মোক স্বামী নালাগে৹৹৹ (– ৰূপাঙ্কৰ চৌধুৰী)

 

– এনেকে আৰু কিমান দিন?
– কি হ’ল আকাশী? কি দিনৰ কথা কৈছা তুমি?
– মোক মুক্তি লাগে। মুক্তি লাগে এই মুখা পিন্ধা জীৱনৰ পৰা। মই আশাবাদী যে তুমি দিবা মোক মুকুতি।
– ধেই পাগলি। কি যে কথাবোৰ কোৱা তুমি।
– দিচ টাইম আই এম চিৰিয়াছ। আই নীড ফ্ৰীডম।
– কিন্তু কিয়?
– মোক স্বামী নালাগে। প্লীজ বুজিবলৈ চেষ্টা কৰা তুমি!

আকাশীৰ দৰে প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী এজনী নাৰীয়ে কেনেকুৱা পৰিস্থিতিত এনেদৰে ক’বলৈ বাধ্য হৈছে সেয়া বিকাশে ভালদৰেই জানে। তাৰ মানে প্ৰহ্লাদ অধিকাৰী আৰু আকাশীৰ সম্পৰ্কত সঁচাকৈয়ে ফাঁট মেলিছে! নিজৰ মনৰ ভিতৰত খেলিমেলি লগাই থকা কথাখিনি একাষৰীয়া কৰি বিকাশে আকাশীক সান্ত্বনা দিবলৈ চেষ্টা কৰিলে।

– আকাশী! তেনেকু্ৱা কথা নক’বা তুমি। আমি সকলোৱে তোমাৰ আৰু প্ৰহ্লাদ দাৰ যুগ্ম জীৱনৰ ইমান প্ৰশংসা কৰো! আৰু চোৱা! কিমান সুখত ৰাখিছে তেখেতে তোমাক। অধিকাৰীদাৰ দৰে এজন ব্যক্তিক স্বামী হিচাপে পাই তুমি গৌৰৱ কৰিব লাগে।
– বাহ্যিক ভাবে তুমি কোৱা কথাবোৰ সঁচা। সকলোৱে সেই ছবিখন দেখি আছে যাৰ ভেটি এক মিছাৰ ওপৰত গঢ় লৈ উঠিছে।
– মইতো তোমালোকৰ বাহিৰৰ মানুহ হৈ থকা নাই। মই দেখোন ওচৰৰ পৰা তোমালোকৰ সম্পৰ্কত কোনো মিছাৰ প্ৰলেপ দেখা নাই?
– তোমাৰ চকুত ধৰা নপৰাকৈ থকা স্বাভাৱিক। কিয়নো আমি দুয়ো সতেজতাৰ মুখা পিন্ধিয়েই তোমাৰ লগতে আন নিকট সকলৰ সমুখত দেখা দিবলৈ চেষ্টা কৰি আছো ইমান দিনে।
– আকাশী? যদি সঁচাকৈ তোমাৰ ভাল বন্ধু বুলি মোক বিশ্বাস কৰা তেন্তে জনাব পাৰা নে মোক কথাবোৰ বিশদভাৱে?
– নিশ্চয় ক’ম তোমাক। সেই কাৰণেই আজি তোমাক ইমান ব্যস্ত কৰ্ম জীৱনৰ মাজতো জোৰ কৰি মাতি আনিছো মোৰ হাতে দুপৰীয়াৰ সাজ খাবলৈ।
– কোৱা তেন্তে।
– প্ৰহ্লাদ অধিকাৰী। এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী। মইও তেনেকৈ ভাবিছিলো। তুমি কোৱাৰ নিচিনাই মোক তেখেতে সুখত ৰখা বুলিয়েই অনুভৱ কৰি আছিলো। বিয়াৰ পিছত বহুত দিনলৈ তেনেকৈয়ে চলি আছিল। কিন্তু যোৱা দুমাহ মানৰ পৰা প্ৰহ্লাদৰ ব্যৱহাৰত সাংঘাতিক পৰিবৰ্তন মোৰ চকুত পৰিছে।
– সেই পৰিবৰ্তনৰ কাৰণ কেনেবাকৈ মই নহয়তো? কিয়নো যোৱা দুমাহ মানৰ পৰাই তোমালোকৰ ঘৰত আহ-যাহ আৰম্ভ হৈছে মোৰ।
– সেয়া হ’ব নোৱাৰে। তেখেতেই জানোঁ তোমাক অনা নাছিল আমাৰ ঘৰলৈ- মোৰ পুৰণি বন্ধু বুলি জানি?
– সেয়া হয় বাৰু। প্ৰহ্লাদ অধিকাৰীৰ লগত মোৰ কৰ্মক্ষেত্ৰৰ যোগেদি চিনাকি। কথা প্ৰসংগত বিশ্ববিদ্যালয়ৰ কথা উলিওৱাত তেখেতে তোমাৰ কথা কৈছিল। যেতিয়া আমি দুয়ো একে বিভাগত একেলগে পঢ়া বুলি জানিছিল তেতিয়া মোক লৈ আহিছিল তোমালোকৰ ঘৰলৈ। তোমাক চাৰপ্ৰাইজ দিছিল।
-দিল্লী মোৰ বাবে নতুন ঠাই। বন্ধু-বান্ধৱীও বৰ বিশেষ নাই মোৰ ইয়াত। আলহী হিচাপে তুমি আহিলে প্ৰহ্লাদে ভালহে পাইছিল।
– তেখেতে বিশ্ববিদ্যালয়ত তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্কৰ কথা কেনেবাকৈ যদি গম পাইছে?
– অসম্ভৱ বিকাশ! সেয়া তুমি আৰু মইয়েই মনত ৰখা নাই তেখেতে কেনেকৈ জানিব? তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্ক আমাৰ বন্ধুমহলৰে কিমানে জানিছিল? বেলেগ বাদ দিয়া- তোমাৰ হোষ্টেলৰ সকলোৱে তোমাৰ আৰু মীৰাৰ মাজতহে কিবা চলি থকা বুলি ভাবিছিল?
– কিন্তু মীৰাই শেষত সকলো কথা গম পাইছিল। যাৰ বাবে তাই আমাৰ দুয়োৰে লগত কোনো সম্পৰ্ক ৰখা নাছিল।
– সম্পৰ্ক তুমি জানো ৰাখিছিলা মোৰ লগত বিকাশ? ফেচবুক, হৱাটছএপ, মোবাইল- সকলোতে তুমি মোক ব্লক কৰি ৰাখিছিলা? নিজৰ কেৰিয়াৰ লৈ তুমি ইমানেই ব্যস্ত হৈ গ’লা যে আকাশী নামৰ তোমাৰ প্ৰেয়সীজনীক পাহৰি থাকিলা। সময়ৰ সোঁতত মইও বাধ্য হ’লো তোমাক পাহৰি যাবলৈ। বাধ্য হ’লো ঘৰৰ মানুহে চাই দিয়া দিল্লীত মোটা দৰমহাৰ চাকৰি কৰা প্ৰহ্লাদ অধিকাৰীক নিজৰ স্বামীৰূপে মানিবলৈ।
– সেয়া সঁচা। সেইবাবে মই গমেই নাপালো মোৰ এসময়ৰ প্ৰেয়সীজনী কেতিয়া বিয়াত বহিলা! কেতিয়া আহি তুমি দিল্লীৰ বাসিন্দা হ’লাহি!
– হ’ব। সেইবোৰ কথা সোৱঁৰাই মোক আৰু বেছি আৱেগিক কৰি নুতুলিবা বিকাশ। প্ৰহ্লাদ অধিকাৰীৰ বাবেই আজি তোমাক আৰু তোমাৰ বন্ধুত্ব ওভতাই পাইছো।
– আৰু সেইজন স্বামীকে এতিয়া নালাগে বুলি কৈছা তুমি?
– তাৰ বাবে তুমি, আমাৰ অতীত বা আমাৰ বৰ্তমানৰ বন্ধুত্ব কোনোপধ্যেই দায়ী নহয় বিকাশ!
– জানো। তোমাৰ স্বামীক তুমি বহুত শ্ৰদ্ধা কৰা। সেয়া স্বাভাৱিক। কিবা কাৰণত মই তোমাৰ স্বামী হ’লেও কিজানি ইমান সুখ আৰু আনন্দত তোমাক ৰাখিব নোৱাৰিলো হয়।
– মইও তেনেকৈয়েই ভাবিছিলো। কিন্তু যোৱা দুমাহ মানৰ পৰা তেখেতৰ পৰিবৰ্তন চকুত ধৰা পৰাকৈ সলনি হৈছে।
– সেয়া তোমাৰ মনৰ ভ্ৰান্তি।
– তুমি নুবুজিবা বিকাশ। ঘৰত আমি দুজন মাথোঁ থাকোঁ। বুজি পাওঁ তেখেতৰ অফিচত বহুত ব্যস্ততা। এষাৰ মৰমৰ মাত কোনজনী পত্নীয়ে নিবিচাৰে? কেৱল দৈহিক ক্ষুধা নিবাৰণ কৰিবলৈ যেন আমাৰ সম্পৰ্ক বাকী ৰৈছে।
– তুমি সোধা নাই তেখেতক এই বিষয়ে?
– ভয় আছিল। কিজানি তেখেতক সন্দেহ কৰা বুলি ভাবি আৰু বেছি দূৰলৈ যায়? মই লক্ষ্য কৰি আছিলো- এটা ‘বিশেষ ফোনকল’ আহিলে তেখেতে বেলকনিলৈ যায়। বহু সময় ধৰি সেই বিশেষ ফোনকলত ব্যস্ত থাকে।
– চিঃ! তুমি তাৰ মানে অধিকাৰীদাক সন্দেহ কৰিছা?
– কৰা নাছিলো কিন্তু মই বাধ্য হৈছো। বিশেষকৈ যোৱা কালি ৰাতিৰ পৰা।
– কালি ৰাতি কি এনেকুৱা অঘটন কৰিলে তেখেতে?
– কালি ৰাতি তেখেতে বহুত বেছি দ্ৰীংকছ কৰি আহিছিল।
– আহ! তুমিও যে আকাশী? তেখেতে কোম্পানীত কাম কৰে। কেতিয়াবা কোম্পানীৰ কামৰ স্বাৰ্থত কোনো ওপৰৱালাৰ লগত এপেগ-দুপেগ ল’ব লগা হ’ব পাৰে!
– দ্ৰীংকছ কৰাত মই বাধা নিদিওঁ। কেতিয়াবা ভাল মুডত থাকিলে বা বহুত বেছি কামৰ প্ৰেছাৰ থাকিলে ঘৰতো লয় তেখেতে এপেগ-দুপেগ।
– তেন্তে সমস্যা ক’ত?
– মই তেখেতৰ চাৰ্টত লিপষ্টিকৰ দাগ পাইছোঁ।
– কি?
– ও বিকাশ? আৰু কালি প্ৰহ্লাদ নিচাত থকাৰ সুযোগতে তেখেতৰ মবাইল খুচৰি চাইছিলোঁ।
– কিবা আপত্তিজনক পাইছিলা মবাইলত?
– পাইছিলোঁ। এটা বিশেষ নাম্বাৰ- সেই নাম্বাৰৰ গৰাকীৰ লগত তেখেত ভাবৰ আদান-প্ৰদান- হোৱাটচএপ আৰু মোবাইলত এছএমএছ দি। সেইবোৰ আপত্তিজনক ভাবৰ আদান-প্ৰদান দেখিলে যিকোনো স্ত্ৰী ক’বলৈ বাধ্য হ’ব- মোক স্বামী নালাগে।
– অধিকাৰী দাই এনেকুৱা কিবা কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ আকাশী! পিছে গম পালা নে কোন সেই নাৰী?
– সেই নাৰী আন কোনো নহয়- মীৰা।
– মীৰা?
-আমাৰ এসময়ৰ অন্তৰংগ বান্ধৱী। সেইজনী মীৰা যিয়ে এসময়ত তোমাৰ নামত পাগল আছিল। সেইজনীয়েই মীৰা যিয়ে ইমান বছৰ ধৰি আমাৰ লগত কোনো সম্পৰ্ক ৰখা নাছিল আৰু আজি মোৰ মধুৰ সম্পৰ্কত জুই জ্বলালে।
– কিন্তু তাই এইখন কিয় কৰিলে?
– পুৰণি আখেজ বিকাশ। তাইৰ জীৱনৰ পৰা তোমাক মই আতৰাই অনাৰ জেদতে তাই এনেকুৱা কৰিলে। তাইক ফোন কৰি সোধাত কৈছিল যে মোৰ আৰু তোমাৰ পুৰণি কথাবোৰ প্ৰহ্লাদক তাই এতিয়ালৈ কোৱা নাই। সেয়ে তাই মোক নিজে সসন্মানে প্ৰহ্লাদৰ জীৱনৰ পৰা আঁতৰি যাব দিছে।
– কিন্তু তোমাৰ দৰে এজনী সাদৰী স্ত্ৰী থাকোতে প্ৰহ্লাদ দাই তাইৰ পিছত কিয় পৰিল?
– সেয়া মই নাজানোঁ। কিন্তু মই আৰু কোনোপধ্যেই প্ৰহ্লাদৰ লগত থাকিব নোৱাৰো! সেইবাবে মই তোমাক আজি ক’বলৈ বাধ্য- মোক মুক্তি লাগে বিকাশ! মই জানোঁ তুমি দিবা মোক সেই মুক্তি। মোক স্বামী নালাগে!
– তুমি ধৈৰ্য ধৰা আকাশী। বিপদৰ সময়ত যদি তোমাক সহায় কৰিব নোৱাৰোঁ কিহৰ বন্ধু হ’লোঁ? মই শীঘ্ৰেই কিবা ব্যৱস্থা কৰিম। মোৰ উকিল বন্ধু এজনো আছে। জনকপুৰীৰ পিনে থাকে সি। তাৰ লগত কথা হ’ম মই। কিন্তু প্ৰহ্লাদৰ পৰা মুক্তি পাই তুমি কি কৰিবা? কাক ল’বা আকোৱালি?
– কিয়? তুমি নাই জানোঁ? তুমি নলবা জানো মোক আপোন কৰি? তোমাৰ নামত সেন্দুৰ পিন্ধাৰ অধিকাৰ নিদিবা জানোঁ মোক, বিকাশ?
– আকাশী!

নিজৰ দুবাহুত বহুত দিনৰ পিছত আকাশীক বহুসময় সোমাই ৰাখিলে বিকাশে। আকাশীক তাইৰ স্বামীৰ পৰা মুক্ত কৰি নিজৰ কৰি লোৱাৰ প্ৰতিশ্ৰুতি দি দিনৰ সাজ ভাত খাই বিকাশ নিজৰ অফিচলৈ উভতি আহিল। মেট্ৰো ষ্টেচনত দুপৰীয়াৰ এই সময়খিনিত ভীৰ তুলনামুলক ভাবে অলপ কম। বিকাশে ফোনটো উলিয়াই এটা বিশেষ নাম্বাৰত লগালে-
– হেল্লো মীৰা?
– অ বিকাশ কোৱা?
– আমাৰ অভিযান সফল হ’ল। আশা কৰা ধৰণে তুমি এজন শকত দৰমহা লোৱা ব্যক্তিক স্বামী হিচাপে পাবা- প্ৰহ্লাদ অধিকাৰীৰ ৰূপত আৰু মইও পুৰণি প্ৰেম ঘুৰাই পাম- আকাশীৰ মাজত।
– ধন্যবাদ বিকাশ। আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত একো সম্পৰ্ক নাৰাখোঁ। তোমাৰ ৰূমৰ পৰা ইতিমধ্যে মোৰ সকলো সামগ্ৰী লেডীজ হোষ্টেললৈ আনিছোঁ। তাৰ পৰাই চিধা কইনা সাজত যাম প্ৰহ্লাদ অধিকাৰীৰ কাষত।
– অকে মীৰা। তুমি ৰাজীৱচক মেট্ৰো ষ্টেচনলৈ আহি যোৱা এপাক। মোৰ ইমানদিনৰ হাফ-গাৰ্লফ্ৰেইণ্ডজনীৰ লগত দেখা-দেখি হওঁ শেষবাৰৰ বাবে। নহ’লে আকাশী পুনৰ চিঞৰি উঠিব- মোক স্বামী নালাগে!
– হাহাহাহা। মোক টকা ঘটা মেচিন এটা লাগে মাথোঁ বিকাশ! মোকো স্বামী নালাগে।৹৹৹

Top of Form

 

Bottom of Form

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments