোবা আত্মীয় ঢুকাল। ধীৰেণে ক’লে, “ আমাৰ ভুলৰ বাবে যাতে কোনোৱে এনেদৰে কান্দিবলগীয়া নহয় তাৰবাবে আমি চেষ্টা কৰিব লাগিব।” ম‍ই ক’লোঁ- “সেইটো হ’লে Humanity ৰ প্ৰতি এটা ডাঙৰ Crime হ’ব। এটা সপোন- ম‍ই এডাল ওখ গছত উঠিছোঁ। নামি আহিলোঁ। তলত এজনী ধুনীয়া ছোৱালী। ম‍ই ক’লোঁ- ইমান ধুনীয়া। ছোৱালী জনীয়ে সুধিলে “কি”। ম‍ই ক’লোঁ- ফুলপাহ। ওচৰতে এজোপা ফুলগছ আছিল। ম‍ই আচলতে ছোৱালীজনীকে ধুনীয়া বুলি কৈছিলোঁ। ছোৱালীও এপাহ ফুলেই।
২৪ ফেব্ৰুৱাৰী/১৯৯২ মংগলবাৰ : লেডিজ হোষ্টেল ৭লৈ গৈছিলোঁ। হকৰ লগত। তাৰ হেনো নীভাভন্তীৰ লগত এটা কথা আছে। পল্টন বজাৰলৈ গৈ কৈলাশ হোটেলত খালোঁ। হকক খুৱালোঁ। দৰ্জাৰ তলা-চাবি কোনোবাই লৈ গ’ল। দুৱাৰত লাগি আছিল। খঙতে দৰ্জাৰ বাৰদালত ঘোছা এটা মাৰি দিলোঁ। গ্লাছ এখন টুকুৰা টুকুৰ হৈ ভাঙি গ’ল। কলোঁ– এইবোৰ ভদ্ৰলোকে আকৌ ডাক্তৰ হ’ব। সামান্য ১০টকীয়া বস্তু এটা চুৰ কৰে। মানৱ সেৱা কৰিব এই চৌৰ্য মানসিকতাৰে। (আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক