মেমেণ্ট’: স্মৃতিসমূহৰ এক খেলা – দেৱ প্ৰতীম


এখন ছবিক ‘কাল্ট ক্লাছিক’ ছবি বুলি কেতিয়া ক’ব? বা কি কি উপাদান থাকিলে এখন ছবিক কাল্ট ক্লাছিক বুলিব পাৰি? নিশ্চয় অলপ বেলেগ কিবা এটা থাকিব লাগিব ছবিখনত৷ যেনে: এটা অগতানুগতিক কাহিনী, কাহিনী কোৱাৰ ধৰণ হ’ব লাগিব ব্যতিক্ৰম, নহ’লে অন্য কিবা৷

১৯৯৬ চনৰ গ্ৰীষ্মকালৰ এটা দিন৷ খ্ৰিষ্টোফাৰ আৰু জ’নাথন ন’লান ভাতৃদ্বয়ে চিকাগোৰ পৰা লছ্ এঞ্জেলছ্ অভিমুখে গাড়ীত যাত্ৰা আৰম্ভ কৰিছিল৷ আৰু তাতেই এক অগতানুগতিক ছুটি-গল্প উপস্থাপন কৰিছিল জ’নাথন ন’লানে খ্ৰিষ্টোফাৰ ন’লানৰ আগত৷ গল্পটোৰ নাম আছিল, “মেমেণ্ট ‘ ম’ৰি”৷ ককায়েক খ্ৰিষ্টোফাৰ ন’লানে কাহিনীটো ভাল পাইছিল৷ চিত্ৰনাট্য ৰচনা কৰোতে খ্ৰিষ্টোফাৰ ন’লানে নিজৰ কিছুমান উপাদান যোগ দিলে কাহিনীটোত আৰু তাৰ ফলতেই ২০০০ চনত ছবিজগতলৈ আগমণ ঘটিছিল এখন যুগান্তকাৰী ছবি মেমেণ্ট’ৰ৷ ছবিখনৰ কাহিনী তথা কাহিনী কোৱাৰ ধৰণ ইমানে ব্যতিক্ৰমী যে আজি ১৭ বছৰৰ পাছতো ছবিখন চালে নতুন এখন ছবি চোৱাৰ দৰে লাগে৷ সেয়েহে হয়তো এইখন ছবিক এখন ‘কাল্ট ক্লাছিক’ বুলি ক’বা পাৰি৷ উল্লেখযোগ্য যে এই ছবিখনে অক্সাৰৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানত মনোনয়ন লাভ কৰিছিল৷

সেই সময়ত খ্ৰিষ্টোফাৰ ন’লান ছবিজগতত নতুন আছিল৷ ইয়াৰ আগতে অকল এখন ছবি নিৰ্মাণ কৰিছিল (১৯৯৮ চনত ফ’ল’ৱিং)৷ গতিকে তেওঁৰ বাজেট সীমিত আছিল৷ কিন্তু সৃজনশীলতাৰ বাবে বাজেট নালাগে, প্ৰতিভাই যথেষ্টা৷ সেই কথা ন’লানে মেমেণ্ট’ৰ জৰিয়তে প্ৰমাণ কৰিছিল আৰু ছবিজগতলৈ আগমণ ঘটিছিল ন’লান ভাতৃদ্বয়ৰ দৰে সৃজনশীল প্ৰতিভাৰ৷ জ’নাথন ন’লানৰ কাহিনীটোত আছিল ‘এণ্টেৰ’গ্ৰাডা এমনেছিয়া’ ৰোগত ভুগি থকা এজন ব্যক্তি যাৰ কথা মনত নাথাকে; যি বিচাৰি আছিল নিজৰ পত্নীৰ হত্যাকাৰীক৷ কথা মনত নথকাৰ বাবে ব্যক্তিজনে অৱলম্বন কৰিবলগীয়া হৈছিল নানা ধৰণৰ কিছুমান পথ৷ কাহিনীটো যদি সাধাৰণভাৱে আগবাঢ়িলে হয় তেতিয়াও কিজানি ছবিখন চাই আমি বাহ বাহেই ক’লোহেতেন৷ কিন্তু ন’লানৰ কাহিনী আগবঢ়োৱাৰ প্ৰক্ৰিয়া আছিল ব্যতিক্ৰম৷ যাৰ ফলতেই ওপৰত কোৱাৰ দৰে বাৰে বাৰে চালেই ছবিখন এখন নতুন ছবি চোৱাৰ দৰেই লাগে৷ তেওঁ চিত্ৰনাট্যত দুটা ‘টাইমলাইন’ৰ ব্যৱহাৰ কৰিছিল, যিটো সেই সময়ৰ ছবিজগতত সম্পূৰ্ণ নতুন আছিল৷ এক ব্যতিক্ৰমী প্ৰচেষ্টা, য’ত সফল হৈছিল ন’লান৷

ছবিখনৰ কাহিনী আৰম্ভ হয় কাহিনীৰ শেষৰ পৰা, এটা পৰিত্যক্ত ৱেৰহাউচৰ পৰা৷ তেতিয়াৰে পৰা ছবিখনৰ মুখ্য চৰিত্ৰ লিওনাৰ্ড শ্বেলবীৰ কাহিনী দুটা টাইমলাইনেৰে আগবাঢ়ে৷ ৰঙীন দৃশ্যসমূহত দেখুওৱা কাহিনী আগবাঢ়ে সেই ৱেৰ হাউচটোৰ পৰা কাহিনীৰ প্ৰথমভাগলৈ, অৰ্থাৎ কাহিনীৰ উৎস স্থলীলৈ৷ আনহাতে ক’লা-বগা দৃশ্য সমূহ আৰম্ভ হয় শ্বেলবীয়ে নিজকে হোটেলৰ কোঠাত আৱিষ্কাৰ কৰা পৰা ক্ৰমে পোনে পোনে আগলৈ; ৰঙীণ দৃশ্যসমূহে যদি কাহিনীৰ পাছলৈ গতি কৰিছে তেন্তে ক’লা-বগা দৃশ্য সমূহে গতি কৰিছে কাহিনীৰ আগলৈ৷ এনে দুটা টাইমলাইনেৰে ক্ৰিষ্টোফাৰ ন’লানে ছবিজগতলৈ কিছুমান নতুন চিন্তাধাৰাৰ আগমণ ঘটাইছিল৷

লিওনাৰ্ড শ্বেলবী, ছবিখনৰ মুখ্য চৰিত্ৰ; এজন প্ৰাক্তন ইনচিয়ৰেঞ্চ ইনভেষ্টিগেটৰ৷ যি বিচাৰি ফুৰিছে নিজ পত্নীৰ ধৰ্ষণকাৰী তথা হত্যাকাৰীক৷ কিন্তু তেওঁ ভুগি আছিল এণ্টেৰ’গ্ৰাডা এমনেছিয়া নামৰ এটা বেমাৰত৷ ইয়াৰ ফলত তেওঁ আগৰ কথাবিলাক পাহৰি থাকে, ক’বলৈ গ’লে ‘ছৰ্ট টাৰ্ম মেমৰী লছ’৷ তেওঁ কথাবিলাক মনত ৰাখিবলৈ নিজৰ শৰীৰত টেটু আঁকিছিল আৰু লগ পোৱা মানুহ বিলাকৰ প’লাৰইড ফ’টো তুলি তাত টোকা লিখি ৰাখিছিল৷ সমস্যাৰে জৰ্জৰিত আছিল তেওঁ, এটা কঠিন জীৱন নিৰ্বাহ কৰি আছিল৷ প্ৰতিশোধৰ জ্বালাই তেওঁক শান্তিৰে থাকিব দিয়া নাছিল৷ নিজৰ পত্নীক কোনোবাই নিৰ্দয়তাৰে হত্যা কৰাৰ স্মৃতি তথা পত্নীক বচাবলৈ যাওঁতে আঘাতপ্ৰাপ্ত হোৱাৰ স্মৃতি আছিল তেওঁৰ শেষ স্মৃতি৷ এই কথা তেওঁ টেডি আৰু নাটালিক কৈছিল৷ টেডি আছিল এজন পুলিচ বিষয়া যি শ্বেলবীক হত্যাকাৰীক বিচৰাত শ্বেলবীক সহয় কৰিছিল আৰু নাটালি আছিল এজনী বাৰটেণ্ডাৰ যি শ্বেলবীক সহায় কৰিব বিচাৰিছিল৷ কিন্তুু এই সহায়ৰ আঁৰত এই দুয়োজনৰ উদ্দেশ্য আছিল বেলেগ৷ শ্বেলবীয়ে বিচাৰি ফুৰিছিল ‘জন জি’ (John G) নামৰ লোকজনক, যাক শ্বেলবীয়ে হত্যাকাৰী বুলি ভাবি আছিল৷ পাছলৈ টেডিৰ আন এটা নাম জন গেমেল বুলি শ্বেলবীয়ে জানিব পাৰিছিল৷ তেন্তে এই টেডিয়ে আছিল নেকি হত্যাকাৰী? কাহিনী ইমানতে অন্ত নপৰে৷

ছবিখনৰ শেষভাগ আছিল অতি গুৰুত্বপূৰ্ণ তথা উত্তেজনাময়ী৷ ন’লানে ইয়াত কিছুমান কথা দৰ্শকক নিজেই ধাৰণা কৰিব কোৱাৰ দৰে লাগিব৷ অৰ্থাৎ হত্যাকাৰী কোন? সেই নিৰ্ধাৰণ কৰিবলৈ দৰ্শকে নিজৰ কিছুমান সূত্ৰৰ ব্যৱহাৰ কৰিব পাৰে৷ টেডি, যি এজন ভ্ৰষ্ট পুলিচ বিষয়া আৰু শ্বেলবীৰ ‘জন জি’ৰ অস্তিত্বক লৈ উৎপন্ন কৰা সূত্ৰ দুটাই উত্তেজনা বঢ়াই তুলি গৈ থাকিব৷ টেডিয়ে শ্বেলবীক বিপথে পৰিচালনা কৰে নে সঠিক দিশলৈ আগুৱাই নিয়ে, সেইটোও এটা ডাঙৰ প্ৰশ্ন হিচাপে দৰ্শকৰ আগত ঠিয় দিয়ে৷ আকৌ দেখিবলৈ পাম ছেমি জেনকিনছ নামৰ আন এটা চৰিত্ৰক, যাক শ্বেলবীয়ে ইঞ্চুৰেঞ্চৰ বাবে অনুসন্ধান কৰিছিল, যি নিজকে এটা দুৰ্ঘটনাৰ ফলশ্ৰুতিত এণ্টেৰ’গ্ৰাডা এমনেছিয়া বেমাৰত আক্ৰান্ত বুলি কৈছিল৷ যাৰ ফলত শ্বেলবীয়ে ছেমিক ইনচুৰেঞ্চ ক্লেইমৰ বাবে অনুপযুক্ত বুলি কৈছিল৷ কিন্তু টেডিয়ে এই ছেমীক শ্বেলবীৰ মনৰ তৈয়াৰী এটা চৰিত্ৰ বুলি কৈছিল৷ শ্বেলবীয়ে টেডিৰ কথা বিশ্বাস কৰা নাছিল আৰু টেডিক তেওঁ বিচাৰি ফুৰা ‘জন জি’ আখ্যা দিছিল৷

শ্বেলবী আছিল এজন বেমাৰী, যাৰ কথা মনত নাথাকে৷ পত্নীৰ হত্যাৰ আগৰ সকলো কথাই তেওঁৰ মনত আছে৷ পত্নী হত্যাৰ প্ৰতিশোধ ল’ব বিচৰা এজন লোকক যিকোনো লোকে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি না-না ধৰণৰ অপৰাধ সংঘটিত কৰাব পাৰে৷ ছবিখন চোৱাৰ পাছত দৰ্শক বিবুধিত পৰাটো স্বাভাৱিক৷ কাহিনী তথা ইয়াৰ পৰিসমাপ্তিয়ে না-না ধৰণৰ কথাই দৰ্শকৰ মগজুত ক্ৰিয়া কৰাটো স্বাভাৱিক৷ তেনে ক্ষেত্ৰত হত্য়াকাৰী কোন সেই কথা এই মুহূৰ্ত্তত ইয়াত কোৱাটো টান৷ টেডি নে শ্বেলবী নিজেও হত্যাকাৰী হ’ব পাৰে৷ শ্বেলবীৰ পত্নীৰ ধৰ্ষণ আৰু হত্যা একেলগে হ’বও পাৰে; নতুবা পত্নীৰ ধৰ্ষণ হৈছিল, কিন্তুু হত্যা পাছত হৈছিল ছেমী জেনকিছে কোৱাৰ দৰে; নতুবা ছবিখনৰ সকলো শ্বেলবীৰ মনৰ ভ্ৰমো হ’ব পাৰে৷ এনে বিলাক কথাৰ কাৰণেই ছবি খন চোৱাটো নিতান্তই প্ৰয়োজনীয়৷

ছবিখনৰ কাহিনী কোৱাৰ ধৰণ তথা দুটা টাইমলাইনৰ ওপৰত ন’লানে এটা ইণ্টাৰভিউত কৈছিল, “I think that film narrative has been held back by television, it comes down to what I call the pizza delivery scenario; If a pizza arrives while you’re watching TV, you have to answer the door, deal with the man, and then be able to get straight back into the story, having missed three or four minutes. With Memento, on the other hand, if you come in three minutes late you miss the whole movie.”৷ অৰ্থাৎ ন’লানে ছবিখন বুজাত ছবিখনৰ প্ৰতিটো মিনিটেই গুৰুত্বপূৰ্ণ বুলি ক’ব বিচাৰিছিল৷

শ্বেলবীৰ ৰূপত এজন এমনেছিয়া ৰোগী হিচাপে গায় পিয়েৰ্ছৰ অভিনয় আছিল দুৰ্দান্ত৷ চৰিত্ৰটোৰ মাজত সোমাই পৰা পিয়েৰ্ছ আছিল ছবিখনৰ মুখ্য চালিকা শক্তি৷ তেওঁৰ মুখমণ্ডলত নাছিল কোনো যথৰতা৷ ঠিক সেইদৰে টেডিৰ ৰূপত জ’ পেণ্ট’লিয়ানে খলনায়কৰ ভূমিকা পালন কৰিছিল ছবিখনত, যি চৰিত্ৰটোৰ প্ৰতি দৰ্শকৰ মনত বেয়া ভাৱ আনিবলৈ সক্ষম হৈছিল৷ ঠিক সেইদৰে নাটালিৰ ৰূপত কেৰি-এন ম’ছৰ অভিনয়ো আছিল প্ৰশংসনীয়৷ ডেভিড জুলিয়ানৰ আৱহ সংগীতে গোটেই ছবিখনতে উত্তেজনা বৰ্তাই ৰখাত সমানে সহায় কৰিছিল৷ ঠিক সেইদৰে ৱেলী ফিষ্টাৰৰ চিনেমাট’গ্ৰাফী আছিল অভূতপূৰ্ব৷ ৰঙীন তথা ক’লা-বগা দৃশ্য সমূহে সেই কথাই প্ৰমাণ কৰিছিল৷

চলিচিত্ৰ-সমালোচক সকলে ছবিখনক প্ৰশংসাৰে ওপচাই পেলাইছিল৷ তাৰ উপৰিও ছবিখনক প্ৰশংসা কৰিছিল ‘নেচনেল ইন্সিষ্টিটিউট অৱ মেণ্টেল হেল্থ’ৰ প্ৰতিনিধি সকলে ছবিখনক “close to a perfect exploration of the neurobiology of memory” বুলি প্ৰশংসা কৰিছিল৷ তদুপৰি বিখ্যাত নিউৰ’চাইণ্টিষ্ট খ্ৰীষ্টোফ ক’চ্চে ছবিখনক “the most accurate portrayal of the different memory systems in the popular media” বুলি অভিহিত কৰিছিল৷

এইখন ছবিৰ পৰাই অনুপ্ৰাণিত হৈ প্ৰথমে তামিলত ২০০৫ চনত গজিনী নিৰ্মাণ কৰা হৈছিল৷ তাৰ পাছতেই বলিউডত এই তামিল ছবি খনৰ ৰি-মেক নিৰ্মাণ হৈছিল ২০০৮ চনত, য’ত অভিনয় কৰিছিল আমিৰ খানে৷

মাত্ৰ ২৫ দিনতে শ্বুটিং কাৰ্য্য সম্পন্ন কৰা মেমেণ্ট’ই ওপৰত কোৱাৰ দৰে দৰ্শকক ভবাই তোলাব, বিবুদ্ধিত পেলাব৷ এবাৰ চাই উঠি আকৌ এবাৰ চাবলৈ বাধ্য কৰাব৷ ‘নন-লিনিয়াৰ ষ্টৰিটেলিং’ৰ ক্ষেত্ৰত এই ছবিখন এক মাইলৰ খুটি স্বৰূপ নতুবা ছবিখনক এই ক্ষেত্ৰত ‘বেঞ্চমাৰ্ক’ বুলি ক’ব পাৰো৷ ছবিৰ শেষত আপোনাৰ যিয়েই সিদ্ধান্ত নহওক কিয়, ছবিখনে আপোনাক ভবাই তুলিলে৷ নিৰ্মাণ হোৱাৰ ১৭ বছৰৰ পাছতো আপোনাৰ মনত কৌতুহল সৃষ্টি কৰিবলৈ সক্ষম মেমেণ্ট’ আৰু সেইটোকেই কিজানি ক’ব পাৰি মেমেণ্ট’ৰ সফলতা বুলি৷ শেষত লিওনাৰ্ড শ্বেলবীৰ ভাষাতেই কওঁ, “Memory can change the shape of a room; it can change the colour of a car. And memories can be distorted. They’re just an interpretation, they are not a record, and they’re irrelevant if you have the facts.“■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক