মোমাই, গাগিনি বৰ্তা আৰু সেই সময়—অসীমা দত্ত শইকীয়া

 

কিছুমান বিশেষ চৰিত্ৰ পাহৰা নাযায়। জীৱনৰ দুটি মনত ৰৈ যোৱা তেনে চৰিত্ৰ হ’ল মামা আৰু মামাৰ শহুৰেক গাগিনি বৰ্তা।

মামাৰ লগত মামাৰ ভিনিহিয়েকৰ মানে মোৰ দেউতাৰ কেমেষ্ট্ৰিটো কেমেষ্ট্ৰি নহয়, হিষ্ট্ৰী আছিল। লগা লগি হ’লে দুইজনৰ যুদ্ধৰ অন্ত নাই ।
প্ৰথমে মামাৰ আখ্যানতে ধৰোঁ‌ …………

ভূমিকম্প আৰু অৱতাৰী পুৰুষ মামাঃ

আইতাৰ মুখত শুনিছিলোঁ‌ পঞ্চাছৰ ভূঁইকপত মাটি ফাটি ডাঙৰ ডাঙৰ মাছ ওপৰলে’ উঠি আহি ধৰফৰাই আছিল। মই তেতিয়াৰ পৰাই ভূমিকম্প আহিলে মাটি ফাটিছেনে নাই জুপি জুপি চাওঁ, কিজানি মাছ আহেই । এবাৰ স্কুলৰ পৰা আহি ঘৰ সোমাইছোঁ‌; ঘৰত মামা আছিল। মাৰ মৰমৰ সৰু ভায়েকটো। দেউতাৰ দৰে মামাৰো মোৰ লগত সঁচ চকুৱে চকুৱে নপৰে। ফাপৰি বুলি মাতে মোক য’তে ত’তে। স্কুলৰ পৰা আহি যেতিয়া ঘৰ সোমাইছোহি মামায়ে- মায়ে চাহ খাই বহি আছে।।মই এবাৰ মোৰ লগৰজনীৰ ঘৰত ঈদত পাপৰ বনাইছিলোঁ , ৰঙা-নীলা সেইসোপাৰে। তাই মোক এসোপা দিছিল ভাজি খাবলৈ। আমাৰ মায়ে তাকে ভায়েকক চাহৰ লগত দিছে। দুইটা কথাত মচগুল হৈ চাহ খাই আছিল ।এপাকত মামাই কৈছে..
– বাইদেউঐ, কি দিলি এইবোৰ ? কথা পাতিবলে কষ্ট পাইছো, দাঁতে দাঁতে লাগিছে।
মায়ে কৈছে..
– খা আমা পাপুৱে বনোৱা।
মামাই কৈছে…
– মোৰ গুৰি দাঁতত লেকেচ্ কেচকে লাগিছে তোক কথা ক’বলৈ দাঁতকিটা জোৰকে এৰুৱাইছোঁ পায়।

মায়ে কৈছে..
-জানো পাই মোৰ লগোৱা দাঁত সুলকি আহিল, চা-চোন ইমান লিকটা কি এইবোৰ।
তেনেতে মোৰ এন্ট্ৰি পাকঘৰত। মামাই মোক দেখি সুধিলে ..
-ফাপৰি কি বনালি এইবোৰ? তোতকৈও লিকটীয়া।
মই চাই হতবাক । কি খাই পালে বায়েক ভায়েক হালে ? দুইটাই কেঁচা পাপৰ সোপা চাহৰ লগত নভজাকে অকটিয়াই-পকটিয়াই আছে।
মামাৰ পেটটো চিকুট মাৰি ধৰি তেনেতে লেট্ৰিনলে দিলে দৌৰ,মই ভাতৰ পাতত বহিবলে লওঁতেই । ঠিক তেনেতেই সৱ কঁপি কঁ‌পি ঘৰৰ বস্তু ধমৰ্ ধমৰ্ পৰিবলে লাগিল। অহ্ ! ভূমিকম্প। লগে লগে মাৰ আৰম্ভ বেকগ্ৰাউণ্ড মিউজিক। শৰণ লোৱা গোঁসাইকে আদি কৰি মাজুলীৰ সত্ৰৰ সৱ গোঁসাইক চিঞৰ।জয় যাদৱ ৰায় ৰক্ষা কৰা !

-ব’ল ব’ল, বাহিৰলে ব’ল; ভূমিকম্প। তুলসী ঐ, লেট্ৰিনতে মৰিলি নে আছ ? ওলা ঐ, পিছত হেৰি কৰিবি।

মামাই কেঁচা পাপৰ খাই পেট চিকুটা মাৰি লেট্ৰিনত। ঘৰৰ সকলোৱেই হুৱা – দুৱাকৈ বাহিৰলে দিলে দৌৰ। মই ভোকৰ ভাত এৰি শেষত যাবলৈ লওঁতেই পিছ দুৱাৰেদি মাটি ফুটি ওলোৱাৰ দৰে মোৰ ভৰিৰ ওচৰত অদ্ভুত জীৱ এটা ধাচকে পৰি মাছৰ দৰে বগাই চুঁ‌চৰি আহিছে। মুখত চিঞৰ- “বাইদেউ অ’, মোক নেৰিবি , মোক ধৰি নেহি, উঠিব নোৱাৰিছোঁ‌।”

মই ভূমিকম্পলে পাহৰি অবাক । অ’ অ’, আইতাই কোৱা ভূমিকম্পত মাটি ফাটি ওলোৱা মাছ এইটোৱেই মানে । তলডোখৰ মাছ টাইপ কিন্তু মুখখন চোন মামাৰ। মামা জলপৰীৰ বিপৰীত লিংগৰে জলপৰা বনি চুঁ‌চৰি আহিছে, কান্দি- কাতি বায়েকক মাতিছে । তাৰপিছত মোক মাতিছে…

– “অ’ পাপু, মোক ধৰি বাহিৰলে নে।”
জীৱনত প্ৰথম মোক ভাল নামেৰে মাতিছে বিপদত পৰি।মই মানৱতাৰ খাতিৰত মামাক এৰি নগলোঁ বাহিৰলৈ । মামাক ধৰি উঠাবলৈ যত্ন কৰিলোঁ। সিফালে মাৰ ৰাম্ফা চিঞৰ ……
-” মাইনা ঐ,তুলসী ঐ, ক’লৈ গলিহঁত ঐ?”

– “ধৈ ৰহ।মৰমৰ ভায়েৰ জলপৰা বনি গতি কি হ’ল চাহিচোন।”

ভূমিকম্পৰ কম্পন কমিলেও মাৰ চিঞৰৰ প্ৰাবল্য নকমিল, চোতাল ফালি থাকিল গোঁসাইক চিঞৰি।

দেতাই “হ’লনে তোৰ টেটু ফালি? ৰহ, ইহঁত দুটা ক’লৈ গ’ল?”, বুলি প্ৰাকৃতিক দুৰ্য্যোগত গাওঁ বুঢ়াই ঘৰবোৰৰ খবৰ লোৱাৰ দৰে আমাৰ খবৰ ল’বলে আহিল। মই মামাক ন- কইনাৰ দৰে ধৰি খোজকঢ়াই বাহিৰৰ কোঠাটোত ভৰি দিছোঁহি | তেনেতে দেতাই আমাক দেখি অবাক আৰু বিপদসীমা পাৰ হৈ মামাক চাই হাঁহিত সৰি পৰিল। বাহিৰলে চাই দেতাৰ চিঞৰ ……

-” উইই ইহঁতৰ মাক, চিঞৰ এৰ আৰু ভায়েৰক চাহি।”

মা দৌৰি আহিল মৰমৰ ভায়েকৰ ওচৰলে’।মামাক চকীত বহুৱালোঁ‌, জলপৰাৰ কঁপনি কমাই নাই। আচলতে মামাৰ কেচটো হৈছিল কি – লেট্ৰিনত বহি থাকোঁ‌তে ভূমিকম্পৰ ভয়ত, বায়েকৰ চিঞৰত মামাই লৰা-লৰিত লঙপেন্টটোৰ একেটা ফুটাতে দুইটা ভৰি ভৰাই জলপৰা বনি সেই দুৰ্গতি। লঙপেন্টটোৰ সিটো ভৰি মাছৰ ফানৰ দৰে মাটিত ঢকা কোবাই অহা ৰূপটো জীৱনত নাপাহৰোঁ।

জলপৰা মামাৰ আৱিস্কাৰঃ………………

মামা তেতিয়াই সঘনাই অহা যোৱা কৰিছিল আমাৰ ঘৰলে | তাৰ মূল কাৰণ গাঁৱৰে ববৌৰ জীয়েকজনী। বৰমা, যাক আমি ববৌ কওঁ, সেই ববৌৰ জীয়েক আৰু মামা দুয়োৰে হৃদয়ৰ কামিহাঁড়লৈকে অগাধ প্ৰেম। সেই প্ৰেমত ভিলেইন মামাৰ ভিনিহিয়েকটো, মানে মোৰ দেউতা। মন কৰিছিলোঁ, মাৰ ফালৰ সমস্যা থকা মানুহবোৰ দেউতাই কেন্দ্ৰীয় চৰকাৰে অসমক চোৱাদি চায় । দেউতাৰ মতে …… অবালচনটোৱে পাতি পইচা এটা নঘটে বিয়াৰ নামত, মাধমাৰটো মোৰ মূৰত পৰিব। খৰচ গালকে কৰি মৰিব লাগিব। সিফালে কইনা ঘৰৰো খৰচ মোৰ মূৰতে পৰিব। চাহৰ পা তামোললে’ সোপাই মোৰ ঘৰত খোৱাজনীয়ে কি বিয়া পাতিব!
দেউতাই মাজে মাজে মাক কয়…

– চাবি ইহঁতৰ মাক, যদি ভায়েৰৰ বিয়া হ’বলে’ হয় কেনেবাকে , কইনাৰ ঘৰত অকল মুতিবলে’ দিয়া চৰিয়াৰ দায়িত্বটো লবি। মোৰ টকাৰ গছতো নাই ঘৰত। ভায়েৰকো কবি, একেটা চৰিয়াই তাৰ ঘৰলেও যাব, বেলেগে দিবলে নাই ।
মায়ে মূৰে কপালে হাত দিয়ে।
-কি মানুহটোলে আহিলোঁ , উস্ ! উস্ !………

এবাৰ মামা আহিল ।বহুদিনৰ মূৰত আমাৰ বিয়া হৈ যোৱা বাইদেউ ঘৰলে অহা বুলি গম পায় । মামাই সৰু ভাগিনটোক কোঁচত ল’লে ।
– আয়ু, নেগেৰাটোৰ দৰে শকত অ’, আহচোন আহ।
মামাই তাক কোঁ‌চত ৰাখিব নোৱাৰি বাইদেউক কৈছে ……
-তই এইটো কি পকা পলু পালি ।একে জেগাত নাথাকে। চেপা এটাত ভৰাই থবি হেৰৌ।লাগে যদি ক’ মই বনাই দিম।

কথাষাৰ দেউতাই শুনি ৰ’বই নোৱাৰিলে। চোঁচা মাৰি খৰিফলাৰ পৰা আহি ঠাট্টাৰ সুৰত কৈছে ……
-হ’ব বোপাই, তই বনোৱা পল’টোৰে ফালি দিছ। চেপা বনালে তোক ভাৰতবৰ্ষই চেপা ৰত্ন উপাধি প্ৰদান কৰিব। চেপা বনাই বুঢ়ীমাৰক চেন্ট’ বটল নিদিলেও হ’ব। পল’ বনোৱা টকা গালেৰে ইমান দামী ইউৰি ক্ৰিম নে কি সৈটো দিছ ।কটা নিধক।

বাইদেউৰ উৎসুকতাত কি চেন্ট বটল, কি পল’ বুলি তাই মুৰ ঘমোৱাত , দেউতাই পল’টো দাঙি আনিলে জেগাৰ পৰা।

– চা চোন অবালচনটোৰ কাণ্ড। মাৰৰ পৰা পইচা খুজি নি সি এইটো বনাই দিলে। মাৰক কৈছিল ..

-বাইদেউ অ’ হাঁহ পোৱালীজাকৰ লগত দুপৰীয়া তোৰ টোপনি খতি হয় নহয়। ৰহ্, মই তোক বনাই দিম ভাল পল’ এটা। তাৰ ভিতৰত থবি তই ইহঁতক।ভিনদেউৰ কাম নাই ।
সেই যে মোৰ বদনাম গাই পইচা নিলে সি, তাৰ পাছত এইফালে মু নকৰা হ’ল।শুনিলোঁ‌ সেইয়া টকাৰে সি চাহখাতী বুঢ়ীৰ জীয়েকক মুখত সনা চুনৌ (স্নো)দিলে।।
সাত দিন বাটত পাই তাক চাইকেল ৰখাই সোঁৱৰাই দম দিলোঁ। পাছত পল’টো লৈ ওলালহি।হাঁহ পোৱালীয়েও তাক দেখি মাতিব পৰা ডেকা হ’ল ,দুটামান ল’-ছালীৰ মাকো হ’ল। তেতিয়াহে আনিছে এইটো। অতগাল টকা মোৰ পানীত পৰিল চাচোন পল’টো। কাঠী চাৰিডাল সেৰেঙা সেৰেঙকে চাৰিটা দিশত, ওপৰত চকৰিটো । সেইয়া তাৰ মেথাটো। ভগৱানৰ দশ অৱতাৰেও ফেইল মাৰিব তাৰ পল’ অৱতাৰত। ই ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হ’ব পাৰিব বুইছ, ঠগামিতো। ঘৰতে কামোৰটো মাৰিলে।

আঁতৰতে মাৰ লগত বহি খুন্দনাত তামোল খুন্দি আলেখ লেখ চাই থকা ববৌৰ চকু পল’ত।
– মাকন ঐ, পল’টোৰ কাম নাই যদি মোকে দিবি, লৈ যাম; খৰি খামগে !
দেউতাই পল’ৰে চবিয়াইয়ে ববৌক ……
-কাম নহ’লেও ঘৰত থাকক, কিহ’লে দিম। অবালচন জোঁৱাইয়েৰক বনাই দিবলে ক’বা।
এদিন বাবাদাই পল’টো ওভতাই লৈ চোতালত ৰঙা-নীলা কাগজেৰে মেৰিয়াই পদুমফুল কৰি নামঘৰলৈ লৈ গ’ল । অখণ্ড ভাগৱত পাঠলে সজোৱা নামঘৰৰ ওপৰত লাইটিঙত জিলিকি উঠিল মামাৰ পল’টো। ভাগৱতৰ প্ৰথম দিনাই মায়ে ভায়েকৰ আৱিষ্কাৰৰ মৰ্যাদা দেখি চকুপানী টুকি উচুপি উঠিল……
– বাবা ঐ, তাত লিখি দে- ‘দাতা’ বুলি মোমায়েৰৰ নামটো । সি বৰ চোকা মগজুৰ, ভিনিহিয়েকেহে হিংসা কৰে।
মামাইও নামঘৰলে’ আহি কথাটো গম পাই আইনষ্টাইনৰ ফিলিংছত ওফন্দি ফুৰিছে । ববৌ প্ৰশংসাত গদ্ গদ্। দেউতাৰ চকু মামাৰ তলৰ বখনাত।অবালচনটোক মোৰ নতুন চুৰিয়াখন কোনে দিলে পিন্ধিবলে’?
ভাগৱতৰ পিছতে মামাৰ প্ৰেম কাহিনীও শ্বহীদ হ’ল। গুৱাহাটীত ফুৰিবলে’ যোৱা ববৌৰ জীয়েকে চেলাউৰি প্লাক কৰি খীণ কৰি আহিলে। মামাই সেয়ে চটাই পাখৰীৰ গাত বতাহ লাগিলে বুলি প্ৰেম শেষ কৰিলে। দেউতাই তাইৰ চেলাউৰি কিডালক অশেষ ধন্যবাদ দিলে। তাইক মাতি আনি ক’লেও …
– আগতেই যদি উঘালিলিহেঁতেন চকুৰ নোমবোৰ,,, তোক দিয়া ইউৰি ক্ৰিমৰ পইচা মোৰ পকেটৰ পৰা নগলহেঁতেন নাগেৰি।

মামাৰ বিয়াৰ পিছতঃ………

মামাই বিয়া পাতিলে । ন- ছোৱালী ফুৰাবলে’ আনিলে এদিন আমাৰ ঘৰলৈ। দেতাই মাৰ খেচ্ খেচনিত বিচাৰি খোচাৰি হাঁহ এটা আনিলে। দেতাই বাছোঁ‌তেই কৈছে …
-ৰাম ,দেৱেনে এই চটা কি ৰৱৰ দিলে অ’ মোক।বাপ্পেকে কটাৰী, দা একো নুসুমাইচোন। কিৰণ, কুঠাৰখন আন অ’। এইটোৱেই নে জনীয়েই নে লৰচৰ নহয় বালক। ৰান্ধিলেও যদি লৰচৰ নহয় তাৰ মূৰতে মাৰিমগে । (কিৰণ দেতাৰ ভায়েক)

সেই সাজ ভাতলে’ সাদৰৰে নিমন্ত্ৰণ কৰিলে মায়ে ববৌক। ভাতৰ পাতত বহি ববৌৱে পূৱলে’ চাই সেৱা কৰিছে……
– কিচন পৰভু ভাল মিলালা।
আঁতৰৰ পৰা দেতাৰ ডাইলগ..
– চোবাওঁতে কিচনৰ বৃন্দাবনৰ সহিতে কংসৰ ভাতৰ চৰুলেকে’ দেখিবা , কিচনৰ মাক বাপেকক দেখাতো বাদেই । খাই লোৱা আগধৰি।
মাংস মুখলে’ নি পেদেল ঢুকি নেপাই চাইকেল চলোৱাটোৰ দৰে এফালে মামায়ে অকতিয়াইছে, আনফালে ববৌৱে পকটিয়াইছে। ববৌৱে হাৰ মানি মাক কৈছে ………
– ৰাম, মাকন ঐ, ব’পায়ে পলাষ্টিকৰ হাঁহ আনিলেনি অ’। থকা দাঁত দুটাও টনা আজোৰাত সুলকি পেটলে’ যাওঁ যাওঁ গতি।
মামায়ে মামীক কৈছে ……
– তুমি দাইলেৰে খোৱা । ভিনদেউৰ কামেই এনেকুৱা ।কাৰোবাৰ বুঢ়া হাঁহ মৰিলত চাগে পুতিবলে’ আনিছিল, তাকে পাই লৈ আহিছে আমাক খুৱাবলে’।

দেতাই কৈছে ……
– কোনে কোনে নেখাৱ থ সৱ মাংস।মই খুন্দনাত খুন্দি খাম। পঞ্চাছ টকাটো গছত লগা নাই ।

সময় বাগৰিল ।মামাৰ ল’ৰা ছোৱালী সৰু হৈ থাকোতেই বিয়া হৈ আহিলোঁ। এদিন ঘৰলে’ যাওঁতে ল’ৰা এটা আহিল আমাৰ ঘৰলে’। মা উবুৰি খাই পৰিছে গোপী কিচান বুলি ।
– হে ঈশ্বৰ পুৰণা হিন্দী চিনেমাৰ নামত এইয়া কোন দেতা!
মায়ে মোক কৈছে..
– ,ইইই তই চিনি পোৱা নাই? ই বহুত পুৰস্কাৰ পাইছে অভিনয়ত।
– অ অ হয়নি, ভাল অভিনেতা কোননো অ’ মা ?
ল’ৰাটো মাৰ শলাগৰ শৰাইত সেমেনা সেমেনিকৈ আঁতৰি গ’ল।
মা তেতিয়াও ফুটনিত একেবাৰে – – –
– ই কোননো বাদ দে তই । ই এনে ভাও লয় মানে এই এলেকাত নাই । ই যেতিয়া শিয়ালৰ মাত দিব তই ভয়ত দৌৰিবি কি একজেক(মাৰ ইংৰাজী) দিয়ে। এবাৰ কোনোবা এখন ভাওনাত দিলে শিয়ালৰ মাত, গোটেই কুকুৰে নামঘৰ বেঢ়ি ধৰিলে নহয়।
– অইইই আহ্চোন দেহি এই শুনক, বায়েৰহে আহ।

মই অবাক ! কোনখন ভাওনাত শিয়াল ওলাই অ’ মা।

তেনেতে দেতাৰ এন্ট্ৰি।
– ধৈ চিনি পোৱা নাই তাই , এওঁৰাই জহ মাৰি তৎ পোৱা নাই ।হেৰৌ ই অবালচন পল’ কুমাৰৰ পুতেক।তোৰ মোমায়েৰৰ ল’ৰা। মাৰে এগুণত দহগুণ ক’বই । সি ৰাসত কৃষ্ণক নন্দৰ ঘৰত পলুৱাই বসুদেৱে থবলে’ যাওঁতে বাট দেখুৱাবলে’ ওলোৱা শিয়ালটো হয় আৰু মাতটো দিয়ে শিয়ালৰ।
বাপেকৰ মাত পুতেকে ল’বই বুলি দেতাই সৰুকে কৈ প্ৰস্হান (মোলে চাই হাঁহি হাঁ‌হি )।

মামাৰ শহুৰেক গাগিনি বৰ্তাঃ…

বৰদেউতা জনে গাঁৱে গাঁৱে নামঘৰবিলাকত ভাগৱত পাঠ কৰি ফুৰে। এবাৰ আমাৰ ঘৰত শিৱ পূজা আছিল । দেতাই তেখেতক গীতা পাঠ কৰিবলে মাতিলে। ৰাতি গীতা পাঠ কৰি আছে, চোতালত মানুহে নধৰা। বৰ্তাই পঢ়ি থাকে এনেদৰে …চতুৰ্থ অধ্যায় ,শিৱৰ প্ৰাদুৰ্ভাৱ।

– সুত নিগদতি শুনা যত ঋষিগণ …… অ’ জয় আহিছে ।
শ্ৰীৰামক দীক্ষা দিয়া অগস্তি মহান……… জয় ধৰা হে… পালেহি
ওচৰতে দেতা। দেতাৰ নাম জয়। ভু- ভটঙ একো পোৱা নাই দেতাই ।

বৰ্তাই পঢ়ি থকাৰ মাজতে লাষ্টত খিট্ খিটকে’ হাঁহিবলে’ ধৰিলে । নিজ আশ্ৰমক লাগি হি হি হি । গৈলা তীব্ৰ গতি হা হা হা , অ’ তীব্ৰ গতিৰে সোমাল ই ,ক’তে মৰোগে মই জয়।
গোদাবৰী তীৰক হি হি হি , অ গোটেই পকাই ফুৰিছে , – – গোদাবৰী তীৰ।
পাইলন্ত ৰঘুপতি হা হা হা , আয়ৌ পালে ঐ। আকৌ ধৈৰ্য্যৰে পঢ়ি খিট্ খিটকে হাঁহে।

সকলোৱে শিৱ লম্ভিলে বুলি অবাক।শেষত পুথি এৰি বৰ্তাই চুৰিয়া খুলি — জয় নোৱাৰিছোঁ‌ বুলি ৰভাতল খনত জপিয়াবলে’ লাগিল। সৱেই পৰি পৰি সেৱা কৰিছে …
– হে মহাদেৱ ক্ষান্ত হওক। দেতা তিনি লুটি খাই পৰিছে ।
– হে দেৱাদি দেৱ পৰভু ক্ষমা কৰা । কি ভুল হল আমাৰ।

দুজনমানে বৰ্তাৰ ভৰি দুটাৰ পিছে পিছে , কিমতে ভকতি কৰিবো তোমাক গাই তৰা নৰা চিঙি লৰি ফুৰিছে। বৰ্তাৰ ভৰি নৰয় । দুইজনে ভৰি সাবটি বৰ্তাক…
– ক্ষান্ত হওক মহাদেৱ ,ক্ষান্ত হওক । অ’ নেজানোহো আৱাহন নাজানোহো ……

– ধৈ, ভৰি এৰ বিসৰ্জনহঁত — এইবুলি বৰ্তাই দেদাউৰিয়াই ফুৰিছে।

– জয় বাবা ভোলানাথ কি জয়। বৰ্তাৰ তাণ্ডৱ নৃত্যত ৰভাতলৰ জয়ধ্বনিত চোতাল দুফাল ফাল। শেষত বৰ্তাই —
– হেই ৰহ্ অ’ এইমখা । ক’ৰ শিৱ লম্ভিলে মোৰ গাত? পুথি পঢ়োঁ‌তে চুৰিয়া তলত মস্ত গাগিনি পোক এজনি সোমালহি। মইচোন জয়ক কৈছিলোৱেই..
– জয়, আহিছে; জয় ধৰা বুলি।
ৰাম বালক এইডাল চা অ’ বুলি পোকটো ধৰি দূৰলে’ দলিয়ায়।
তেতিয়াৰ পৰাই নাম সলনি হৈ তেওঁ সকলোৰে বাবে গাগিনি বৰ্তা হ’ল।
————————————————-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments