মোক তোমাৰ মৌন কণ্ঠৰ শব্দ হ’বলৈ দিয়া (ৰাজীৱলোচন বৰ্মন)

মোক তোমাৰ মৌন কণ্ঠৰ শব্দ হবলৈ দিয়া

(ইংৰাজী ভাষাত লিখা কাহিনী এটাৰ ভাৱানুবাদ।মূললিখক: অজ্ঞাত)

ৰাজীৱলোচন বৰ্মন


********************************

কলেজলৈ অহাৰ কেইদিনমান পাচৰ পৰাই সিহঁত দুয়ো দুয়োকে প্রাণ ভৰি ভাল পাইছিল। কিন্তু ছোৱালীজনীৰ ঘৰৰ মানুহ সিহঁতৰ প্রেমৰ পক্ষপাতী নাছিল। তাইক বাৰ বাৰে কৈছিল যে এই ল’ৰাজনক বিয়া কৰালে তাই গোটেই জীৱন কষ্টত দিন কটাব লাগিব।

ঘৰৰ মানুহৰ কথাত অতিষ্ঠ হৈ ছোৱালীজনীৰ আৰু ল’ৰাজনৰ প্রায়েই কথাৰ কটা-কটি হয়। যদিও ছোৱালীজনীয়ে ল’ৰাজনক খুব ভাল পাইছিল, তথাপিও তাই তাক সুধিছিল, “ মোলৈ থকা তোমাৰ প্রেমৰ গভীৰতা কিমান?” ল’ৰাজনে যিহেতু কমকৈ কথা কৈছিল আৰু নিজৰ মনৰ ভাৱ প্রকাশ কৰাত অপাৰগ আছিল সেয়ে প্রায়েই সি মনে মনে ৰৈছিল। এই কথাটোৱে ছোৱালীজনীৰ অন্তৰত খুব আঘাত দিছিল আৰু ঘৰৰ মানুহৰ ওপৰত উঠি থকা খংটো তাৰ ওপৰত জাৰিছিল। কিন্তু সি সকলো নিৰৱে সহি গৈছিল।

এদিন ল’ৰাটোৱে তাৰ কলেজীয়া শিক্ষা সাং কৰিলে আৰু বিদেশলৈ গৈ উচ্চ শিক্ষা ল’বলৈ মন মেলিলে। যোৱাৰ আগতে সি ছোৱালীজনীক প্রস্তাৱ দিলে, “মই ভালকৈ সজাই-পৰাই কথাবোৰ ক’ব নাজানোঁ। কিন্তু এটা কথাই জানো যে মই তোমাক ভাল পাওঁ। যদি তুমি মোৰ প্রস্তাৱত সন্মতি দিয়া তেন্তে মই গোটেই জীৱন তোমাক সকলো মৰম-স্নেহ দিম আৰু সকলো দায়িত্ব ল’ম বুলি প্রতিজ্ঞাবদ্ধ হ’লোঁ। আনকি তোমাৰ ঘৰলৈ গৈয়োমই এই বিষয়ে কথা পাতিব বিচাৰোঁ।” ল’ৰাজনৰ প্ৰস্তাৱত ছোৱালীজনীয়ে সন্মতি দিলে।

ল’ৰাজনে গৈ ছোৱালীজনীৰ ঘৰত কথা পাতিলে আৰু অৱশেষত ছোৱালীজনীৰ ঘৰৰ মানুহেও সন্মতি প্রদান কৰিলে আৰু ল’ৰাজন বিদেশলৈ যোৱাৰ আগতে সিহঁতৰ আঙুঠি পিন্ধোৱা হৈ গ’ল।
যদিও ই অতি বেদনাদায়ক তথাপিও পৃথিৱীৰ দুটা ভিন্ন প্রান্তত থাকিও ফোন আৰু ই-মেইলৰ সহায়ত সিহঁতে সিহঁতৰ মৰমবোৰ বিনিময় কৰি থাকিল।

এদিন কামলৈ গৈ থাকোঁতে ছোৱালীজনী এটা দুর্ঘটনাৰ সন্মুখীন হ’ল। যেতিয়া তাই সংজ্ঞা ঘূৰাই পালে তাই নিজকে আৱিষ্কাৰ কৰিলে মাক-দেউতাক আৰু তাইৰ আত্মীয়সকলৰ বেষ্টনীতআঘাতপ্রাপ্ত অৱস্থাত হস্পিটালৰ বিচনাত। মাকে তেতিয়াও কান্দি আছিল। ছোৱালীজনীয়ে মাকক সান্ত্বনা দিবলৈ গৈ অনুভৱ কৰিলে যে তাইৰ মুখৰ পৰা চিঁচিঁয়নিৰ বাহিৰে একো নোলাল। তাই বুজি পালে যে তাই তাইৰ মাতটো হেৰুৱাই পেলাইছে। ডাক্তৰে কোৱা মতে মূৰত যথেষ্ট আঘাত পোৱা বাবে তাইৰ মাতটো হেৰাই গ’ল। ছোৱালীজনীয়ে বহুত চেষ্টা কৰিলে কিন্তু এটা শব্দও তাইৰ মুখৰ পৰা নোলাল। তাই ভাগি পৰিল।

ঘৰলৈ অহাৰ পাচত সকলোবোৰ একে থাকিল। কিন্তু তাইৰ মৌন পৃথিৱীত তাইৰ মৌন কান্দোনেহে সংগ দি থাকিল। মাত্র ফোনটো বাজি উঠিলেই তাইৰ বুকুত হাতুৰিৰ কোব পৰা যেন অনুভৱ হয়। তাই ল’ৰাজনক তাইৰ কথাবোৰ জনাবলৈ বিচৰা নাছিল। তাই জানিছিল, যিকোনো পৰিস্থিতিতে তাইক সি গ্রহণ কৰিব। কিন্তু তাই তাৰ বাবে বোজা হ’বলৈ নিবিচাৰিলে। তাই তালৈ আঙুঠিটো ঘূৰাই দি এখন চিঠি লিখিলে যে তাই আৰু বেছি দিন ৰৈ থাকিব নোৱাৰে।
ল’ৰাজনে তাইক বুজাবলৈ হাজাৰখন চিঠি লিখিলে, শ শ মেইল পঠিয়ালে আৰু বহুবাৰ ফোন কৰিলে। কিন্তু ছোৱালীজনীৰ সন্মুখত চকুপানীৰ বাহিৰে আৰু আন একো পথ নাছিল।
ছোৱালীজনীৰ মাক-দেউতাকে তাৰ পৰা অইন ঠাইলৈ যোৱাৰ যো-জা কৰিলে যাতে তাই এই সকলোবোৰ পাহৰি অলপ হ’লেও সুখী হ’ব পাৰে।

নতুন ঠাইলৈ গৈ ছোৱালীজনীয়ে প্রতিদিনে নিজকে বুজালে যে তাই ল’ৰাজনক পাহৰি যোৱা উচিত। তাত তাই মূক-বধিৰৰপাঠ্যক্রম শিকি ল’লে আৰু এটা নতুন জীৱন আৰম্ভ কৰিলে। এদিন তাইৰ বান্ধবী এজনীয়ে তাইক লগ পাই ক’লে যে ল’ৰাজনে উচ্চশিক্ষা শেষ কৰি উভতি আহিছে। তাই আকাৰে-ইংগিতে তাৰ আগত তাইৰ কথাবোৰ নক’বলৈ বান্ধবীজনীক অনুৰোধ কৰিলে।
তাৰ পাচৰ পৰা ল’ৰাজনৰ একো খবৰ পোৱা নগ’ল।

এবছৰ পাৰ হৈ গ’ল। তাইৰ বান্ধবীজনীয়ে হাতত ল’ৰাজনৰ বিয়াৰ নিমন্ত্ৰণীপত্র এখন লৈ ছোৱালীজনীৰ ঘৰলৈ আহিল। নিমন্ত্রণীপত্রখন খুলি ছোৱালীজনী আশ্চর্যচকিত হৈ পৰিল। তাত যে কইনাৰ ঠাইত তাইৰ নাম লিখা আছে। এইবোৰ কেনেকৈ কি হৈ আছে বুলি বান্ধবীক সুধিবলৈ লওতেই ল’ৰাজন আহি ছোৱালীজনীৰ সন্মুখত ঠিয় হ’ল। সি আকাৰ-ইংগিতৰ ভাষাৰে তাইক ক’বলৈ ধৰিলে, “মই যোৱা এবছৰে এই আকাৰ-ইংগিতৰ ভাষা শিকিছোঁ, মাথোঁ তোমাক ইয়াকে জনাবলৈ যে মই এতিয়াও আমাৰ প্ৰতিশ্ৰুতিবোৰ পাহৰা নাই। মোক তোমাৰ মৌন কণ্ঠৰ শব্দ হ’বলৈ দিয়া।” এনেকৈ কৈয়েই সি তাইৰ আঙুলিত আকৌ আঙুঠিটো পিন্ধাই দিলে। ছোৱালীজনীৰ ওঁঠেৰে এটা মিচিকিয়া হাঁহিৰ লহৰ বাগৰি গ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক