মোক ক্ষমা কৰা বছি সিং: প্ৰতিম প্ৰতাপ বৰুৱা

(ঠিকেইতো, বছি সিঙে ঠিকেই কৈছে। আমি কি আচলতে? নিজকে ক্ষমতাশালী বুলি ভবা একো একোটা হাত-ভৰি বন্ধা চাকৰিয়াল। মাহৰ মূৰত পাবলগীয়া কেইটামান মাত্ৰ টকাৰ বাবে নিজৰ বিছাৰ-বুদ্ধি, বিবেক, অনুভূতি সকলো আনৰ ওচৰত বন্ধকত থোৱা আছে। শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি, ওপৰৰ পৰা অহা সকলো হুকুম, লাগিলে মৌখিক হুকুমেই হওক লাগে, সকলোখিনি হুকুম নিজৰ দায়িত্বত আখৰে আখৰে পালন কৰাই হৈছে আমাৰ কাম।)

প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ বেগেৰে কোৱেলিচ গাড়ীখন চলাইছে ৰাধেশ্যাম ড্ৰাইভাৰে। চহৰ পাৰ হৈ নেচনেল হাইৱে’ত উঠাৰ লগে লগে গাড়ীৰ বেগ ঘণ্টাত ১০০ কিলোমিটাৰলৈ বাঢ়িল। লক্ষ্যস্থান প্ৰায় ৫০০ কিলোমিটাৰ দূৰৰ চিম্‌ৰী গাঁও।

গাড়ীৰ পিছৰ ছীটত বহি গৈছে প্ৰকাশ বৰুৱা। সদায় ৰাধেশ্যামৰ কাষত আগৰ ছীটত বহি যোৱা প্ৰকাশ বৰুৱাই আজি পিছৰ ছীটত বহিছে। লগত অনবৰতে ছাঁটোৰ দৰে থকা প্ৰকাশৰ টীমটোৰ সদস্যসকল আজি নাই। সেই ডেকা ডেকা ল’ৰামতীয়া বিষয়াকেইজনৰ নিৰ্দোষ ধেমালিবোৰ আজি নাই। সেই ধেমালিবোৰ শুনি ‘হা হা’কৈ মৰা প্ৰকাশৰ সেই বিশেষ হাঁহিটো আজি নাই। সেই ঠাইত আজি প্ৰকাশৰ মুখখনত কিবা এটা বিষণ্ণ উদাস ভাব। কালি অফিচত দুপৰীয়া সময়তে প্ৰকাশে ৰাধেশ্যামক কৈ থৈছিল – কাইলৈ পুৱা ৮ বজাত মোৰ ঘৰলৈ আহিবা। আমি এফালে যাম।

ৰাধেশ্যামে এবাৰ ঘূৰি প্ৰকাশৰ মুখখন চাই লৈ গাড়ীৰ মিউজিক ছিষ্টেমটো অন কৰি দিলে। প্ৰকাশৰ প্ৰিয় গায়ক গৌৰৱকৃষ্ণ গোস্বামীৰ ভজন বাজি উঠিল। কিন্তু প্ৰকাশৰ মুখৰ বিষণ্ণ ভাব একেই থাকিল। আন সময়ত হোৱা হ’লে সি ৰাধ্যেশ্যামত ভলিউমটো অলপ বঢ়াবলৈ ক’লেহেঁতেন। কিন্তু আজি সি মুখেৰে একো নামাতি চকুত ডাঠ গগল্ছযোৰহে পিন্ধি ল’লে।

হাইৱে’ৰ দুয়োকাষে যিমান দূৰলৈকে দৃষ্টি যায় সিমান দূৰলৈকে সেউজীয়া পথাৰ। তাৰ মাজতে কেতিয়াবা পাৰ হৈ যায় একোখন গাঁও। পথাৰত লহপহকৈ বাঢ়ি অহা ধানগছবোৰত ধানে গেঁৰ মেলিছে। প্ৰকাশে আগতেও বহুবাৰ আহিছে এই হাইৱে’দি। প্ৰতিবাৰেই এই পথাৰবোৰৰ ন-ন ৰূপ দেখি মোহিত হৈছে। কেতিয়াবা যদি পথাৰবোৰত হালধীয়া ৰঙৰ সৰিয়হ ফুল ৰমকজমককৈ ফুলি থাকে, কেতিয়াবা ঘেঁহুৰ ভৰত গোটেই পথাৰখনেই হেঁচা খাই থাকে, কেতিয়াবা আকৌ পকা ধাননিখনে বতাহত হালি-জালি থাকে। ৰ’দ-বতাহ, ধুমুহা-বৰষুণকো আওকাণ কৰি  পথাৰবোৰত কাম কৰি থাকে কৃষকসকলে। পুৰুষসকলৰ লগত মহিলাসকলেও আৰু সৰু-সৰু ল’ৰা-ছোৱালীয়েও সমানে পথাৰত কাম কৰি থাকে। আগতে নাজানিছিল, কিন্তু এতিয়া প্ৰকাশে জানে যে ৰাস্তাৰ দুয়োকাষে যিমান দূৰলৈকে দৃষ্টি যায় সিমান দূৰলৈকে বিয়পি থকা এই পথাৰবোৰৰ চাৰিভাগৰ তিনিভাগ মাটি মাত্ৰ কেইটামান অতিপাত ধনী পৰিয়ালৰ, যি কাহানিও খেতি-বাতিৰ নামত মাটি এচপৰাও চুই পোৱা নাই। বাকী থকা এভাগহে প্ৰকৃত কৃষকৰ।

প্ৰকাশে দেখিলে ধানগছৰ মাজে মাজে কেইজনমান কৃষকে কান্ধত কোৰ, খন্তি আদি লৈ আহি আছে। চকু ঘূৰাই আনিলে প্ৰকাশে। কৃষককেইজনলৈ চাই থাকিবলৈ তাৰ সাহসে নুকুলালে। প্ৰতিজন কৃষকেই যেন একো একোজন বছি সিং। প্ৰতিজন কৃষকেই যেন খঙেৰে চাই আছে প্ৰকাশলৈ। বছি সিঙৰ ভাষাৰে প্ৰতিজন কৃষকে যেন প্ৰকাশক কৈছে –“নিজকে তহঁতে কি বুলি ভাব’? হা? খলিফা বুলি ভাব’ নেকি নিজকে? আমি কি দোষ কৰিছিলোঁ?” প্ৰকাশৰ চকুৰ আগলৈ পুনৰ বছি সিঙৰ খঙত উতলা হোৱা চেহেৰাটো ভাহি আহিল। গোটেইখিনি কথা প্ৰকাশৰ চকুৰ আগেদি আকৌ এবাৰ পাৰ হৈ গ’ল।

কিবা এখন আঁচনিৰ অধীনত বছি সিঙহঁতৰ জিলাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ খেতিয়কসকলক খেতিৰ বাবে ঋণ দিয়াৰ ব্যৱস্থা হৈছিল। এজন এজন খেতিয়কক ২০ হাজাৰ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা হৈছিল। তাৰে ১০ হাজাৰ টকা ছাবচিদি আৰু ১০ হাজাৰ টকা ঋণ। ২০ হাজাৰ টকা লৈ খেতিয়কজনে কিস্তি হিচাপত ১০ হাজাৰ টকা ঘূৰাই দিব লাগে। সকলোৰে লগতে বছি সিঙেও ঋণৰ বাবে আবেদন কৰিলে। নিজৰ নামত থকা এবিঘা কৃষিৰ মাটিৰ প্ৰমাণপত্ৰ, একাউণ্টৰ বিৱৰণ, আৰু অন্য প্ৰয়োজনীয় কাগজ-পাতিখিনি এজন জনা মানুহৰ হতুৱাই ঠিক-ঠাক কৰোৱাই, ফৰ্মখন ফিল-আপ কৰোৱাই তলত নিজৰ টিপচহীটো মাৰোঁতে বছি সিঙে ভাবিছিল এই বিশ হাজাৰ টকাৰে সি এইবাৰ উন্নত মানৰ ঘেঁহু আৰু সৰিয়হৰ বীজ কিনি আনিব, গাঁৱৰ মুখীয়াক হাতে-ভৰিয়ে ধৰি হ’লেও কেইদিনমানৰ বাবে তেওঁৰ পাৱাৰ-টিলাৰখন আনিব, খেতি ভাল হ’বই আৰু এবাৰ ঘেঁহুখিনি কাটি আকৌ উন্নতমানৰ সৰিয়হৰ খেতি কৰিব।

কাগজ-পাতি জমা কৰি বছি সিঙে মাজে মাজে খবৰ লৈ থাকিল ঋণৰ টকা আহিছে নে নাই। মাজে মাজে কোনোবাই কয় ঋণৰ টকা আহি আছে, কোনোবাই আকৌ কয় কিবা খেলিমেলি লাগিছে। অৱশেষত এদিন ঋণৰ টকাখিনি বছি সিঙৰ একাউণ্টত সোমাল। একাউন্টৰ দায়িত্বত থকা মানুহজনে বছি সিঙক ক’লে এসপ্তাহ পিছত আহি টকাখিনি লৈ যাবাহি। আনন্দতে সেইদিনা বছি সিঙে পথাৰত বহুত দেৰীলৈকে কাম কৰি থাকিল। গধূলি আন্ধাৰ হোৱাৰ সময়ত তাৰ পত্নীয়ে আহি মাতষাৰ দিলতহে সি ঘৰলৈ যাবলৈ ওলাল।

কিন্তু এসপ্তাহ পাৰ হোৱাৰ আগতেই, ঋণৰ টকা অহাৰ চতুৰ্থ দিনাই, টকাখিনি একাউণ্টৰ পৰা উলিয়াব পৰাৰ আগতেই, এটা খবৰে বছি সিঙক অসহায় কৰি পেলালে। সমগ্ৰ আঁচনিখন বাতিল কৰা হ’ল। কাৰণ? বছি সিঙৰ মতে সেইবোৰ ডাঙৰ মানুহৰ কু-চক্ৰান্ত। তাৰ মাজত বছি সিঙৰ দৰে কৰ্মঠ, চহা, দুখীয়া মানুহখিনিৰ কথা কোনে ভাবে?

ঠিকেই। বছি সিঙৰ দৰে কৰ্মঠ, চহা, দুখীয়া মানুহখিনিৰ কথা কোনে ভাবে!

আচলতে কথাবোৰ ইমানেই জঘণ্য আছিল যে আঁচনিখন বাতিল কৰাৰ বাদে আন উপায় হয়তো নাছিল। এই আঁচনিখনৰ বিষয়ে বছি সিঙহঁতৰ গাঁওখনৰ পৰা ভিতৰুৱাকৈ এটা খবৰ অহিছিল। খবৰটোৱে সন্দেহৰ জন্ম দিছিল। এই সন্দেহৰ ভিত্তিত এটা গোপনীয় তদন্ত কৰা হৈছিল। তদন্তত ওলাই পৰিছিল যে ঋণৰ বাবে আবেদন কৰা ৯০% খেতিয়কৰ নাম, কাগজ-পাতি, চহী, ফটো সকলো ভুৱা। আচলতে সেইখন গাঁৱত সিমানখিনি প্ৰকৃত কৃষক নাছিলেই। বছি সিঙহঁতৰ গাঁৱখনৰ বহুতো মানুহক ভয় খুৱাই মাত্ৰ ১০০ টকাৰ বিনিময়ত কিছুমান কাগজত টীপচহী দিবলৈ বাধ্য কৰোৱা হৈছিল। মাত্ৰ কেইজনমান ক্ষমতাশালী, আশিসধন্য মানুহে কোটিৰ ঘৰত টকা হজম কৰিব খুজিছিল। তেওঁলোকৰ কৌশলটো আছিল ঋণ লৈ কেইমাহমান পিছত প্ৰতিখন আবেদনৰ বিপৰীতে পোৱা ২০ হাজাৰ টকাৰ ঋণটোৰ ছাবচিডিখিনি ৰাখি থৈ বাকী ১০ হাজাৰ টকা ঘূৰাই দিয়া। চক্ৰটোৰ মূল মানুহকেইজন ধৰা পৰিছিল।

ওপৰৰ পৰা হুকুম আহিছিল সেই আঁচনিখন বাতিল কৰি দিবলৈ। প্ৰকাশহঁতৰ কৰিব পৰা একোৱেই নাছিল। তথাপিও প্ৰকাশহঁতে এটা চেষ্টা চলাইছিল যাতে আঁচনিখন সম্পূৰ্ণকৈ বাতিল কৰাৰ সলনি কেইজনমান সৎ, নিষ্ঠাৱান বিষয়াৰ অধীনত অলপকৈ হলেও ৰূপায়ণ কৰা হওক, প্ৰকৃত কৃষকসকলে অলপ হলেও সাহায্য পাওক। কিন্তু প্ৰকাশহঁতৰ সকলো চেষ্টা অৰণ্যৰোদনত পৰিণত হৈছিল। আঁচনিখন বাতিল কৰা হৈছিল। বছি সিঙহঁতৰ একাউন্টৰ পৰা টকাখিনি ঘূৰাই লোৱা হৈছিল।

তাৰ কেইদিনমান পিছত এদিন প্ৰকাশহঁতে দুপৰীয়াৰ আহাৰ খাই থকাৰ সময়তে বছি সিঙ আহি অফিচ ওলাইছিলহি। আঁচনিখনৰ কথা সুধিবলৈ আহিছিল। ঋণৰ টকাখিনি পাবনে নাপায়, পালে কেতিয়া পাব সেইটো জানিবলৈ আহিছিল। সকলো কথা বুজাই দিয়াৰ পিছত বছি সিঙে কিছু সময় মাতবোল নকৰাকৈ আছিল। তাৰ পিছত হঠাৎ সি খঙত ফাটি পৰিছিল – “নিজকে তহঁতে কি বুলি ভাব’? হা? খলিফা বুলি ভাব’ নেকি নিজকে? আমি কি দোষ কৰিছিলোঁ? যেতিয়াই ইচ্ছা আমাক আশা দিবি আৰু যেতিয়াই ইচ্ছা সেই আশা ধ্বংস কৰিবি?” ইত্যাদি। অফিচৰ নিৰাপত্তাৰ দায়িত্বত থকা মানুহকেইজনে বছি সিঙক ঠেলি গতিয়াই বাহিৰ কৰি দিছিল।
বছি সিঙ গুচি যোৱাৰ পিছত কেইবাদিনলৈও প্ৰকাশ বৰুৱা অন্যমনস্ক হৈ থাকিল। একেখিনি কথাই তাৰ মূৰত পাকঘূৰণি খাই থাকিল – “ঠিকেইতো, বছি সিঙে ঠিকেই কৈছে। আমি কি আচলতে? নিজকে ক্ষমতাশালী বুলি ভবা একো একোটা হাত-ভৰি বন্ধা চাকৰিয়াল। মাহৰ মূৰত পাবলগীয়া কেইটামান মাত্ৰ টকাৰ বাবে নিজৰ বিছাৰ-বুদ্ধি, বিবেক, অনুভূতি সকলো আনৰ ওচৰত বন্ধকত থোৱা আছে। শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি, ওপৰৰ পৰা অহা সকলো হুকুম, লাগিলে মৌখিক হুকুমেই হওক লাগে, সকলোখিনি হুকুম নিজৰ দায়িত্বত আখৰে আখৰে পালন কৰাই হৈছে আমাৰ কাম। তাৰ মাজত দুপৰৰ প্ৰচণ্ড ৰ’দত শুকান পথাৰত মাটি চহোৱা বছি সিঙহঁতৰ অস্তিত্ব থাকিব নোৱাৰে। পাৰিব লাগিছিল, কিবা এটা উপায় কৰি বছি সিঙৰ দৰে কৃষকক সাহাৰ্য দিব পাৰিব লাগিছিল। আনৰ মাটিত, আনৰ কাৰণে শস্য উৎপাদন কৰি কৰি ভাগৰি পৰি প্ৰত্যেক বছৰে কিমান খেতিয়কে আত্মহত্যা কৰে?”—প্ৰকাশে নিজকে নিজে সুধিলে।

দিন যোৱাৰ লগে লগে কিবা এটা অনুশোচনাই প্ৰকাশক খুলি খুলি খাবলৈ ধৰিলে। অৱশেষত সি সিদ্ধান্ত ল’লে—এবাৰ বছি সিঙক লগ পাবই লাগিব। আৰু আজি এয়া সি আহিছে বছি সিঙক লগ পাবলৈ। লগত বিশ্বাসী ড্ৰাইভাৰ ৰাধেশ্যামৰ বাদে আন কাকো অনা নাই। আনকি নিজৰ টীমটোকো অনা নাই।

কুৱেলিচ গাড়ীখন হাইৱে’দি তীব্ৰ গতিত গৈ আছে। প্ৰকাশ বৰুৱাই ভাবিলে—“মোক দেখি বছি সিঙে হয়তো আকৌ খঙত উতলা হৈ পৰিব। পৰক, কোনো কথা নাই। বছি সিঙৰ দৰে এজন ৰ’দে-বৰষুণে খুন্দি পেলোৱা কৃষকৰ ঘাম বৈ থকা মুখেদি ওলাই অহা গালিখিনিয়ে মোৰ চেতনাক অলপ বিশুদ্ধহে কৰিব। কাৰণ বছি সিং এজন কৰ্মঠ, মাটিত থিয় হৈ পৰিশ্ৰম কৰা, স্বাধীন, নিৰ্ভেজাল মানুহ। বছি সিঙৰ মুখেদি ওলাই অহা কথাবোৰ তেওঁৰ বুকুত স্বত:স্ফুৰ্তভাৱে সৃষ্টি হয়। বছি সিঙে আমাৰ দৰে সমীকৰণ মিলাই মগজুত ক’বলগা কথাখিনি সৃষ্টি নকৰে।’’

গাড়ীখন আৰু অলপ জোৰেৰে চলাবলৈ প্ৰকাশ বৰুৱাই ৰাধেশ্যাম ড্ৰাইভাৰক আদেশ দিলে।

(স্থান, কাল, পাত্ৰ, কাহিনী সকলো কাল্পনিক। ক’ৰবাত কিবা মিলি যোৱা যেন পালে সেয়া কাকতলীয় সংযোগহে।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক