মেৰেং (পল্লৱী শৰ্মা)

মেৰেং—মোৰ অন্যতম প্ৰিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এখন বহুচৰ্চিত আৰু জনপ্ৰিয় উপন্যাস। বহুদিনৰ পৰাই সুতীব্ৰ হেঁপাহ এটিয়ে আমনি কৰি আছিল, ‘উপন্যাসখন পঢ়িব লাগিব।’ প্ৰকাশৰ দিনৰ পৰাই সকলোৰে মুখত উপন্যাসখনৰ অকৃত্ৰিম প্ৰশংসা। নপঢ়াকৈ নাথাকিলে যেন কিবা এটা অপূৰ্ণ হৈ ৰ’ব, তেনে ভাব এটাই মনৰ পৃথিৱীখনত দীৰ্ঘদিন ধৰি অশান্তিৰ সৃষ্টি কৰাৰ পিচত কেইদিনমান আগেয়ে অপ্ৰত্যাশিতভাৱে মোৰ বাইদেউৰ মেজত আৱিস্কাৰ কৰিলোঁ হেঁপাহৰ কিতাপখন। মোক আৰু কোনে পায়! অনুৰাধা বাইদেউৰ অনুভৱ, অভিজ্ঞতা, অধ্যয়নত মূৰ্তমান হৈ পৰা উপন্যাসৰ মাজত ক্ৰমশঃ হেৰাই গ’লোঁ। এই লিখাটোত কিতাপখন পঢ়ি অনুভূত অনুভৱৰ কথা অলপ লিখাৰ প্ৰয়াস কৰিছোঁ। প্ৰথমেই কওঁ, মই কোনো সমালোচক নহওঁ, মাত্ৰ এগৰাকী সাধাৰণ পঢ়ুৱৈহে। মই মাথোঁ পঠন অভিজ্ঞতা, অনুভৱৰ কথাহে জ্ঞানৰ সীমাবদ্ধতাৰ মাজেৰে প্ৰকাশ কৰাৰ যত্ন কৰিছোঁ। উপন্যাসখন পঢ়ি মই অভিভূত হৈছোঁ, সেইখিনি পাঠক ৰাইজক নজনোৱাকৈ থাকিব নোৱৰিলোঁ। হয়তো বহুত ভুল-ত্ৰুটী ৰৈ গ’ল, ক্ষমা কৰি দিব।
‘মেৰেং’খন ইন্দিৰা মিৰিৰ জীৱনীভিত্তিক উপন্যাস। ইন্দিৰা মিৰি হৈছে ষাঠি দশকৰ North East Frontier Agency বা নেফাৰ শিক্ষা বিভাগৰ প্ৰথম মহিলা শিক্ষা বিষয়া। তেতিয়া নেফা অসমৰ অংগ হৈ আছিল। মেৰেং ইন্দিৰা মিৰিৰ ঘৰুৱা নাম। উপন্যাসখনত ইন্দিৰা মিৰি কেন্দ্ৰীয় চৰিত্ৰ যদিও লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ অনুভৱী কলমত মেৰেঙৰ লগতে ১৯১০ চনৰ পৰা ১৯৬০ চনলৈকে অসমীয়া সমাজ, নেফাৰ বিভিন্ন অঞ্চল আৰু জনজাতিসকলৰ জীৱন-যাত্ৰা, আৱেগ-অনুভূতি আদি প্ৰাঞ্জলকৈ প্ৰতিফলিত হৈছে। উপন্যাসখনৰ পৃষ্ঠাত চিত্ৰিত হৈছে শ্বিলঙৰ পুৰণি সমাজৰ কথা, য’ত পুত্ৰ-কন্যাৰ সৈতে ইন্দিৰা মিৰিৰ দেউতাক সোণাধৰ সেনাপতিয়ে বসবাস কৰিছিল। সোণাধৰৰ প্ৰথমা কন্যা ইন্দিৰাক তাইৰ বুদ্ধিমত্তা আৰু শিক্ষাৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ বাবে কলিকতা (বৰ্তমান কলকাতা)ৰ স্কটিচ্ চাৰ্ছ কলেজত পঢ়ুৱাই স্নাতক কৰিছিল। সেই সময়ত শিক্ষিত সমাজত বিশেষকৈ উচ্চবৰ্ণ সমাজৰ কন্যাক শিক্ষাৰ পৰা বঞ্চিত কৰি কিশোৰীকালতে বিয়া দিয়াৰ প্ৰথা আছিল।


সেই সময়ত শিক্ষাৰ মাধ্যম আছিল বাংলা। কিন্তু ইন্দিৰা মিৰিৰ প্ৰবল ইচ্ছা আছিল অসমীয়া মাধ্যমত পঢ়া। তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়টোক এটা বিষয় হিচাপে অধ্যয়ন কৰাৰ সুবিধা আছিল যদিও শিক্ষকৰ অভাৱ আছিল। কিন্তু একান্ত ইচ্ছা আৰু দেউতাকৰ উৎসাহৰ বাবে মেৰেঙে যতীন্দ্ৰ নাথ দুৱৰা আৰু সূৰ্য কুমাৰ ভূঞাৰ ওচৰত কেইদিনমান অসমীয়া শিকি ৬৫% নম্বৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰে।
স্নাতক উত্তীৰ্ণ হোৱাৰ পিচত দেউতাকৰ পছন্দ আৰু নিজৰো ভাল লগা মিচিং জনজাতিৰ প্ৰথম বিজ্ঞান স্নাতক আৰু কাজিৰঙা অভয়াৰণ্যক বিশ্বৰ মানচিত্ৰত সসন্মানে প্ৰতিষ্ঠা কৰাত মূল্যৱান অৰিহণা আগবঢ়োৱা প্ৰথমজন বন সঞ্চালক মহীচন্দ্ৰ মিৰিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিচত লখিমপুৰৰ পৰা প্ৰায় ২৫-৩০ মাইল ভিতৰত থকা শহুৰেকৰ ঘৰলৈ যোৱা আৰু তাৰে নানা অভিজ্ঞতা, সেই ঠাইৰ দৃশ্যাৱলী খুব সুন্দৰভাৱে উপন্যাসখনত প্ৰকাশ পাইছে। বিয়াৰ পিচত মেৰেঙে চেনিকুঠিত থকা মহীচন্দ্ৰ মিৰিৰ ভাড়া ঘৰত থাকিল। তাৰ পিচত লখিমপুৰত থকা শহুৰেকৰ ঘৰলৈ গৈ মিৰি সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ জানি বুজি লৈ ল’ৰা-ছোৱালীক শিক্ষাৰ পোহৰ দিবলৈ ইচ্ছা কৰি পুনৰ ভাড়াঘৰলৈ আহিল। তাৰ পিচত কাজিৰঙাৰ পৰা প্ৰায় ১০ মাইল নিলগত অৱস্থিত বাগৰিত থকা তেওঁৰ স্বামীৰ গৃহত থাকিবলৈ লয়। বিয়াৰ ৪-৫ বছৰমান পিচত দুটি সন্তান আৰু গৰ্ভত থকা ৬ মহীয়া সন্তানক ইহলোকত এৰি কাজিৰঙাতে মহীচন্দ্ৰৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পিচত ইন্দিৰাই দেউতাকৰ ওচৰলৈ গুচি যায়। তাতেই তৃতীয় সন্তানৰ জন্ম হোৱাৰ তিনি মাহ পিচত শ্বিলঙৰ স্কুল এখনত শিক্ষকতা কৰিবলৈ লয়। ইন্দিৰাই ঘৰত পুত্ৰ-কন্যাক চোৱা-চিতা কৰি, স্কুলত কাম কৰিও ছেইন্ট মেৰী কলেজৰ পৰা বহুত কষ্টৰ মাজেৰে প্ৰথম শ্ৰেণীসহ বিটি ডিগ্ৰী অৰ্জন কৰে। কেইদিনমানৰ পিচত ইন্দিৰাই অভাবনীয়ভাৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা জলপানি লাভ কৰে। গুজৰাটৰ বিখ্যাত চাৰাভাই পৰিয়ালৰ তদাৰকত অনুষ্ঠিতব্য ৬ মহীয়া মন্টেশ্বৰী প্ৰশিক্ষণ ল’বলৈ ইন্দিৰা মিৰি নিৰ্বাচিত হ’ল। মাডাম মন্টেশ্বৰীয়ে নিজেই প্ৰশিক্ষণ দিয়ে। দেউতাকৰ চেষ্টাত পুনৰ মন বান্ধি সন্তানৰ পৰা নিলগত থকাৰ অসহনীয় দুখ, বৈধৱ্যৰ যন্ত্ৰণা বুকুত বান্ধি ইন্দিৰাই ৬ মাহলৈ নিসন্তান ভনীয়েকৰ হাতত সন্তানৰ দায়িত্ব দি গুজৰাট পালে। তাত সাক্ষাৎ সৰস্বতী গোসাঁনীৰ দৰে মাডাম মন্টেশ্বৰীৰ পৰা প্ৰশিক্ষণ লৈ অভিভূত হৈ পৰিল। তাৰ পৰা প্ৰশিক্ষণ সমাপ্ত কৰি ইন্দিৰাই দিল্লীত থকা ককায়েকৰ ঘৰলৈ যায়। ককায়েকে শিক্ষামন্ত্ৰীৰ লগ লাগি বিলাতত পঢ়িবৰ বাবে ইন্দিৰাক চৰকাৰৰ পৰা শিক্ষামূলক জলপানি বিচাৰি আবেদন কৰিবলৈ দিলে। আবেদনখন গৃহীত হয় আৰু ইন্দিৰা মিৰিয়ে স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ পায়। ইন্দিৰা মিৰিয়ে এইবাৰ সন্তানক এৰি যাব খোজা নাছিল। কিন্তু দেউতাকে বুজনি দি এডিনবৰা বিশ্ববিদ্যালয়লৈ পঠালে। তাত সুৰেণ আৰু প্ৰমোদ নামৰ দুজন অসমীয়া ডেকা বন্ধু লগ পালে। অক্সফৰ্ডতো কেইদিনমান ক্লাছ হৈছিল আৰু তাৰ পৰা এডিনবৰালৈ ঘূৰি যোৱাৰ পিচত দুবছৰীয়া শিক্ষাকাল সমাপ্ত হ’ল। ঘৰলৈ ঘূৰি আহিল।
বিলাতত থাকোঁতেই ইন্দিৰাই কামৰ সন্ধানত বিভিন্ন ঠাইলৈ চিঠি পঠিয়াইছিল। ঘৰলৈ অহাৰ কেইদিনমান পিচতে এদিন উত্তৰ আহিল পূব সীমান্ত নেফাৰ উপদেষ্টা ৱাকাৰ চাহাবৰ পৰা। তেওঁ নেফাত কাম কৰিব পাৰিব নে নাই বুলি ইন্দিৰাক সুধিছিল। ইন্দিৰায়ো সঁহাৰি জনাই দেউতাকৰ পৰামৰ্শ আৰু আশীৰ্বাদ লৈ কৰ্তব্যত যোগদান কৰিলে।ৱাকাৰ চাহাবে ইন্দিৰাক শ্বিলঙৰ পৰা কৰিব নে শদিয়াৰ পৰা কৰিব সোধোতে ইন্দিৰাই শদিয়াত থাকি কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। যিসময়ত নেফাৰ জনগোষ্ঠীসমূহৰ মাজত অচিন ব্যক্তিক দেখিলে আক্ৰমণ বা পলায়ন কৰা দৰে মনোভাৱ আছিল, বহু বগা চাহাবক টুকুৰা-টুকুৰ কৰি নদীত উটুৱাই দিছিল, তেনে সময়ত ডাঙৰ ল’ৰা উৎপলক স্থানীয় স্কুলত নাম লিখাই দি সৰু দুটাক ভনীয়েকৰ ওচৰত থৈ শদিয়াত শিক্ষা প্ৰসাৰৰ কেন্দ্ৰ হিচাপে গঢ়ি লৈছিল ইন্দিৰা মিৰিয়ে। সেয়া ১৯৪৭ চনৰ কথা। ভাৰত চৰকাৰৰ এগৰাকী দায়িত্বশীলা বিষয়া হ’ল ইন্দিৰা মিৰি। তাৰ পিচত কেৱল শিক্ষা প্ৰচাৰৰ স্বাৰ্থত শিক্ষাৰ পোহৰ নপৰা, বাঘ, ভালুক, হাতী, সাপ আদিৰ লগত একেলগে বাহৰ পাতি থকা নেফাৰ জনগোষ্ঠীৰ মাজলৈ শিক্ষাৰ বন্তি শিখা কঢ়িয়াই নিছিল। সেই অভিযানত জঁপিয়াই পৰিছিল এডিনবৰা বিশ্ববিদ্যালয়ৰ শিক্ষাৰে শিক্ষিত বিদূষী নাৰী ইন্দিৰা মিৰিৰ নেতৃত্বত এদল প্ৰশিক্ষিত অসমীয়া শিক্ষকে। তাৰ পিচত ১৯৫০ চনত বৰ ভূঁইকঁপে অসমৰ নদ-নদী, জান-জুৰি, পাহাৰৰ ভৌগোলিক অৱস্থিতি বহু পৰিমাণে সলাই পেলাইছিল। তাৰ লগতে ধ্বংস কৰি পেলাইছিল বহু কষ্টেৰে নিৰ্মিত বহু বিদ্যালয়, পৰ্বতীয়াসকলৰ থকা ঠাই, ঘৰ আদি। ইন্দিৰাই তাৰ পিচত বহু কষ্টেৰে সেই ঠাইবোৰ পৰিভ্ৰমণ কৰিছিল আৰু পাৰ্যমানে সহায় কৰিছিল। পৰ্বতীয়া ঠাইসমূহত পিছৰ ১০ বছৰে শিক্ষাৰ প্ৰসাৰ বহুখিনি কৰিছিল। কিন্তু পিছত বহু বিষয়ত সাল-সলনি আৰু ৰাজনৈতিক মেৰ-পেচত পৰি শিক্ষাখণ্ডৰ বহুখিনি সলনি হ’ল। তাত বহুত কষ্টেৰে আৰু উৎসাহেৰে কাম কৰি থকা বহু শিক্ষকে ইস্তাফা দি গুচি যায় ।
অসম শিক্ষা বিভাগৰ এগৰাকী উচ্চ বিষয়া হোৱাৰ যোগ্য প্ৰাৰ্থী, যাৰ সবল নেতৃত্বৰ কাৰণেই NEFA ৰ ঘন-অৰণ্যত থকা অবৰ, আপাতানি, মিছিংসকলক শিক্ষিত কৰিবলৈ এদল যুৱ শিক্ষক ওলাই আহিছিল আৰু যাৰ কাৰণে অসমীয়া আৰু নেফাৰ জনজাতিৰ মাজত মৰমৰ বান্ধোন সৃষ্টি হ’ল সেই ইন্দিৰা মিৰিয়ে শিক্ষা খণ্ডলৈ আবেদন কৰাৰ পাছতো ৰাজনৈতিক কূট-কৌশলত পৰি দিল্লীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্বাচনত নিৰ্বাচিত নহ’ল । ইয়াকে দেখি ইন্দিৰা মিৰিয়ে এটা সিদ্ধান্তলৈ আহিল যে নিজে শ্বিলং এৰি শদিয়াত থাকি ১০ বছৰে বহুত কষ্টেৰে সজোৱা শিক্ষাসত্রখনত আনৰ পৰিচালনাৰ তলত আনৰ নিৰ্দেশত কেতিয়াও কাম কৰিব নোৱাৰিব গতিকে তেওঁ ইস্তাফাপত্ৰ দি তাৰ পৰা বহুত মনৰ কষ্টেৰে গুচি আহিল, যিটো হয়তো শিক্ষা বিষয়াসকলে বিচাৰিছিল । তেওঁ যোৱাৰ সময়ত জনজাতীয় লোকসকলে যিয়ে তেওঁক আপোন কৰি লৈছিল তেওঁক বহুত দুখ মনেৰে অনিচ্ছাৰে বিদায় দিছিল সভা পাতি ।
শদিয়াৰ পৰা তেওঁ যোৰহাটলৈ গুচি আহি যোৰহাটৰ এখন অসম স্নাতকোত্তৰ পৰীক্ষণ মহাবিদ্যালয়ত অধ্যক্ষৰূপে সোমাল ।১৯৬৮ ত ইন্দিৰা মিৰিয়ে চাকৰিৰ পৰা অৱসৰ ল’লে আৰু বাণীকান্ত বি টি কলেজত নিযুক্তি পোৱা বুলি লেখিকাই ভাস্বতী নামৰ এটা চৰিত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে।
মেৰেং উপন্যাসখন এখন সঁচাকৈ মনোগ্ৰাহী উপন্যাস। ইয়াৰ কিছুমান জটিল কথা ইমান সুন্দৰকৈ সহজ-সৰল কৰি দেখুৱা হৈছে যে আমি সেই চৰিত্ৰৰ মাজত সোমাই পৰোঁ। মেৰেঙৰ এটা অন্যতম লক্ষণীয় চৰিত্ৰ হৈছে বেণুকাই। মেৰেঙৰ ঘৰৰ সদস্যৰ দৰে বেণুকাই মেৰেঙৰ খুবেই ভাল বন্ধু আছিল।
উপন্যাসখনৰ প্ৰধান চৰিত্ৰ মেৰেঙৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ, দৃঢ়তা অনুকৰণীয়। কন্যা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰাটো দূৰৈৰ কথা, যিসময়ত সৰুতে বিয়া দি পৰিয়ালে দায়িত্ব সামৰাৰ স্বস্তি অনুভৱ কৰিছিল, ইন্দিৰাই সকলো বাধা নেওচি এডিনবৰাৰ বিশ্ববিদ্যালয়ৰ দৰে উচ্চশিক্ষাৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল। অৱশ্যে তেওঁৰ শিক্ষাৰ প্ৰতি ওপজা ধাউতি, প্ৰেৰণা, সাহসৰ অন্যতম উৎস আছিল পিতৃ সোণাধৰ সেনাপতি। আনহাতে, যিসময়ত নেফালৈ যাবলৈ পুৰুষেও ভয় কৰিছিল, তেনে ঠাইত শিক্ষাৰ বিস্তাৰৰ বাবে ১০ বছৰ নিজৰ সন্তানৰ পৰা দূৰত থাকি বিধৱা মহিলাগৰাকীয়ে দায়িত্ব, কৰ্তব্যনিষ্ঠা আৰু শিক্ষাৰ প্ৰতি দেখুওৱা অনুপম শ্ৰদ্ধা, আস্থাৰ কথা ভাবিলে আচৰিত আৰু শিৰনত হৈ যায়।
শেষত এটা কথা ক’বই লাগিব। মিৰিৰ বৈচিত্ৰময় জীৱনৰ সফল গাথাস্বৰূপ উপন্যাসখনৰ বিষয়ে ইমান চমু পৰিসৰত ব্যাখ্যা কৰা আৰু হাতী মাৰি ভুৰুকাত ভৰোৱা একেই কথা।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments