মেডিকেল কলেজৰ হাঁহি চকুলো (ডা: দীপুল চন্দ্ৰ হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো  (ডা: দীপুল চন্দ্ৰ হালৈ)

১০. স্প্লাছ- ৯০ :

আমাৰ ৬নং হোষ্টেলত নবাগতক আদৰণি জনোৱাৰ বাবে এটা সন্ধিয়া স্প্লাছ – ৯০(Splash-90) আয়োজন কৰিলে।  ৰাতিপুৱাৰ পৰা আমি ব্যস্ত মঞ্চ সজোৱাত। ভিডিও ৰেকৰ্ডিং কৰিব বুলি শুনিছো। মুখ্য আয়োজক চিত্ৰভানু দাসদা। দাসদাই শিল্পী মনেৰে সকলোতে এক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছিল। আমি হেনো কিবা এটা কৰিব লাগিব; কিবা মানে- নাচ, গান, অভিনয় আদি। কোনে কি কৰিব তাৰ বাবে ৰিহাৰ্ছেল কৰিছে, ভাবিছে। মই পিছে একো ভাবি পোৱা নাই। না গাব পাৰো, না নাচিব পাৰো। অভিনয় কৰিব পাৰিম যেন লাগিল। কিন্তু ইমানসোপা ল’ৰা- ছোৱালীৰ আগত অভিনয় কৰিবলৈ লাজ লাগিল। ঠিক কৰিলোঁ বাতৰিকে পঢ়িম। যিজন নবাগতই সকলোতকৈ ভাল কৰিব তাক শ্ৰেষ্ঠ নবাগতৰ পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিলে। মই শেষত বাতৰি পঢ়িলোঁ: এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছে দীপুল হালৈয়ে। আজি নতুন ছাত্ৰাবাসত নবাগতক আদৰিবলৈ স্প্লাছ-৯০ৰ আয়োজন কৰা হৈছে বুলি জনাইছে।| … অনুস্থানত নবাগত তথা মক্কেলসকলে তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় দি নৃত্য, গীত, অভিনয় আদি কৰে। খোৱা-বোৱাৰো বিশেষ আয়োজন কৰা হৈছিল। আমালৈ এইমাত্ৰ অহা বাতৰি মতে আজি নিশাৰ সাজ আহাৰ খাব নাপাই লেডিজ হোষ্টেলত থকা কুকুৰ-মেকুৰীবিলাকে কাইলৈ অনশন কাৰ্যসূচী পালন কৰিব বুলি জনাইছে। আৰু কাইলৈৰ পৰা মক্কেলসকলৰ অৱস্থাৰ কিছু উন্নতি আশা কৰা হৈছে |……..  দৰ্শকৰ বিপুল হৰ্ষোল্লাস হাত-চাপৰি। মই অনাকাংক্ষিত ভাৱেই শ্ৰেষ্ঠ মক্কেল নিৰ্বাচিত হৈছিলোঁ আৰু এখন কিতাপেৰে পুৰস্কৃত হৈছিলোঁ। ভিডিও ৰেকৰ্ডিঙত পাছত নিজক চাই বৰ ভাল লাগিছিল।

 

৯. নতুন ছাত্ৰাবাসৰ খিৰিকী :

৬ নং নতুন ছাত্ৰাবাসৰ খিৰিকীবোৰৰ এক মাদকতা আছিল | খিৰিকী কাষত বহি বাহিৰালৈ চাই এক আনন্দ পোৱা যায় | খিৰিকীৰে দেখা পোৱা যায় আমি বক্সিং খেলা বগৰীজোপা, বেলজোপা, গুলচ ফুলজোপা, অনামিকা সেই ছোৱালীজনী- সদায় ভিন্ন ৰূপত অহা-যোৱা কৰা, আৰু যে কত কি ! সেই খিৰিকীবোৰৰ লগত মক্কেলবোৰৰ এক সম্পৰ্ক আছিল | মক্কেলবোৰ যেন ভয়াতুৰা এক হৰিণী; দাদা সকল যেন আমাৰ বাবে বাঘহে ! আমি সদায় পলাবলৈ চেষ্টা কৰি থাকোঁ | আৰু  বন্ধৰ দিনত এই খিৰিকীবোৰৰে পাছফালেৰে পলাইছিলো | এই ক্ষেত্ৰত ৰূমমেট দাদাসকল আমাৰ বাবে আছিল ভগৱান সদৃশ | আমাক ৰক্ষা কৰি পঠিয়াই এই খিৰিকীপথেৰে | পাছফালৰ খিৰিকীদুখনৰ মাজৰ ৰডডাল খুলিব পাৰি আৰু এই ৰডদাল খুলিলেই মাজত  সৰকিব পৰা এটা বাট ওলাই যায় | এই বাটেৰে আমি বন্ধৰ দিনত ব্ৰ্হ্মপুৱাতে অতি  সন্তৰ্পনে পলাইছিলোঁ | আহ: এবাৰ ওলাই যাব পাৰিলে আমাক আৰু কোনে পায়! আগফালে ওলাই গলেই ধৰা পৰি যাম | দাদাসকলে কোৱামতে এই ৰড খোলাৰ ব্যৱস্থাটো ১৯৫০ চনমানৰ পৰাই চলি আছে | গতিকে বুজিলে খিৰিকীৰ লগত আমাৰ নৱাগতৰ সম্পৰ্ক!

 

৮. মহেন্দ্ৰ বৰা চাৰৰ কেবিন :

আমাৰ লগত মূলত তিনি শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছিলঃ প্ৰথম- অসমীয়া মাধ্যমত পঢ়ি অহা, দ্বিতীয়- ইংৰাজী মাধ্যমত পঢ়ি অহা, আৰু আনটো শ্ৰেণী হ’ল- কেন্দ্ৰীয় কোটাত অহা বহি ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকল | ইয়াৰে আমি অসমীয়া মাধ্যমত পঢ়ি অহা ল’ৰাবোৰৰ এই ৰেগিঙৰ অসম- অসমীয়া কথাবোৰত আমি অসুবিধা পোৱা নাছিলোঁ | ক-ফলা, অ-ফলা মতা, জাতীয় সংগীত গোৱা, বিহুৰ বিৱৰণ, ভূপেনদাৰ গীত আদি জাতীয় ভাৱধাৰাৰ প্ৰশ্নবোৰত পাছৰ দুইবিধৰ ল’ৰাবোৰে বৰ বেয়াকৈ উজুতি খাইছিল | ৰেগিঙে মাত্ৰা চেৰাই গৈছিল | দুই-এজন ছাত্ৰই অৱশ্যে চেষ্টা কৰি ভঙা ভঙা অসমীয়াত কথা পাতিব পৰা হৈছিল | দিল্লীৰ অনুৰাগ আগৱালাই খুব কম দিনৰ ভিতৰত ভঙা ভঙা অসমীয়াত কথা ক’ব পৰা হৈছিল | কিন্তু বহি ৰাজ্যৰ বেছিভাগ ছাত্ৰই পাঁচ বছৰতো শুদ্ধকৈ অসমীয়াত বাক্য এটা ক’ব পৰা নহলগৈ | শিৰোনামাৰ প্ৰসংগলৈ আহোঁ | ক-ফলাৰ– ঢ়, ড়, ঢ, ধ, ন, ণ, ঁ, ং,  ইত্যাদি আখৰকেইটাৰ উচ্চাৰণ বিভ্ৰাট চলি আছে | এদিন ৰাতি মই থকা ৮নম্বৰ ৰূমত ৰেগিং চলি আছে | “অ’ই ক-ফলা মাত”- জোনবীৰদাই ক’লে | মাতিলোঁ | লাগিল লেঠা ঢ়, ড়- ত | “হালৈ তইৰ কাইলৈ ২২নম্বৰ পেয়িং কেবিনলৈ যাবি | তাত সাহিত্যক মহেন্দ্ৰ বৰাচাৰ ভৰ্ত্তি হৈ আছে | গৈ সুধিবিগৈ এই আখৰকেইটাৰ কেনেদৰে উচ্চাৰণ কৰে | তহঁতৰ উচ্চাৰণো লৈ যাবি |” ময়ো পাছদিনা ২২ নম্বৰ কেবিনত উপস্থিত হ’লোঁ | চাৰক সুধিলো লিখিত ভাষাত কেনেদৰে উচ্চাৰণ কৰিব লাগে ক’লে | আৰু কৈছিল যে , কথিত ভাষাত উচ্চাৰণ ঠাই ভেদে ভিন্ন হ’ব পাৰে| (বেচেৰা আজাদ তই্ এনেয়ে মাৰ খালি)| চাৰে বাইদেউক আমাক দাদাসকলে ৰেগিং কৰা বুলি নকৈ “ধেমালি” কৰা বুলি কৈছিল |

 

৭. “এপ’লোজী”

শ্ৰেণীকোঠালৈ আহোঁ | ৰাতি আৰু বন্ধৰ দিনত ছাত্ৰাবাসত ৰেগিং দিনত ক্লাছ আৰম্ভ হৈছে | জৈৱ-ৰসায়ন (Biochemistry) প্ৰয়াত গনেশ বৰুৱা চাৰে  প্ৰ’টিনৰ ক্লাছ লৈছিল | ছাৰক আমি খুব ভয় আৰু সন্মান কৰিছিলোঁ | চাৰে আমাক বৰ মনোযোগেৰে পঢ়ুৱাইছিল আৰু আমিও মনোযোগ দিয়াটো বিচাৰিছিল | তেখেতে সদায় আগৰ ক্লাছত পঢ়োৱা পাঠৰ প্ৰশ্নেৰে পাঠ আৰম্ভ কৰিছিল | আৰু উত্তৰ দিব নোৱাৰিলে “একো নপঢ়ে, গাধ…” আদি গালি পাৰি ল’ৰাবোৰক আগফালে হাওলাই লৈ পিঠিত ধাম ধাম ভুকু দিছিল | যাৰবাবে ল’ৰাবোৰ পৰাপক্ষত একেবাৰে আগত আৰু হলৰ দুইকাষত বহিব বিচৰা নাছিল | ছাৰৰ ক্লাছত উক্ত ঠাইত নবহিবলৈ হেতা -ওপোৰা লাগিছিল | এদিন তেনে হেতা-ওপোৰাৰ বাবে আগৰ ক্লাছৰ বাইদেউ ওলাই যোৱা বুলি ভাবি সকলো ল’ৰা-ছোৱালী পিছফালৰ দৰ্জাৰে সোমাই গ’ল | বাইদেৱে বেয়া পালে আৰু ছাৰক কথাটো ক’লে | ছাৰে আমাক গালি পাৰি বাইদেউৰ ওচৰলৈ গৈ ক্ষমা খুজিবলৈ ক’লে (All of you go to madam for apology) | আমি ক্লাছটোৰ গোটেই ল’ৰা-ছোৱালী বাইদেউৰ আবাসলৈ গৈ ক্ষমা খুজিলোঁগৈ | ছাৰে আমাক বৰ মৰম কৰিছিল আৰু আমি হোষ্টেলত পঢ়া-শুনা কৰাটো বিচাৰিছিল | কাৰণ তেতিয়া হোষ্টেলত হোষ্টেলত পঢ়া-শুনা নকৰি বাৰে বাৰে পৰীক্ষাত ফে’ল কৰা ল’ৰা কিছুমান আছিল | প্ৰয়াত গনেশ বৰুৱা ছাৰক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ |

৬. দন্ত্য ধৰ অন্য নাম :

আপুনি বাৰু “ধ”- এই আখৰটোক কি বুলি উচ্চাৰণ কৰে ? নিশ্চয় ক’ব- দন্ত্য ধ | এৰা দন্ত্য ধ | আমি “দন্ত্যাত ধ” (নামনি অসম-নলবাৰী) বুলি উচ্চাৰণ কৰিছিলোঁ | আমি মক্কেল থকা সময়ত অসম চিকিত্সা মহাবিদ্যালয়ত এটা ৰেগিঙ সকলোৱে পাইছিল | মই  ভাবো, তেতিয়া হোষ্টেলবোৰত এক জাতীয়তাবাদী ভাৱধাৰাই বিৰাজ কৰিছিল | সকলো মক্কেলে সদ্য প্ৰয়াত ভূপেনদাৰ গীত এফাঁকি গাব লাগিছিল, অ-ফলা, ক- ফলা দুখন ভুল নোহোৱাকৈ মাতিব লাগিছিল, বিহু কেইটা- এইকেইটা সকলোকে সোধা প্ৰশ্ন আছিল | আমি প্ৰায়খিনি শুদ্ধকৈ কৈছিলো যদিও ক- ফলাখন মাতোতে একেবাৰে তলৰ আখৰকেইটাই দিগদাৰ লগাইছিল | হোষ্টেলৰ ভাষাত “জেং” লগাইছিল | সেইসময়ত দাদাসকলে কেইটামান শব্দ ঘনাই উচ্চাৰণ কৰিছিল | “জেং কৰা”, “গুলি”, “বে”, “কে…”, “কবিৰাজ”, “ফলা” ইত্যাদি শব্দ তেতিয়া হোষ্টেলত সঘনে উচ্চাৰিত কিছুমান শব্দ আছিল | আকৌ উচ্চাৰণলৈ আহিছোঁ | ধ, ঢ, ঢ়, ড়, ত্‍, :. ঁ, এই আখৰকেইটা উচ্চাৰণ ঠাই ভেদে ভিন্ন হৈছিল ; নলৰীয়া এজনে যেনেদৰে উচ্চাৰণ কৰিছিল শিৱসাগৰৰ ল’ৰা এজনৰ উচ্চাৰণ  অলপ বেলেগ হৈছিল | ধুবুৰীৰ ল’ৰা এজনে কি বুলি উচ্চাৰণ কৰিলে জানেনে ? “ কাণ মুচুৰা ধ” | গিৰ্জনী পাৰি হাঁহিলে সবে | আমিও খুক খুক কৈ মুখ টিপি হাঁহিলোঁ | কিন্তু হাঁহিৰ পাছতে আৰম্ভ হ’ল কান্দোন | ল’ৰাজনক কাণ মুচুৰাৰে আৰম্ভ কৰি অন্য ধৰণে বহুত পিটিলে | আমিও হঁহা বাবে থাপৰৰ লগতে কাণত ধৰি উঠ-বহ কৰিব লগা হ’ল | বেচেৰা ধুবুৰীৰ খীনমীন ল’ৰাজনলৈ দাদাসকল অলপ সদয় নহ’ল | তেখেতসকলৰ যুক্তি “অসমত থাকিলে অসমীয়া জানিবই লাগিব।”

৫. কুঁহিপাত কুমলীয়া আমাৰ হাতত:

আকৌ ৰেগিঙৰ কথা | সকলো দাদাসকলৰ নাম জানিবই লাগিব | কিন্তু জানিম কেনেকৈ ? ৰুমমেটে শিকাই দিছে : যেতিয়া কোনো ৰূমত সোমাবি বাহিৰত দৰ্জাত নামবোৰ চাই লবি | তেনেকৈ নাম জানিবলৈ ল’লোঁ | কিন্তু চাৰিজনীয়া কোঠাত নাম জনাটো অলপ কঠিন হৈছিল | তথাপিও জানিছিলো | কেতিয়াবা কাৰোবাক ভুলনামেৰে “অমুকদা” বুলি মাতি ধমকিও খাইছিলো | আমাক ৰাষ্ট্ৰীয় সংগীত আৰু অসমৰ জাতীয় সংগীত শুদ্ধকৈ গাবলৈ দিছিল | কিন্তু অলপ পাহৰিছিলো | গতিকে কি কৰা যায় | এদিন আবেলি আমি চাৰিজন মান লগহৈ নতুন(নিউ মাৰ্কেট) বজাৰলৈ গলোঁ | “বনলতা”ৰ পৰা এখন দুয়োটা সংগীত থকা কুঁহিপাত  কিনি আনিলোঁ | দেখাকৈতো লব নোৱাৰি, সেয়ে চোলাৰ ভিতৰত পেটত লৈ আহিলোঁ | আহোতে সন্ধিয়া আঠমান বাজি গ’ল | দাদা কেইজনমানে হোষ্টেলৰ কৰিদৰতে ধৰিলে আৰু কেউজনকে এটা ৰুমলৈ লৈ গ’ল | পেটতো ফুলি থকা দেখি হাতেৰে থপৰিয়াই দিলে | “হাৰে কি  আনিছ ? শাস্ত্ৰ নেকি ? উলিয়া উলিয়া |” আমাৰ অৱস্থা ফাটমেলা বসুমতী পাতালে লুকাওঁ ! কুঁহিপাতখন দেখি তেওঁলোক হাঁহিত ফাটি পৰিল | ক’ব লগা হ’ল – কুঁহিপাতৰ কাহিনী | এনেকৈয়ে মেডিকেলৰ আৰম্ভণিতে কিনিব লগা হৈছিল আকৌ মৰমৰ কুঁহিপাত |

 

৪. বগৰীৰ তলৰ বক্সিং :

বিছনা-পত্ৰ লৈ মই  আৰু মোৰ খুড়াৰ ল’ৰা জিন্তু নাইট চুপাৰৰ পৰা নামি ছাত্ৰাবাসলৈ গৈ আছোঁ | নিউ হোষ্টেল ৬( নতুন ছাত্ৰাবাস-৬) | ছাত্ৰাবাসৰ ক’ৰিডৰ পোৱাত চিঞৰ-বাখৰ আৰম্ভ হৈ গ’ল | “ আহি গ’ল বে মক্কেল, আহি গ’ল।” এজন দাদাই মোৰ নাম ধাম সুধিলে | মই ক’লোঁ | বক্সিং খেলিবলৈ জানো নেকি সুধিলে | মই নাজানো বুলি ক’লোঁ | আন এজন মক্কেলৰ লগত মোক বক্সিং খেলিবলৈ দিলে এদাল বগৰীৰ তলত | বক্সিং গ্লোভচ ভৰিৰ জোতা | ল’ৰা জনৰ লগত জোৰদাৰ বক্সিং চলিল | চাৰিচুকীয়া বৃহৎ হোষ্টেলটোৰ চাৰিওফালৰ পৰাই ল’ৰাবোৰে আমাৰ খেল উপভোগ কৰি চিঞৰিলে | “ মাৰ মাৰ আৰু মাৰ ” | ল’ৰাজনৰ লগত মোৰ প্ৰায় পোন্ধৰ মিনিট যুঁজ চলিল | ঘাম ওলাই গ’ল | প্ৰথম বক্সিং খেলিছো | তাকো হাতত জোতা পিন্ধি | সেই আবেলিটো আজিও মোৰ মনত সজীৱ হৈ আছে | প্ৰথম দিনাই হোষ্টেলত এক যুদ্ধেৰে আৰম্ভণী | পাছলৈ আৰু কিমান যুদ্ধ হয় বা | গম পালো এয়া হোষ্টেলৰ প্ৰথম ৰেগিং | এই ল’ৰাজন হ’ল যোৰহাটৰ কাকজানৰ চাহিদুল হক, মোৰ ভাল বন্ধু, সুখৰ দুখৰ লগৰী |

 

 

৩. মক্কেল সন্থা জিন্দাবাদ:

ৰেগিঙৰ সময়ৰ কথা | হোষ্টেলত পূৰাদমে ৰেগিঙ চলিছে | কোনো এটা ছাত্ৰাবাস বাদ পৰা নাই | আমাৰ হোষ্টেলতো চলিছে- দিন ৰাতি | ৰাতি ভাত খোৱাৰ পাচত ডাইনিং হ’লৰ পৰাই আমাক এটা ৰুমলৈ লৈ যায় | ৰেগিঙৰ ভয়ত বন্ধৰ দিনত ব্ৰক্ষ্মপুত্ৰৰ পাৰলৈ গৈ আদ্দা মাৰোঁ | এফালে ভয় আনফালে মহাবাহুৰ পাৰৰ মাদকতা | বহুদিন দেওবাৰৰ দূপৰীয়াৰ ভাতসাজ হোষ্টেলত খায়েই পোৱা নাছিল | এদিন ৰাতি আমি থকা নিউ হোষ্টেলৰ দাদাসকলে ঠিক কৰিলে যে ৰাতি প্ৰছেচন হ’ব | আমাৰ ভাল লাগিল | নিশা প্ৰায় আঠমান বজাত প্ৰছেচন আৰম্ভ হ’ল | মক্কেলবোৰৰ দীঘলীয়া শাৰী | নিউ হোষ্টেলৰ পৰা পুৰণি ছাত্ৰাবাসৰ মাজেৰে পোষ্ট-মোৰ্টেম হ’লৰ আগেয়ে লেডিজ হোষ্টেল ১ আৰু ২ ৰ মাজেৰে গৈ লেডিজ হোষ্টেল ৭অৰ সমূখেৰে আহি আমাৰ ছাত্ৰাবাসত শেষ | লেডিজ হোষ্টল ২ ত বহু সময় শ্লোগান চলি থাকিল : “মক্কেল সন্থা জিন্দাবাদ”, “নতুন ছাত্ৰাবাস জিন্দাবাদ”, ইত্যাদি | বহুতো ছোৱালী ওলাই আহি আমাৰ শ্লোগান শুনি আনন্দ কৰিলে | “বাইদেউ সকল গাখীৰ দিয়ক”, “গাখীৰ দিয়ক”- আমাৰ লগৰ কোনোবাই চিঞৰিলে | আমিও ধৰিলোঁ | ছাত্ৰাবাস পোৱাৰ পাছত আমাক সকলোকে আঁঠু কঢ়ালে | আমি ইটোৱে সিটোৰ মুখলৈ চালোঁ | এজন দাদাই ধমক দি সুধিলে, “ কোনে গাখীৰৰ কথা চিঞৰিছিল ক; নহলে সবে বেয়া পিটন পাবি।” আমাৰ লগৰ অজিত হাজৰিকাই ক’লে, “ দাদা, মই!” তাৰপাচত ধুমধাম মাৰ | বেচেৰাই বহুত মাৰ খালে | ইয়াকে বোলে- মানুহ মৰে কৈ, চৰাই মৰে ৰৈ |

 

২. ডিচেক্সন হ’লৰ প্ৰথম দিনটো:

১৯৯০ জানুৱাৰী মাহৰ এটা বিশেষ দিন | এই দিনটোতে আমি ডিচেক্সন হ’লত প্ৰথম প্ৰৱেশ কৰিছিলোঁ | এটা অচিনাকী বেয়া গোন্ধে আমাক স্বাগতম জনালে | এনেকুৱা গোন্ধ কেতিয়াও পোৱা মনত নাই | সোমাই ভিতৰৰ পৰিবেশ দেখি বিচুৰ্তি খালোঁ | ছয়খন লোহাৰ ক’লা টেবুলত ছয়টা শুকান মৃতদেহ | ভয় লাগি গ’ল, কিয়নো মই কেতিয়াও ইমান মৃতদেহ একেলগে দেখা নাছিলোঁ | বগা বগা এপ্ৰন পিন্ধা ল’ৰা-ছোৱালীবোৰৰ মাজত ক’লা ক’লা মৃতদেহকেইটা জিলিকি উঠিছিল | কাৰ বা মৃতদেহ ! ইয়াত পালেহি আমাক জ্ঞান দিবলৈ | এগৰাকী ওখ-পাখ চাৰ সোমাই আহিল | আমি সুপ্ৰভাত জনালোঁ | লেখন বৰগোহাই চাৰ | গলগলীয়া মাতেৰে আমাক স্বাগতম জনালে | তেখেতে ক’লে- “ সময়ত হ’লত প্ৰৱেশ কৰিব লাগিব, অন্যথা সোমাবলৈ দিয়া নহ’ব | সা-সজুলী লগত লৈ আহিবা | এপ্ৰন মাষ্ট | ক্লাছত ৭৫% উপস্থিত থাকিবই লাগিব | নাথাকিলে ছমাহ পাচত পৰীক্ষা দিব লাগিব | ….. ” চাৰৰ ইংৰাজীতে কোৱা কথাকেইষাৰত আমি সাৱধান হৈছিলোঁ | আমাৰ গ্ৰুপ ভাগ কৰি দিছিল | আমাৰ গ্ৰুপ হৈছিল- বি ১ | আমাৰ পাৰ্ট দিছিল- লোৱাৰ লিম্ব- ভৰিখন | আমি কানিংহামখন চাই চাই আৰম্ভ কৰিছিলোঁ- প্ৰথম ডিচেক্সন: অজানা এটি মৃতদেহত | মোৰ সংগী হৈছিল- প্ৰবাল গোস্বামী, ববী মাৰ, ৰাণী গগৈ, প্ৰদীপ হাটিমোটা আৰু ৰূপলেখা গোস্বামী | উপাধিৰ আদ্যাক্ষৰেৰে গ্ৰুপবোৰ ভাগ কৰা হৈছিল |

 

১. পল্ট্ন বজাৰৰ ৰুটি:

পল্টন বজাৰৰ বিহাৰী হোটেলৰ ৰুটি | আহ: সোৱাদেই বেলেগ | আবেলি ক্লাছ শেষ হোৱাৰ পাছত আমি সন্ধিয়া এপাক নগলে নহয়, ৰুটি খাবলৈ | চাৰি পাঁচজন একেলগে যাওঁ | শুকান ৰুটি, তৰকাৰী, আৰু চাহ | ৰুটিৰ লগত আমি প্ৰায়েই মাংসৰ জোল অলপ বিচাৰোঁ | বৰ সোৱাদ লগা আছিল সেই জোলকন | চাহ, ৰুটি, তৰকাৰী আৰু মাংসৰ জোলত মূঠতে তিনিটকা | ল’ৰা বোৰ ভাগে ভাগে যায় | ছোৱালী সাধাৰণতে নাযায় | এদিনৰ কথা: মই, চাহিদুল, খাখ্‌লাৰী, লোকজিত আৰু পণ্ডিত মিলি ৰুটি খাবলৈ গ’লো | ৰুটি-তৰকাৰী দি গ’ল | এজন ৰুটি দিয়া মানুহে খুব কাঁহি আছে | কাহি কাহি শেষত মুখলৈ অহা খেকাৰখিনি বৰ ধুনিয়াকৈ গিলি দিলে | আমি ইটোৱে সিটোৰ মুখলৈ চালোঁ | আমাৰ ৰুটি খোৱা নহ’ল | গুচি আহিলোঁ |

 

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক