‘মেপল ট্ৰি’ আৰু ‘বিগ এপল’ৰ দেশত -দিলীপ বৰা

এইবাৰ ল’ৰাৰ ঘৰলৈ ওলাওঁতেই ঠিক কৰি লৈছিলো, আমেৰিকাৰ পশ্চিম উপকুললৈ যোৱা নাই, যাব লাগিব৷ ল’ৰাক ক’লো, ‘কালিফোৰ্ণিয়ালৈ যোৱাৰ প্ৰোগ্ৰেম কৰি থ’বা৷ তোমালোকো যাব লাগিব৷ সময়ত ছুটি নাই বুলি নক’বা৷’ সি ক’লে, ‘চিন্তা কৰিব নালাগে, সকলো হৈ যাব৷’

জুলাই মাহৰ কোমল ৰ’দেৰে উমাল পুৱা এটিত নিশ্চিন্ত মনে টৰণ্টোৰ পিয়েৰচন আন্তৰ্জাতিক বিমান বন্দৰত নামিলোগৈ৷ পাঁচ বাজি চল্লিশ মিনিটত এয়াৰ কানাডাৰ বিমানে বন্দৰত অৱতৰণ কৰিলে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা নিশা ১২-১০ মিনিটত যাত্ৰা আৰম্ভ কৰা বিমানখনে চাৰে চৈধ্য ঘণ্টাতকৈ কম সময়তে এঘাৰ হাজাৰ সাতশ কিলোমিটাৰ দীঘল আকাশী পথৰ দূৰত্ব অতিক্ৰম কৰি আহিল৷ টৰণ্টোৰ গৰমৰ দিনৰ সময় ভাৰতীয় সময়তকৈ চাৰে ন ঘণ্টা পাছ পৰা৷ এন্ধাৰে এন্ধাৰে চাৰে চৈধ্য ঘণ্টাৰ পথ অতিক্ৰম কৰিলেও ভালকৈ টোপনি হোৱা নাছিল৷ ইমিগ্ৰেচন আৰু কাষ্টমচ ফৰ্মেলিটিত সময় নালাগিল, লাগিল চেকড্-ইন বেগেজ আহি পাওঁতে৷ ছয় বাজি পোন্ধৰ মিনিটত বেগেজ ট্ৰলী ঠেলি বাহিৰ ওলালো৷ দূৰৰ পৰাই দেখিলো অনিৰুদ্ধ তাৰ বান্ধৱী টেমীৰ সৈতে আহি আছে এৰাইভেল গেটৰ ফালে৷ মই হাত দাঙি মোৰ অৱস্থিতিৰ উমান দিলো৷ দুয়ো আগবাঢ়ি আহি মোক সাদৰ আলিঙ্গন কৰিলে৷ ৰাতি খোৱা বস্তুবোৰৰ সোৱাদ মুখত লাগি আছিল৷ অলপ অস্বস্তিবোধ কৰিছিলো৷ টুথপেষ্ট-ব্ৰাচ চেকড্-ইন বেগত আছিল৷ এয়াৰ কানাডাৰ পেচেঞ্জাৰ এমেনিটি পুতৌ লগা; খাদ্যও৷

      এয়াৰপ’ৰ্টৰ পাৰ্কিং বে’ৰ পৰা টেমীয়ে চলোৱা তাইৰ নিজা গাড়ীত উঠি ঘৰমুৱা হ’লো৷ পৰিবাৰ এসপ্তাহ আগতেই আহিছে, সাত বজাৰ আগে আগে অনিৰুদ্ধ আৰু টেমীৰ এপাৰ্টমেণ্ট পালোগৈ৷ সৰু ঘৰ৷ সিহঁতে মাষ্টাৰ বেডৰুমটো আমাক দিছে৷ মই আপত্তি কৰিলো; নামানিলে৷ বস্তু-বাহানি থানথিত লগাই ফ্ৰেচ হৈ ল’লো৷ পুৰা ছসপ্তাহৰ কাৰণে আহিছো টৰণ্টোলৈ, পাঁচ বছৰ পিছত৷ চাকৰিৰ পৰা অৱসৰ লোৱা কাৰণে মুকলিমূৰীয়াকৈ আহিব পাৰিছো৷ ল’ৰা আৰু তাৰ বান্ধৱীৰ লগত ছটা সপ্তাহ আনন্দৰে কটাব পাৰিম বুলি ভাবি মনটো ভাল লাগিল৷ চাহ খাই থাকোতে সিহঁত দুটাক আকৌ সুধিলো, লচ এঞ্জেলেচ যাব লাগিব, ছুটি পাব নে নাই৷ সিহঁতে হ’ব বুলি কোৱাত সকাহ পালো৷ এন্ধাৰে এন্ধাৰে যাত্ৰা সম্পূৰ্ণ কৰাৰ কাৰণে জেটলেগে বৰকৈ আমনি নকৰিলে৷ দুপৰীয়া এঘণ্টামান শোৱাৰ পাছত ওলাই যাব পৰা হ’লো৷ গধূলিৰ আহাৰ সিহঁতে আমাক জাপানী ৰেঁষ্টুৰেণ্ট এখনত খুৱালে৷

       টৰণ্টোলৈ এইবাৰৰ সৈতে চাৰিবাৰ আহিলো৷ মানুহ বাঢ়িছে আগতকৈ৷ ২০০৮ চনত প্ৰথমবাৰ আহিছিলো৷ দুই-তিনিখন চেটেলাইট টাউনক ধৰি তেতিয়া চহৰখনৰ জনসংখ্যা আছিল ৩৫ লাখ৷ এইবাৰ ‘নেট’ত চাই দেখিলো সেই সংখ্যা বাঢ়ি গৈ ৫৬ লাখ হৈছেগৈ৷ দহ বছৰত ৬০ শতাংশ বৃদ্ধি পাইছে টৰণ্টোৰ জনসংখ্যা৷ লগে লগে বাঢ়িছে অট্টালিকা, গাড়ী-মটৰৰ সংখ্যা৷ ৰাস্তা-পদূলিবোৰো লেতেৰা হৈছে৷ ল’ৰাৰ ঘৰ চহৰখনৰ প্ৰাণকেন্দ্ৰ ডানডাচ স্কোৱাৰৰ ওচৰতে৷ খোজকাঢ়ি গ’লে ১৫ মিনিট লাগে স্কোৱাৰ পাওঁতে৷ পৃথিৱীৰ সৰ্ববৃহৎ মাটিৰ তলৰ বজাৰসমূহৰ এখন ইটন চেণ্টাৰলৈ সময় লাগে ১২ মিনিট৷ ডিনাৰ খাই পাক এটা মাৰিলো ডানডাচ স্কোৱাৰৰ ফালে৷ এচিয়ান মানুহেৰে ভৰি পৰিছে চহৰখন৷ বগা মানুহৰ সংখ্যা আগতকৈও কমিছে৷ চীনা, ভিয়েটনামী, কোৰিয়ান, মধ্য প্ৰাচ্যৰ খাদ্যৰ দোকান যেনিয়ে-তেনিয়ে৷ ভাৰতীয় মূলৰ মানুহ যথেষ্ট সংখ্যক আছে যদিও ভাৰতীয় খাদ্য পৰিৱেশন কৰা ৰেঁষ্টুৰাৰ সংখ্যা তুলনামূলকভাৱে বহুত কম৷ অপ্ৰিয় হ’লেও সত্য যে ভাৰতীয় খাদ্য ভাৰতীয় উপ মহাদেশৰ বাহিৰে পৃথিৱীৰ আন ক’তো এচিয়ান বা মধ্য প্ৰাচ্যৰ খাদ্যৰ দৰে জনপ্ৰিয় নহয়৷ যিসকল ভাৰতীয়ই বিদেশত ভাৰতীয় খাদ্য জনপ্ৰিয়তাৰ শীৰ্ষত বুলি ভ্ৰমণ কাহিনীত লিখে বা সভাই-সমিতিয়ে কয় তেওঁলোকে আচলতে আভুৱাহে ভাৰে৷ একেদৰে ভাৰতীয় সাজ-পোছাকেও পৃথিৱীৰ আন দেশত জনপ্ৰিয়তা অৰ্জন কৰা নাই৷

       দুসপ্তাহমান পুৰণা বন্ধু-বান্ধৱক লগ কৰি টৰণ্টোতে কটালো৷ মোৰ বন্ধু হৰিন্দৰ কেঙ (হেৰী) নিয়মীয়া গলফ্ খেলুৱৈ৷ তেওঁৰ লগত টৰণ্টোৰ উপকণ্ঠ ব্ৰেমটন চহৰত থকা মে-ফেয়াৰ গলফ্ ক্লাবত দুদিন গলফো খেলিলো৷ ল’ৰাক ক’লো মণ্ট্ৰিললৈ যোৱাৰ মন আছে৷ সি লগে লগে ৰেলেৰে অহা-যোৱা টিকট কাটি দিলে৷ হোটেলো বন্দৱস্ত কৰিলে৷ সিহঁত দুটাই এতিয়া ছুটি ল’লে লচ এঞ্জেলেচ যাবলৈ ছুটি নাপাব৷ সেয়ে আমি দুয়োটাই গ’লো৷ দ্ৰুতগামী ৰেলেৰে ৪ ঘণ্টা লাগে, ৫০৬ কিঃমিঃ দূৰত্বত থকা মণ্ট্ৰিল চহৰ পাওঁতে৷ ফৰাচীসকলৰ আধিপত্য থকা কুৱেবেক অঞ্চলৰ মণ্ট্ৰিল আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ চহৰ৷ মেকগিল বিশ্ববিদ্যালয় পৃথিৱীৰ কুৰিখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ এখন৷ চহৰখনৰ স্থাপত্য ফৰাচী ঠাঁচৰ৷ কুৱেবেক অঞ্চল আৰু মণ্ট্ৰিলৰ চৰকাৰী ভাষা ফৰাচী৷ দোকান-বজাৰ আৰু ৰাস্তা-পদূলিৰ নামফলকবোৰো ফৰাচী ভাষাতে লিখা৷ অৱশ্যে দোকানী-পোহাৰী, টেক্সী চালক আদিয়ে কানাডাৰ আনটো চৰকাৰী ভাষা ইংৰাজীও কম-বেছি পৰিমাণে বুজি পায় আৰু ক’ব পাৰে৷ চহৰখনৰ ঠাইবোৰৰ নামো ফৰাচী ঠাঁচৰ হোৱা কাৰণে প্ৰথমে অসুবিধা পাইছিলো৷ আমি পোনে পোনে হোটেললৈ গৈ দুপৰীয়াৰ আহাৰ খাই অকণমান বিশ্ৰাম ল’লো৷ তাৰপিছত টেক্সী ধৰি চহৰখনৰ পুৰণি অংশটোলৈ গ’লো৷

       কানাডা আয়তনত ভাৰততকৈ তিনিগুণ অধিক পৰিসৰৰ হ’লেও ইয়াৰ জনসংখ্যা অত্যন্ত কম৷ ভাৰতৰ ১২৬ কোটি জনসংখ্যাৰ বিপৰীতে কানাডাৰ জনসংখ্যা চাৰি কোটিতকৈও কিছু কম৷ ইয়াত ডাঙৰ চহৰৰ সংখ্যাও আঙুলি মূৰত লেখিব পৰা৷ দহ লাখতকৈ অধিক জনসংখ্যাৰ চহৰ মাত্ৰ ছখন৷ চাপন্ন লাখ মানুহৰ বসতিৰে টৰণ্টো কানাডাৰ সবাতোকৈ ডাঙৰ চহৰ৷ ইয়াৰ পিছতে পঁয়ত্ৰিশ লাখ বাসিন্দাৰে মণ্ট্ৰিল চহৰ৷ ভেঙ্কুভাৰ, কেলগেৰী, এডমিণ্টন আৰু ৰাজধানী অট’ৱা চহৰৰ জনসংখ্যা ক্ৰমে ২৩, ১২, ১১ আৰু ১০ লাখ৷ পেৰিচৰ পিছত মণ্ট্ৰিলেই হ’ল ফৰাচী ভাষা কোৱা পৃথিৱীৰ সৰ্ববৃহৎ চহৰ৷ মণ্ট্ৰিল চহৰখন এটা দ্বীপৰ ওপৰত অৱস্থিত৷ প্ৰত্নতাত্বিক তথ্যই প্ৰমাণ কৰে যে চাৰি হেজাৰ বছৰৰো আগতেই মণ্ট্ৰিল দ্বীপত লোকবসতি আৰম্ভ হয়৷ ১৫৩৫ খৃষ্টাব্দত ফৰাচী পৰিব্ৰাজক জেকচ কাৰ্টিয়াৰে এই দ্বীপটোত পদাৰ্পণ কৰাৰ পাঁচশ বছৰ আগতেই ইয়াৰ বাসিন্দাসকলে মাকৈ বা গোমধানৰ খেতি কৰিছিল৷ কাৰ্টিয়াৰৰ পিছতে আন এজন ফৰাচী পৰিব্ৰাজক চেমুৱেল দ্য চেম্পিয়নো আহি দ্বীপটোত উপস্থিত হয়৷ তেওঁৰ টোকাত পোৱা যায় যে প্ৰাকৃতিক কাৰণ আৰু সম্ভৱতঃ ইউৰোপীয়ান প্ৰবজকসকলে বিয়পোৱা বেমাৰৰ বীজাণুৱে দ্বীপটোৰ আদি বাসিন্দাসকলক নিশ্চিহ্ন কৰি পেলায়৷ ১৬১১ খৃষ্টাব্দত চেম্পিয়নে চেণ্ট লৰেন্স আৰু পিটাইট নদীৰ সঙ্গমস্থলত এটা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰে৷ এনেদৰেই মণ্ট্ৰিল দ্বীপত ফৰাচী ঔপনিৱেশিক শক্তিৰ শিপা প্ৰোথিত হয়৷

       টৰণ্টো আদি আধুনিক চহৰতকৈ মণ্ট্ৰিল চহৰৰ সৌন্দৰ্য আৰু স্থাপত্য বেছি চকুত লগা৷ ১৮৪৪ খৃষ্টাব্দৰ পৰা ১৮৪৯ খৃষ্টাব্দলৈ এইখন চহৰ কানাডাৰ ৰাজধানীও আছিল৷ ফৰাচী আৰ্হিত নিৰ্মিত গথিক ৰিভাইবেল নটৰডম বেছিলিকা আৰু ইয়াৰ আশে-পাশে থকা পুৰণি মণ্ট্ৰিল চহৰ আৰু বন্দৰেৰে মনোমোহা মণ্ট্ৰিল চহৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ স্থাপত্যৰ সংমিশ্ৰণত সৃষ্টি হোৱা পৃথিৱীৰ চকুতলগা চহৰবোৰৰ এখন৷ ইয়াৰ ৰাস্তা-পদূলি আৰু আন্দোলিত ভূমিপৃষ্ঠত নিৰ্মিত ফৰাচী আৰু বৃটিছ স্থাপত্যৰ সমাহাৰৰ মনোৰম উদাহৰণ তিনিশ বছৰ বা ততোধিক পুৰণি ঘৰবোৰ চাই কোনো ভ্ৰমণকাৰী আপ্লুত নোহোৱাকৈ থাকিব নোৱাৰে৷

       পিছদিনা আমি বোটানিকেল উদ্যান চাবলৈ গ’লো৷ ৭৫ হেক্টৰ ভূমিত স্থাপিত এই উদ্যানখন ফুৰিবলৈ সম্পূৰ্ণ এটা দিন লাগে৷ ২০ ডলাৰকৈ (ভাৰতীয় ১১০০ টকা) প্ৰৱেশ মাচুল দি আমি কেৱল গ্ৰীণ-হাউচ আৰু বিভিন্ন শাক-পাচলিৰ খেতি থকা অংশটো চোৱাৰ সিদ্ধান্ত ল’লো৷ শ্ৰীমতীৰ কাৰণে সিমানখিনি দূৰত্বও খোজকাঢ়ি চোৱা অসুবিধাজনক হোৱাৰ কাৰণে কতৃপক্ষৰ ফালৰ পৰা দিয়া টয়-ট্ৰনত উঠি উদ্যানখনৰ বিভিন্ন স্থানত থকা ভিন ভিন প্ৰজাতিৰ ফুল আৰু শষ্যৰ পথাৰবোৰ চালো৷ আমাৰ একেবাৰে নিজা বহুবিধ শাক-পাচলিৰ খেতিও উদ্যানখনত দেখি আচৰিত হ’লো৷ বছৰৰ ছমাহ বৰফেৰে আবৃত হৈ থকা উদ্যানৰ ভিতৰৰ গ্ৰীণ-হাউচত গ্ৰীষ্মপ্ৰধান অঞ্চলত হোৱা শাক-পাচলি আৰু ফুল ইমান সফলতাৰে উৎপন্ন কৰাৰ কাৰণে কতৃপক্ষৰ শলাগ নলৈ নোৱাৰিলো৷

       মণ্ট্ৰিলৰ পৰা ঘূৰি আহি দুটা সপ্তাহ টৰণ্টোত কটালো৷ ক’বলৈ পাহৰিছিলো, ইয়াৰ মাজতে আমি এটিপি মাষ্টাৰ্চ টেনিচ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনো উপভোগ কৰিলো৷ বিশ্বৰ এক নম্বৰ টেনিচ খেলুৱৈ ৰাফেল নাডাল আৰু গ্ৰীচৰ ১৯ বছৰীয়া উদীয়মান খেলুৱৈ চিষ্টিপাচে প্ৰতিদ্বন্দ্বিতা কৰা খেলখন চাবলৈ পাই অতিকৈ আনন্দিত হ’লো৷ মোৰ প্ৰিয় টেনিচ খেলুৱৈ ৰ’জাৰ ফেডাৰাৰে এইবাৰ এইখন মাষ্টাৰ্চ ১০০০ প্ৰতিযোগিতাত ভাগ নল’লে৷ ফেডাৰাৰৰ খেল স্বচক্ষে চোৱাৰ আশা পুৰণ নহ’ল৷ আনজন শ্ৰেষ্ঠ খেলুৱৈ নোভাক জক’ভিচ চিষ্টিপাচৰ হাতত কোৱাৰ্টাৰ ফাইনেলতে পৰাভূত হোৱাত তেওঁকো স্বচক্ষে নেদেখিলো৷ অৱশ্যে উদীয়মান তৰকা চিষ্টিপাচেৰ খেলেও আমাক মোহিত কৰিলে৷

       অনিৰুদ্ধ আৰু টেমীয়ে লচ এঞ্জেলেচ ভ্ৰমণৰ দিন ঠিক কৰিলে ২৩ আগষ্টৰ পৰা ৩ চেপ্টেম্বৰলৈ৷ ১ আৰু ২ চেপ্টেম্বৰ শনি আৰু দেওবাৰ৷ এই দুটা দিন সিহঁতৰ সাপ্তাহিক চুটি৷ ৩ তাৰিখে ‘লেবাৰ ডে’ পৰিছে৷ লং উইকেণ্ড৷ ২৯, ৩০, ৩১ আগষ্টৰ কাৰণে ছুটি ল’লে দুয়োটাই৷ ২৯ তাৰিখে পুৱা ৮ বজাত এয়াৰ কানাডাৰ বিমানেৰে পিয়েৰচন ইণ্টানেচনেল এয়াৰপ’ৰ্টৰ পৰা লাচ ভেগাচ অভিমুখে উৰা মাৰিলো৷ কালিফোৰ্ণিয়াৰ মান সময় টৰণ্টোৰ মান সময়তকৈ তিনি ঘণ্টা পিছপৰা৷ চাৰি ঘণ্টাৰ উৰণ সম্পূৰ্ণ কৰি স্থানীয় সময় পুৱা ন বজাত লাচ ভেগাচৰ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’লো৷ এৰাইভেল লাউঞ্জত উপস্থিত হৈয়েই দেখিলো ‘মিনি কেচিনো’৷ যিসকল ভ্ৰমণকাৰীৰ হাতত কিছু সময় আছে তেওঁলোক শ্লট মেচিন, ডাইচ খেলৰ ব’ৰ্ড, প’কাৰ খেলৰ টেবুলত বহি জুৱাৰ আড্ডাত মচগুল হৈ পৰিছে৷ কাণ্ড দেখি আমি আচৰিত হোৱাতকৈ আমোদহে পালো৷ এৰিষ্টট’ল ওনাচিচেজন এফ কেনেডীৰ বিধৱা জেকুলিন কেনেডীক বিয়া কৰাওঁতে অজস্ৰ মণি-মুকুতা, হীৰা খচিত ঘড়ী, পোছাক, অলঙ্কাৰ আদিৰ উপৰিও এটা দ্বীপ আৰু আৰু এখন ব্যক্তিগত আকাশীজাহাজ উপহাৰ দিছিল৷ সাংবাদিকসকলে এগৰাকী মহিলাক বিয়া কৰাবৰ কাৰণেই এই অজস্ৰ সম্পত্তি উপহাৰ দিয়াৰ কিবা অৰ্থ আছে নেকি সোধাত ধনকুবেৰ ওনাচিচে হাঁহি এটা মাৰি উত্তৰ দিছিল, ‘মতা মানুহে ধন ঘটে তিৰোতা মানুহৰ ওপৰত খৰচ কৰিবলৈকে৷’ লাচ ভেগাচ এয়াৰপ’ৰ্টৰ মিনি কেচিনোৰ জুৱাত বহি থকা ভ্ৰমণকাৰী ধনকুবেৰসকলক দেখি ভাৱ হ’ল, ওনাচিচে মতা মানুহৰ এইটো দুৰ্বলতাৰ কথাও ক’ব লাগিছিল৷ অৱশ্যে আমি দেখা জুৱাৰীবোৰৰ মাজত দুই চাৰি মহিলাও আছিল, সংখ্যাত যদিও কম৷

       এয়াৰপ’ৰ্টৰ বাহিৰ ওলাই আমি টেক্সী ল’লো৷ আমাক আৰিজোনা মৰুভূমিৰ শুকান, গৰম বতাহে গালে-মুখে চেলেকি গ’ল৷ মই ল’ৰাৰ মুখলৈ চালো৷ সি হাঁহি মাৰি ক’লে, ‘এতিয়া মাত্ৰ ৩৬ ডিগ্ৰি চেলচিয়াচহে৷ দুপৰীয়া ৪০ ডিগ্ৰি অতিক্ৰম কৰিব!’

       ‘গম পাইছো কিহৰ কাৰণে লাচ ভেগাচলৈ অহা মানুহ দিনে-নিশাই জুৱাৰ আড্ডাত বহি থাকে৷’ তাৰ কথাৰ উত্তৰত ময়ো হাঁহি মাৰি ক’লো৷ টৰণ্টোৰ সৰ্ব্বোচ্চ তাপমান এই সময়ত মাত্ৰ ২৬ ৰ পৰা ২৮ চেলচিয়াচ৷

       ভেনেচিয়ান হোটেলখন দূৰৰ পৰাই চিনি পালো৷ চাৰি বছৰ আগতে মাকাওলৈ যাওঁতেও আমি তাৰ ভেনেচিয়ান হোটেলতে আছিলো৷ দুইখন হোটেলৰ স্থাপত্য একেই৷ লবী, ক’ৰিডৰ, কেচিনো, বজাৰ আনকি ভেনিচিয়ান কেনেলৰ আৰ্হিত বনোৱা হোটেলৰ ভিতৰত থকা কেনেল আৰু মূৰৰ ওপৰত আঁকি থোৱা কৃত্ৰিম আকাশখনো একেই৷ হোটেলত যদিও ২ বজাতহে চেক্-ইন কৰাৰ নিয়ম আৰু তেতিয়া পুৱা এঘাৰহে বাজিছিল৷ সৌভাগ্যবশতঃ সোনকালেই ৰুম পোৱা গ’ল৷ এদিনৰ কাৰণে এটা ৰুমৰ ভাড়া ১৬৯ আমেৰিকান ডলাৰ৷ তাৰ উপৰি ৰুমে প্ৰতি ৪০ ডলাৰ দিলো ৰিজ’ৰ্ট টেক্স হিচাপে৷ ভাৰতীয় টকাত এনিশাৰ ভাড়া পৰিল প্ৰায় চাৰে চৈধ্য হাজাৰ৷ ৰুমটো বেচ ডাঙৰ, চোফাচেট, ৰাইটিং টেবুল, ৱাৰড্ৰৱ আদি সকলো আছে৷ চাহ-কফি খোৱাৰ ব্যৱস্থা আছে নেকি চালো, নাই৷ পানী টেপৰ পৰা লৈ খাব পাৰি৷ বটল ৰখা নাই৷ মিনি বাৰ এখন আছে৷ বজাৰৰ দামতকৈ বহুত বেছি চাৰ্জ কৰে কাৰণে আমি সেয়া ব্যৱহাৰ নকৰিলো৷ মাকাওৰ ভেনিচিয়ানত চাহ-কফি ফ্ৰি আছিল৷ মোৰ অলপ খং উঠিল৷ মুখ-হাত ধুই তলৰ ফুড ক’ৰ্টলৈ গৈ দুপৰীয়াৰ আহাৰ খালো৷ ৰ’দ চোকা হৈ অহাৰ কাৰণে বাহিৰলৈ নগৈ ৰুমতে জিৰণি লোৱাৰ সিদ্ধান্ত ল’লো৷

       গধূলি ৰুমৰ পৰা ওলাই আমি চাৰিওটাই বিখ্যাত লাচ ভেগাচ ষ্ট্ৰীপেৰে খোজ কাঢ়িলো৷ কেচিনোৰ চহৰ লাচ ভেগাচ৷ যেনিয়ে তেনিয়ে অসংখ্য কেচিনো৷ পদপথৰ মাজে মাজে বিভিন্ন এণ্টাৰটেইনমেণ্ট শ্ব’৷ ছোৱালী কেইজনীমানে প্ৰায় উলঙ্গ হৈ কেৱল স্তনবৃন্ত আৰু যোনিপ্ৰদেশৰ সন্মুখভাগ ঢাকি চকু-মুখ আঁকি-বাকি পদপথেৰে খোজ কাঢ়িছে৷ মঞ্জুৱে মোবাইলৰ কেমেৰাৰে ফটো লোৱা দেখি তাৰে এজনী আগবাঢ়ি আহি ক’লে, ‘গিভ মানী’৷ লগে লগে তেওঁ কেমেৰা সামৰিলে, ‘কুড নট টেক, কুড নট টেক৷’ ল’ৰাই মাকক খং কৰিলে, ‘পইচা দিব নুখুজিলে কোনো মানুহৰ ফটো নুতুলিবা৷ এই আটাইবোৰেই এণ্টাৰটেইনমেণ্ট শ্ব’৷ পইচা দিয়া উপভোগ কৰা৷ ’ আমি চৌদিশৰ ৰঙীণ পৰিৱেশৰ ফটো ল’লো৷ ৪ মাইল (প্ৰায় ৬ কিঃমিঃ) দীঘল লাচ ভেগাচ ষ্ট্ৰীপৰ প্ৰতিটো খোজতে কেচিনো, ৰেঁষ্টুৰেণ্ট, এণ্টাৰটেইনমেণ্ট স্পটচ্, শ্বপচ এণ্ড মলচ্৷ আমি প্ৰায় দুই কিলোমিটাৰ খোজ কাঢ়িলো৷ ইয়াত বেলি মাৰ যায় আবেলি চাৰে আঠ বজাৰ পিছত৷ ইতিমধ্যে নিশা এঘাৰ বাজি গৈছিল৷ আমি এখন মেক্সিকান ৰেঁষ্টুৰাত সোমাই ৰাতিৰ আহাৰ কৰিলো৷ ‘উবাৰ’ এখন লৈ মাজনিশা হোটেললৈ উভতিলো৷

       ‘নেখেলা নেকি?’ দুৱাৰেৰে সোমায়েই কেচিনো৷ শ্লট মেচিনবোৰৰ মাজেৰে পাৰ হৈ আহোতে মঞ্জুৱে সুধিলে৷

       ‘কিমান উৰাবৰ ক্ষমতা আছে?’ মই সুধিলো৷

       ‘ল’ৰা আছে, তুমি আছা, তোমালোকে দিবা৷’ তেওঁ উত্তৰ দিলে৷ তিৰোতা মানুহে নিজৰ উপাৰ্জন থাকিলেও গাঁঠিৰ ধন ভাঙি স্ফূৰ্তি কৰাৰ সলনি গৃহস্থৰ হাতলৈ চোৱাটোৱেই নিয়ম৷

       ‘বিশ ডলাৰ দিব পাৰো৷’ মই তাতকৈ বেছি পইচা জুৱাত উৰাব নোৱাৰো৷

       ‘ময়ো দিছো বিশ ডলাৰ৷’ অনিৰুদ্ধয়ো বিশ ডলাৰৰ নোট এখন মাকৰ হাতত দিলে৷ আমি চাৰিওটাই শ্লট মেচিন এটাৰ সন্মুখত ৰৈ চেভেন আপ চেভেন ডাউন খেলিলো৷ আধাঘণ্টাৰ ভিতৰত চল্লিশ ডলাৰ শেষ, এক-দুই ডলাৰকৈ বেট ধৰি খেলোতেও৷ মাজতে এবাৰ ত্ৰিশ ডলাৰ পাইছিলো৷ লোভ সামৰিব নোৱাৰি সেইখিনিও বেটিঙত লগাই দিয়াত সকলো গ’ল৷ ইতিমধ্যে নিশা এক বাজিল৷ আমি ৰুমলৈ গৈ জিৰণি লোৱা কথা ভাবিলো৷ বন্ধু কেইজনমানে হেলিকপ্টাৰত উঠি গ্ৰেণ্ড কেনিয়ন দৰ্শন কৰিবলৈ কৈছিল৷ এদিনীয়া হেলিকপ্টাৰ টুৰৰ খৰচ প্ৰতিজনৰ বিপৰীতে পাঁচশৰ পৰা ছশ আমেৰিকান ডলাৰ৷ ল’ৰাই ক’লে, ‘লচ এঞ্জেলেচলৈ যাওঁতে আকাশ মাৰ্গৰ পৰাই ৰেড কেনিয়ন স্পষ্টৰূপে দেখিবলৈ পাম৷ গ্ৰেণ্ড কেনিয়নৰ নিচিনা মেগনিফিচেণ্ট নহ’লেও ৰেড কেনিয়নো কম ধুনীয়া নহয়৷ ’

       পিছদিনা লাচ ভেগাচৰ পৰা লচ এঞ্জেলেচলৈ গ’লো৷ ৪৫ মিনিটৰ ফ্লাইট৷ জাহাজ ৰেড কেনিয়ন, প্ৰশান্ত মহাসাগৰৰ উপকূল আৰু আৰিজোনা মৰুভূমিৰ ওপৰৰেই গ’ল৷ চুটি ফ্লাইট হোৱা কাৰণে আমি মাত্ৰ দহ হেজাৰ ফুট ওপৰেৰেহে উৰিছিলো৷ প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰি থাকোতে কেতিয়া নামিবৰ হ’ল গমেই নাপালো৷ লচ এঞ্জেলেচ এয়াৰপ’ৰ্টত নামি নেচনেল কাৰ ৰেণ্টেল কোম্পানীৰ চাটল বাছত উঠিলো৷ তেওঁলোকৰ অফিচৰ পৰা ভাড়া কৰা গাড়ী লৈ আমি থাকিবলগা লং বীচ আইলেণ্ডৰ আলহী গৃহলৈ ৰাওনা হ’লো৷ টেমীয়েই গাড়ী চলালে৷

       তাই দুবছৰ লং বীচত আছিল৷ তাত কিশোৰ অপৰাধীৰ পুনৰ সংস্থাপন এজেন্সীৰ অধীনত শিক্ষকতা কৰিছিল৷ মূলতঃ ক’লা আৰু মেক্সিকান কিশোৰ অপৰাধীসকলক সমাজৰ লগত পুনৰ মিলিত হ’ব পৰাকৈ শিক্ষিত আৰু মাৰ্জিত কৰি গঢ় দিয়াৰ চেষ্টা কৰে মাৰ্কিন চৰকাৰে এনেকুৱা সংস্থাসমূহৰ জৰিয়তে৷ গাড়ী চলাই যাওঁতে তাই অপৰাধী কিশোৰ-কিশোৰীৰ শিক্ষক হিচাপে অৰ্জন কৰা অভিজ্ঞতাৰ বৰ্ণনা দিলে৷ পুলিচ বিষয়া হিচাপে মোৰ সেইখন জগতৰ লগত কিছু পৰিচয় আগতেই আছিল৷ ভাৰততো এনে ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে যদিও বিশেষকৈ আমাৰ মানুহৰ সকলো কামতেই ফাঁকি-ফুকা দিয়াৰ প্ৰৱণতাৰ কাৰণে আমেৰিকা, ইউৰোপীয় বা এচিয়াৰ আন উন্নত দেশবোৰৰ দৰে ব্যৱস্থাটো আমাৰ দেশত ফলপ্ৰসূ হোৱা নাই৷

       লং বীচৰ যিটো ঘৰত আমি আছিলো সেইটো অন-লাইন বুকিঙৰ যোগেদি ভাড়া কৰা হৈছিল৷ দুটা বেডৰুম, ৰান্ধনিশালৰ সৈতে লিভিং ৰুম, বাথৰুম, ৱাচিং মেচিন, গেৰেজ, বাৰাণ্ডা আৰু এখন সৰু চোতালেৰে এটা স্বয়ং সম্পূৰ্ণ ঘৰ৷ হ’ম এৱে ফ্ৰম হ’ম৷ সোমায়েই মনটো ভাল লাগি গ’ল৷ আটোমটোকাৰীকৈ ৰখা ঘৰটো বাহিৰে-ভিতৰে পৰিষ্কাৰ৷ কালিফোৰ্ণিয়াৰ জলবায়ু নাতিশীতোষ্ণ৷ শীতকালি টৰণ্টোৰ তাপমান শূন্যৰ পৰা ২০/২৫° চেলচিয়াচলৈ নামে৷ লচ এঞ্জেলচৰ তাপমান বছৰৰ সকলো সময়তে ২০ ৰ পৰা ২৯° চেলচিয়াচৰ ভিতৰতে উঠা নমা কৰে৷ গড় হিচাপে বছৰত মাত্ৰ ১৭ (প্ৰায় ৪৩ চেঃমিঃ) পৰিমাণৰ বৰষুণ হয়৷ প্ৰশান্ত মহাসাগৰৰ উপকূলেৰে যোৱা পেচিফিক ক’ষ্ট হাইৱে আৰু কালিফৰ্ণিয়া ষ্টেট হাইৱে ৱান পৃথিৱীৰ আটাইতকৈ সুন্দৰ হাইৱেবোৰৰ ভিতৰত অন্যতম বুলি বহু পৰ্যটকে কয়৷ লং বীচৰ পৰা চান ডিয়েগো চহৰলৈ যাওঁতে এফালে প্ৰশান্ত মহাসাগৰ আৰু আনফালে মেক্সিকোৰ পৰা আগবাঢ়ি অহা চনোৰান মৰুভূমিৰ আন্দোলিত ভূমিপৃষ্ঠত গজি উঠা তাল গছৰ শাৰী দেখি আন যিকোনো পৰ্যটকৰ দৰেই আমিও অভিভূত নোহোৱাকৈ থাকিব নোৱাৰিলো৷ ৰাস্তাত অনিৰুদ্ধই কালিফোৰ্ণিয়া ষ্টেট হাইৱে ৱানৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমেৰিকাৰ বিখ্যাত গায়ক-গীতিকাৰসকলে ৰচনা কৰা কেইবাটাও গান গাই শুনালে৷ কথাৰ মাজতে সি ক’লে, হাইৱে একেটা হ’লেও বগা আৰু ক’লা মানুহে লিখা গানৰ মাজৰ পাৰ্থক্য আকাশ-পাতাল৷ বগাসকলে লিখা গীতবোৰত আমেৰিকাৰ প্ৰাচুৰ্য্য আৰু ডেকা হৃদয়ৰ সোণালী সপোনৰ জয়গান৷ বিপৰীতে ক’লা মানুহে গোৱা গানবোৰত বঞ্চনা, শোষণ আৰু বৰ্ণবাদী আমেৰিকান ‘হোৱাইট চুপ্ৰিমেচিষ্ট’সকলৰ বিৰুদ্ধে সৰৱ হৈ উঠা প্ৰতিবাদী কণ্ঠৰ আৰ্তনাদ৷ আমেৰিকাৰ বৰ্ণবাদী বৈষম্যই ১৮৬১-৬৫ খৃষ্টাব্দত প্ৰেচিডেণ্ট আব্ৰাহাম লিংকনৰ শাসনকালত গৃহযুদ্ধৰ ৰূপ লৈছিল৷  ক’লা চামৰাৰ মানুহক দাস হিচাপে কিনা-বেচা কৰাৰ প্ৰথা গৃহযুদ্ধৰ পিছত নিঃশেষ হৈছিল যদিও কালিফোৰ্ণিয়া ভ্ৰমণকালত অনিৰুদ্ধ আৰু টেমীয়ে আমাক বৰ্ণবাদী বৈষম্যই কেনেকৈ আমেৰিকান-আফ্ৰিকান জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নত আজিও ঋণাত্মক প্ৰভাৱ পেলাই আহিছে তাৰ কেইবাটাও দৃষ্টান্তমূলক কাহিনী শুনালে৷

       ক’লা মানুহৰ বাহিৰেও কালিফোৰ্ণিয়াত এক বুজন সংখ্যক মেক্সিকান মানুহো আছে৷ চান ডিয়েগোৰ পৰা টিজুৱানাৰ মেক্সিকো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সীমান্ত মাত্ৰ আঠাইশ কিঃমিঃ দূৰত৷ বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীয়ে আমাৰ দেশত যি ধৰণৰ সমস্যা সৃষ্টি কৰিছে প্ৰায় একে ধৰণৰ সমস্যা অবৈধ মেক্সিকান প্ৰব্ৰজনকাৰীয়ে কালিফোৰ্ণিয়া আৰু আমেৰিকাৰ আন কেইখনমান ৰাজ্যতো সৃষ্টি কৰিছে৷ তদুপৰি আছে মেক্সিকোৰ পৰা ক’লাবজাৰী আৰু ড্ৰাগ মাফিয়াই সৰবৰাহ কৰা কোকেইন, হেৰ’ইন আদি ভয়াৱহ ড্ৰাগছবোৰৰ সমস্যা৷ প্ৰেচিডেণ্ট ৰিচাৰ্ড নিক্সনৰ দিনতে ১৯৭১ চনত আৰম্ভ কৰা ৱাৰ অন ড্ৰাগছ আজিও চলি আছে৷ আমেৰিকালৈ অবৈধ ড্ৰাগছ সৰবৰাহ কৰাৰ মূল পথ উন্মুক্ত মেক্সিকো সীমান্ত৷ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ভাৱে পিছপৰা ক’লা মানুহখিনিয়েই প্ৰধানকৈ নিচাযুক্ত সামগ্ৰীৰ প্ৰভাৱত পৰিছে৷ তাৰেই গইনা লৈ আমেৰিকাৰ হোৱাইট চুপ্ৰিমেচিষ্ট ৰাজনীতিকসকলে ‘ৱাৰ অন ড্ৰাগছ’ৰ নামত কৃষ্ণকায় মানুহখিনিৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰিছে বুলি বহুতে ক’ব খোজে৷ ক’লা মানুহৰ নৱপ্ৰজন্মৰ মাজত ক’লাবজাৰীৰ হাতেৰে এই নিচাযুক্ত সামগ্ৰীবোৰ মেলি দি তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ কৰি দিয়াৰ গুপুত চৰকাৰী পৰিকল্পনাৰ বিৰুদ্ধে হিপ-হপ গায়কসকল, চিত্ৰ নিৰ্মাতা, চিত্ৰ শিল্পী তথা সাহিত্যকৰ্মীয়ে তেওঁলোকৰ সৃষ্টিৰ মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ‘মুন লাইট’ নামৰ যিখন চলচ্চিত্ৰই আজি কেইবছৰমানৰ আগতে বছৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ‘অস্কাৰ’ বঁটা লাভ কৰিছিল সেইখন চলচ্চিত্ৰও কৃষ্ণকায় যুৱ সমাজক ড্ৰাগছৰ প্ৰচলনে কেনেকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে তাৰেই এক মৰ্মস্পৰ্শী দলিল৷ আমেৰিকাৰ আদি বাসিন্দা ‘ৰেড ইণ্ডিয়ান’সকলক শ্বেতকায় ঔপনিৱেশিকসকলে যিদৰে ‘ৰিজাৰ্ড চেটেলমেণ্ট’ত ৰাখি, বিনা পৰিশ্ৰমে খাদ্য আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যোগান দি ধ্বংসৰ মুখলৈ ঠেলি দিছে, সেই একেটা কাম কৃষ্ণকায়সকলৰ ক্ষেত্ৰত ড্ৰাগছৰ সহায়ত কৰিবলৈ লৈছে৷ কালিফোৰ্ণিয়া ৰাজ্যখনতো সমস্যাটোৱে ভয়াৱহ ৰূপ লৈছে৷ ডেট্ৰয়েট আৰু চিকাগোৰ দৰে লচ এঞ্জেলেচতো ড্ৰাগছ সম্পৰ্কিত অপৰাধৰ সংখ্যা দিনকদিনে বাঢ়িছে৷ অনিৰুদ্ধই ‘ৱাৰ অন ড্ৰাগছ’ৰ নাম লৈ মাৰ্কিন চৰকাৰে কৃষ্ণকায়সকলক নিঃশেষ কৰাৰ চক্ৰান্তৰ বিষয়ে এটা দীঘলীয়া বক্তৃতাই দি পেলালে৷

       তাৰ কথাবোৰ শুনি থাকোতে সমান্তৰালভাৱে আমাৰ দেশৰ সামাজিক পৰিৱেশ, কেইবাহাজাৰো বছৰ ধৰি ভাৰতীয় সমাজক কলুষিত কৰি ৰখা জাতিভেদ, গোষ্ঠী পাৰ্থক্য, লিঙ্গভেদ আৰু অতি সম্প্ৰতি ভয়াৱহ ৰূপ লোৱা ধৰ্মীয় অসহিষ্ণুতাৰ ঘটনাবোৰলৈ মনত পৰিল৷ জাতিভেদ প্ৰথাই সমাজৰ এক শ্ৰেণী মানুহক অস্পৃশ্য, জংঘলী, পিছপৰা আদি ভাগত বিভক্ত কৰি মানৱ জীৱনৰ মূল প্ৰমূল্য, কবিগুৰু ৰবীন্দ্ৰ নাথে কোৱাৰ দৰে, ‘সবাৰ উপৰে মানুষ সত্য, তাহাৰ উপৰে নেই’ আৰু আমাৰ জাতীয় জীৱনৰ ভেটি গঢ়ি থৈ যোৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোৱা ‘কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মৰাম’ এই দুষাৰ মহান বাণীয়ে প্ৰতিফলিত কৰা শ্বাশ্বত সত্যকে উলংঘা কৰিছে৷ ধৰ্মৰ ভিত্তিত একেখন সমাজৰে এখিনি মানুহক এঘৰীয়া কৰি তেওঁলোকৰ সামাজিক, ৰাজনৈতিক অধিকাৰৰ লগতে অৰ্থনৈতিক অধিকাৰো কাঢ়ি নিয়াৰ যি চক্ৰান্ত এক বিশেষ ৰাজনৈতিক ধৰ্মীয় গোষ্ঠীয়ে চলাই আহিছে সি ভাৰতীয় মনীষাৰ মূল সিদ্ধান্তসমূহৰ ওপৰতে কুঠাৰাঘাত কৰিয়েই ক্ষান্ত থকা নাই¸ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক দেশৰ পৰাই বিতাড়িত কৰাৰ চক্ৰান্ত ৰচিছে৷ ইয়াৰ লগে লগে বাঢ়িছে মহিলা উৎপীড়নৰ ঘটনা৷ তিৰোতাক পুৰুষৰ সম্পত্তি ৰূপে গণ্য কৰাৰ যি প্ৰৱণতা ইমানদিনে সীমাৱদ্ধ আছিল ব্ৰাহ্মণ্যবাদী আৰু ইছলাম ধৰ্মীয় চিন্তাধাৰাৰ মাজত সেয়া আজি দেশৰ সংখ্যাগৰিষ্ঠ ধৰ্মীয় অনুগামীসকলৰ মাজলৈকো বিয়পি পৰিছে৷ ৰাজধানী দিল্লীৰ ৰাজপথত হোৱা ‘নিৰ্ভয়া’ৰ গণধৰ্ষণ আৰু পাশৱিক হত্যাৰ আগতেও এনে নাৰকীয় কাণ্ড দেশৰ বিভিন্ন ঠাইত সংঘটিত হৈ আছিল আৰু আজিও হৈ আছে৷ আইনী ব্যৱস্থাৰে এই সমস্যা নিয়ন্ত্ৰণৰ চেষ্টাক নস্যাৎ কৰি ৰাজস্থানৰ পৰা অসমলৈ এনে ঘটনা আগতকৈও অধিক হাৰত ঘটিবলৈ লৈছে৷ ইয়াৰ উপৰি বাঢ়িছে বৰ্ণবাদী, ভাষাবাদী আৰু আদৰ্শবাদী সংঘাতো৷ কেৱল উত্তৰ-পূবৰ মানুহেক যে ৰাজধানী দিল্লী আৰু মূল ভূখণ্ডৰ অন্যান্য অঞ্চলৰ মানুহে গোষ্ঠীগত কাৰণত দুৰ্ব্যৱহাৰ কৰে এনে নহয়, ঝাৰখণ্ড, চট্টিশগড় আৰু দেশৰ আন জনজাতীয় গোষ্ঠীৰ লোকসকলৰ ওপৰতো এনে দুৰ্ব্যৱহাৰ, শোষণ আৰু সংবিধান প্ৰদত্ত ভূমিৰ অধিকাৰো কাঢ়ি নিয়াৰ চক্ৰান্ত দিনকদিনে বাঢ়িছে৷ আমেৰিকাৰ পৰিস্থিতিৰ লগত আমাৰ পাৰ্থক্য মাথো ইমানেই যে সেই দেশৰ গৰিষ্ঠসংখ্যক জনসাধাৰণ ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিক ভাৱে আমাৰ দুৰ্দশাগ্ৰস্ত শ্ৰেণীৰ মানুহখিনিতকৈ অধিক সচেতন হোৱাৰ কাৰণে কৃষ্ণকায়সকলৰে নহয় মেক্সিকান, হিচপানিক আৰু এচিয়ান বংশোদ্ভৱ লোকসকলৰো সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ আগতকৈ বহুতখিনি উন্নতি হৈছে৷ বৰ্ণভেদৰ কঠিন প্ৰাচীৰ ভাঙি এচিয়ান জনগোষ্ঠী আজি আমেৰিকাৰ আটাইতকৈ ধনী জনগোষ্ঠী ৰূপে পৰিচিত হৈছে৷ কলা-সংস্কৃতি, সাহিত্য-সংগীত, ক্ৰীড়া আদি ক্ষেত্ৰত আফ্ৰিকান-আমেৰিকান কৃষ্ণকায় লোকসকলৰ উত্থানক অকল উত্তৰ আমেৰিকাই নহয়, সমগ্ৰ বিশ্বই স্বীকৃতি দিছে৷ উত্তৰ আমেৰিকাৰ জনসাধাৰণৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি থকা দায়ৱদ্ধতাই এই অসম্ভৱক সম্ভৱ কৰি তুলিছে৷ পক্ষান্তৰে ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহক ঔপনিৱেশিক মানসিকতা আৰু ধৰ্মীয় তথা জাতিভেদৰ গোড়ামীয়ে আগতকৈও অধিক ৰূপত প্ৰভাৱিত কৰাৰ প্ৰৱণতা বিগত শতিকাৰ নব্বৈ দশকৰ আৰম্ভণিতে সংঘটিত বাবৰি মছজিদ ধ্বংসৰ ঘটনা আৰু জম্মু-কাশ্মীৰৰ পৰা পণ্ডিতসকল ধৰ্মীয় কাৰণত খেদা খাই আহিব লগা হোৱাৰে পৰা নিৰন্তৰ বৃদ্ধি পাই আহিছে৷ পৰিস্থিতি যোৱা দুটা দশকত আৰু বেছি বেয়াৰ ফালে ঢাল খাইছে যি ভাৰতৰ বহুগোষ্ঠীয়, বহুভাষিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক সত্ত্বাটোকে এক ভয়ানক ভৱিষ্যতৰ সন্মুখত থিয় কৰাই দিছে৷ ই অত্যন্ত চিন্তাৰ বিষয় আৰু গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী ভাৰতীয়সকলৰ প্ৰতি এক তীব্ৰ প্ৰত্যাহ্বান৷

       এইবোৰ কথাকে ভাবি-গুনি আৰু দুয়ো কাষৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ইউএছ হাইৱেৰে গাড়ী চলাই মাত্ৰ দুঘণ্টাতে চান ডিয়েগো চহৰত উপস্থিত হ’লো৷ প্ৰশান্ত মহাসাগৰৰ উপকূলীয় চহৰখনৰ ভূমিপৃষ্ঠ আন্দোলিত৷ টেমীয়ে পোনে পোনে আমাক সাগৰীয় মাছৰ খাদ্যৰ কাৰণে বিখ্যাত ৰেঁষ্টুৰা এখনলৈ লৈ গ’ল আহাৰৰ কাৰণে৷ পাৰ্কিং প্লেচত গাড়ী ৰখাই আমি ৰেঁষ্টুৰাখনৰ বন্ধ দুৱাৰৰ বাহিৰত থিয় হৈ থকা প্ৰায় ৩০-৪০জন মানুহৰ শাৰীৰ শেষত গৈ থিয় দি ল’ৰাৰ মুখলৈ চালো৷

       ‘চাৰে এঘাৰ বজাতহে খুলিব ৰেঁষ্টুৰাৰ দুৱাৰ৷’ ইতিমধ্যে আৰু কেইজনমান খাদ্যৰসিকে আমাৰ পিছফালে শাৰী পুৰাইছে৷

       ‘ইমানবোৰ মানুহে মাছ খাবৰ কাৰণেই এই পুৱাতে আহি লাইন লগাইছেহিনে?’ ল’ৰা আৰু টেমীয়ে ৰেঁষ্টুৰাখনৰ খাদ্যৰ প্ৰয়োজনতকৈ অধিক প্ৰশংসা কৰা বুলি মোৰ যি সন্দেহ আছিল সেয়া কিছু কমিছিল ইতিমধ্যে৷

       ‘চাই থাকা৷’ ল’ৰাই পিছফালে দীঘল হৈ যোৱা শাৰীটোলৈ চাই ক’লে৷

       ঠিক চাৰে এঘাৰ বজাত ৰেঁষ্টুৰাৰ দুৱাৰ খুলিলে৷ টেমীয়ে ‘অৰ্ডাৰ’ দিলে৷ মই এটা বীয়েৰো ল’লো৷ পশ্চিমৰ দেশলৈ গ’লেই মোৰ বীয়েৰৰ প্ৰতি দুৰ্বলতা বাঢ়ে৷ ইমান বেলেগ বেলেগ সোৱাদৰ বীয়েৰ আমাৰ দেশত নাপায়৷ মঞ্জুৰ প্ৰিয় আইচক্ৰীম৷ এদিন মই ইমানকৈ আইচক্ৰীম খালে আৰু বেছি ওজন বাঢ়িব বুলি কোৱাত তেওঁ দিনটো মোৰ লগত কথাই নাপাতিলে৷ যেই নহওক বেচ তৃপ্তিৰে মাছ, চালাদ আৰু মেক্সিকান ৰুটি এখন খালো৷ লগত চান ডিয়েগোৰ স্থানীয় ক্ৰাফট বীয়েৰ৷

       আহাৰৰ পিছত আমি চহৰখনৰ চাবলগীয়া ঠাইবোৰলৈ গ’লো৷ তাৰ বিখ্যাত বোটানিকেল গাৰ্ডেন চাই আবেলি ৭ বজাত ওভটনি যাত্ৰা আৰম্ভ কৰিলো৷ ল’ৰাই ক’লে আমেৰিকাৰ বিখ্যাত ইন-এণ্ড-আউট চেইনৰ বাৰ্গাৰ নোখোৱাকৈ সি উভতি নাযায়৷ আমি সাধাৰণতে বাৰ্গাৰ নাখাওঁ৷ ‘জাঙ্ক ফুড’ বুলি বাৰ্গাৰৰ যি বদনাম আছে তালৈ এই বয়সত ভয় নকৰাকৈ থাকিব নোৱাৰো৷ ল’ৰা নাচোৰবান্দা৷ ইন-এণ্ড-আউট বাৰ্গাৰৰ সোৱাদেই হেনো সুকীয়া৷ সি গুগল চাই মিড-ৱে পইণ্টৰ এঠাইত থকা ইন-এণ্ড-আউট বাৰ্গাৰৰ ৰেঁষ্টুৰাত গাড়ী ৰখুৱালে৷ আমি আটায়ে এই নতুন বাৰ্গাৰৰ সোৱাদ লৈ ৰাতিৰ আহাৰ সম্পূৰ্ণ কৰিলো৷

       পিছদিনা লচ এঞ্জেলেচ চহৰ আৰু হলীউড চাবলৈ ওলালো৷ চহৰখনৰ উপকণ্ঠ অঞ্চলবোৰত ‘ড্ৰাগছ’ৰ প্ৰভাৱ অত্যন্ত বেছি৷ ড্ৰাগছ মাফিয়াৰ এজেণ্টেৰে চহৰখন ভৰি আছে বুলি টেমীয়ে ক’লে৷ তাই ক’লে ড্ৰাগছ পেডলাৰ বিলাকে সাধাৰণতে মাইকী মানুহক বেয়া ব্যৱহাৰ নকৰে৷ কিন্তু মতা মানুহৰ লগত সৰু কথা একোটাতে হতাহতি, আনকি চুৰি বা বন্দুকেৰে যুঁজিবলৈও পিছ নোহোহঁকে৷ দুয়োটাই আমাক সাৱধান কৰি দিলে৷ কোনো মানুহৰে চকু-মুখলৈ আমি যাতে নাচাওঁ৷ আমি ভাৰতীয়সকলৰ ৰাস্তাই-ঘাটে দেখা মানুহৰ চকু-মুখলৈ দৃষ্টিকটুভাৱে চোৱাৰ বেমাৰ আছে৷ বিশেষকৈ তিৰোতা মানুহক ‘ষ্টেয়ৰিঙ’ কৰাৰ অভিযোগ দেশৰ সকলো ঠাইতে শুনা যায়৷ আমি দুয়ো মনে মনে শুনি থাকিলো৷ পোনে পোনে আমি হলিউড হিলচলৈ গ’লো৷ লচ এঞ্জেলেচ চহৰখন এনেয়েই ধুনীয়া৷ কিন্তু পুৰণি হলীউড অঞ্চলটোলৈ সোমাই যোৱাৰ লগে লগে আমি যেন এখন সপোনপুৰীতহে পদাৰ্পণ কৰিলো৷ ইয়াৰ ৰাস্তাবোৰ মসৃণ আৰু আহল-বহল৷ সু-উচ্চ অট্টালিকাৰ অস্তিত্বই নাই৷ সকলোবোৰ এমহলা, দুমহলা বা তিনি মহলীয়া ঘৰ৷ প্ৰায়বোৰ ঘৰৰ সন্মুখত চালে চকুৰোৱা উদ্যান৷ মই ল’ৰাক সুধিলো, ‘ইয়াৰ ঘৰ-দুৱাৰ আৰু চৌহদবোৰ যে চহৰখনৰ আন অঞ্চলতকৈ সুন্দৰ আৰু প্ৰশস্ত হ’ব জানিছিলোৱেই৷ চহৰৰ আনসকল নাগৰিকে এই অঞ্চলৰ বাসিন্দাসকলক অধিক সা-সুবিধা দি তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ নকৰেনে?’

       মোৰ প্ৰশ্ন শুনি ল’ৰাই তীৰ্যক হাঁহি এটা মাৰি ক’লে, ‘আমেৰিকা যে পৃথিৱীৰ সৰ্ববৃহৎ ধনতান্ত্ৰিক ৰাষ্ট্ৰ পাহৰিলা নেকি?’

       ‘নাই পাহৰা৷ কিন্তু সৰ্ববৃহৎ ধনতান্ত্ৰিক ৰাষ্ট্ৰ হ’ল বুলিয়েই একেখন চহৰৰে এখিনিক এক ধৰণৰ আৰু আন এখিনিক আন এক ধৰণৰ নাগৰিক সুবিধা কিয় দিব?’ মই তাৰ কথা নুবুজাৰ সুৰত ক’লো৷

       ‘ইয়াত যিটো অঞ্চলৰ বাসিন্দাই অধিক টেক্স দিয়ে সেই অঞ্চলটোৰ নাগৰিকসকলৰ সা-সুবিধাও সেই পৰিমাণে উন্নত হয়৷ আমাৰ দেশৰ দৰে সকলো চহৰৰ সকলো অঞ্চলৰ নাগৰিকেই সমান সুবিধাৰ অধিকাৰী বুলি কোনো কথা নাই৷ ধনতান্ত্ৰিক ব্যৱস্থাত ধনৰ জোৰেই আটাইতকৈ বেছি৷ ’

       মই মনে মনে থাকিলো৷ ভাবিলো বাহিৰত সকলোৰে সম-অধিকাৰ হ’লেও ভাৰতৰ চহৰবোৰতো ধনী আৰু ক্ষমতাশালী লোকসকলে বসতি কৰা অঞ্চলৰ চেহেৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহে বাস কৰা অঞ্চলৰ তুলনাত বহু উন্নত৷ আনকি গুৱাহাটীৰ নিচিনা ‘গ’ শ্ৰেণীৰ নগৰতো খাৰঘুলি বা চিৰিয়াখানা অঞ্চলতকৈ চাইকেল ফেক্টৰী বা ছাবিপুল অঞ্চলৰ নাগৰিক সুবিধা যথেষ্ট নিম্নখাপৰ৷

       আমি পুৰণা হলিউডৰ শেষ সীমালৈ গৈ গাড়ী ৰখালো৷ সন্মুখৰ পাহাৰচূড়াৰ বুকুত ডাঙৰ ডাঙৰ হৰফেৰে লিখা আছে ‘হলীউড’৷ সন্মুখত এখন বিস্তৃত উদ্যান৷ নামফলক এখনত হলীউডৰ বাসিন্দাসকলে দৰ্শনাৰ্থী ৰাইজৰ সুবিধাৰ কাৰণে পাৰ্কখন আৰু তাত থকা ৰাজহুৱা সা-সুবিধাসমূহৰ ব্যৱস্থা কৰিছে বুলি লিখি থৈছে৷ আমি তাতে কিছুসময় থাকি ফটো তুলিলো৷ ঘূৰি পকি অলপ চালোও৷ ইতিমধ্যেই হলীউড হিলচত বিশ্বৰ বিভিন্ন দেশৰ ভ্ৰমণকাৰী কঢ়িয়াই অনা গাড়ীবোৰে লানি লগাইছে৷ এঘণ্টামান ৰেহৰূপ চাই আমি একা-বেঁকা পাহাৰীয়া পথেৰে নামি আহিলো৷ পুৰণা হলীউডৰ এতিয়াৰ বাসিন্দাসকল চিনেমা জগতত কামকৰা কলা-কুশলীসকলহে৷ প্ৰখ্যাত অভিনেতা-অভিনেত্ৰী, প্ৰযোজক-পৰিচালকসকলে সেই ঠাইৰ পৰা কিছু দূৰৰ ‘হিডেন হিলচ্’ নামৰ ঠাই এখনতহে বাস কৰে৷ সেই ঠাইলৈ কোনোবা ষ্টাৰ বা প্ৰখ্যাত প্ৰযোজক-পৰিচালকৰ আমন্ত্ৰণতহে যাব পাৰি৷ এইসকল ধনাঢ্য ব্যক্তিয়ে অঞ্চলটো কিনি লৈছে আৰু অনুগামীসকলৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ কঢ়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে৷ ল’ৰাৰ কথা শুনি ঠগ-প্ৰবঞ্চক সুব্ৰত ৰয়ে কিছু বছৰ আগতে চাহাৰা কোম্পানীৰ কোটি কোটি সাধাৰণ জমাকাৰীৰ পইচা হৰি-লুট কৰি পুণেৰ পাহাৰীয়া অঞ্চলত নিৰ্মাণ কৰা ‘এম্বি ভেলী হাউচিং চোছাইটি’ৰ কাহিনীলৈ মনত পৰিল৷ শুনামতে এইটো অঞ্চলো চাহাৰা কোম্পানীয়ে চৰকাৰৰ পৰা ৯৯ বছৰৰ লীজ লৈ কেৱল অতি ধনী আৰু ক্ষমতাশালী তথা বিখ্যাত ভাৰতীয়সকল শান্তিৰে বাস কৰিব পৰাকৈ নিৰ্মাণ কৰিছে৷ ইয়াৰ নিৰাপত্তাৰক্ষীয়েও এইসকলৰ বিনা অনুমত

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments