মোহনীয় নামদফা, স্ৰোতস্বিনী ন-দিহিং আৰু কিছু অনুভৱ : পৰশমণি বড়া

অঁকোৱা-পকোৱা এটা ঠেক বাট, যাৰ দুয়োকাষ শুৱনি কৰে ক্ৰমাৎ ঘন হৈ আহিব ধৰা বন-বিৰিখৰ শাৰীয়ে, মূৰৰ ওপৰৰ মুকলি আকাশ আৱৰি ধৰা গছৰ ঠাল-ঠেঙুলিবোৰৰ মাজেৰে সৰকি অহা বেলিৰ কিৰণৰ স্পৰ্শ লৈ ক্ৰমাৎ উচ্চতা চুব বিচৰা পথটোৱেদি গতি কৰোঁতে হঠাতে আপোনাৰ কাণত পৰিবহি বোঁৱতি নদীৰ মাত; আৰু ক্ষন্তেক সময়ৰ বাট অতিক্ৰম কৰি আহিলেই সলনি হৈ যাব পাৰে সন্মুখৰ দৃশ্যপট, ডালে-ডালে চাটি ধৰা চৌপাশৰ সলনি ঠিয় দিবহি সন্মুখত এখন মুকলি আকাশে আৰু আকাশ আৰু পৃথিৱীৰ সংযোগসীমা হৈ দেখা দিবহি পাৰে শুভ্ৰ বৰফৰ চাদৰেৰে গা ঢাকি ৰৈ থকা পৰ্বত শৃংগই। আপুনি থিয় হৈ থকা পথটোৰপৰা অকণমান ফালৰি কাটি আকাশ আৰু মাটিৰ মিলনৰ দৃশ্য পৰিস্কাৰকৈ প্ৰত্যক্ষ কৰিব বিচাৰি আহিলেই দেখা পাব গৰ্জনমুখৰ এখন নীলাভ বোঁৱতি নৈ- যাৰ ফেনিল, চঞ্চল, উত্তাল জলধাৰাই অনুভৱ কৰোৱাব প্ৰকৃতিৰ সৌন্দৰ্যবোধ, জীৱনৰ দৰ্শন।

ঠিক এনে এখন পটভূমিকে বিচাৰি ফুৰিছিলো আলেঙে-আলেঙে, ঠিক প্ৰকৃতিক বুজি উঠিবলৈ শিকাৰ পাছৰেপৰাই; আৰু এই পৃথিৱীত খুব কমসংখ্যক ব্যক্তিহে ওলাব বোধহয়- যি আৰণ্যক সৌন্দৰ্যৰ প্ৰেমত পৰিবলৈ শিকা নাই। কৃত্ৰিমতাবিহীন প্ৰকৃতিৰ আৰণ্যক আচ্ছাদন নিজ চকুৰে চাবলৈ হাবিয়াস কৰা বাবেই নেকি এদিন সময়ে মোক ভেটা-ভেটি কৰাইছিল বৰ্ষাৰণ্যৰ অপৰূপ সৌন্দৰ্য সামৰি প্ৰকৃতিৰ নিৰ্ভেজাল মৰমৰ সাক্ষী হৈ অহা এখন মোহনীয় ঠাইৰ সৈতে- নাম যাৰ ‘নামদফা’, গগণচুম্বী পৰ্বত শৃংগ ‘ডাফা বুম’ আৰু খৰস্ৰোতা ‘ন-দিহিং’ যাৰ সিৰসেউজ লগৰী।

জৈৱ-বৈচিত্ৰত চহকী বনাঞ্চলসমূহৰ নাম ল’লেই মন যায় নামদফাক তালিকাৰ শীৰ্ষৰ ফালে স্থান দিবলৈ; মন যায় এই বাবেই যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলসমূহৰ ভিতৰত এইখনেই সমুদ্ৰ পৃষ্ঠৰপৰা উচ্চতম স্থানত অৱস্থিত হৈয়ো অলেখ গছ-গছনি আৰু জীৱ-জন্তুৰ কেইবা প্ৰকাৰৰো দুস্প্ৰাপ্য আৰু দুৰ্লভ প্ৰজাতিক বুকুত আশ্ৰয় দি আখ্যা লৈ থৈছে সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য, জীৱমণ্ডল সংৰক্ষিত অঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ব্যাঘ্ৰ প্ৰকল্পৰো। আটাইতকৈ উল্লেখনীয় কথা এয়া যে নামদফাই আগুৰি লোৱা বিশাল এলেকাত ঠাইভেদে উচ্চতাৰ তাৰতম্য বিদ্যমান(২০০ মিটাৰৰপৰা ৪৫০০ মিটাৰ উচ্চতালৈকে), ইয়েই নামদফাক কৰি তুলিছে বিবিধ প্ৰকাৰৰ উদ্ভিদ আৰু জন্তুৰ প্ৰজাতিৰ নিৰ্ভৰযোগ্য আশ্ৰয়স্থল। চমুৱাই ক’বলৈ গ’লে নামদফা হ’ল ইণ্ডো-চীন-বাৰ্মা ত্ৰিসংগমৰ তেনেই ওচৰতে অৱস্থিত বৈচিত্ৰ প্ৰকৃতিৰ ৰম্যভূমি। অসমৰ সীমামূৰীয়া ৰাজ্য, পূৰ্বাঞ্চলৰ সূৰ্য উঠা দেশ অৰুণাচলৰ চাংলাং জিলাৰ অন্তৰ্গত এইখন ৰম্যভূমিলৈ এদিন ঢাপলি মেলিছিলো অতিথি হ’বলৈ।

শিক্ষামূলক ভ্ৰমণৰ এক অংশ হিচাপে লোৱা আমাৰ দুদিনীয়া যাত্ৰাৰ প্ৰথম দিনটোৰ আবেলিৰ সময়খিনিত অসমৰ জাগুণ হৈ অৰুণাচলৰ মিয়াও নামৰ মফচলীয় চহৰখন হৈ পোন-প্ৰথমবাৰৰ বাবে ভৰি থৈছিলো নামদফাৰ প্ৰৱেশদ্বাৰত, আৰু তাৰ পাছত অঁকোৱা-পকোৱা বাটৰ একাষে থকা গহীন বৰ্ষাৰণ্য আৰু আনকাষে বহু ফুট তলেৰে বৈ যোৱা বিশাল ন-দিহিং আৰু দূৰৰ পৰ্বতমালাৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰি এটা সময়ত দেবানত উপস্থিত হৈছিলো। সুদীৰ্ঘ পথৰ ক্লান্তিয়ে শৰীৰ অৱশ কৰি তুলিলেও জিৰণি ঘৰত জিৰণি নলৈ ঢপলিয়াই গৈছিলো ন-দিহিঙৰ পাৰলৈ। তাত শিলাময় বুকুৱেদি খোজ কাঢ়ি নদীৰ তীৰত ৰৈ চাইছো দুটা পাহাৰৰ মাজেৰে বৈ অহা ন-দিহিঙৰ ফেনিল জলধাৰা, গৰ্জনমুখৰ ঢৌৰ প্ৰতিধ্বনি শুনিছোগৈ, নৈৰ দুয়োকাষৰ কহুঁৱাৰ কোবাল বতাহৰ তালত নাচোন চকুৰ পলক নেপেলোৱাকৈ চাইছোগৈ আৰু পাহাৰৰ আঁৰত লুকাব খোজা অস্তগামী বেলিৰ শেষ কিৰণকণ থকালৈকে মুক হৈ প্ৰত্যক্ষ কৰিছো চিৰচঞ্চল বন্য সৌন্দৰ্য। নামদফা ভ্ৰমণৰ আচল ৰোমাঞ্চকৰ অভিজ্ঞতাটো আছিল ট্ৰেকিং(trekking); তাৰো আগৰ জীৱনত প্ৰথমবাৰলৈ অৰণ্যৰ বন্য পৰিৱেশৰ তেনেই কাষত ৰাতি কটোৱাৰ অভিজ্ঞতা মোৰ বাবে পাহৰিব নোৱাৰা হৈ ৰ’ল। খিৰিকীৰ কাঁচৰ আবেষ্টনী পাৰ হৈ সোমাই অহা জোনাকৰ পোহৰত নিজৰ বিচনাত পৰি কাঁচৰ সিপাৰে জোনাকৰ বৰষুণত তিতা গছ-পাতবোৰৰ দিনত বেলিৰ পোহৰত দেখাতকৈ অন্য এক ৰূপ, ধুমুহাৰ সোঁ-সোঁৱনিৰ দৰে শব্দ তুলি অদূৰত বৈ যোৱা নৈখনৰ মাত- আটায়ে মিলি দেবানক শিহৰণকাৰী এক ৰূপ দিছিল, যাৰ বাবে বিদ্যুৎ নথকা, পানী যোগানৰ পৰ্যাপ্ত সুবিধা সময়ত নোপোৱাৰ অভিযোগখিনিও তুলাৰ দৰে উৰি গৈছিল।

দেবানত মুখামুখি হোৱা পিছদিনাৰ পুৱাটোৱেও বহু কিবাকিবি কঢ়িয়াই আনিছিল। আটায়ে ট্ৰেকিঙৰ বাবে সাজু হৈ পুনৰবাৰ গৈছিলো ন-দিহিঙৰ পাৰলৈ, অৱশ্যেই ছাৰ-বাইদেউসকলৰ তত্বাবধানত। নৈপৰীয়া পাতল হাবি-বননি টহলি থাপতে দেখা চৰাইবোৰ চাই-চাই আমি গৈ থাকোতে ডিস্ক’ভাৰী চেনেলটোৰ চিনাকী মুখকেইখনৰ দৰে নিজকে লাগি গৈছিল। তাৰপৰা উভটি আহি পুৱাৰ জলপান পৰ্ব সামৰাৰ পাছত আটাইকে ফৰেষ্ট গাৰ্ড, ৰেঞ্জাৰে নামদফাৰ সম্যক ধাৰণা দিছিল। প্ৰথমবাৰলৈ শুনিছিলো হলৌ বান্দৰ [উল্লেখযোগ্য যে ইয়াৰ দুয়োটা প্ৰজাতি-Eastern Hoolock Gibbon (Hoolock leuconedys) আৰু Western Hoolock Gibbon (Hoolock hoolock)য়েই নামদফাত পোৱাৰ তথ্য আছে]ৰ জীৱন যাত্ৰাৰ বহু বিস্ময়কৰ তথ্য। পূবে ঢলফাঁট দিয়াৰ কিছুসময়ৰ পাছতেই সিঁহতৰ সমূহীয়া মাত অৰণ্যৰ নিস্তব্ধতা ভেদি ওলাই আহিব বুলি কোৱা শুনিছিলো আৰু সেইমতে ক্ষন্তেক সময়ৰ পাছতেই ৰিণি-ৰিণি ভাঁহি অহা শুনিছিলোও উকিৰ নিছিনা সেই মাত। প্ৰাইমেট বৰ্গৰ এই নিৰীহ প্ৰাণীবিধৰ প্ৰতি নামদফাতেই মোৰ কৌতুহলৰ জন্ম হৈছিল, যাৰ বাবে পাছৰ পৰ্যায়ত মাৰ্ঘেৰিটাৰ কেটেটং অঞ্চলত ঘৰুৱা পৰিৱেশৰ মাজত ডাঙৰ হোৱা মাইকী হলৌ বান্দৰ এজনীক চাবলৈ গৈ কুন্থাবোধ নকৰাকৈ কান্ধত বহুৱাই লৈছিলো আৰু লিডুৰ আৰক্ষী থানাৰ ওচৰৰে অঞ্চলটোলৈ কাষৰীয়া পাহাৰাঞ্চলৰপৰা নামি অহা মতা হলৌ বান্দৰ এটাৰ সন্ধান পাই তাৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈকে কেইবাদিনো পুৱাৰ চিকুণ টোপনিৰ আমেজকণো এৰি দ’লে-বলে ওলাই গৈছিলো।

সেইদিনা পুৱা ৮:১৫ বজাৰপৰাই আমাৰ পদযাত্ৰা আৰম্ভ হৈছিল- সমতলৰপৰা ক্ৰমাৎ ঠেক আৰু ওখোৰা-মোখোৰা, নিম্নতাৰপৰা উচ্চতালৈ গতি কৰা লুংলুঙীয়া পথ এটাইদি। যাত্ৰাপথত জান-নাজানকৈ দেখা চিনাকী-অচিনাকী চৰাইবোৰ- যেনে, কজলা ফেঁচু (Ashy Drongo), নাছনী চৰাই (White-Throated Fantail), দহিকতৰা (Oriental Magpie-Robin), ৰূপহী চৰাই (Scarlet Minivet), সখীয়তী (Black-Hooded Oriole), পাকৈঢোৰা (Oriental Pied Hornbill), ৰাজ ধনেশ (Great Hornbill), হেটুলুকা (Blue- Throated Barbet), শ্যামা (White-Rumped Shama) ইত্যাদি দেখিয়েই বুজি উঠিছিলো যে নামদফাক চৰাইৰ স্বৰ্গভূমি বুলি কিয় আখ্যা দিয়া হয়। বেলিৰ চোক বাঢ়ি অহাৰ লগে-লগে এটা-দুটাকৈ পখিলাবোৰো ওলাই আহিছিল। মাজে-মাজে দেখা পথৰ দুয়োদাঁতিৰ ওখ-ওখ শেলুৱৈ, ঢেঁকীয়া জাতীয় উদ্ভিদৰে মিতিৰালি পতা প্ৰাচীন শিলবোৰ দেখি প্ৰাগ-ঐতিহাসিক যুগৰ কাহিনীবোৰলৈ মনলৈ আহিছিল। আমাৰ পদযাত্ৰাৰ অন্তিম স্থান আছিম হাৱা পইণ্ট (ফেৰফেৰীয়া বতাহ মাৰি থকাৰ বাবেই চাগৈ কোনোবাই নাম থৈ দিছিল Hawa Point), তাৰে পৰাই খৰস্ৰোতা ন-দিহিঙৰ অন্য এক বন্য ৰূ্পৰ লগতে ডাফা বুমৰ সৌন্দৰ্য প্ৰত্যক্ষ কৰিছিলো।

দুটাকৈ দিন অৰণ্যৰ নিৰ্ভেজাল আশ্ৰয়ত কটাই পুনৰ যান্ত্ৰিকতাৰ মাজলৈ ঘুৰি আহিছিলো ৬ জানুৱাৰী, ২০১০ৰ গধুলি বেলালৈ। পথক্লান্তিৰ চিন চেহেৰাত পৰিস্ফুট হ’লেও মনটো সামান্যলৈও ভাগৰা নাছিল। জোতা পিন্ধি খোজ কঢ়াৰ বাবে মৰি যোৱা বাওঁভৰিৰ বুঢ়া আঙুলিৰ নখটো এতিয়া দেখিলে মনটো উৰা মাৰে নামদফাৰ সেউজীয়াৰ বুকুলৈ। ট্ৰেকিঙৰ সময়তেই দেবান-বিজয়নগৰ পথত ঠায়ে-ঠায়ে পিঠিত হোৰা লৈ ন-দিহিঙৰ কোবাল সোঁতকো নেওচি অহা লিচু জনজাতিৰ সহজ-সৰল মানুহবোৰৰ মুখবোৰে দোলা দি থাকিব। নামদফা বুলিলেই ‘জমনি’ হৈ ৰোৱা লগৰ এজনীৰ কাণ্ড এটালৈও মনত পৰি গ’ল- ভৰিত দুখ পোৱাৰ বাবে তাই আমাৰ সৈতে ট্ৰেকিঙত অংশ ল’ব নোৱাৰিছিল সেইবাৰ। তাৰ আগত হলৌ বান্দৰৰ ইংৰাজীতে দিয়া বৰ্ণনা বৰ ভালকৈ মন দি নুশুনাৰ বাবেইনে কি, তাই পাছত চৰাই এটাই ডাঙৰকৈ মতা মাত শুনি আমি ঘুৰি অহাৰ পাছত কৈছিল- তাই জিৰণি ঘৰত থাকোতেই গিব্বন দেখা পালে বুলি, আৰু বহু পাছত লিডুত হলৌ বান্দৰ স্বচক্ষে দেখাৰ পাছত কৰা তাইৰ স্বগতোক্তি-“मैंने सोचा था कि गिबन् एक चिड़िया है!” এতিয়া সেই স্মৃতিবোৰকে সজীৱ কৰি সেয়েহে মনটোৱে কৈ উঠে, “নামদফাই ৰিঙিয়ায়”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক