মোক চোলা চিলাই থাকিবলৈকে দিয়া (- অনুপমা বৰগোহাঞি)

 

পুৰণি কালৰে পৰাই মানুহে লিখা বা ছপা আখৰত বিশ্বাস আৰু সন্মান দি আহিছে। যদিও জীৱনৰ মূল্যবোধ থকা বহু পণ্ডিতে দৈনন্দিন জীৱন আৰু অভিজ্ঞতাক ছপা আখৰতকৈ বেচি মূল্য দিব খোজে ।

ফ্রেডৰিক ডন্ শ্লেগেল (১৭৭২-১৮২৯) জাৰ্মানীৰ এজন স্বধামধন্য লেখক তথা সমালোচক আছিল । তেওঁ বহু দাৰ্শনিক মতবাদৰ স্রষ্টা আৰু জাৰ্মান ৰোমাণ্টিক সাহিত্যৰো পথ প্ৰদশর্ক । তেওঁৰ পত্নী ডৰথী আতি সুন্দৰী, উচ্চশিক্ষিতা বিদূষী মহিলা আছিল।তেৱো মাজে মধ্যে লিখা মেলাৰ চৰ্চা কৰিছিল।আনহাতে ঘৰুৱা কাম বন তথা চিলাই কৰা কামতো ডৰথী আছিল পাৰ্গত ।পতিৰ অকাল মৃত্যুৰ পিছত সৰু সৰু লৰা ছোৱালী কেইটাৰ সৈতে ডৰথী শ্লেগেলে সংসাৰৰ বোজা অকলেই কঢ়িয়াব লগা হৈছিল।হাতত টকা  পইচা নাই, কিন্ত স্বাভিমানী ডৰথীয়ে কাৰো ওচৰত হাত নাপাতি তেওঁৰ হাতৰ চিলাই বিদ্যাকে মূলধন হিচাবে লৈ জীৱিকা অৰ্জন কৰিবলৈ ললে। তেওঁৰ সুন্দৰ চিলোৱা চোলা কিনিবলৈ সকলোৱে ভাল পাইছিল। এদিন এগৰাকী আত্মীয়াই ডৰথীক কিছু ভৎসনা কৰি কলে ‘তোমাৰ দৰে উচ্চশিক্ষিত ছোৱালী এজনীয়ে কি এইবোৰ চোলা চিলোৱা কাম কৰিছা,তাতোতকৈ তুমি তোমাৰ পতিৰ দৰে লিখা মেলা কাম নকৰা কিয় ? তোমাৰ লিখা কিতাপ আকাৰে প্রকাশ পালে তোমাৰ সন্মানো বাঢ়িব আৰু ধনো পাবা’। আত্মীয়গৰাকীৰ কথাত  ডৰথিয়ে মিঠা হাঁহি এটি মাৰি কলে, ‘এইখন পৃথিবীত কিমানবোৰ আৱশ্যক নোহোৱা কিতাপ আছে। এখন কিতাপ নপঢ়াকৈ থকা আৰু তাৰ  উপযোগীতা নোহোৱা একেই কথা-আজিলৈকে মই চিলোৱা চোলা এটা নিপিন্ধাকৈ থকাৰ কথা শুনা নাই।মই চিলোৱা চোলা এটাৰ উপযোগীতা মই লেখা কিতাপ এখনতকৈ বেচি হব বুলি ভাবো। মই সমাজক আৰু এখন অনাৱশ্যকীয় কিতাপৰ বোজা দিবলৈ খোজা নাই । তাতোতকৈ মোক চোলা চিলাই থাকিবলৈকে দিয়া’।

এই কথা খিনিৰ দ্বাৰা ডৰথীয়ে এইটো বুজাবলৈ যোৱা নাই যে গ্রন্থ লিখাটো বেয়া কাম ।কিন্ত কেৱল গ্লেমাৰৰ বাবেই  গ্রন্থ লিখি প্রকাশ কৰাতকৈ চোলা চিলোৱা কামটোৰে তেওঁ সমাজৰ বেছি উপকাৰ কৰিছে বুলি ভাবিছিল। আচলতে সেই তাহানি দিনৰ পৰা এতিয়ালেকে কৰ্ম ক্ষেত্রত থকা বৈষম্যমূলক ভাব এতিয়াও  আঁতৰা নাই- এজনী চোলা চিলাই কৰি জীৱিকা আৰ্জন কৰা ছোৱালীতকৈ সেই কাপোৰ পিন্ধি ‘মডেলিং’ কৰা ছোৱালীজনী বা ৰেল চলোৱা মহিলা গৰাকীতকৈ, এৰুপ্লেন চলোৱা মহিলাগৰাকীক বেচি গুৰুত্ব দিয়া হয় । আজিৰ মাক-দেউতাকে লৰা ছোৱালীক ডাক্তৰী, ইণ্জীনিয়াৰিং, মেনেজমেন্ট পঢ়িবলৈ লাখ লাখ টকা খৰচ কৰি ক’চিং দিয়ে, কিন্ত এজন খুউব ভাল গণিতজ্ঞ বা বুৰঞ্জীবিদ বা শিক্ষক হবলৈ বুলি এটকাও খৰচ নকৰে। লৰা ছোৱালীক মূল্যবোধ সৃষ্টি কৰা (value creation)  জ্ঞান অৰ্জন কৰাতকৈ অৰ্থ অৰ্জন কৰিব পৰা জ্ঞান আহৰন কৰাতহে বেচি উৎসাহ দিয়ে—সেয়ে আজিৰ  বহু উচ্চ শিক্ষিত যুবক যুবতীৰ মাজত নৈতিক স্খলন বা ভাৰসাম্য হীন জীবন যাপন কৰা দেখা যায় ।আজিৰ দিনত, ই সমাজৰ আটাইতকৈ ডাঙৰ ৰোগ বুলি গণ্য কৰা হৈছে ।

অলপতে এগৰাকী বন্ধুৱে মোক ভৎসনা কৰি কৈছিল- ‘তই যে জীৱনত কি ভুল কৰিছ-মই তোতকৈ কম মেধাৰ হৈও আজি ডক্টৰেট ডিগ্রী লৈ সমাজৰ কামত আহিছো আৰু তই ল’ৰা দুটা আৰু পাকঘৰটোলৈয়ে জীৱনটো শেষ কৰিব লৈছ’।

এতিযা মোৰ প্রশ্ন হয়- ডক্টৰেট ডিগ্রী লৈ বা কোনো বৃত্তিগত শিক্ষা লৈ চাকৰি কৰি থকা নাৰীয়ে সমাজৰ বেচি উপকাৰ কৰে নে একোটি পৰিয়ালক শান্তিৰ নীড় হিচাপে গঢ়ি তোলা তথা সন্তানক মানুহ ৰুপে গঢ়ি তুলিবলৈ শিক্ষা দিয়া নাৰীয়ে সমাজৰ বেছি উপকাৰ কৰে? মই ভাবো, জীৱন ধাৰণৰ বাবে গ্রহণ কৰা সকলো জীৱিকাৰ পথেই মহৎ যদিহে সেই জীৱিকা সৎ আৰু নিষ্ঠাৰে আৰ্জন কৰা হয়। সেয়ে, মোৰ লৰা দুটাক ডাক্তৰ/ইণ্জীনিয়াৰ হবৰ বাবে পঢ়িবলৈ নকওঁ; কওঁ  জ্ঞান অৰ্জনৰ বাবে ।

ডৰথী শ্লেগেলৰ কাহিনীটোৱে মোৰ দৰে বহুতকে প্রেৰণা দিব বুলি ভাবোঁ। আমাৰ বৌদ্ধদৰ্শনেও কয় যে সকলো কামৰেই মহত্ব আছে; সৰু বা ডাঙৰ যি কামেই নহওক কিয় সততাৰে আৰু নিষ্ঠাৰে কৰিলেহে সমাজৰ উপকাৰ হয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments