মোলানদাৰ কথাৰে – দ্বীপজ্যোতি গগৈ

সিদিনা হঠাৎ মোলানদাই মোৰ ওচৰলৈ আহি ক’লে,
 
: “ফেচবুকত একাউণ্ট এটা খুলি দিবা নেকি?”
 
মই অফিচৰ সহকৰ্মী মোলানদাৰ প্ৰশ্নত একপ্ৰকাৰ আচৰিত হৈ গ’লো৷ বদলি হৈ অহা মোৰ বেছিদিন হোৱা নাই, মানুহজনৰ লগত তেনেকে আন্তৰিকতাও গঢ় লৈ উঠা নাই! কিন্তু মানুহজন যে ৰঙীয়াল কথা-বতৰাৰ পৰায়ে অনুমান কৰিব পাৰিছিলো৷
 
: “সেইটোনো কি কথা দাদা, লাঞ্চ টাইমতে কৰি দিম৷”
 
: “হ’ব বাৰু, কেণ্টিনতে লগ কৰিম”, কৈয়ে তেওঁ নিজৰ টেবুললৈ গুছি গ’ল৷
 
ইয়াৰ পিছৰপৰাই মোলানদাৰ লগত মোৰ ঘনিষ্ঠতা গঢ়ি উঠিল৷ মাজতে তেওঁৰ ঘৰত গৈ ভাত এসাঁজো খাই আহিলো৷ ফেচবুক খুলিলে প্ৰায়ে মোলানদাক অনলাইনত দেখা হ’লো, ভিতৰি ভিতৰি অলপ আমোদো পালো৷
সেইদিনা ৰাতি ফেচবুকটো খুলি অবাক হৈ গ’লো! দেখিলো, “Amlan Baruah Changed His Profile Picture“! কাৰণ অম্লান বৰুৱাজন আন কোনো নহয়, আমাৰ অফিচৰ মোলানদাহে৷ ক’মেণ্ট এটা দি সুধিম বুলিও ৰৈ গ’লো৷ পিছদিনা অফিচ গৈয়ে মোলানদাৰ ওচৰলৈ গ’লো৷ ম’বাইলটো উলিয়াই কিবা কোৱাৰ আগতেই তেওঁ কৈ উঠিল, “লাঞ্চ টাইমত তোমাক সকলো বুজাই আছো৷“
 
মই একো নোকোৱাকৈয়ে তেওঁ মোৰ মনৰ ভাৱখিনি বুজি পাইছিল৷
 
: “বুজিছা নিজৰ নামটোক লৈ মই সদায়ে অসহজ অনুভৱ কৰি আহিছো৷ দেউতাই মোক এই নামটো দিছিল, কিন্তুু মোৰ স্বভাৱৰ লগত এই নামটো মিল খাই জানো, তুমিয়ে কোৱাচোন? সৰুৰেপৰা নিজৰ নামটোক লৈ আপত্তি আছিল৷ ভাবিছো নামটো একেবাৰে সলাই পেলাওঁ নেকি! “
 
মোলানদাৰ কথা শুনি চাহ খাবলৈ এৰি মই তেওঁৰ মুখলৈ চাই ৰ’লো৷ দুকুৰিৰ দেওনা অতিক্ৰম কৰা, আমাৰ অফিচৰ চিনিয়ৰ মোলান বৰুৱা নামৰ ৰঙীয়াল স্বভাৱৰ মানুহজনৰ নিজৰ নামটোক লৈযে ইমান বেছি আপত্তি থাকিব পাৰে, সেয়া মই কল্পনাই কৰিবপৰা নাছিলো৷
 
: “কাইলৈকে ওলাবাচোন, চিনাকি উকিল এজন আছে৷ তেওঁৰ তাতে এপাক গৈ আহিম৷ ন’টাৰি কৰি নামটো সলাই পেলোৱাত সিমান প্ৰ’ব্লেম নহ’ব চাগে!”
 
অফিচৰপৰা ৰূমলৈ অহাৰ বাটচোৱা মোৰ অকল মোলানদাৰ কথাবোৰে মনলৈ আহিবলৈ ধৰিলে৷ মোলানদাই বাৰু ঘৰত এই বিষয়ে জনাইছে জানো! তেওঁৰ ক্লাচ টেনত পঢ়া ছোৱালীজনীয়ে বাৰু বাপেকৰ কথাতো জানিলে কি ভাবিব! পিছদিনা অফিচৰ চৌহদত আহি সোমাইছোহে, হঠাৎ মোলানদাই গাড়ীৰপৰাই চিঞৰি মাতিলে, “কেণ্টিনলৈ আহা সোনকালে৷”
 
মই কেণ্টিনত বহি মোলানদালৈ বাট চাই ৰ’লো৷ অলপ পিছতে তেওঁ আহিল, মুখত সেই একেই চিনাকি হাঁহি৷ চাহ দুকাপ অৰ্ডাৰ দিয়ে তেওঁ ক’বলৈ ধৰিলে -ে
“কালি ঘৰত গৈয়ে বৌয়েৰাক প্ৰথমে কথাটো ক’লো৷ প্ৰথমতে ধেমালি কৰিছো বুলি জোৰেৰে হাঁহি উঠিল, কিন্তু পিছত গম পালে যে মই ছিৰিয়াচ, তেওঁ অবাক হৈ গ’ল৷ প্ৰথমতে গালি আৰু পিছত মুখখন এপাচিমান কৰি, যি কৰে কৰক বুলি শুই থাকিল৷ তেনেতে ৰূমলৈ মাজনী সোমাই আহিল৷ আমাৰ কথা-বতৰাবোৰ চাগে তাইৰো কাণত পৰিছিল৷
 
‘দেউতা, এইফালে আহা চোন’ , কৈয়েই তাই ড্ৰয়িং ৰূমলৈ গুছি গ’ল৷
 
ময়ো তাইৰ পিছে পিছে গৈ ড্ৰয়িং ৰূমৰ ছোফাখনত বহি পৰিলো৷
 
‘বেৰত ওলোমাই থোৱা এই প্ৰশস্তি পত্ৰসমূহ চোৱাচোন, আৰু এই শ্ব’ কেচত সজাই থোৱা মেডেল আৰু শৰাইসমূহ, এই সকলোবোৰ তুমি পাইছিলা দেউতা৷ তুমি কৰি যোৱা কামসমূহৰ পৰাই মানুহে তোমাক চিনি পায়, ভালপায় আৰু তোমাক সন্মান কৰে৷ ময়ো নিজকে মানুহৰ আগত মোলান বৰুৱাৰ ছোৱালী হিচাপে চিনাকি দি গৌৰৱবোধ কৰো৷ মোলান বৰুৱা কেৱল এটা নাম নহয় দেউতা, ই আমাৰ সকলোৰে পৰিচয়, আমাৰ ঘৰখনৰ মূল ঠিকনা৷ গতিকে তুমি যদি এই নামটোকে নাইকিয়া কৰি দিয়া, আমাৰনো পৰিচয় ক’ত থাকিব ভাবাচোন!’
 
মাজনীৰ কথাকেইটা শুনি মই বহুদেৰী মৌন হৈ ৰ’লো৷ অজানিতে চকুৰ কোণকেইটা সেমেকি উঠিল৷ তাইৰ মূৰত হাত ফুৰাই কৈ উঠিলো, এই চিন্তাবোৰ আজিয়ে মনৰপৰা বাদ দিলো মাজনী৷ “
 
চাহকাপ কেতিয়াবাই ঠাণ্ডা হৈ গৈছিল, মোলানদাৰ কথাখিনিয়ে মোকো যথেষ্ট আৱেগিক কৰি তুলিলে৷
 
: “তুমি চাহকাপ নেখালাইচোন! অ’ আৰু এটা কথা, ফেচবুকত নামতো সলাবপৰা নাই, অলপ চাই দিবাচোন৷”
 
: “কেইদিনমান আপুনি অম্লান বৰুৱাই হৈ থাকিব লাগিব, নাম সলালে পুনৰ নতুন নাম দিবলৈ দুদিনমান ৰ’ব লাগিব৷ “
 
মোৰ কথা শুনি মোলানদাই জোৰেৰে হাঁহি উঠিল৷■■
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments