মেডিকেল কলেজৰ হাঁহি চকুলো (১৯) ডাঃ দীপুল হালৈ

মেডিকেল কলেজৰ হাঁহি চকুলো…………..

ডাঃ দীপুল হালৈ

১৯// ৰক্তদানৰ অনুভুৱ :
শৰীৰ বিজ্ঞানৰ ব্যৱহাৰিক শ্ৰেণী আৰম্ভ হৈছে | ৰক্তৰ কথাৰে আৰম্ভ হৈছে | ৰঙা তেজত ইমান কথা| লোহিত কণা, শ্বেত কণা, অনুচক্রিকা, মাইট’কন্ড্ৰিয়া, তেজৰ শ্ৰেণী বিভাগ আৰু বহুত কথা | প্ৰথম লোহিত কণা, শ্বেত কণা আদি অণুবীক্ষন যন্ত্ৰত প্ৰথমে দেখি শিঁহৰিত হৈছিলোঁ – ইমান সুন্দৰ দেখিবলৈ তেজৰ কণিকা যেন কোনোবা শিল্পীয়ে আকৃতি দিছে | আগতে তেজক কেৱল ৰঙা বুলিয়েই দেখিছিলোঁ | নিজৰ তেজৰ শ্লাইদ বনাইও চালোঁ; আহ ! কি সুন্দৰ মোৰ চকুৰে নেদেখা ৰক্তকণা | এদিন তেজৰ গ্ৰুপৰ ক্লাছ হ’ল | তেজৰ গ্ৰুপ চাৰিটা এ, বি, এবি আৰু ও | জাত-পাতলৈ তেজৰ গ্ৰুপ বেলেগ নহয় – এই চাৰিটাৰ কোনোবা এটা হ’ব‍ই | হিন্দু-মুছলমানৰ তেজো বেলেগ বেলেগ নহয়, একেই ৰঙা চাৰিটা গ্ৰুপৰ তেজ | মোৰ তেজৰ গ্ৰুপ তেতিয়ালৈকে জনা নাছিলোঁ | কেতিয়াও ক’তো পৰীক্ষা কৰোৱা নাছিলোঁ | সেইদিনা চাবলৈ ললোঁ | শ্ৰেণীৰ সকলো ল’ৰা- ছোৱালী নিজৰ ৰক্তৰ গ্ৰুপ পৰীক্ষা কৰিলে | মোৰ তেজৰ গ্ৰুপ ওলাল ও পজিটিভ | বেছিভাগ(৪৫%) লোকৰ তেজ এই গ্ৰুপৰ হয় | বান্দৰৰ তেজ হেনো | নিজৰ দেহৰ আৰু এটা নতুন নজনা কথা জানিলোঁ যিটো কথা সদায় জীৱনত মনত ৰাখিব লাগিব | শ্ৰেণীৰ সকলোৰে তেজৰ গ্ৰুপ জনাজাত হৈ গৈছিল | সকলোৰে তেজৰ গ্ৰুপৰ তালিকা এখন ছাত্ৰ একতা সভা‍ই লৈ গৈছিল |
সন্ধিয়া কোঠাত পঢ়ি আছিলোঁ | দুৱাৰত টোকৰৰ শব্দ শুনি খুলি দিলোঁ | পুৰণা আৱাসৰ নিতুল বৰাদা | “ ও, দাদা, আহক আহক,  বহক |” বিছনাতে বহি ক’লে, “ হেৰি অ’ ভাইটি, মোৰ ভণ্টিৰ অসুখ | অপাৰেচন হ’ব গাতিকে তেজ বহু কেইবটল লাগে | তোমাৰো বোলে ও গ্ৰুপ | ”
“হয় দাদা”
“ দিব পাৰিবা ? ”
“পাৰিম” বুলি ক’লোঁ |
মোক অপাৰেচনৰ দিনা এক একক(এক বটল) তেজ দিবলৈ ক’লে | সকলো দিহা তেখেতসকলে কৰিব | মনতে এটা ভয় ভয় ভাব | কেতিয়াও ছেলাইন এবটোলো লৈ পোৱা নাই আৰু এতিয়া তেজ দিবলৈ ওলাইছোঁ | মাজত মাত্ৰ দুটাদিন | অহা বুধবাৰে অপাৰেছন | দুটা দিন কেনেকৈ পাৰ হ’ল গমকে নাপালোঁ | বুধবাৰে ন বজাত মোক ৰক্তবেংকলৈ লৈ গ’ল | তাত দেখিছোঁ আমাৰ লগৰ পুৰণা আবাসৰ আৰু তিনিজন ল’ৰা | মোক পৰীক্ষা কৰিলে | তেজৰ নমুনা ল’লে পৰীক্ষা কৰিবলৈ | পৰীক্ষাত মোৰ একো গুৰুতৰ ৰোগ নাপালে ; তেজো গ্ৰহীতাৰ লগত মিলিল | গতিকে ম‍ই তেজ দিব পাৰোঁ | তাৰ পাচত অন্তিম মুহূৰ্তটো আহিল | মোক এখন বিছনাত শুবলৈ দিলে আৰু এটা বেজি মোৰ বাওঁহাতৰ কিলাকুটিৰ যোৰাত সোমোৱাই দিলে | মোক এটা প্ৰেচাৰ কাফ মুঠি মাৰি থাকিবলৈ দিলে | পিৰ পিৰকৈ মোৰ দেহৰ পৰা তেজ ওলাই গৈ এবটল হ’ল | ম‍ই ভয়ে ভয়ে চালোঁ | এক সুখানুভুতিয়ে মোৰ দেহ-মনত ক্ৰিয়া কৰি গ’ল | মৰমীয়াল বাইদেউগৰাকীয়ে ক’লে, “একো বেয়া লগা নাই নহয়? একো নহয় | কিবা অলপ লাগিলেও সেয়া মনৰহে, শাৰীৰিক একো নহয় | মন কৰিলে তুমি আৰু চাৰি মাহ পাছত  দিব পাৰিব |” অলপ জিৰণি লৈ ম‍ই হোষ্টেললৈ আহিলোঁ | আবেলি নিতুল দা অহি মোৰ খবৰ ল’লে আৰু আপেল, হৰলিক্স আদি দি গ’ল |
সন্ধিয়া পেয়িং কেবিনলৈ গৈ ৰোগীৰ খবৰ ল’লোঁ | ২২ বছৰীয়া ছোৱালীজনী তেনেই চুটি-চাপৰ যেন বাৰ বছৰমান হৈছে এনে লাগে | বিটা থেলাছেমিয়াৰ বাবে হেনো এনেকুৱা হৈছে হেনো | এতিয়া অষ্ট্ৰোপচাৰ কৰি প্লীহাটো উঠাই দিছে | ভাল লাগিল জীৱনত প্ৰথমবাৰ ৰক্তদান কৰি | মোৰ অলপমান তেজেৰে যদি কোনোবা এজন সুস্থ হৈ উঠিব পাৰে তাতকৈ আৰু আনন্দৰ কথা কি হ’ব পাৰে |
(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments