মোজা-গুণগুণ কাকতি

বহুতো মানুহৰ বহু ধৰণৰ বদ অভ্যাস থাকে। যেনে ধৰক ভাত খাই কাঁহীখন ভালকৈ নোধোৱা, যি কোনো মানুহৰ পৰা চাধা খুজি খোৱা, বহুদিন গা নোধোৱা ইত্যাদি।
মোৰো বহুত বদ অভ্যাস আছে, তাৰ ভিতৰত অন্যতম জোতাৰ মোজা ধুবলৈ পাহৰা। অৱশ্যে ইয়াৰ কাৰণ নথকাও নহয়, কাৰণ হ’ল সময়ৰ অভাৱ।
পেছাত মই ডাইলায়চিচ মেচিনৰ মেকানিক, মোৰ কাম হস্পিটেলে হস্পিটেলে ঘূৰি ডাইলায়চিচ মেচিন বোৰ মেৰামতি কৰা। যিহেতু মোৰ কামৰ ডাঙৰ নাম নাথাকিলেও ইমাৰজেন্সি চাৰ্ভিচৰ ভিতৰত পৰে গতিকে কেতিয়াবা এনেকুৱাও হয় যে বাঢ়ি থোৱা ভাত এৰি থৈ যাব লাগে।
এদিনাখনৰ কথা, মই আইজ্বলৰ পৰা আহি গুৱাহাটীত নামিছোঁ; সময় প্ৰায় দুই বাজি ত্ৰিশ মিনিট। এয়াৰপৰ্টত চেক আউত কৰাই নাই খবৰ আহিল জৰুৰী ভাবে ডিব্ৰুগড়লৈ যাব লাগে। উপায় নাই, এয়াৰৰ্পটৰ পৰা টেক্সিৰে আহি থাকোঁতে ৰেড বাচত টিকেট বুক কৰিলো ‘গুৱাহাটী টু ডিব্ৰুগড়। ’ মাল্টি এস্কেলজন ভলভো, ভলভোত মই সাধাৰণতে গৈ বেয়া পাওঁ কিয়নো ২x২ চিট, বহলতো কম, তথাপিতো উপায়হীন; খালী চিট অকল ভলভোখনতহে আছে। চিট নাম্বাৰ পালোঁ ২৯, মই বুক কৰিলো নন উইন্দো চিট। বাচৰ সময় গধূলি চাৰে আঠ বজা আৰু স্থান আছিল বেলতলা চাৰি আলি।
যেনে তেনে ভাৰা ঘৰ পায় প্ৰথমে চাফা কাপোৰ অলপ বেগত ভৰালো। ভাত কেইটামান বনাই খাই লওঁ মানে ৬ বাজিল। অলপ ৰেষ্ট লৈ কাপোৰ পিন্ধি ওলাই জোতাযোৰ পিন্ধিবলৈ লওঁতেই এটা উৎকট ভেকেতা গোন্ধ নাকত লাগিল। চেহ, মোজাযোৰ আকৌ ধুবলৈ নহ’ল, আগৰ কেইযোৰো লেতেৰা হৈ আছে কি কৰা যায়।
“বাদ দিয়াহে জোতাৰ ভিতৰত হে থাকিব, কাইলৈ এযোৰ কিনিয়ে লম দে”- মনতে সেইদৰে ভাবি সেইযোৰ মোজাকে ভৰিত সোমোৱায় ল’লো।
যথা সময়ত বাচত উঠি মোৰ চিটত বহি পৰিলো। কাষৰ চিটত এজন প্ৰকাণ্ড মানুহ। হৈছে আৰু আজি বুলি পিছফালে চালো, একেবাৰে অন্তিম শাৰীতহে চিট খালী আছে। গতিকে মোৰ চিটতে বহি পৰিলো।
বাছ খনে যাত্ৰা আৰম্ভ কৰি এঘণ্টামান গৈছিলহে মাত্ৰ; মোৰ অলপ চিলমিলীয়া টোপনি আহিছিল, তেনেতে এটা বৰ বেয়া গোন্ধত সাৰ পাই গ’লো। এ চি বাচ সকলো ফালে বন্ধ গতিকে মানুহে কামফেৰা কৰিলে বাকীবোৰৰ বৰ বেয়া অৱস্থা হয়। “ধেৎ আজি কাৰ মুখ চাইছিলো পুৱাই পুৱাই, ইমান বেয়া অৱস্থা হৈছে, মানুহবোৰে যে কি খাই আহে নহয় ইমান বেয়াকে নাপাদিলে নহয় নেকি” মনতে ভাবিলো।
আকৌ অলপ টোপনি আহিছিলহে মাত্ৰ, আকৌ পুনঃ মুচুকি ভৱঃ। এইবাৰ কিন্তু চিগনেল দি মানে শব্দৰে সৈতে আৰু কামফেৰা বেলেগ কাৰো নহয় মোৰ কাষত বহি থকা প্ৰকাণ্ড মহিষ জনৰে। তাৰ অলপ পিছত আকৌ এবাৰ।
মোৰো খং উঠি গল, পিছে কৰো কি, মনতে ভাবি ভাবি মই লাহেকৈ জোতাৰ পৰা দুয়োখন ভৰি উলিয়াই মোজাৰে সৈতে চিটত উঠাই বহিলো, গোন্ধত নাক কোচ খাইছিল যদিও নিজৰেই গোন্ধ বুলি মনটো বান্ধিলো।
তাৰ ঠিক ৫মিনিট মান পাছতে মোৰ কাষৰ চিটৰ মানুহজন অলপ লৰ চৰ কৰি ঠিক হৈ বহিল।” টেবলেটে কামত দিছে “ মনতে ভাবিলো।
”দাদা আপুনি কাইন্দলি জোতাযোৰ পিন্ধি ল’ব পাৰিব নেকি বাৰু, বৰ বেয়া গোন্ধাইছে”- মানুহজনে মাত লগালে।
”পাৰিম নিশ্চয় পাৰিম যদিহে আপুনি আপোনাৰ চাইলেন্সাৰডাল বন্ধ ৰাখে, মই তিনিবাৰকে সাৰ পাইছো টোপনিৰ পৰা।” মই খঙেৰে টপৰাই উত্তৰ দিলো।
মোৰ ওচৰৰ বাকীবোৰ চিটৰ মানুহে মোৰ কথা শুনি হাঁহিবলৈ ধৰিলে।
মানুহজন অলপ সময় মৌন হৈ থাকিল আৰু ইফালে সিফালে চালে, তাৰ পিছত “এস্কিউজ মি” বুলি মোৰ কাষৰ চিটৰ পৰা উঠি শেষৰ খালী চিট কেইটাৰ ফালে গতি কৰিলে আৰু মই দুটা চিটত ঠেং দাঙি মোজাযোৰ খুলি বহি ল’লো।
”কভিভি সেৰ কি আখ অওৰ গুঞ্জু ভাই কা ডিমাগ সে পাংগা মত লেনা।” বুলি ভাবি থাকোঁতেই মোৰ টোপনি আহিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক