মোবাইলত প্ৰেম (কুলেন্দু বৰদলৈ)

মোবাইলত প্ৰেম (কুলেন্দু বৰদলৈ)

নমস্কাৰ! মই চানী৷ চানী মানে, কুমাৰ চানী৷ মই আপোনালোকলৈ লৈ আহিছো পূৰা গৰম-গৰম প্রেমৰ কাহিনী৷ প্রেম—গম পাইছেই নহয়? যি প্রেম কৰিছে তেৱোঁ প্রস্তাইছে আৰু যি প্রেম কৰা নাই, তেৱোঁ প্রস্তাব লগীয়া হয়৷ সকলোৰে জীৱনত প্রেমেতো এবাৰ হ’লেও ভুমুকি মাৰিছে৷ মোৰো হৈছে, আপনালোকৰো হৈছে, প্রত্যেকজনৰ জীৱনলৈ প্রেম আহিছে৷ তেওঁ লাগে ডাক্টৰ-ইঞ্জিনীয়াৰেই হওঁক নাইবা কলেজৰ অধ্যাপক-অধ্যাপিকাই; স্কুল-কলেজৰ ছাত্র-ছাত্রীয়েই হওঁক কিম্বা কোনোবা ঠেলাৱালা-ৰিক্সাৱালাই হওঁক৷ কোনো সাৰি যাব পৰা নাই, নোৱাৰে৷ এই প্রেমে কাৰোবাক হঁহুৱাইছে, কাৰোবাক কন্দুৱাইছে – প্রেমে কাৰোবাক লৈ গৈছে সফলতাৰ শিখৰলৈ নহ’লে আন কোনো সফল মানুহক দেখুৱাইছে বিফলতাৰ পথ৷ প্রেমে আনিছে কোনো অচিনাকীৰ মাজত বন্ধুত্ব নহ’লে কৰিছে বন্ধু-বিচ্ছেদ৷
আজিৰ যুগটো আমি আন এটা নামাকৰণ কৰিব পাৰো (প্রেমৰ কথাৰে)- প্রেম যুগ৷ বিশেষকৈ স্কুল-কলেজৰ ল’ৰা-ছোৱালী বিলাকে যি প্রেমত হাবুডুবু খাবলৈ লৈছে, সেই লৈ নামটো ভূল নহ’ব যেনেই লাগিছে৷ অকল স্কুল-কলেজৰহে নে? আমাৰ সেই কোনোমতে স্কুলৰ দেওনা পাৰ হ’ব নোৱাৰা মালতী-মামনিহঁতৰ কথাও একেই৷ তাঁতশালত বহি কাণ ফুচ-ফুচত কোনোবা অচিন-প্রেমিকৰ লগত ব্যস্ত – এক গুলীত দুই চিকাৰ! মানে এই কাণ ফুচ-ফুচে গোটেই চাৰিওফালে ধামাল সৃষ্টি কৰিছে৷ কি গাওঁ, কি নগৰ-চহৰ, একবাৰে সকলোতে৷ কোনো অচিন-চিনাকীৰ লগত ফোনত চিনাকী হৈ, প্রেমিক-প্রেমিকা হৈ, কোনোদিন নেদেখাকৈ কিবা জুৱা খেলাৰ নিচিনা হে হোৱা দেখা যায়৷ কাৰণ একোবাৰ দেখাৰ পিছত কতই চিম কাৰ্ড সলনি কৰে আৰু কতই ফোন ৰিচিভ নকৰা হৈ যায়৷ অনেক ঘটিছে এনে ঘটনা৷ অৱশ্যে আন কতই এনেকৈয়ে দ্বিতীয় ইনিংছো আৰম্ভ কৰিছে৷ ফোনত চিনাকী হৈ প্রেমলৈ ৰূপান্তৰিত হোৱা আৰু তাৰ পিছত কেনে অৱস্থা হ’ৱ পাৰে, এনে এটা কাহিনীয়েই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ৷

অবিনাশ কলিতা৷ মোৰ শৈশৱৰ বন্ধু৷ বি.এছ.চি.(প্রাণী-বিজ্ঞান)৷ বৰ্তমান মেডিকেল ৰিপ্রেজেনটেটিভ৷ ওখ-পাখ, সুন্দৰ গঢ়ী, মানে হেণ্ডচম্! পঢ়া-শুনাৰ লগতে নাটক, কবিতা আদিতো বেচ্ নাম কৰিছে- গাঁৱত, স্কুল-কলেজত৷ মানে কেউফালে আগবঢ়া ল’ৰা সি৷ পিছে তাৰ ডাঙৰ দুখ- গাৰ্লফ্রেণ্ড এজনী নাই তাৰ! চিনাকী ছোৱালীৰ সংখ্যাও অলপ নহয় তাৰ৷ কিন্তু কিটিপ নাজানে। মানে কেনেদৰে আগবাঢ়িব লাগে৷ বান্ধৱী বহুতো, কিন্তু এই প্রেমিক-বান্ধৱী গৰাকীৰ হে অভাৱ ৷ সেই বাবেই তাৰ চিন্তা। সকলোৱে জোকাই তাক- “ধুৰ্! তই আজিৰ যুগৰ ল’ৰা হয় নে নহয় ঐ? এজনী ছোৱালী পতাব নোৱাৰ, ধিক্।” তাৰ মৰি যোৱা যেন লাগে এতিয়া৷ আগতে এই বিলাক চিন্তা নকৰে সি৷ কিন্তু সদায় সদায় একেবোৰ কামোৰকে খাই খাই তাৰ মনটো অলপ সলনি হ’বলৈ আৰম্ভকৰিছে যেন পাওঁ৷ তাতে লগৰ গোটেই কেইটাৰে একোজনী-একোজনী আছেই! কোনোবাটোৰ লগত আকৌ দুই-তিনি গৰাকী লাগি আছে৷ সেয়ে তাৰো মন, এগৰাকী লাগে তাকো! সদায় বিচাৰে মোৰপৰা -কোনোবা মোৰ চিনাকী ছোৱালীৰ ম’বাইল নম্বৰ এটা লাগে৷ লগ পালে খালি একেটা কথাই৷ মই ক’লো, “হেৰৌ৷ তোৰ যিহেতু ৰিলায়েন্স নম্বৰ, গতিকে ৰিলায়েন্সৰ যিকোনো নম্বৰকে ডায়েল কৰিবি৷ ক’ৰবাত কোনোবা এদিন লাগি যাব যা।”
কেইবাদিনো দেখাদেখি নাই তাৰ লগত৷ এদিন আহি ওলালহি সি৷ “ঐ, ঐ৷ লাগিল বে এজনী৷ ইমান কামোৰ ভাই! ক’ৰবাত-ক’ৰবাতহে লাগি আছিল প্রথমতে, কিন্তু অৱশেষত ভগৱানে চকু মেলি চালে বুজিছ!” সি কৈয়ে আছে, “কি মাত তাইৰ! পাগল হৈ যাম বে৷ ইমান ধুনীয়াকৈ কথা পাতিছে মোৰ লগত নহয়? এয়া হে ছোৱালী৷ আমাৰ এইকেইজনীৰ আকৌ যি হে তাও! ধুৰ্! চকুলৈকে চাব নোখোজে ৷ ঐ, ঐ, বি.এ. ছেকণ্ড ইয়েৰ বুজিছ? অসমীয়াত মেজৰ! ভালেই হ’ব দে৷ মই এনেও আৰ্ট্ছত পঢ়া ছোৱালীহে বেছিকৈ ভাল পাওঁ৷ অলপ বুজি পায়, মানুহৰ মৰম-চেনেহ, সম্বন্ধৰ কথা৷
মোক মাত দিবৰ সুবিধাই দিয়া নাই সি৷ ইমানেই ফুৰ্তি তাৰ! ভাল লাগিছে মোৰ, তেও যে পালে এজনী সি! অন্তত লগৰ কেইটাৰ আৰু কামোৰ খাব লগা নহয়৷ “নাম কি তাইৰ? ক’ৰ হয়?” মই সুধিলো৷
“অনুৰাধা৷ অনুৰাধা বৰা৷ সোণাপুৰৰ, সোণাপুৰ কলেজ৷ মোতক কৈ চাৰি বছৰ জুনিয়ৰ৷ বঢ়িয়াকৈ মিলিম বে!”
“কেনেকুৱা হ’ব বা? দেখা-দেখি হোৱাই নাই, তই একেবাৰে বহুত ভাবি পেলালি গৈ৷ পাছত গৈ দেখিবি……”
“হ’ব, হ’ব৷ থ তোৰ কথা৷” মোৰ কথা শেষেই হ’ব নিদিলে সি, “যেনে তেনে এজনী পাইছোঁ, তাকো তই কিবা পগলাখন আৰম্ভ নকৰিবি চোন৷ মাতটো,কথা কোৱাৰ ষ্টাইল আৰু এই মেছেজ চা, মেছেজ চা (ম’বাইলটো মোক দি), মোৰ বিশ্বাস বৰ এটা পেলাই দিয়াৰ দৰে নহ’ব চাগৈ!”
তাৰ দৃঢ়বিশ্বাস৷ তাই অন্তত ভাল আৰু ধুনীয়া হ’ব৷ ইতিমধ্যেই তাৰ মানস পটত এজনী ছোৱালীৰ সি জন্ম দিছিল৷ এটা সুন্দৰ চেহেৰাই তাৰ মনত গঢ় লৈ উঠিছিল৷ সপোন দেখিছিল তাইক লৈ৷ দিন আৰম্ভ হয় তাইকে লৈ আৰু শেষো হয় তাইক লৈয়ে৷ ৰাতি ৰাতি সাৰ পালেও তাৰ সেই কল্পনাৰ নাৰী গৰাকীলৈহে মনত পৰে৷ অথচ সি কোনো দিনেই দেখা নাই তাইক৷ আগতেটো তেনে হোৱা নাছিল কাহানিও৷ এয়াই হৈছ প্রেম৷ লাগিলে তাৰ গাত, প্রেম ৰোগে মেৰিয়াই ধৰিছে তাক৷ তাইক বাদ দি তাৰ বৰ্তমান এটি মুহূৰ্তও পাৰ নহয়৷
দিন বাগৰিল৷ দুই-তিনিমাহ পালেগৈ সিহঁতৰ প্রেম৷ মাজে-সময়ে সি খবৰ দি যায় সিহতঁৰ প্রেমৰ৷ তাৰ লগ ধৰিবলৈ মন তাইক৷ কিন্তু তাই সদায় কিবা এটা অজুহাত দেখুৱাই নাকচ কৰি থাকে৷
তাই সদায় কয়, “মই দেখিবলৈ ধুনীয়া নহয় বুলি সদায় কৈ আহিছো আৰু আজিও তাকে কওঁ৷ শুনা, তোমাৰ আৰু মোৰ মাজত যি এটা সম্বন্ধ গঢ় লৈ উঠিলে, তাক মই হেৰুৱাব খুজা নাই৷ তোমাৰ কথাৰ পৰা মই গম পাইছো, তুমি মোক বহুত ধুনীয়া বুলি ভাবি লৈছা৷ যিটো মই নহয়, অবিনাশ৷ লগ পাই বন্ধুত্ব কৰা আৰু ফোনত অচিনাকী ভাৱে বন্ধুত্ব কৰাৰ মাজত বহুতো পাৰ্থক্য আছে।”

নাই, ই নুবুজে এইবোৰ৷ তাৰ যেনেকৈ নহওঁক লগ কৰাৰ মন৷ এইবাৰ সি ক’লে, “শুনা, যিয়েই নহওঁক কিয়, অহা সপ্তাহত আমি লগ হ’বই লাগিব৷ তোমাৰ কোনো কথাই মই শুনিব নিবিচাৰো৷ যি হয় হ’ব, তুমি লগ কৰিবই লাগিব।”
সি বহুত সপোন দেখিছিল,তাইক লৈ৷ কিন্তু তাইৰ এনেবোৰ কথাই তাৰ সপোনবোৰ থান-থান কৰি ভাঙি পেলায়৷ তথাপি সি মানিব টান পায়, তাই মিছা কৈ কৈছে বুলিয়েই ধৰি লৈছে৷ অৱেষত তাই মান্তি হ’ল গৈ৷ মোৰ তালৈ আহিছে সি, তাৰ লগত যাব কবলৈ চাগে৷ মই ভাবিছো৷
“ঐ চানী৷ তাই মান্তি হ’ল গৈ বে৷ কিমান বুজাইছোঁ নহয় তাই! আৰু নোৱাৰোঁ! এইবাৰ একেবাৰে ফইছলা কৰি পেলাম বুলিয়েই ভাবিছোঁ।”
“কেতিয়া যাবি?”
“অহা বুধবাৰে৷ তয়ো যাব লাগিব মোৰ লগত৷”
“মই তহঁতৰ লগত ব’ৰ হ’বগৈ নোৱাৰো দেই! মোক লগ নধৰিবি,” মই ক’লো৷
“আৰে, কি কৱ বে, তই? যেনেতেনে মান্তি হৈছে গৈ এজনী, আকৌ তই লাগিছ৷ চা তই যদি সহায় নকৰ, কোনে কৰিব তয়েই কচোন৷ এনেও তাই-মই হোটেলৰ কেবিনতে বহিম৷ তই পাণ এটা খাবলৈ যাওঁ বুলি ওলাই আহিবি৷ আমি অলপ পৰ কথা পাতিম আৰু লাহেকৈ কিছ্ এটা খাই দিম!”
মুখত মিচিকিয়া হাঁহি তাৰ৷ ময়ো বোলো কিছ্টো ক’ত খাবি? সি বোলে, “গালত আক’৷ নহ’ল ক’ত খাবি? যদি সঁহাৰি দিয়ে ওঁঠতো এটা দি দিম বাপ্পেকে, হেঃ হেঃ।”
“হ’ব যা যাম,” বুলি কোৱাত, সাৱটি ধৰি ক’লে, “ মই জানো ভাই, তই অন্তত মোক না নকৰ৷ সেইবাবেই তোৰ ওচৰলৈ আহো।”
সি গ’ল৷ ময়ো যোৱাটোকে সিদ্ধান্ত ল’লো৷ যি নহওঁক শৈশৱৰ বন্ধু সি মোৰ৷ আজিলৈকে একোহঁতে পাট্টা নাপালো তাৰ লগত৷ কিন্তু লগ নেৰে মোৰ৷ য’লৈকে নাযাওঁক, মই তাৰ লগত যাওঁৱেই৷ আৰু তাৰ এই আটাইতকৈ প্রয়োজনীয় সময়ত যদি নাযাওঁ, তেন্তে কেনেকৈ হ’ব? যাম, দস্তুৰমত যাম৷
যোৱাৰ দিন আহি পালেহি৷ মই ওলাই গৈছোঁ তাৰ তালৈ৷ দেখিছোঁ এটা ডাঙৰ গিফ্ট লৈ ওলাইছে সি৷ কি আছে? নাই, নকয় সি৷ জোৰ নকৰিলো, যি লৈছে লওঁক৷ বহুত দামি হেনো, আমি যাব ওলালো৷ ইতিমধ্যে তাৰ ঘৰতো গম পাইছে কথাটো৷ বেছি দূৰ বাট নহয়, আমাৰ তাৰ পৰা৷ মাত্র ৬০ কি.মি. মান হে৷ বাইকত গ’লে এক-ডেৰ ঘন্টাত পাই যাম গৈ৷ চিন্তা নাই৷
ডেৰ ঘন্টা মানৰ পাছত আমি গৈ পালোগৈ৷ অনেক কথা তাৰ৷ তাৰ সপোনবোৰৰ কথাকে কৈ গৈ আছিল সি৷ মানে পূৰা ফেমিলি-প্লেনিঙৰ কথা৷ মই আকৌ ক’লো, “এই ব’ল, নেদেখাকৈ ইমান কথা কৈ নাথাকিবি৷ কি ওলাইহি ঠিক নাই।” সি কোনোপধ্যে মানি নলয়৷ ফোন কৰিলে, সিফাললৈ৷ নাই, তেওঁৰ ম’বাইলচোন বন্ধ হৈ আছে৷ ঘৰৰ পৰা আহোঁতেতো ঠিকেই কথা পাতিছিল৷ তেন্তে?
অলপ পৰ ৰ’লো তাতে৷ আধা ঘন্টা মানৰ পিছত দেখিছোঁ এজনী মহিলা আহিছে৷ সম্পূৰ্ণ গোলপীয়া ৰঙৰ শাৰী, ওঠঁত কাঢ়া ৰঙা লিপষ্টিক! গালত ডাঠ প্রলেপ৷ মহিলা মানে? আমাতকৈ বহুত ডাঙৰ যেন লাগিল৷ মই বোলো, “এইজনীয়েই নেকি তোৰ অনুৰাধা?” “ধু্ৰ্! কি যে কৱ তই? হ’ৱই নোৱাৰে এইজনী,” বুলিছিল যদিও তাৰ মুখৰ চেহেৰা সলনি হৈছেই ইতিমধ্যে৷ নজৰ কৰি দেখিলো, আমাৰ গাতে লাগি থকা পি.চি.অ’. টোত সোমাইছে তেওঁ৷ অলপ পিছত ইয়াৰ ম’বাইলত ৰিং৷ বুজিবলৈ বাকী নাথাকিল! তাৰ সপোনৰ অনুৰাধাজনী যে কেনে? তাতকৈ বহু ডাঙৰ৷ তাৰ মুখলৈ চাব পৰা নাই মই৷ কি কৰিম এতিয়া! পলাবলৈ সুযোগেই নাপালো৷ সন্মুখত হাজিৰ তেখেত! দেখিছো এই বুঢ়ীৰো কি মিঠা মাত! উপায় নাই৷ চিনাকী পৰ্ব আৰম্ভ হ’ল৷ হোটেলত বহিলোগৈ গোটেই কেইটা৷ কেবিন-চেবিন বুলিবলৈ নাই৷ পূৰা অপেন্৷ কেবিন থকা হেতেঁনো, তাত আৰু ক’ত বহা হ’লহেতেঁন? সি তো মোক এৰিয়েই নিদিয়া হ’ল৷ চাহ-মিঠাই খালো৷ অলপ পাছত মই তাক মনে মনে পান খাবলৈ যাওঁ বুলি ক’লো৷ সি হাতত ধৰি, “ওহোঁ, বহি থাক৷ ময়ো যাম নহয় পান খাবলৈ” ইফালে মই হাঁহি ৰখাব পৰা নাই৷তাৰ অৱস্থাটো দেখি বৰ বেয়াও লাগিছে৷ কিন্তু উপায়তো নাই।
তাই অনা চাৰ্টৰ উপহাৰ এটা তাক দিলে৷ একো কথাই ওলোৱা নাই তাৰ মুখৰ পৰা৷ মই চকুৰে ইঙ্গিত দিলো তাৰটো দিবলৈ৷ মুদ দেখি অনুমান হ’ল দিবৰ মন নাই তাৰ৷ কিন্তু অৱশেষত দিলেগৈ- বেচেৰা!!
আধা ঘন্টা মনৰ পিছতে বিদায় পৰ্ব৷ অলপ পৰ টা টা.. বাই চলিল আৰু আমাৰ ওভতনি যাত্রাও আৰম্ভ হ’ল আৰু গোটেই ৰাস্তাটো বকনি তাৰ৷ “বৰবাদ হৈ গ’লো বে৷ ভাবিছিলো কি, ওলালগৈ কি? এইৰ লগতে মই ইমান মিঠা মিঠা কথা পাতিলো ঔ, অত টকা-পইচা, টাইম বৰবাদ৷ গিফ্টটো দি মই বিৰাট এটা ঠগহে খালো”৷
মই ক’লো, “হ’ব দে৷ তাইৰ লগত কথা পাতিয়েই তইটো কিমান আনন্দ পাইছিলি, হয় নে নহয় ক? কিন্তু তই এতিয়া বেয়া দেখিলি বুলিয়েই, এনেকৈ ক’লে নহ’বতো। যি হ’ল, হ’ল আৰু! বাদ দে৷”
“হয় ঔ৷ তাইৰ লগত কথা পাতি মই অনাবিল আনন্দ পাইছিলো৷ বহুত উৎসাহ দিছিল, প্রেৰণা দিছিল৷ জীয়াই থকাৰ আমেজেই বেলেগ হৈ গৈছিল বে৷ সেয়ে তাইক মই মোৰ মানসপটত কল্পনা কৰি লৈছিলো এজনী সুন্দৰী ৰূপে- যেন চিনেমাৰ নায়িকা হে! কিন্তু এতিয়া আৰু সেই আশা বাদ দিলো৷ মোৰ সেই কল্পনাৰ সুন্দৰী আজিৰ পৰা নাইকিয়া হৈ যাব৷ এটা অভিজ্ঞতা বুজিছ? বৰ ডাঙৰ অভিজ্ঞতা মোৰ বাবে….”
সি চিনেমাৰ নায়কৰ দৰেই কথাবোৰ কৈ গৈ আছে৷ মই মাথো শুনি আছো আৰু ভাৱিছোঁ, আচলতে এনে মাথা থকা মানুহবোৰৰ চিন্তা ধাৰাবিলাক একেই হয়৷ মই হোৱা হ’লে তাইক ঠিক মতে দিলোহেঁতেন এসেকা৷ কি কৰিব হেই? উপায় নাই বুজিছে, ভাল ভাল মানুহবিলাক এনেকুৱাই হয়৷ অভিজ্ঞতা বুলিহে লয়- নিজৰ নিজৰ ভুল বিলাক, দোষ বিলাক৷

এয়াই কাহিনী মোৰ বন্ধুৰ৷ এনে ঘটনা অনেক ঘটে আজিকালি৷ অকল ল’ৰা বিলাকৰে নে? ছোৱালী বিলাকৰো এনে ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে চাগে৷ এই কাণ ফুচ-ফুচটোৱে নহয়, অনেক ভাল-বেয়া কাণ্ড কৰি ফুৰিছে আমাৰ চৌদিশে৷ আজি কালি অৱশ্যে আমাৰ ফেচবুকো পিছ পৰি থকা নাই৷ সিও আগবাঢ়িছে আমাৰ ম’বাইলৰ দৰেই৷ ভাল-বেয়া যি কোনো ঘটনা ঘটাব পাৰে ই৷ মাথো আমি ভালদৰে অভিজ্ঞতা গোটোৱাৰ হে কথা আৰু!!!

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Sanjoy
3 years ago

Val lagil pohi. Kintu apunar bondhutuloihe Bor beya lagil. Beseratu sopunbur!! polokote ki J hoi Jai Jibonot.

2 months ago

খালেও বিপদ নেখালেও বিপদ,খাই বিপদ চপাই লোৱাটোৱে ভাল।কি কয় লেখক দাদা।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক