মোক যেতিয়া হত্যা কৰিছিলোঁ (জ্যোতি প্ৰকাশ নাথ)

হেল্ল’….হয় মই হীৰকে কৈছোঁ…. হয় মই পৰহিলৈ নগাঁও যাম…. হয় আপোনাৰ ঘৰতে বহুৱাবলগীয়া টাৱাৰটোৰ কামৰ বাবে যাম…. হয় মই চিনি পাইছোঁ আপোনাক…. ঠিক আছে বাৰু…. শুভৰাত্ৰি।
উফফ: প্ৰথম গৰাহ ভাত মুখত ভৰাইছিলোঁহে, আহিলেই নহয় ফোনটো। এই ম’বাইলটোৰ পৰা আৰু শান্তি নাই। বন্ধ কৰিও ৰাখিব নোৱাৰি, ক’ত কেতিয়া টাৱাৰৰ গণ্ডগোল হয় ঠিক নাই। য’ত কূটৰ ঘাই মোৰ এই চাকৰিটো। ক্লাষ্টাৰ ইঞ্জিনিয়াৰৰ চাকৰিত ইমান অশান্তি বুলি জনা হ’লে ইলেট্ৰ’নিক্স ইঞ্জিনিয়াৰেই নহ’লোঁহেঁতেন। কিন্তু উপায় নাই, চৰকাৰী চাকৰি এটাও গোটাব নোৱাৰিলোঁ। লগৰ কপিল, নিপন, অজিতহঁতে চৰকাৰী ইঞ্জিনিয়াৰ হৈ কোৰোণাৰে ধন চপাব লাগিছে, ইফালে কামৰ বোজা বুলিও একো নাই। মোৰ আকৌ উপাৰ্জনো সীমিত আৰু এইফালে কামৰ বোজাত অকাল বাৰ্ধক্য নামো নামো। নকৰিলেও নো আৰু কি কৰিম। কৰ্মই ধৰ্ম বুলি বৈঠা মাৰিয়ে আছো আৰু। মানুহে বিশ্বাস নকৰে যদিও সঁচাকৈয়ে কামৰ হেঁচাত আহৰি নাপাই বত্ৰিশ বছৰ পাৰ হোৱাৰ পাছতো বিয়াখন পাতিব পৰা নাই। কেতিয়াবা সকলো এৰি থৈ বুদ্ধদেৱক বিচাৰি যাবলৈ মন যায়। কিন্তু মা-দেউতাৰ মুখলৈ মনত পেলায়ে সেই হাবিয়াস দলিয়াই দিওঁ। আজিও অফিচৰ পৰা আহোঁতে পলম হ’ল। আহিয়ে প্ৰেচাৰ কুকাৰত চাউলকিটা দি জুইত উঠাই দিলোঁ। মুৰ্গীৰ মাংস এক প্লেট ৰেষ্টুৰেণ্টৰ পৰা লৈয়ে আহিছোঁ। হাত ভৰি ধুই আজৰি হওঁ মানে ভাত সিজোৱা হলেই। তাকেই গৰমে গৰমে খাবলৈ ওলাওঁতেই জহনি যোৱাটো বাজিলেই।
এয়াৰচেলত চাকৰি কৰা আঢ়ৈ বছৰ হ’ল যদিও পদবীটো এতিয়াও স্থায়ী হোৱা নাই। গুৱাহাটীত ভাড়াঘৰত অকলে থাকো। মা-দেউতা গাওঁৰ ঘৰত থাকে। বিয়াখন পাতিম বুলি টকাও অলপ অচৰপ গোটাইছোঁ। তাৰে আগতে গুৱাহাটীত মাটি অলপ কিনাৰ হেঁপাহ এটা আছে। সকলো ঠিকেই চলি আছিল। কিন্তু দুমাহ মানৰ পৰাই মোক অদ্ভুত মৃত্যু ভয় এটাই লগ ধৰিছে। কথাবিলাকো সঘনাই আৰু ভয়লগাকৈ পাহৰিব ধৰিছোঁ। কোনোবাই যেন অহৰহ মোক অনুসৰণ কৰি থাকে। মোৰ কাষে কাষে ঘুৰি ফুৰে। অনবৰত কাণত কিবা ফুচফুচাই কৈ থাকে। ফুচফুচনিটো কেতিয়াবা প্ৰতিধ্বনিত হয়। মোৰ চেতনাৰ গভীৰৰ পৰা যেন কোনোবাই কয় “গুছি আহ ইয়ালৈ, তাত কি কৰিছ। ইয়াত ইমান আৰাম, ইমান শান্তি।“, আৰু তেতিয়াই মই সকলো পাহৰি যাওঁ। আপোনমনে কিবা অজান দেশ এখনলৈ যেন গুছি যাওঁ। আৰু তাৰ পাছতে নিজকে সম্পূৰ্ণ এক বেলেগ পৰিবেশত আৱিষ্কাৰ কৰো। মোৰ লগত এই পৰিঘটনাটো বহু বছৰ আগতে মই স্কুলত পঢ়ি থাকোঁতেও ঘটিছিল। কিন্তু ডাঙৰ হৈ অহাৰ পিছত লাহে লাহে আঁতৰি গৈছিল। আৰু তাৰ পাছত সেইবোৰ সকলো পাহৰিয়ে গৈছিলোঁ। কিন্তু যোৱা তিনি চাৰি মাহৰ পৰা হঠাতে আকৌ কিবাকিবি বোৰ হ’বলৈ ধৰিছে। গুৱাহাটীত মই থকা ভাড়াঘৰটো চান্দমাৰীত আছে। সেইদিনা অফিচৰ পৰা আহি থাকোঁতে হঠাতে নিজকে খানাপাৰাৰ ফ্লাইঅ’ভাৰ খনৰ তলত আৱিষ্কাৰ কৰিলোঁ। মই চান্দমাৰী যাবলৈ এৰি কেতিয়া যে কেনেকৈ খানাপাৰা ওলালোঁ ক’বই নোৱাৰোঁ। ভালে কেইদিন দুপৰীয়া ভাত খোৱা হোটেলখনত পইচা নিদিয়াকৈ ওলাই আহিছোঁ। চিনাকি হোটেল বুলিহে ৰক্ষা। আজিকালি মাহেকীয়া হিচাপ কৰি লৈছোঁ।
এদিন আকৌ অফিচত লাগিল হাহাকাৰ। কাম কৰি থকাৰ মাজতে এজনে ক’লে মোক বছে মাতিছে। বছৰ কোঠালৈ গৈ দেখোঁ অচিনাকি মানুহ এজন বহি আছে। মই সুধিলোঁ চাৰে মাতিছিলে, তেওঁ নাই নেকি। মানুহজনে মোৰ পিনে অদ্ভুত দৃষ্টি এটা দি মই ড্ৰাগছ লোৱা আৰম্ভ কৰিছোঁ বুলি মোক ভত্সনা কৰিলে। মই ওলোটাই ধমকি লগাই দিলো কি অচিনাকি মানুহক যা তা ক’বলৈ আহিছে বুলি। মোক আচৰিত কৰি মানুহজনে চিঞৰি চিঞৰি গালি পাৰিবলৈ ধৰিলে মোৰ নাম লৈ যে এই হীৰক জ্যোতি শইকীয়া পাগল হ’ল। মই আচৰিত হ’লোঁ মোক নাম সহকাৰে চিনি পোৱা এইজন কোন মানুহ হ’ব পাৰে বুলি। ভালে কেইজন সহকৰ্মী লৰালৰিকৈ কোঠাটোলৈ সোমাই আহিল কি হৈছে চাৰ কি হৈছে চাৰ বুলি। মই কিবা কোৱাৰ আগতেই মানুহজনে উত্তেজিত হৈ ক’লে যে মাহৰ শেষৰ এই সোপা ব্যস্ততাৰ মাজত মই তেওঁৰ লগত ধেমালি কৰিছোঁ। সকলোৱে মোৰ মুখলৈ চাই ৰ’ল। মই কলো যে এইজন মানুহে মোক ড্ৰাগছ লোৱা বুলি বদনাম কৰিছে অথচ মই তেওঁক চিনিয়ে নাপাওঁ। সকলোৰে চকু কপালত উঠিল। এজনে কলে যে হীৰক, ৰাজেন চাৰক তুমি কেতিয়াৰ পৰা চিনি নোপোৱা হ’লা? মইতো দস্তুৰমত হতভম্ব হলো। কাৰণ এই অচিনাকি মানুহজন ৰাজেন চাৰ কেনেকৈ হ’ব পাৰে। আঢ়ৈ বছৰ ধৰি একেটা অফিচতে কাম কৰাৰ পাছত মই বাৰু মোৰ চাৰকে চিনি নোপোৱা হ’মনে? মই ৰাজেনচাৰৰ মুখখন মনত পেলাবলৈ চেষ্টা কৰিলোঁ। কি আচৰিত, মোৰ একোৱেই মনত নপৰিল। লাজে দুখে খঙে একো নাই হৈ অফিচৰ পৰা ওলাই আহিলো। সেইদিনাৰ পৰা সেই অচিনাকি মানুহজনকে ৰাজেন চাৰ বুলি ধৰি ল’লো। তাতোকৈ আচৰিত কথা আজিলৈকে ৰাজেনচাৰৰ মুখখন মনত পেলাব নোৱাৰিলোঁ।
আকৌ সিদিনা মোৰ বন্ধু মৃণালৰ লগত কাজিয়া এখনেই লাগিল। সি ফোন কৰি সুধিছিল তাৰ এহেজাৰ টকাটো মই কেতিয়া দিম বুলি। মই বোলো কেতিয়া ল’লো তোৰ এহেজাৰ টকা। মই প্ৰথমতে সি ধেমালি কৰা বুলি ভাৱিছিলোঁ। পাছত যেতিয়া বাৰে বাৰে একেটা ক’থাকে কৈ কৈ শেষত কলে যে তাৰ এহেজাৰ টকা মাৰি মোৰ দৰে ভিক্ষাৰীয়ে তাৰ নোম এডালো চিঙিব নোৱাৰে বুলি তেতিয়া মোৰ গাত লাগিল। বৰ বেয়াকৈ গালি দিলোঁ তাক। কিন্তু আটাইতকৈ আচৰিত কথাষাৰ শেষতহে শান্ত ভাৱে ক’লে সি আৰু ফোন থৈ দিলে। মই বোলে এদিন দুপৰীয়া মোৰ প্ৰেমিকাৰ লগত খৰিকা ৰেষ্টুৰেণ্টত বহি ভাত খাই আছিলোঁ আৰু সিও তাৰ প্ৰেমিকাক লৈ তালৈ ভাত খাবলৈ আহিছিল। বিল পৰিশোধ কৰাৰ সময়ত মোৰ লগত নগদ ধন নথকা কাৰণে আৰু সেইদিনা খৰিকাৰ ক্ৰেডিট কাৰ্ডেৰে লেনদেন কৰা মেছিনটো বেয়া হৈ থকা কাৰণে মই তাৰ পৰা এহেজাৰ টকা লৈছিলোঁ। পাছদিনাই নেট বেংকিংৰ সহায়ত ঘুৰাই দিম বুলি তাৰ একাউণ্ট নম্বৰটোৱো লৈছিলোঁ বোলে। মই পাগল হৈ গৈছিলোঁ তাৰ কথা শুনি। মই সাধাৰণতে খৰিকা জাতীয় নামি দামী ৰেষ্টুৰেণ্ট বিলাকলৈ নাযাওঁৱেই। বহুদিন আগতে দুবাৰমান কাৰোবাৰ লগত গৈছিলোঁ চাগৈ। তাতোকৈ আচৰিত কথা মোৰ বোলে কোনোবা প্ৰেমিকা আছে যাক মই চিনিয়ে নাপাওঁ। সিও মোক পাগল হোৱা বুলি গালি পাৰিছিল। তাৰ পাছতেই, যোৱাটো সপ্তাহতে ছাগে, অঘটন এটা ঘটিল। মোক বিচাৰি অফিচত ছোৱালী এজনী আহিছিল। মই কাক বিচাৰিছে বুলি সোধোঁতে কান্দি দিছিল। মই বোলো কি বা হ’ল আকৌ এইজনীৰ বুলি কলো ভণ্টী নাকান্দিবাচোন। হে হৰি গোটেইখন একেবাৰে ৰজনজনাই দিলে। ইমান দিনে বোলে ভালপোৱাৰ অভিনয় কৰি মইহে তেওঁৰ জীৱন ধ্বংস কৰিলোঁ। তাই বোলে মোৰ প্ৰেমিকা বৰ্ণালী, মৃণালে কোৱাজনী। ইফালে তাইৰ চেহেৰাটো মোৰ কোনোমতেই মনত নপৰেহে নপৰে। কি যে ঘটনা সেইদিনা অফিচত।
ভাত খিনি খাই থালখন ধুবলৈ আহি দেখিলো বাচন ধোৱা চাবোন কেতিয়াবাই শেষ হৈছে। সদায়ে আনিবলৈ পাহৰো। থালখন আও খালি থ’বলৈ লৈ দেখিলো এয়া চোন দাইল। তাৰমানে মই ভাতৰ লগত দাইলো ৰান্ধিছিলোঁ। কিন্তু কেতিয়া? অকণো মনত নাইচোন। জানো পাই কি বা হৈছে মোৰ। ডা: উদ্দীপ তালুকদাৰৰ চেম্বাৰলৈ এপাক যাব লাগিব। তেওঁ অসমৰ এজন নামকৰা মনোৰোগ বিশেষজ্ঞ। মোৰ যে ভিতৰি ভিতৰি কিবা এটা হৈছে সেয়া নিশ্চিত। আহ: সেয়া আকৌ কোনোবাই মোৰ কাণৰ কাষত চিঞৰিছে। মাতিছে মোক ক’ৰবালৈ। পাচলি কটা চুৰি খনলৈ চকু গ’ল মোৰ। কেনেকৈ ত: ত: কৈ চাই আছে মোৰ পিনে। সেয়া কোনোবাই আকৌ ফুচফুচাই কৈছে মোৰ কাণত। এইবাৰ কিন্তু কি কৈছে মই শুনিছোঁ। মোক কৈছে মাৰ মাৰ এই হীৰক জ্যোতি শইকীয়াৰ ডিঙি এতিয়াই সৌ চুৰি খনেৰে ৰেপি দে। চুৰি খন টিউব লাইটৰ পোহৰত একেবাৰে চিকমিকাই আছে। চো মাৰি যোৱাদি গৈ একেথাপে চুৰি খন হাতত ল’লো।
ধেৎ তেৰি আকৌ বাজিলে ফোনটো। মুখেৰে অবাইচ দুটামান উলিয়াই ফোনটো চালো। অহ নাই এয়া মায়ে হে ফ’ন কৰিছে।
: হেল্ল’ মা…..
: ভাত খালি তই?
: এয়া খালো বাচন ধুই আছো। তোমালোকে খালা?
: কোন তোমালোক? আজিতো কোনো অহা নাই আমাৰ ঘৰলৈ, মই অকলেহে আছোঁ।
: কিয় দেউতা কলৈ গ’ল?
: (মায়ে উচুপিবলৈ ধৰিলে……)
: কি হ’ল মা কান্দিছা কিয়? কি হৈছে তোমাৰ? গা বেয়া নেকি?
: (……………)
মায়ে হুৰাওৰাৱে কান্দিব ধৰিলে। কন্দাৰ মাজে মাজে অস্পষ্টকৈ কোৱা কথাকেইটা শুনি ম’বাইলটো মোৰ হাতৰ পৰা মজিয়াত সৰি পৰিল। মায়ে ক’লে
: ………কটা নিধক………বাপেৰৰ মুৰ খোৱাটো………..বাপেৰক দুচেওকৈ কাটি জেললৈ গলি……..ভাৱিছিলোঁ জেলৰপৰা ওলাই অহা তিনি বছৰ হ’ল এতিয়া নিজে চাকৰি কৰি গুৱাহাটীত আছ যেতিয়া ভাল হ’লি………কিন্তু আকৌ তোৰ পাগলামি আৰম্ভ হ’ল………তই মৰি নাযাৱ’ কেলেইনো……..
মোৰ কাণৰ কাষৰ ফুচফুচনিটো এতিয়া এক চিঞৰলৈ ৰূপান্তৰিত হ’ল। চিঞৰ নহয় এয়া মোৰ দেউতাৰ মাত। দেউতাৰ দুটুকুৰা হোৱা শৰীৰটো মই চকুৰ সন্মুখত দেখিবলৈ পালো। দেউতাই মোক চিঞৰি চিঞৰি কৈ আছে, মাৰ মাৰ হীৰকক হত্যা কৰ আৰু তই ইয়ালৈ আহ। কিমান শান্তি ইয়াত চা। মই মৰাৰ পাছতো দুটুকুৰা হৈও কিমান শান্তিত আছো চা। সেই চুৰিখন ল আৰু হীৰকৰ ডিঙিটো ৰেপি দে। মই আৰু দেৰি নকৰিলোঁ। এইবাৰ চুৰিখন সোঁহাতে লৈ বাওঁ কাণৰ তলৰ পৰা সোঁ কাণৰ তললৈ প্ৰায় ডেৰ ইঞ্চিমান সুমুৱাই চলাই দিলোঁ। হীৰক জ্যোতি শইকীয়াৰ নিথৰ দেহটো মজিয়াত ধমহকৈ বাগৰি পৰিল। এতিয়া আৰু মৃত্যু ভয় নাই, কোনো ফুচফুচনিও নাই আৰু কোনো চিঞৰ বাখৰো নাই। আহ: কি শান্তি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments