মেৰামতি (প্ৰাঞ্জল কলিতা)

মেৰামতি

প্ৰাঞ্জল কলিতা

গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ এটা ৰস লগা কথা মনত পৰি গ’ল। মই সাহিত্যাচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকা অসম আৰ্হি ৫নং ছাত্ৰাবাসৰ আৱাসী আছিলো। হোষ্টেলত তেতিয়া আমি নতুন। বিশ্ববিদ্যালয়ৰ কনিষ্ঠ আৰু নৱাগত আৱাসীসকলক পহু বুলি কয়। এদিন ৰাতি ভাত-পানী খাই উঠাৰ পিছত আমাৰ জ্যেষ্ঠ আৱাসী দুজনমানৰ সুৰাপান কৰিবলৈ মন গ’ল। গতিকে ৰাতি প্ৰায় ১০মান বজাত মোক আৰু কমলক (আমি দুয়োজনেই নতুন পহু) মাতি আনি বিলাতী সুৰা কিনি আনিবলৈ পঠাই দিলে। আদাবাৰী তিনিআলিত হেনো বহু ৰাতিলৈকে বিলাতী সুৰাৰ দোকান খোলা থাকে। কথা মতেই কাম। মই আৰু কমলে নৈশ চকীদাৰ শৰত দাৰ পুৰণি চাইকেলখন লৈ আদাবাৰীৰ পিনে চাইকেল মাৰিলো। এখন চাইকেল, দুজন মানুহ! চাইকেলখনো চাগে মানৰ দিনৰে আছিল। অক্টোবৰ-নৱেম্বৰ মাহৰ দোমোজা দিনৰ কথা, অলপ অলপ ঠাণ্ডা বতাহ বলিছিল। বিশ্ববিদ্যালয়ৰ একেবাৰে পশ্চিম প্ৰান্তৰপৰা গৈ আদাবাৰী পালো। কিন্ত গৈ দেখো দোকান বন্ধ। দুই-এজন বাটৰুৱাই কলে, মালিগাওঁ চাৰিআলিত পাম। শৰত দাৰ চাইকেলখন লৈয়ে মালিগাওঁ উৰণীয়া সেতু পাৰ হ’লো। নাই, ক’তো দোকান খোলা নাই। তেতিয়া সময় প্ৰায় নিশা ১১.৩০ মান হৈছে। শুদা হাতে হোষ্টেললৈ আহিবলৈও ভয়। পিছত হোষ্টেলত ফোন কৰি কোৱাত উভতি আহিবলৈ কলে। বিপত্তিটো হ’ল তাতেই। চাইকেলৰ পিছৰ চকাটো ফুটিল। গতিকে খোজ কঢ়াৰ বাহিৰে বেলেগ উপাই নেদেখি, আমি দুয়ো লাহে লাহে খোজ ল’লো। ৰাস্তাত যিমান পাৰি চাইকেলখনক গালি পাৰিলো। প্ৰ্ৰায় ১২.১৫ মান বজাত জালুকবাৰী চাৰিআলি পালো। তাতেই লগ পালো দুজন লাঠী লৈ থকা অসম আৰক্ষীৰ লোক। আমাক বাট আগচি ধৰিলে আৰু এই ৰাতিখন ক’ৰ পৰা আহিছো বুলি ধমকিৰ সুৰত সুধিলে। কমলে টপৰাই উত্তৰ দিলে “চাইকেল খন ভাল কৰিবলৈ গৈছিলো বুলি”।

“এই ৰাতি চাইকেল ভাল কৰা দোকান খোলা থাকে নেকি?” বুলি আমাক ওলোটাই সুধিলে।

মোৰ মুখৰ পৰা পতককৈ ওলাই গ’ল “খোলা নাথাকে কাৰণেতো, চাইকেল ভাল নকৰাকৈ উভতি আহিছো”। আৰক্ষীৰ লোকদুজনৰ হাতত কোনো উত্তৰ নাছিল। আমি হাঁহি ৰখাব পৰা নাছিলো। ইতিমধ্যে আমি আমাৰ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰিছো, গতিকে ভয় কৰাৰ কাৰণ নাই। আমি দুয়ো চিঞৰি চিঞৰি আৰক্ষীৰ লোক দুজনক শুভৰাত্ৰি জনাই হোষ্টেললৈ খোজ ল’লোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক